পৃষ্ঠা:লাহৰী.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬৫
লাহৰী


 বাঁৰীৰ গাত আৰ লৈ ৰত্নেশ্বৰ একেদৰেই আৰু তাত কিছুমান দিন আছে। এনে সময়তে, যোৰহাটৰপৰা পূৰ্ণ গোহাঞিদেৱ বৰ খং-বেজাৰেৰে হঠাৎ জয়ন্তীহঁতৰ ঘৰত ওলালহি। তেওঁ থিয় হৈয়েই জয়ন্তীৰ আইতাকক লগ পাবৰ নিমিত্তে লিগিৰাক ভিতৰলৈ পাচিলেহি। আন দিনাৰ দৰে তেওঁ মুখ, হাত, ভৰি ধুই নিজৰ ঘৰৰ দৰে আসন লৈ নবহি, অচিনাকী আলহীৰ দৰে পাৰি থোৱা চালপিৰা এখনতে বহিল। পুৰ্ণ গোহাঞিদেৱ অহা শুনিয়েই জয়ন্তীৰ মন আনন্দত নাচি উঠিল। তেওঁ পিচ-চোতালৰপৰা লৰালৰিকৈ আহি জুমিবলৈ ধৰিলে। কিন্তু গোহাঞিদেৱৰ ৰঙা চকু-পকোৱা আৰু কপালৰ গাঁঠি থোপা হোৱা দেখি তেওঁৰ সেই আনন্দ মনতে মাৰ গল ! আৰু, উগুল-খুগুল ভাবত তেওঁ তাৰপৰা অলপ আঁতৰ হল। আইতাকে ওলাই আহি লৰালৰিকৈ ভাবী-জোৱাঁয়েকক অভ্যৰ্থনা কৰিবলৈ খৰধৰ কৰিলে। কিন্তু, পূৰ্ণ গোহাঞিদেৱে তেওঁক সেইবোৰ কাৰবাৰৰ প্ৰয়োজন নাই বুলি কৈ, বেজাৰ মনেৰে কলে যে, আজি তেওঁ আন কিবা বৰ টান কথা এটা কব লগীয়া থকাত যে অসময়ত ওলাইছেহি; আৰু তেওঁ ততালিকে আকৌ ঘৰলৈ উলটিব। এই কথা কৈয়েই পূৰ্ণ গোহাঞিদেৱে চোলাৰ জেপত হাত ভৰাই কবলৈ ধৰিলে, “মই জানিছিলোঁ, আপুনি যেনে সাধ্বী, সতী আৰু অশেষ গুণৰ গৰাকিনী , আপোনাৰ মৰমৰ জীয়েকো তেনে চৰিত্ৰৱতী হব। এনে ভাবি হে মই আপোনাৰ প্ৰস্তাবিত বিয়াত সন্মতি দিছিলোঁ। এতিয়া চাওক, আপোনাৰ জীয়েকে তলে তলে এইবোৰ কি কাম কৰিছে !” এই বুলি এজাপ চিঠি উলিয়াই জয়ন্তীৰ আইতাকৰ আগত থৈয়েই, তেওঁ আকৌ কবলৈ ধৰিলে,“সেই দিনা আমি বান্দৰ-নচুৱা সেই ৰত্নেশ্বৰ নে কি, তালৈকে জীয়েকে এইবোৰ চিঠি চলাইছে। সি মোলৈ বহুত লাজ্ দি এখন চিঠিৰে সৈতে এইবোৰ প্ৰমাণ স্বৰূপে পঠিয়াইছে ৷ সি আছে ক'ত, ক'ৰপৰা এই চিঠি দিছে, তাৰো