পৃষ্ঠা:লাহৰী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২। আধ্যা।
ৰংপুৰ।

  বদন বৰফুকনৰ মৃত্যুৰ পাচত, ৰাজমাও-দেউতাই ৰুচিনাখ বুঢ়াগোহাঞি ডাঙৰীয়াক ৰংপুৰলৈ মাতি পঠিয়ালে। কিন্তু, বুঢ়াগোহাঞি ডাঙৰীয়া বৰ সন্দিহান লোক। ৰুচিনাথ ডাঙৰীয়াৰ জনা আছিল যে, চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে তেওঁৰ দেউতাক ৺পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙৰীয়াৰ বিপক্ষে মান অনাত বৰফুকনক পেটে পেটে টিপ্ দিছিল। গতিকে, চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে তেওঁৰ প্ৰতিও যে শত্ৰুতা আচৰণ কৰিব পাৰে, সেই কথা তেওঁ আশঙ্কা কৰিছিল। কিন্তু, সেই বুলি ৰুচিনাথ বুঢ়াগোহাঞি চাঙৰীয়া আওকণীয়া হৈ বহি নাছিল। তেওঁ তলে তলে সৈন্য-সামন্ত গোটাই লৈ, আকৌ উজাবলৈ কাৰবাৰ কৰিলে। চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱক ভাঙ্গি, ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ বংশৰ পুৰন্দৰসিংহ গোহাঞিদেৱক ৰজা পাতিবলৈ তেওঁ মনে মনে ঠিক কৰিলে। সেই সময়ত পুৰন্দৰ সিংহ গোহাঞিদেৱ দেউতাকৰে সৈতে চি‌ল্‌মাৰিত আছিলগৈ। ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়াই পুৰন্দৰসিংহ গোহাঞিদেৱৰ দেউতাক ব্ৰজনাথ গোহাঞিদেৱলৈ নিজৰ মনৰ কথা ভাঙ্গি পত্ৰ লিখিলে। ব্ৰজনাথ গোহাঞিদেৱে পুতেক পুৰন্দৰসিংহ গোহাঞিদেৱক লগত লৈ যথাসময়ত গোপনে গুৱাহাটী পালেহি। তাৰ পাচত, ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়াই সৈন্য-সামন্ত লগত লৈ আকৌ ৰংপুৰ নগৰলৈ যাত্ৰা কৰিলে। সেই কথাৰ সম্ভেদ্ পাই,চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে লুকু ডেকাফুকন নামেৰে এজন বিষয়াক ৰাজ্য-ভাৰ গতাই দি পলাত ফাট্ মাৰিলে। লুকু