গেমেহা-ভুকু, কাণ-মোচৰা, নাক-টনা, শিলৰ খুন্দা ইত্যাদিৰে সৈতে চুবুৰীয়াই সেই চপনীয়া মতাক আধামৰা কৰিব লাগিছে। শেহত, তাৰ চিয়ঁৰ সহিব নোৱাৰি হাতত বন্তি লৈ গোহাঞিদেৱ আৰু জনচাৰেক মানুহে বাহিৰলৈ আহি দেখেচোন, সেইটো ৰত্নেশ্বৰ বৰমতা ! ছোৱালী বাছোঁতে বাছোঁতে এঙ্গাৰ-কলী, নাক-খাঁৰী, ফেঁচামুই, এলাইজাঁপৰী বাঁৰীত চপনীয়া চাপি লোকৰ পৱিত্ৰ প্ৰেমত বিঘিনি ঘটাবলৈ ৰত্নেশ্বৰ ধুনীয়া ডেকাই বাঁৰী-বাইৰ এৰাবাৰী ৰখীয়া হৈছেহি ! গোহাঞিদেৱ বৰ মৰমিয়াল মানুহ; তেওঁ ৰত্নেশ্বৰক সিমান জলপানেৰেই তুষ্ট হবলৈ দি,তাৰপৰা মুক্তি দিয়ালে ।
আগেয়ে জয়ন্তীৰ বিয়াৰ আয়োজন লাহে লাহে হে চলিছিল। বিয়াৰ দিন ফাগুণ বা বহাগত হে স্থিৰ হৈছিল। কিন্তু, ৰত্নেশ্বৰৰ ধূৰ্ত্তালিয়ে জয়ন্তী আৰু পূৰ্ণ গোহাঞিদেৱৰ বাহ্যিক আৰু আন্তৰিক সম্বন্ধ আগতকৈও দৃঢ়তৰ কৰিলে। পূৰ্ণ গোহাঞিদেৱ তাত থাকোঁতেই, ইফালে বিষয়ানীয়ে গাঁৱৰ জনচাৰেক ভদ্ৰলোকক যোৰহাটলৈ পঠিয়াই আঘোণতে বিয়া পাতিবলৈ বুলি গোহাঞিদেৱৰ ঘৰৰপৰা সম্মতি অনালে। অদৃষ্টৰ গুণত বিধবা বুলিও বিয়ানীৰ অৱস্থা বৰ টনকিয়াল আছিল। তেওঁ নিজে সকলো খৰছ-পাটি দি ছোৱালী বিয়া দিবলৈ সাজু হোৱাত, যথাসমত দৰা-ঘৰীয়া সকলোটি চাপিকুচি বিষয়ানীৰ ঘৰৰ কাষত যুগুত কৰি থোৱা বাহৰত উপস্থিত হলহি। মহা আড়ম্বৰেৰে বিয়াৰ কাৰ্য্য আৰম্ভ হ'ল ৷ওচৰ-চুবুৰীয়া ভাল-ভদ্ৰ, সৰু-বৰ অলেখ মানুহে বিয়াত যোগ দিলেহি;নানা তৰহৰ গান-বাজনা, নাচ-ধেমালিৰে সৈতে পূৰ্ণ গোহাঞিদেৱৰে সৈতে জয়ন্তী আইদেউৰ সাদিনীয়া গুভবিবাহ সম্পাদিত হৈ গল। তাৰ পাচত, এগষমান মিতিৰৰ ঘৰতে মহা সন্তোষেৰে থাকি, দৰাঘৰীয়াসকল বৰ-কন্যাৰে সৈতে মহা ধুম্ধামেৰে ঘৰলৈ উলটিল। ৰত্নেশ্বৰ ধুনীয়া ডেকা বাঁৰী-বাইৰ ভগা-বহাতে ঘুনীয়া হৈ পৰি থাকিল ৷