পৃষ্ঠা:লাহৰী.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫৫
লাহৰী ৷

সাক্ষাৎ কৰিবলৈ আহি চৰাঘৰ ভৰি পৰিল। সিফালে, ভিতৰত ওচৰ- চুবুৰীয়াসকলে কমলক কোলাত লৈ কন্দা-কটা লগাইছে; আৰু কমলৰ আইতাকক সাক্ষাৎ কৰিবলৈ অহা তিৰোতা ভিতৰত বুলনি ভৰি পৰিছেহি। আজি শান্তিৰাম গোহাঞি-বৰুৱাৰ চুবুৰীয়া দুখীয়া প্ৰজাসকলে সদ্‌গুণৰ পূজাত বিয়ামোহ দি পৰিছে! আজি এই দুখীয়া প্ৰজাসকলে ৰাইজৰ ৰাজহুৱা বস্তু শান্তিক হেৰুৱাব লগাত পৰিছে! এতিয়াৰ অসমত যেই এটা আপুৰুগীয়া দৃশ্য, পুৰণি অসমতো সি এটা সততে নেদেখা বিৰল দৃশ্য। বাহিৰৰ চৰাত গোহাঞি-বৰুৱাক চাৰিওফালে বেৰি লৈ সকলো বেজাৰত জঁয় পৰিছে। ভিতৰত কোলাকুলি, আন্দোলা-আন্দুলিৰে তোলপাৰ লাগিছে। ইফালে বস্তু বন্ধাই বস্তু বান্ধিছে; নাৱত ভৰা দিয়াই ভৰা দিছেগৈ। কিন্তু, কিনো দিছে,কিনো ৰান্ধিছে, গোহাঞিবৰুৱা-বৰুৱানীৰ একো খবৰ নাই। কমল নিচেই সৰু যদিও, বৰ তীক্ষ্ণ বুদ্ধিৰ লৰা আছিল; তেওঁৰ দেউতাক, আইতাক আৰু তেওঁৰ নিজৰ লগত সেই মানুহবিলাকৰ কি সমন্ধ আৰু সিবিলাকনো কিয় এনে ব্যাকুল, সেইটো তেওঁ বেচকৈ বুজিব পাৰিছিল। ওচৰ-চুবুৰীয়াসকলক কান্দিবৰ দেখি কমলেও উচুপি উচুপি কান্দি ফুৰিছিল। কিন্তু, যি চুবুৰীয়া কমলৰ মৰমতে মৰি যায়, তেনে চুবুৰীয়াই তো সেই কমলৰ কোমল প্ৰাণত ব্যথা দিবলৈ ভাল নাপায়! আৰু, মিছাতে কন্দা-কটা লগাই তেওঁবিলাকৰ বেজাৰ বঢ়োৱাৰ সকাম নাই ভাবি, লৰালৰিকৈ সকলোৱে লাগিভাগি গোহাঞি-বৰুৱাক লৰা-তিৰোতাৰে সৈতে নি নাৱত তুলি দিলেগৈ। অলপ পৰৰ পাচতে নাও মেলি দিয়া হল। আগ বঢ়াই থবলৈ যোৱা সকলোটিয়ে চকুৰে দেখালৈকে কাঠ পুতলাশাৰীৰ দৰে একে ঠৰে চাই আছিল; তাৰ পাচত পৰস্পৰে চকু-চোৱাচুই কৰি বুজাবুজি হল যে, আজি হে তেওঁবিলাকৰ শান্তিধাৰ যেন ৰংপুৰ চহৰ অশান্তিৰ থল যেন অৱস্থাত এৰি শান্তিয়ে চিৰকাললৈ বিদায় ললে!