উদ্ফাই ৰোগৰ দৰে পিচফালৰ সোঁৱৰণীয়ে ৰত্নেশ্বৰৰ প্ৰাণৰ ভিতৰত আকৌ উজনি-ভাটী লগাবলৈ ধৰিলে; ৰত্নেশ্বৰে পূৰ্ব্বৱত আকৌ মৰাল গতি ধৰিলে। এইবাৰ আলহী হৈ থকা ঘৰত কিবা এৰি অহালৈ বৰকৈ মনত পৰা হল। ৰত্নেশ্বৰে ঘনে ঘনে উলটি-উভতি চায় আৰু মূৰ খজুৱায়; তাৰ পাচত তেওঁ দোখোজমান ওভতনি-খোজ ধৰে। এই দৰে ভালেখিনি পৰলৈকে উজনি-ভাটী কৰি থাকোঁতে সিফালে লগুৱা-ভাৰীৰ গা নেদেখাই হল ! ৰত্নেশ্বৰে আকৌ অলপ হুঁচ্ পাই মূৰ দাঙ্গি চায়, দেখোন লগুৱাক মনিব নোৱাৰাই হল। বহু দুৰণিত কোনোবা এটাক ৰিণিকি ৰিণিকি দেখা গৈছে; সি বা কোন্ আহিছে, নে গৈছেই তাৰ চিন্ নাই। লগুৱাৰ লেঠাৰ হাত সাৰি এইবাৰ ৰত্নেশ্বৰ বহিয়েই পৰিল। লগুৱাৰ ভাবনা এৰি ৰত্নেশ্বৰে উপস্থিত ৰোগত আসন্ন বিপদ গুচোৱা ঔষধিৰ ভাবনাত লাগিল। বহি জিৰোৱা গছৰ তলতে ৰত্নেশ্বৰ ভালেমান পৰ বহিল, তেওঁ ভালেমান ভাবিলে; কোনো উপায়ন্তৰ নেদেখি, উঃ আঃ কৰি, তেওঁ চাটিফুটি কৰিৰলৈ ধৰিলে। এই দৰেই এডাঁৰমন বেলি গল, এনেতে ৰত্নেশ্বৰৰ চকু ৰঙা হৈ উঠিল, মুখত তেজ বিৰিঙ্গি পৰিল, বুকু ফিন্দ খাই উঠিল; তাৰ পাচত দাঁত-কৰচনি মাৰি ৰত্নেশ্বৰ গিৰিপ্কৰে উঠিল! উঠিল, আৰু তাত থিয় নহল; উলটি বেলি ভাটী দিয়াৰ পৰত জয়ন্তীহঁতৰ ঘৰৰ ওচৰৰ গাঁৱৰ এজনী বাঁৰী-দুখুনী তিৰোতাৰ ঘৰত আলহী হৈ নচপালৈকে, ৰত্নেশ্বৰে উভতি আকৌ ঘৰ্-চিৰিকীয়া খোজ ধৰিলে। সিফালে ঘৰমুৱা লগুৱাই কোবাকুবিকৈ বাট খেদিবলৈ ধৰিলে; গৈ গৈ সি গাওঁ সোমাৱা দেখা গল; কিন্তু তাক ৰত্নেশ্বৰৰ চোতালত ভৰি দিয়া দেখা নগল।
এমুৰীয়া অকলশৰীয়া বাঁৰীৰ ঘৰতে ৰত্নেশ্বৰ আজি ভালেমান দিনো আছে। তাৰ পাছত দেখা যায় যে, তেজ, মাংস, দস্তুৰ আৰু কাৰ্য্যৰে ৰত্নেশ্বৰেই; কিন্তু সাজ-পাৰ, চলন-ফুৰণ, আও-ভাও ইত্যাদিলৈ চাই তেওঁ