পৃষ্ঠা:লাহৰী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫২
লাহৰী ৷

ডেকাফুকনৰ লগত ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়াৰ চুৰ্‌চুৰীয়াকৈ এখন ৰণ লাগিল।ৰণত ডেকাফুকন পৰিল;বুঢ়াগোহাঞি ডাঙৰীয়াই পুৰন্দৰসিংহ গোহাঞিদেৱক যুৱৰাজ পাতিলে।

 ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়া যদিও মৰমিয়াল লোক আছিল, তথাপি চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱ তেওঁৰ দেউতাক পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙৰীয়াই পতা ৰজা বুলি হে তেওঁৰ বিশেষ অনিষ্ট কৰিবলৈ তেওঁ কাৰবাৰ নকৰিলে;কিন্তু বদনচন্দ্ৰ বৰফুকনৰ শত্ৰুতা আৰু অত্যাচাৰৰ কথা তেওঁ পাহৰিব নোৱাৰিলে। বৰফুকনে যেনেকৈ তেওঁক নাপাই তেওঁৰ ঘৰ-বাৰী, বয়-বস্তু আৰু আত্মীয়-কুটুম্বাদিৰ ওপৰতে খং সাৰিলে,সেই দৰে বুঢ়াগোহাঞি ডাঙৰীয়ায়ো ঘৰ-দুৱাৰ ভাঙ্গি বয়-বস্তু লুট্‌পাট্‌ কৰি নগুৰনাস্তি কৰিলে। তদুপৰি, বদনচন্দ্ৰৰ পৰিয়াল আৰু আত্মীয়-কুটুম্বাদিক নানা তৰহৰ উগ্ৰ দণ্ড দি বিষম অত্যাচাৰ কৰিবলৈ ধৰিলে। সেই অত্যাচাৰৰ প্ৰকোপত বৰফুকনৰ ফলীয়া আৰু তেওঁৰ সম্পৰ্কীয় মানুহ যেয়ে যিফালে পাৰিলে সেইফালেই ফিৰিঙ্গতি ভগা দি ভাগিবলৈ ধৰিলে।

 সেই অত্যাচাৰৰ সময়ত থাওকৰু মৰাণ-বুঢ়াগোহাঞি ডাঙৰীয়াৰ দ্বিতীয় পুত্ৰ, চাওফ্ৰংডাম বুঢ়াগোহাঞি ডাঙৰীয়াৰ কনিষ্ঠ সহোদৰ,কুন্‌কাই গোহাঞি- বৰুৱাৰ ফৈদৰ শান্তিৰাম গোহাঞি-বৰুৱা নামেৰে এজনা বিষয়া আছিল; তেওঁ তেতিয়া মৰাণ-গোহাঞি বৰুৱাৰ বিষয়-বাব পাইছিল। তেওঁ বৰফুকনৰে সৈতে জীয়াৰী-সম্বন্ধৰ সম্বন্ধীয়া আছিল;গতিকে তেওঁৰ ওপৰতো বুঢ়াগোহাঞি ডাঙৰীয়াৰ ভায়েক মৰঙ্গিখোৱা গোহাঞিৰ কোপ-দৃষ্টি অতি তীব্ৰ ভাৱে পৰিল। কিন্তু, যদিও বৰফুকনৰ সম্বন্ধীয়া মানুহ,তথাপি তেওঁ বৰফুকনৰ অত্যাচাৰাদিৰ লগত কোনো সম্পৰ্ক ৰখা নাছিল;বৰঞ্চ,তেওঁ বৰফুকনক এনেবিলাক অন্যায় কাৰ্য্যৰপৰা ক্ষান্ত হবলৈ বৰকৈ অনুৰোধ হে কৰিছিল। তেওঁৰ নাম যেনে, তেওঁৰ স্বভাৱ চৰিত্ৰও তেনে আছিল। শান্তিৰাম গোহাঞি-বৰুৱা এনে শান্ত