লাহৰী/প্ৰথম আধ্যা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
লাহৰী
লেখক পদ্মনাথ গোহাঞিবৰুৱা
[  ]
লাহৰী।


১। আধ্যা।
—●⸺●—
পামপুৰ।

—<>○<>—

 অসমত “মানৰ দিন” এটা বৰ আপদীয়া যুগান্ত। অসমীয়াৰ মানত আজিকালি তাৰ বিবৃতি সাধুকথাৰ নিচিনা হে হৈছে। সেই আপদৰ কথা নজনা বা নুশুনা মানুহ এতিয়া নাই বুলিলেও বঢ়াই কোৱা নহয়। আজিও সেই দুৰ্দ্দান্ত মান-জাতিৰ আসুৰিক অত্যাচাৰৰ কথা শুনিলে চকু-লো টুকিব লগীয়া হয়। আগৰদিনীয়া বুঢ়া মানুহৰ মুখে সেই অত্যাচাৰত হোৱা অসমীয়া মানুহৰ দুখ-দুৰ্গতিৰ কথা শুনিলে, আজিও ল'ৰা-ছোৱালী ভয়ত অস্থিৰ হয়। সেই সময়ত সদৌ মানুহৰ ওপৰত এটা দৈবিক অভিশাপ পৰিছিল বুলিব পাৰি। কিয়নো, সেই বিপদ যে অকল অসমত হে ঘটিছিল এনে নহয়, আন-আন দেশ-প্ৰদেশতো একে সময়তে একে প্ৰকাৰৰ উৎপাতে তোলপাৰ লগাইছিল। [  ]  পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙৰীয়া ঘাই-মন্ত্ৰী থাকোঁতেই প্ৰথমবাৰ মানে অসম আক্ৰমণ কৰেহি। মান-সেনাৰ লগত ৰণ দিবলৈ অসমীয়া সেনা পঠিয়াই, ইফালে বুঢ়াগোহাঞি ডাঙৰীয়া আকস্মিক-মৃত্যুৰ মুখত পৰিল। বুঢ়াগোহাঞি ডাঙৰীয়াৰ মৃত্যুৰ পাচত, তেওঁৰ সুযোগ্য পুত্ৰ ৰুচিনাথ গোহাঞিদেৱে দেউতাকৰ বিষয়-বাব ললে। পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙৰীয়া আৰু বদনচন্দ্ৰ বা “মান অনা-বৰফুকন” দুইৰো ভিতৰত আগৰেপৰা ঘৰুৱা কথাত মনান্তৰ আছিল। তদুপৰি, পূৰ্ণানন্দ ডাঙৰীয়াৰ মৃত্যুৰ পাচত, স্বাৰ্থ সিদ্ধিৰ কাৰণে,চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱো প্ৰকাশ্যে বৰফুকনৰ ফলীয়া হল। ইয়াতে বৰফুকনে কঁকালত বেচি বল পাই, পুৰণি শত্ৰুতাৰ প্ৰতিশোধ দিবৰ অভিপ্ৰায়ে গোপনে ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়াৰ বিপক্ষে ষড়যন্ত্ৰ কৰে। পিচে, সেই কথাৰ সম্ভেদ্ পাই ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়া তেওঁৰ ফলীয়া গুণচাৰেক বৰুৱা,ফুকন আদি বিষয়াৰে সৈতে গোপনে গুৱাহাটীৰ ফালে ভটীয়াই গল। তাৰ পাচত, বৰফুকনে তেওঁবিলাকক ৰংপুৰত নাপাই, তেওঁবিলাকৰ ঘৰ-বাৰী, আত্মীয়-কুটুম্বাদিৰ ওপৰতে খং সাৰিবলৈ ধৰিলে; কিন্তু সদৌশেহত ৰাজমাও দেউতাৰ ষড়যন্ত্ৰত বদনচন্দ্ৰয়ো অকালতে মানৱলীলা সামৰিব লগাত পৰিল। বৰফুকনৰ মৃত্যুৰ পাচত, ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়া আকৌ ৰংপুৰলৈ উলটি আহিল। কিন্তু, তেওঁৰ লগত যোৱা অন্যান্য বিষয়াসকলে আৰু উলটিবলৈ মন নেমেলিলে; সিবিলাকে গুৱাহাটীতে কিছুকাল থাকি,একেবাৰে ভবিষ্যত-বিপদৰ হাত সাৰিবৰ মনেৰে,ঠাইতে ব্ৰহ্মপুত্ৰ পাৰ হৈ, উত্তৰপাৰে ন-কৈ মাটি ভাঙ্গি, “পামপুৰ” নামেৰে এখনি গাওঁ পাতি তাতে বসতি কৰি থাকিল। সেই বিষয়াসকল ভাগি আহোঁতে লগত তেওঁবিলাকে বেটী-বন্দী, লগুৱা-লিগিৰী,পাইক-লিক্‌চৌ আদিও লৈ আহিছিল। সেই বেটী,বন্দী,পাইক আদিৰ দ্বাৰাই পামপুৰত খেতি-পথাৰ কৰাই বিষয়াসকলে মহাসুখেৰে প্ৰৱৰ্ত্তি দিন নিয়াবলৈ ধৰিলে। [  ]   সেই বিষয়াসকলৰ মাজত কীৰ্ত্তিনাথ বুঢ়াগোহাঞি নামেৰে ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়াৰ বংশৰ এজনা বিষয়া আছিল। তেওঁ উজনিত থাকেঁতে ডেকাফুকনৰ বিষয়-বাব পাইছিল;গতিকে, তেওঁ এজন প্ৰতাপী লোক আছিল। তদুপৰি, নিজৰ স্বভাৱ-চৰিত্ৰৰ গুণত ৰাইজৰ মাজত তেওঁ এজন বৰ আদৰণীয় আৰু পূজনীয় পুৰুষ আছিল। তেওঁৰ ভাৰ্য্যাও এগৰাকী অতি সুন্দৰী, সাদৰী আৰু গুণৱতী তিৰোতা আছিল। পুৰুষৰ সমাজত তেওঁৰ স্বামী যেনে, তিৰোতাৰ সমাজত তেৱোঁ তেনে এগৰাকী আদৰুৱা আৰু পূজনীয়া ৰমণী আছিল। স্বামী ভাৰ্য্যা দুইৰো মাজত দাম্পত্য প্ৰেম এনে গভীৰ আছিল যে, সিবিলাকৰ ভিতৰত কোনো আসূয়া-অশান্তিৰ কথা হে নালাগে, কেতিয়াও কোনো কথাত অমিল ভাব দেখা নগৈছিল। আৰু, গৃহস্থী কৰ্ম্মত দুয়ো এনে উদ্যোগী আছিল যে, পামপুৰৰ নতুন ঘৰবাৰী বছেৰেকৰ ভিতৰতে সিবিলাকে ৰংপুৰৰ আগৰ ঘৰ-বাৰীৰ দৰে চকুত লগা কৰি তুলিলে। উজনিত থাকোঁতেও কীৰ্ত্তিনাথ গোহাঞিফুকন এজন বৰ চহকী মানুহ আছিল। কিন্তু,সততে দেখিবলৈ পোৱা যায় যে, যাৰ খাবলৈ-পিন্ধিবলৈ সৰহ, তাৰ খাওঁতা-পিন্ধোতা তাকৰ; যাৰ খাবলৈ-পিন্ধিবলৈ তাকৰ, তাৰ আকৌ খাওঁতা-পিন্ধোতা সৰহ! তাৰ প্ৰমাণ কীৰ্ত্তিনাথ গোহাঞি-ফুকনৰ গাতে ভালকৈ ফলিয়ায়; তেওঁ যদিও বৰ চহকী লোক আছিল আৰু জনা-বুজা গুণৱতী ভাৰ্য্যাৰ সংসৰ্গত বৰ সুখীয়া আছিল, তথাপি তেওঁৰ আন্তৰিক আক্ষেপ-বেজাৰৰ সীমা নাছিল। কাৰণ তেওঁৰ বয়স গুৱাহাটীলৈ ভটীয়াই আহিবৰ সময়ত দুকুৰি বছৰৰ ওপৰ হৈছিল। প্ৰায় আদহীয়া হ'ব লগা হল, সিমান দিনলৈকে তেওঁ নিজৰ সন্তান বুলিবলৈ লৰা- ছোৱালীৰ মুখ নেদেখিলে! উজনিত থাকোঁতে কত কি যে পূজা সেৱা, যাগ-যজ্ঞাদি কৰালে, তথাপি তেওঁৰ সেই কামনা পূৰ্ণ নহল। তেওঁৰ গুণৱতী ভাৰ্য্যাই, বংশৰ নাম ৰক্ষাৰ্থে তেওঁক আৰু এগৰাকী ভাৰ্য্যা বিয়া কৰাবলৈ [ ১০ ] সততে অনুৰোধও কৰিছিল,কিন্তু কীৰ্ত্তিনাথ গোহাঞিয়ে এগৰাকী ভাৰ্য্যাৰ বৰ্ত্তমানে দ্বিতীয়া ভাৰ্য্যা গ্ৰহণ কৰাৰ কু-ফললৈ গমি চাই,তেনে অবিবেচনা কাম কৰিবলৈ আগ নাবাঢ়িলে। আন্তৰিক সিমান বেজাৰ বুলিও, তেওঁৰ বাহ্যিক ভাব-গতি, চলন-ফুৰণ ইত্যাদিলৈ চাই কোনেও কব নোৱাৰিছিল , তেওঁৰ অন্তৰত কিবা অশান্তিয়ে ঠাই পাইছিল। পিচে, গুৱাহাটীলৈ অহাৰ বছৰচাৰেকৰ পাচতে, এজন সাধক সন্ন্যাসীৰে সৈতে তেওঁৰ দেখা-সাক্ষাৎ হয়। সন্ন্যাসীজনৰ ভাব-গতি দেখি তেওঁলৈ গোহাঞিদেৱৰ বৰ ভক্তি হল। তাৰ পাচত, তেওঁৰে সৈতে অনেক কথা-বাৰ্ত্তা পাতোঁতে কথা-প্ৰসঙ্গত কীৰ্ত্তিনাথ গোহাঞিৰ অন্তৰৰ কথা বাজ হৈ পৰিল। সেই বাবে সন্ন্যাসী জনে তেওঁক পুতৌ কৰি এটি ঔষধ দিলে। সেই ঔষধ আনি ভাৰ্য্যাক সেৱন কৰোৱাৰ মাহচাৰেকৰ পাচতে তাৰ গুণ ধৰিলে; কীৰ্ত্তিনাথ গোহাঞিৰ বহু দিনৰ আশা পূৰণ হবৰ আগন্তুক মিলিলে। তাৰ পাচত, যথাসময়ত তেওঁৰ জ্ঞানৱতী আৰু গুণৱতী ভাৰ্য্যাৰপৰা এটি সুন্দৰী আৰু সুলক্ষণা কন্যা লাভ হল; কীৰ্ত্তিনাথ গোহাঞি-ফুকন আৰু তেওঁৰ মৰমৰ ভাৰ্য্যাৰ অন্তৰত আনন্দৰ সীমা নাথাকিল।

 সেই ছোৱালীটি ছমহীয়ামান চালুকীয়া হোৱালৈকে ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়া গুৱাহাটীতে আছিল। সেই ছমাহতে ছোৱালীটি বৰ মোহলগা আৰু চকুতলগা হৈ উঠিল। বুঢ়াগোহাঞি ডাঙৰীয়াই মৰমতে নিজৰ বঙহৰ সেই ছোৱালীটিক “লাহৰী” বুলি মাতিছিল। পাচলৈকো ছোৱালীটিৰ সেই আদৰুৱা নামেই নাম হল। বুঢ়াগোহাঞি ডাঙৰীয়া আকৌ উজনিলৈ যোৱাৰ ছমাহমানৰ পাচত ছোৱালীটি খোজ কাঢ়িব পৰা হল। মৰমিয়াল পিতৃ-মাতৃৰ আদৰ পাই, চালুকীয়া "লাহৰী” পাহোৱাল লুহুৰপুদুৰটি হৈ বাঢ়িবলৈ ধৰিলে। কীৰ্তিনাথ গোহাঞি-ফুকন আৰু তেওঁৰ প্ৰিয়তমা ভাৰ্য্যাই বহুত দিনৰ আশাৰ ফল লাহৰীক পাই আগৰ আক্ষেপ-সন্তাপ সকলো পাহৰিলে। [ ১১ ]  ইতিপূৰ্ব্বতে কৈ অহা হৈছে যে,কীৰ্ত্তিনাথ গোহাঞিফুকন আৰু তেওঁৰ গুণৱতী ভাৰ্য্যা দুয়ো বৰ উদ্যোগী স্বামী-ভাৰ্য্যা আছিল। পামপুৰত লাহৰী ৰূপে-গুণে বাঢ়ি অহাৰ দৰেই,সিবিলাকৰ সেই গুণো বাঢিবলৈ ধৰিলে। তেওঁবিলাককে দেখি-শুনি আন-আন বিষয়া সকলো নিজ নিজ পৰিশ্ৰমৰ বলত অতি অলপ দিনৰ ভিতৰতে টনকিয়াল হৈ উঠিল। বিষয়াসকলে পতা পামপুৰত আন আন মানুহো দুঘৰ-চাৰিঘৰকৈ আহি বহিবলৈ ধৰাত, লাহে লাহে গাৱঁৰ সীমা চাৰিওফালে বৰ বহল হৈ উঠিল। এই ন-কৈ আহি বসতি কৰা মানুহবিলাক বিষয়াসকলৰ পাইক স্বৰূপ হল। এই দৰে,বিষয়াসকল ৰংপুৰত থাকোতে যেনে সুখত আৰু সুচলত আছিল, পামপুৰত তাতোকৈ অধিক সুখত আৰু সুচলত হে থাকিব পৰা হল। মুঠতে,কবলৈ গলে,বিষয়াসকলৰ পক্ষে এই পামপুৰ এখন মহাসুখৰ ঠাই,আৰু আন-আন ইতৰ মানুহৰ পক্ষে ই শান্তিধাম যেন হৈ উঠিল। কীৰ্ত্তিনাথ গোহাঞিৰ সদ্‌গুণৰ চিনাকি আগেয়েই অলপ দিয়া হৈছে; তেওঁ নিজ গুণৰ বলতে ৰংপুৰত থকাৰ দৰে, এই পামপুৰতো সকলোৰে মাজত গণ্য, মান্য আৰু পূজনীয় লোক হৈ উঠিছিল।

 এইখিনিতে আমি ছেগ বুজি আৰু আন এজন বিষয়াৰ বিষয়েও উনুকিয়াই থওঁ। পামপুৰীয়া বিষয়াসকলৰ মাজত শূলধৰ বৰগোহাঞি নামেৰে এজন গণ্য-মান্য লোক আছিল। তেওঁ বৰ হোজা স্বভাৱৰ মানুহ আছিল। 'বৰগোহাঞি' তেওঁৰ ৰাজঘৰীয়া খিতাপ নহয়, বংশীয়া উপাধি হে। তেওঁৰ বিশেষ কোন বিষয়-বাব নাছিল; বৰগোহাঞি ডাঙৰীয়াৰ ভতিজাক বুলি হে তেওঁকো বৰগোহাঞি খিতাপেৰেই মতা যায়। তেওঁ কোনো এজন লাগতিয়াল বিষয়া নাছিল যদিও, পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙৰীয়া আৰু চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ বৰ আদৰৰ মানুহ আছিল। গতিকে, তেওঁ কোনো বিষয়-বাব নোপোৱাকৈয়ে বৰ ধনী,মানী আৰু প্ৰতাপী লোক আছিল। তেওঁৰ [ ১২ ] গৃহিণী গৰাকী কিন্তু বৰ চলাহী তিৰোতা আছিল। তেওঁৰ হোজা গুণ আৰু গৃহিণীৰ চতুৰালিৰ বলতে বৰগোহাঞিদেৱ আগেয়েও ধনী আছিল, এতিয়াও অলপ দিনৰ ভিতৰতে কীৰ্ত্তিনাথ বুঢ়াগোহাঞিদেৱৰ সমানে ধনী হৈ উঠিল। শূলধন বৰগোহাঞিৰ ধনবৰ গোহাঞিদেৱ নামেৰে একেটি মাথোন পুতেক আছিল; পামপুৰলৈ প্ৰথমে অহা বছৰতে ধনবৰৰ বয়স আঁঠ বছৰত সোমাইছিল। দেউতাক যেনে হোজা, পুতেক তদ্বিপৰীতে তেনে ধূৰ্ত আৰু তীখামখৰা লৰা আছিল;সদৌ কথাতে ধনবৰে পিতৃৰ বিপৰীত স্বভাৱৰ মানুহ হৈ উঠাৰ চিনাকি দিছিল।

  এদিন ছেগ বুজি ধনবৰৰ মাক লাহৰীৰ মাকৰ ঘৰলৈ আহি কথা-বাৰ্ত্তা পাতি আছে, এনেতে লাহৰীক ওমলাই লৈ ফুৰা বুঢ়ী বান্দী ‘চাকুলী বাই’ ওলালহি। বুঢ়ীয়ে ৰংকৈ সুধিলে, “এ, আই, আপোনাসকলে নো কি ‘বিয়নী মেল’ পাতিছে?” ধনবৰৰ মাকে ৰং-মনেৰে এই বুলি উত্তৰ কাটিলে, “এৰা, ভাল তোৰ মুখত ওলাইছে, সেইটি সমন্ধ মিলিলে ভালেই; মোৰো একেটি লৰা, এখেতৰো একেটি ছোৱালী।” লাহৰীৰ মাকে মাজতে মাত লগালে, “নানিব সেইবোৰ কথা মনলৈ এখোন; বোলে, ‘সাধি সাধি সাধনীক পালোঁ, সাধনীক দিবলৈ ঠাই নাপালো’; তাই বা কেতিয়া কাৰ লৰা, কাৰ ছোৱালী হয়গৈ কি ঠিক, বিধিৰ লিখন কোনে জানে?” এনেতে, চাকুলী বাইৰ কোলাৰপৰা নামি, মাকৰ ডিঙিত সাবটি ধৰি, লাহৰীয়ে থুন‌্থুনাই কলে, “ইঃ, আমি হলে ধনবৰৰ লগত নোমলোঁ, সি বৰ দুষ্ট, বৰ বেয়া।” ধনবৰৰ মাকে মাত লগালে, “কিনো দুষ্টালি কৰিলে সি?” লাহৰীয়ে উত্তৰ দিলে, “সিদিনা সি ভাকুচীক চুলি-জোকৰা দিছিল; আৰু মোৰ দৰা-কন্যাযোৰ হাতৰপৰা কাঢ়ি নি সি বকৰানিত পেলাই দিছিল।” শুনি, দুই মাক আৰু চাকুলী বায়ে কিৰিলি মাৰি হাঁহিবলৈ ধৰিলে।