বাঁৰী।—“সেয়ে নহয় নো কি? যি বলেৰে হে পূৰ্ণলৈ লিখা চিঠিবোৰকে তোমালৈ লিখা চিঠি বুলি জয়ন্তীক অবিশ্বাসী কৰালোঁ! এতিয়া আৰু কোন্টো লাজেৰে নো সি বিয়া কৰায়? মিছা যদিও, সেই কথা পতিৱাব কেনেকৈ?”
পূৰ্ণ গোহাঞিদেৱে আৰু সহিব নোৱাৰিলে। তেওঁ ইয়াতকৈ আৰু নিজ কাণে শুনা প্ৰমাণ অধিক নিবিচাৰিলে। তেওঁ তেতিয়াই উলটি আহি সকলো বৃত্তান্ত জয়ন্তীৰ আইতাকত জনালে। জয়ন্তীৰ আইতাক বিধবা বুলিও, সেই চুবুৰিৰ ভিতৰত এগৰাকী ক্ষমতা থকা ভগা-বিষয়ানী আছিল। সেই গুপ্ত চক্ৰান্তৰ সম্ভেদ্ পোৱা মাত্ৰকে তেওঁ পাঁচোটামান মানুহ পাচি বাঁৰীক আৰু বাঁৰীত চাপি থকা মানুহটোক ধৰাই অনালে। মানুহটোক তিনটা লগুৱাই বাহিৰতে ধৰি ৰাখিলে; বাঁৰীক পোনেই নি বিষয়ানীৰ আগত থিয় কৰোৱা হল। কাৰ্য্যৰ গতি-গোত্ৰলৈ মন কৰিয়েই চতুৰা বাঁৰী বাইৰ গা বাজিল! তাই, কোনেও একো সুধিবলৈ নৌ পাওঁতেই, নিজে নিজে ঘটনাটোৰ আদ্যোপান্ত বৰ্ণাবলৈ ধৰিলে। তাই বিষয়ানীৰে পাৱত পৰি কান্দি কান্দি এই বুলি সৈ ললে যে, এই বিষয়ত তাই নথৈ অপৰাধ কৰিছে সঁচা, কিন্তু যাৰ উদগনিত তাই এনে কাম কৰিবলৈ আগ বাঢ়িছিল, সি তাতোকৈ অপৰাধী নহয় জানো? তাই আৰু কলে যে, সি তাইত চাপি সদায় পোহ-পাল কৰি থাকিবলৈ বুলি আজি ইমান দিন তাইৰে সৈতে গৃহবাস কৰি আছে; সেই কাৰণে হে তাৰ গুপুত উদ্দেশ্য সিদ্ধি কৰিবৰ কাৰণে, জয়ন্তীয়ে পূৰ্ণ গোহাঞিদেৱলৈ লিখা চিঠিবোৰ যোৰহাটলৈ যোৱা মানুহৰ হাতত দিবলৈ নিওঁ বুলি তাই চপনীয়া মতাটোক দিছিল গৈ; বাৰীৰ কথা শুনি চাৰিওফালৰপৰ ডেকা, বুঢ়া সকলোটি চাপিলহি। সেই সকলোৰে মাজে দি বাট লৈ পূৰ্ণ গোহাঞিদেৱে শাহুৱেকত সেৱা জনাই ক্ষমা মাগিলে গৈ। বিষয়ানীয়েও অতি সন্তোষেৰে ভাবী-জোঁৱায়েকক আশ্বাস দি শান্ত কৰিলে। ইফালে, বাহিৰত ডবা-চৰ,