পৃষ্ঠা:লাহৰী.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬৪
লাহৰী


যেন এটা হজুৱা গাঁৱলীয়া, যেন সেই বাঁৰীৰে চপনীয়া-মতা। কি অৰ্থে,কি কাৰ্য্যেৰে ৰত্নেশ্বৰে এই দৰে প্ৰবাস খাটিছে বুজা নাযায়। ঘৰৰপৰা তেওঁ বৰকৈ নোলায়। কিন্তু, বাঁৰী-বাইক হলে কেদিনমানৰপৰা জয়ন্তীহঁতৰ ঘৰলৈ ঘনাই যোৱা-অহা কৰা দেখিছোঁ। তাইৰ নো কি উদ্দেশ্য, কি কাৰ্য্য কোনেও বুজিব পৰা নাই। তাই মুঠেই বিষয়ানীৰ ওচৰত ছালি খাবলৈ পাণ এবিৰা, চুণ অকণ, খুদ্‌চাউল এমুঠি, শাক এডাল, লোণ এজেবা, ইয়াকে বিচাৰেহি; তাই উলটিবৰ বেলিকা এবাৰ জয়ন্তী আইদেউৰ ওচৰত সোমাই দুটা-চাইটা কথা পাতেগৈ আৰু তেওঁ লিখি পেলাই দিয়া কাকত পত্ৰ কিবা-কিবি বান্ধিবলৈ বুলি বুটলি লৈ যায়। জয়ন্তী আইদেৱো বৰ ধেমেলীয়া গাভৰু; তেওঁ গাঁৱৰ তিৰোতাৰে সৈতে ধেমেলীয়া কথাবাৰ্ত্তা পাতি বৰ ভাল পায়। বাঁৰী-বাই দেখাত হে এলাইজাঁপৰী, তাইৰ কথাবিলাক বৰ ৰং-লগা। সেই কাৰণে, তাই সোনকালে জয়ন্তী আইদেউৰ ওচৰত লাগী হৈ উঠিল। বাঁৰী-বাই সদায় যায়, সদায় আহিবৰ সময়ত জয়ন্তীৰ মুখৰপৰা “কাইলৈকো আহিবাঁ দেই বাই,” এই আষাৰি মিঠা মাত পাই আহে। পাচলৈ বাঁৰী বায়ে জয়ন্তীৰ অতি গুপুত প্ৰেমৰ কথাবাৰ্ত্তাৰো ভাগ পোৱা হল। পূৰ্ণ গোহাঞিদেৱ ঘৰলৈ উভতি যোৱা আজি কুৰি দিনমান হৈছে। তেওঁ থাকোঁতে দুইৰো ভিতৰত গুপুতে কেনেকৈ পত্ৰ চলিছিল, এতিয়াও তেওঁ নাম-ধাম-ঠিকনা লিখি দি যোৱা লেফাফাত ভৰাই মানুহৰ হাতত কেনেকৈ চিঠি চলাচল কৰা হয়, তাৰো বাঁৰী বায়ে সম্ভেদ্ পোৱা হল। মাজে মাজে পূৰ্ণ গোহাঞিদেৱহঁতৰ ঘৰৰ ফালে কোনো কামত যাবলৈ ওলোৱা মানুহৰ সম্ভেদ্ দি সেই মানুহৰ হাতত দি পঠিয়াবলৈ জয়ন্তী আইদেউৰ চিঠিও বাঁৰী-বায়ে গোপনে নিয়াহি হল। বাঁৰী-বাই চাপিবৰপৰা জয়ন্তী আইদেৱে চিঠি পঠিওৱাত বৰ সস্তা পাইছে; কিন্তু পূৰ্ণ গোহাঞিদেৱৰপৰা তাৰ উত্তৰত চিঠি-পত্ৰ অহাত হে বিসঙ্গতি ঘটিবলৈ ধৰিছে।