তেওঁৰ ভায়েক মৰঙ্গিখোৱা গোহাঞিৰ অত্যাচাৰৰ বিষয়ে আৰু অলপ বহলাই উনুকিয়াওঁ।
দিনে দিনে বৰফুকনৰ সম্বন্ধীয়া মানুহৰ ওপৰত ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়া আৰু মৰঙ্গিখোৱা গোহাঞিৰ অত্যাচাৰ ভাল পৰিমাণে বাঢ়িবলৈ ধৰিলে। বুঢ়াগোহাঞি ডাঙৰীয়া বিবেচক লোক আছিল; তেওঁ নিজৰ একে বংশমূলৰপৰা উদ্ভৱ হোৱা শান্তিময় শান্তিৰাম গোহাঞি-বৰুৱাৰ ওপৰত নিজে একো অত্যাচাৰ কৰা নাছিল। কিন্তু,মৰঙ্গিখোৱা গোহাঞিৰ কোপ-দৃষ্টি সৰু-বৰ, ভাল-বেয়া, নিলগীয়া-সম্বন্ধীয়া সকলোৰে ওপৰত সমভাৱে পৰিছিল; কেতিয়াবা সৰু বা শান্তৰ ওপৰত তেওঁৰ অত্যাচাৰ একোব চৰা হে দেখা গৈছিল। গতিকে,শান্তিৰাম গোহাঞিবৰুৱাৰ ওপৰতো তেওঁৰ উগ্ৰ দৃষ্টি পৰে। পাচলৈ মৰঙ্গিখোৱা গোহাঞিৰ আসুৰিক উপদ্ৰৱ ইমান অসহ্য হৈ উঠিল যে,শান্তিময় শান্তিৰাম গোহাঞি-বৰুৱায়ো তাত হাৰ মানিব লগাত পৰিল। সদৌশেহত,তেওঁ নিৰুপায় হৈ,অন্যান্য চুবুৰীয়া আৰু কুটুম্বাদিৰ দৰে, ঘৰ-বাৰী এৰি গুৱাহাটীলৈ ভটীয়াই যাবলৈ ঠিক কৰিলে। কিন্তু,ঘৰ-বাৰী এৰিব লগাত পৰিল বুলিও, তেওঁ অন্যৰ দৰে পলাই ফিৰিঙ্গতি ওফৰাদি ওফৰা মানুহ নাছিল। কমল তেতিয়া নিচেই লৰা; ভগনীয়া মানুহৰ দুখ-কষ্ট সহিব পৰা নৌ হয়। শান্তিৰাম গোহাঞি-বৰুৱাই সেই কোমল কমল আৰু মৰমৰ ভাৰ্য্যাই দুখ পায় বুলিয়েই নাৱেৰে ভটীয়াবলৈ স্থিৰ কৰিলে। সেই সময়ত ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়া আৰু মৰঙ্গিখোৱা গোহাঞিৰ প্ৰতাপ অতি প্ৰৱল আছিল বুলিও, শান্তিৰাম গোহাঞি- বৰুৱাই ইচ্ছা কৰা মাত্ৰে দুখীয়া চুবুৰীয়া প্ৰজাই মৰণত শৰণ দি নাৱৰীয়াই সৈতে নাও আনি গোহাঞি বৰুৱাৰ ঘাটত বান্ধিলেহি। শান্তিৰাম গোহাঞি- বৰুৱা দেশ এৰি বিদেশলৈ যাবলৈ ওলাইছে বুলি শুনা মাত্ৰকে সুখী-দুখী সকলোৱে শক্তি অনুসৰি যেয়ে যি পাৰিলে হাতত লৈ গোহাঞি-বৰুৱাদেৱক