পৃষ্ঠা:লাহৰী.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫৩
লাহৰী।

স্বভাৱৰ লোক আছিল যে,সেই উৎপাত্, আৰু অত্যাচাৰৰ সময়ত তেওঁক এজন শান্তিৰ আধাৰ যেনকৈ হে মানুহে মানিছিল। তেওঁৰ ভাৰ্য্যাও সেই দৰেই এগৰাকী বৰ গুণৱতী আৰু জ্ঞানৱতী তিৰোতা আছিল; সিবিলাকৰ সন্তান বুলিবলৈ একেটি মাথোন পুতেক আছিল। পুতেকটি সেই অত্যাচাৰৰ সময়ত সাতবছৰীয়া হৈছিল; তেওঁৰ নাম কমলনাথ গোহাঞিবৰুৱা। তেওঁ সৰুৰেপৰা দেখিবলৈ এনে সুন্দৰ আৰু বেথা-লগা আছিল যে, সাতবছৰীয়াটি- লৈকে আইতাক, দেউতাক আৰু ওচৰ-চুবুৰীয়া সকলোৰে মনত তেওঁ কোলাৰ ছমহীয়া চালুকীয়া লৰা যেন হে আছিল। যাৰ ঘৰলৈকে যায়, তাতে ইটোৱে-সিটোৱে কোলাত লওঁতেই কমল গোহাঞিদেৱে মাটিত নামিবলৈকে নাপায়। বাটত বা মানুহৰ ঘৰৰ আগেদি কেতিয়াৰ লগুৱাৰ হাতত ধৰি ধেমালিত ডেও দি ফুৰা কমলক দেখিলে,যেয়ে যতে থাকে সেয়ে তৰেপৰা ঠৰ্ লাগি চাই থাকে। আন কি,'কমল মইনা’লৈ চাওঁতে সূতা-কটা বুঢ়ীৰ হাতৰপৰাও সূতা সৰি পৰে! এনে পূৰ্ণিমাৰ জোন যেন সুন্দৰ লৰাৰ পিতৃ-মাতৃ যে কিমান সুখীয়া আছিল,তাক অনুমানত হে ভালকৈ বুজিব পাৰি। সৃষ্টিকৰ্ত্তাই যাক যেন সুন্দৰ কৰি স্ৰজন কৰে, তাক তেনে সজগুণেৰেও অলঙ্কৃত কৰে। সততে দেখিবলৈ পোৱা যায় যে, দেৱতুল্য মানুহৰ গুণো দেৱযোগ্য হয়। কমলনাথ গোহাঞি বৰুৱাদেৱৰ লৰাকালত তেওঁৰ সদ্‌গুণৰ চিনাকিলৈ আৰু স্বভাৱ-চৰিত্ৰাদিলৈ চাই, তেওঁক শান্তিময় শান্তিৰাম গোহাঞি- বৰুৱাৰ সুযোগ্য সন্তান বুলি সকলোৱে মানিছিল। কমল গোহাঞিদেৱ যদিও সৰুৰেপৰা সকলোৰে আদৰ পাই অতি আলসুৱা হৈ উঠিছিল, তথাপি তেতিয়াৰেপৰা তেওঁক পুৰুষৰ কামত বৰ অনুৰাগী দেখা গৈছিল। বিশেষকৈ, লিখা-পঢ়াত তেওঁৰ বৰ ধাউতি আছিল। আঁঠবছৰীয়াটিতে তেওঁ কেইবাটাও কিতাপ লুটিয়াইছিল। আমি কমল গোহাঞিদেৱৰ কথা সম্প্ৰতি ইমানতে এৰি, এই ছেগতে আকৌ ৰুচিনাখ বুঢ়াগোহাঞি ভাঙৰীয়া আৰু