পৃষ্ঠা:লাহৰী.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬৭
লাহৰী


ছিল, সেইটো এতিয়াও সকলোৰে আগত প্ৰকাশ্যে কবলৈ তেওঁ লাজ কৰি আছে। এনেতেে, বুঢ়ী লিগিৰীৰ সাহায্য আহি আপোনা-আপুনি উপস্থিত। তাই ভাবিলে যে, জয়ন্তীয়ে নিজে গৈ গোহাঞিদেৱক নুবুজালে আৰু সেই বিষয়ৰ কোনেও জেঙ্গা ভাঙ্গিব নোৱাৰে। এনে ভাবি,তাই শুশ্ৰূষাৰ অৰ্থে মাতি নিয়াৰ ভাৱে গোহাঞিদেৱক তেওঁ আগেয়ে থকা কুঁঠৰীলৈ মাতি নি বহুৱালেগৈ। সেই ছেগতে সুবিধা পাই জয়ন্তীয়ে উৰি যোৱা দি গৈ গোহাঞিদেৱৰ পাৱত পৰি কান্দিবলৈ ধৰিলে; আৰু প্ৰকৃত ঘটনা জানি লৈ তেওঁৰ ভুল-বিশ্বাস এৰিবলৈ কাকৃতি কৰিবলৈ ধৰিলে। পূৰ্ণ গোহাঞিদেৱ বৰ ধীৰ; ধৈৰ্যটো যেন তেওঁৰ আজ্ঞাধীন গুণ। তেওঁ তেতিয়াই স্থিৰ ভাৱে জুয়ন্তীৰ মুখে আদ্যোপান্ত বৰ্ণনা শুনিবলৈ ধৰিলে। কওঁতে কওঁতে, জয়ন্তীয়ে সৰস্বতী যেন মুখেৰে চিঠিৰ কথাবোৰ বৰ্ণাই আৰু অকৃত্ৰিম প্ৰেম বুজাই উঠিল ৷ শুনি শুনি,গোহাঞিদেৱৰ দৃঢ় বিশ্বাস হল যে,সেইবোৰ চিঠিৰ প্ৰকৃত গৰাকী তেওঁৱেই হে; জয়ন্তীয়ে চিঠি তেওঁলৈকে হে লিখছিল, মাজত কু-চক্ৰীয়ে পাই হে এনে দুৰ্ঘটনা ঘটাইছে। ইয়াকে স্থিৰ কৰি, তেওঁ জয়ন্তীক আশ্বাস দি ভিতৰলৈ পঠিয়াই, গাঁও ফুৰিবলৈ ওলাই গল। তেও ধীৰে ধীৰে গৈ বাঁৰী-বাইৰ ভগা-বহাৰ দুৱাৰমুখত থিয়দি ৰল। তাৰেপৰা তেওঁ সঁহাৰি লৈ জানিলে যে, বাঁৰীয়ে এটা মানুহৰে সৈতে কিবা গুপুত আলচ পাতিছে। তেওঁ লাহেকৈ পিছফালে ঘূৰি গৈ ঘৰৰ চুকত কাণ পাতি সিহঁতৰ ভিতৰত হোৱা কথা-বাৰ্ত্তা শুনিবলৈ ধৰিলে।—

 বাঁৰী ।— “এ, সেয়া নহয়, মই অমুকী লাগিলে নো কেই দিনৰ বন! আজি আহি ধমধমনি লগাই দি আজিয়েই গুচি গলগৈ নহয়।”

 ৰত্ন ।— “পিচে,পিচে পূৰ্ণ গোহাঞিয়ে বিয়া নকৰাওঁ বুলি গৈছে নে? ইহঁতে কি কয় পিচে ? নকৈছিলোঁ, ময়ো উভতি বান্দৰ-নচুৱাম্‌হি বুলি !”