সমললৈ যাওক

লভিতা/চতুৰ্থ অঙ্ক

ৱিকিউৎসৰ পৰা

[ চতুৰ্থ অঙ্ক ]


চতুৰ্থ অঙ্ক
প্ৰথম দৰ্শন

(গোলাঘাট চহৰৰ এটা চৰকাৰী আলি। দুজন কাছাৰিৰ আমোলাই কথা পাতি যায়।)

১ম আমোলা। এৰা হেৰি বৰ বিপদেই হ’ল। কি কৰা যায়? আমাৰ দেখোন জীয়াতে মৰণ হ’ল ৷ এইদৰে খাবলৈ বয়বস্তু নহলে কেনেকৈ তৰিব হেৰি।

২য় আমোলা। নাই আৰু ক’ৰবালে ভাগিহে যাব লাগিব। চাউলৰ মোণে হ’লগৈ ডেৰকুৰি টকা দাম। আটা পাবলৈ নাই, তেল পাবলৈ নাই, ঘিউ অকণ পাবলৈ নাই, কেনেকে তৰা বাৰু?

১ম আমোলা। আটা, ঘিউৰ যিয়েই হওক। এই শাক-পাচলি কেইডালমান আৰু মাছ-পুঠি দুটামান হলে ওতো জীৱনটো থাকে।

২য় আমোলা। শাক-পাচলি পাবি ক’ৰ পৰা? ঠিকাদাৰবোৰে গাঁৱে-ভূঁয়ে সোমাই লাও, কোমোৰা, জলকীয়া, বেঙেনা, যত যি পায় চুঁচি বাচি-নি মিলিটেৰীক দিছেগৈ। হেৰা নেমুটেঙা এটাৰনো দাম গোটে আঠ অনা, প্ৰভু ! এইখন কি কৰিলা? [ ৫৮ ]
 

১ম আমোলা। ডাঙৰৰ যি হওক বাৰু লৰা-ছোৱালী কেটাই এতিয়া দুবেলা দুপোৱা গাখীৰ খাবলৈ নেপালে জীয়ে কেনেকৈ?

(এনেতে দূৰত ‘বন্দে মাতৰম্’ ‘ইনকিলাব জিন্দাবাদ’ ধ্বনি হয় ৷)

২য় আমোলা। সেয়া, সেইখনো লাগিল আকৌ।

১ম আমোলা। এৰা, কিনো হব খুজিহে, ততকে পোৱা নাই৷ এই যুঁজৰ সময়ত এই কংগ্ৰেছখন অলপ তলকা মাৰি থকা হলেও হয়। নাই, গোটেইখন উত্ৰাৱল। বাপেকে গুলী খাই খাই মৰিছে, তেও জানো সিহঁত শান্ত হব! ইংৰাজৰ হাতত আটাইবোৰ বৈজ্ঞানিক অস্ত্ৰ–নতুন নতুন কত মানুহ মৰা কল-কাৰখানা। শুদা হাতেৰেননা কেনেকৈ সিহঁতক খেদাবলৈ যায়। এতিয়া বোল আকৌ ‘এটম বোমা’ উলিয়াছে। তাকে বোলে এটা বোমাৰেই এখন চহৰ উৰাই দিব পাৰে। এই কংগ্ৰেছখনে ভাল তৰাৰ ফৰ্ম্মূটি মাৰি বাঘ খেদিবলৈ ওলাইছে। এনেনো মূৰ্খালি দিন দুপৰতে কৰিব লাগেনে?

২য় আমোলা। আজি বোল ভলন্টিয়াৰে কাছাৰিত নিচান তুলিবলৈ আহিব। মৰিব, মৰিব, ইংৰাজে কি মুখলৈ চাব। এতিয়া সিহঁতে দেশ জাপানীয়ে লয় বুলি বলিয়া হৈছে, এফালৰ পৰা গুলীয়াই দিব। [ ৫৯ ]
 

১ম আমোলা। এৰা বলক হেৰি, বলক ইয়াৰ পৰা। কৰবাত গুলী চুলি উফৰি আহিব, ভাল কৰিলা ঈশ্বৰ !

দুয়ো বগাই ওলাই যায়। দূৰত ‘বন্দে মাতৰম্’ ধ্বনি কেইবাবাৰো হয় এনেতে সেইফালে কেইজনমান কংগ্ৰেছ ভলান্টিয়াৰ গান্ধী টুপী পিন্ধি কোবেৰে ওলাই যায় তাৰ পিছতে গান্ধী টুপী পিন্ধা এদল গাঁৱলীয়া ডেকাডেকেৰী-হাতত ত্ৰিবৰ্ণ নিচানলৈ গীত গাই সমদল কৰি সেইফালেদি যায়হি -

—গীত–

 অ’ আমাৰ গাঁও !
আমাৰ গাঁৱৰ মান ৰাখি
মৰিবলৈ যাওঁ আমি
 মৰিবলৈ যাওঁ ৷
ভৰপূৰ তামোলেৰে
সেউজীয়া পথাৰেৰে
দূৰতে জিলিক থকা
 অ’ আমাৰ গাঁও !
দেশৰ হকে মৰিব পৰা
আমাৰ গাঁৱৰ ডেকা লৰা
ডেকেৰী নহয় পাছ পৰা
 অ’ আমাৰ গাঁও।

[ ৬০ ]
 

একঠা মাটি মই উপজিয়ে পাওঁ
এমুঠি পেটৰ ভাত
এখনি কাপোৰ গাত
 আজি কিয় তাকো নাপাওঁ?
এই মাটি মোৰ অধিকাৰ
মোৰে ভাত মোৰে কাপোৰ
মোৰে দেশ আজি মই
 নিজে ৰখাওঁ
কালৰ মূৰ্ত্তি ধৰি
 শতৰু মূৰত
আকাশৰ চৰগ্ নেলাওঁ।

(গাই গাই গাই ওলাই যায়গৈ।)

অলপ পিছত এজন দাৰোগা ছাইকেল মাৰি কোবেৰে যায়। কিছুমান ছাত্ৰ-ছাত্ৰী ‘বন্দে মাতৰম’ ধ্বনি কৰি সেই ফালেদি লৰ মাৰে। কেইটা মান গুৰ্খা সৈন্যই চঙ্গীন উলিয়াই সেইফালে পেত্ৰল কৰি গুচি যায়। এনেতে দুজন ঠিকাদাৰ কথা পাতি সেই ফালেদি আহে।)

১ম ঠিকাদাৰ। যদি মই এই দুশ কুলি গোটাই কামটো ঠিকে-ঠাকে শেষ কৰিব পাৰো, তেন্তে নগদ একলাখ টকা লাভ হবই। [ ৬১ ]
 

২য় ঠিকাদাৰ। মোৰহে অলপ দিগদাৰ হ'ল। চোৱাচোন কাম হৈ যোৱা টকাখিনি বন্ধ কৰি থৈছে। বুজিছা সেই ইঞ্জিনীয়াৰ চাহাবটোক বোলে দহ হেজাৰ লাগে, তেহে হেনো বিলখন পাচ কৰি দিয়ে।

১ম ঠিকাদাৰ। নকবা আৰু টকা নহলে একোৱেই নহয়। ঠিকাদাৰখনক খটুৱাই মাৰি এই গৱৰ্ণমেণ্টৰ অফিচাৰবোৰে মাজতে টকাবোৰ মাৰিছে। (এনেতে এজন মাৰোৱাৰী মহাজন সোমাই আহে।) অ' ৰাম ৰাম! বাবুজী এই আমি আপোনাৰ তালৈ যামহে বুলিছিলো৷

মহাজন। ৰাম ৰাম! পিছে কি বাত কৰিব বাবুজী? জিনিছ উনিছ ত’ কুছ পাবলৈ নাই আছে। ডাল নাই, আটা নাই, চেনি নাই, নিমখ নাই, তেল নাই, কুছ নাই, হামিলোকে কৰ পৰা আনিব? ৰেল-জাহাজতো চব খালি মিলিটেৰী মাল আৰু চিপাহী আনিছে নিছে।

১ম ঠিকাদাৰ। পিছে বাবুজী এটা কথা নহয়।

মাৰোৱাৰী। কি কথা আছে?

১ম ঠিকাদাৰ। মোক দুমোণ আটা নহলে নহয়।

মাৰোৱাৰী৷ হৰে ৰাম, হৰে ৰাম! হামি আজি এক মহিনা ৰুটি খাবলৈ নাই পাইছো। খালি চাউল খাই খাই হামাৰ চবৰে পেটৰ বেমাৰ হৈ গৈছে। হৰে ৰাম, হৰে ৰাম ক’ত পাম? [ ৬২ ]
 

১ম ঠিকাদাৰ। নহয় বাবুজী! আপুনি বিচাৰি কৰবাৰ পৰা দিবই লাগিব।

মাৰোৱাৰী। ৰাম ৰাম্ বিশ্বাস নকৰে নেকি? থাকিলে নো আৰু আপোনাক হামাৰ নিজৰ মানুহক নাই দিমনে? বাৰু ৰাম ৰাম। (যায়।)

১ম ঠিকাদাৰ। বৰ দিগদাৰ হ’ল। বাবুজী যদি কেনেবাকৈ দিব পাৰে, মই সেৰে দুটকাকৈ ভি দিবলৈ ৰাজি আছে।

(মাৰোৱাৰী উলটি আহি)

মাৰোৱাৰী। কি কি দুটকা সেৰ দিব? বাৰু গধূলিকে একবাৰ হামাৰ দোকানত আহিব। কিজানি দুছোৰা কাৰবাৰ ঘৰত পোৱা যাব পাৰে। খবৰ কৰি দেখিম। আচ্ছা ৭ সাত বজাত আহিব। (যায়।)

২য় ঠিকাদাৰ। মাৰিছ বোপাই, তহঁতেই মাৰিছ টকা। টকাত দহ টকাকৈ লাভ।

১ম ঠিকাদাৰ। ইহঁতে বস্তুবোৰ লুকুৱাই লুকুৱাই বস্তুৰ দাম তুলি মানুহখনক ঠাৱনি নোপোৱাকৈ মাৰিলে৷ গৱৰ্ণমেন্টে সেই কণ্ট্ৰল কৰিলে কি হব? টকা পালেই ব্লেক মাৰ্কেটিয়াৰক এৰি দিব; ক’ৰ পৰা দাম কমে।

(এনেতে দূৰত লড়ীৰ হৰ্ণ শুনা যায়।)

এ সেইখন মোৰ লড়ী আহিল। মই আজি ডিমাপুৰ দুই বজাত পাবগৈয়ে লাগিব। ভাল তেন্তে মই যাওঁ। [ ৬৩ ]
 
(এই বুলি দুজন দুফালে ওলাই যায়। এনেতে ইলাহী বকছে এডাল লাঠিত এটা কাপোৰৰ টোপোলা বান্ধি লৈ এখোজ দুখোজ কৈ সোমাই আহে আৰু পাছে পাছে লভিতা)

ইলাহী। মাই, এইখিনিতে অলপ বহো, বৰ ভাগৰ লাগিছে।

(ইলাহীয়ে টোপোলাটো থৈ লভিতাৰ সৈতে বহে। এনেতে দুফালৰ পৰা দুজন মানুহ আহি বাটতে লগ খায়।)

১ম মানুহ। এ শইকীয়া, শুনিছেনে কথাটো? হয়নে বোলে জাপানীবোৰ আহি নগাপাহাৰ সোমালেহি।

২য় মানুহৰ। এৰা বোলে কহিমাৰ পৰা প্ৰায় ৭০ মাইল দূৰলৈকে সিহঁতৰ দুটা দল আহিছে বোলে।

১ম মানুহ। এটা কথা দেখোন ওচৰ চাপি আহিল।

(ইলাহীয়ে শুনি লভিতাক ফুচ্‌ফুচাই কিবা কয়। এনেতে দুজন এ, আৰ, পি অফিচাৰ আৰু দুজনী ৰেড্ ক্ৰছ নাৰ্ছ সেই ফালেদি আহে।)

২য় মানুহ। (এ, আৰ, পিক) অ’ হেৰি হয়নে? জাপানী বোলে পালেহিয়েই?

এ, আৰ, পি। কোনে কলে? মিছা কথা। উৰা বাতৰিবোৰ উলিয়াই মানুহক ভয় খুৱাই নুফুৰিব।

২য় মানুহ। হাঃ হাঃ হাঃ হাঃ হাঃ..নাই নাই আমি-নাই নাই হাঃ হাঃ হাঃ।

(ওলাই যায়। লগতে ১ম মানুহো হাঁহি হাঁহি ওলাই যায়। ইলাহী অলপ ভয় ভয়কৈ আহি এ, আৰ, পি জনক চালাম দিয়ে।)

এ, আৰ, পি। কি হ’ল বুঢ়া মানুহ?

ইলাহী। হজুৰ, আমি বৰ চাহাবৰ বঙলালৈ যাব খুজিছো। পিছে চিনি নাপাওঁ। [ ৬৪ ]
 

এ, আৰ, পি। বৰচাহাবৰ বঙলালৈ? (লভিতালৈ চকু পৰিলত) অ’ এইজনী তোমাৰ ছোৱালী নেকি? কি হ’ল তোমাৰ ছোৱালী? কৰবাত মিলিটেৰীয়ে দিগ্‌দাৰ কৰিছিলে নেকি?

ইলাহী। (খোকোজা লাগি) অ’ অ’...নাই। (এজনী নাৰ্ছ—লভিতাৰ ওচৰলৈ গৈ চাই থাকে।)

এ, আৰ, পি! বৰ চাহাবৰ তালৈ কিয় যাবা?

ইলাহী। হজুৰ! এই ছোৱালীজনীৰ কেও কিছু নাই। কিবা এটা উপায়—?

এ, আৰ, পি। কি তোমাৰ ছোৱালী নহয়? তুমি নাৰ্ছ কাম কৰিবানে? তিনিকুৰিকৈ দৰমহা পাবা।

(ইলাহীয়ে অলপ আনন্দ পাই ওচৰলৈ আহি।)

ইলাহী। তিনিকুৰি দৰমহা! কৰিব কৰিব...মাই মাই! তোৰ কপাল ভাল তোৰ—।

এ আৰ, পি। ৰবা ৰবা, ছোৱালীয়ে কি কয়? নাৰ্ছ মানে বুজিছানে?

লভিতা। বুজিছো, বেমাৰী চাব লাগিব।

এ, আৰ, পি। অ’ হয়। পিছে নাৰ্ছ হৈ যাব লাগিব যুদ্ধৰ হাস্পাতাললৈ। গুলী খাই মৰাৰ ভয় আছে হলে।

লভিতা। মৰিলে মইহে মৰিমনে? আন আন নাৰ্ছো মৰিব নহয়।

এ, আৰ, পি। (হাঁহি) অ’ তোমাৰ বৰ সাহ। তুমি তেন্তে মৰিবলৈ ভয় নকৰা।

লভিতা। (হাঁহি মূৰ জোকাৰে।) [ ৬৫ ]
 
এনেতে দূৰত বন্দে মাতৰম্’ ধ্বনি হয়। ‘মাহাত্মা গান্ধী কি জয়।’ ‘স্বাধীন ভাৰত কি জয়।’ সকলোৱে সেইফালে চায়।

এ, আৰ, পি। অ’ আজি কাছাৰিত স্বৰাজ নিছান উৰুৱাবলৈ যোৱা ভলন্টিয়াৰবোৰ সকলোকে এৰেষ্ট কৰি আনিছে।

তেওঁলোক এদাঁতিত থিয় হয় আৰু ভিতৰৰ ফালে চাই থাকে। ভিভৰত ভলান্টিয়াৰৰ গীত হয়।

—গীত—

বিশ্ববিজয়ী নৱ জোৱান
 বিশ্ববিজয়ী নৱ জোৱান
শক্তিশালিনী ভাৰতৰ
 ওলাই আহাঁ, ওলাই আহাঁ,
 সন্তান ভূমি বিপ্লৱৰ।
সমুখ সমৰ সমুখতে
 মুক্তি যুঁজাৰু হুঁছিয়াৰ
মৃত্যু বিজয় কৰিব লাগিব।
 স্বাধীনতাৰ খুলি দুৱাৰ।

এদল গান্ধীটুপী পিন্ধা কংগ্ৰেছ ভলণ্টিয়াৰক চঙ্গীনধাৰী পল্টনে ঘেৰাও কৰি জেললৈ লৈ যায়। সিহঁতে গীত গাই গাই আহে। দলটো এফালৰ পৰা আনফালে ওলাই যায়। দূৰলৈ যোৱাত গীত লাহে লাহে নুশুনা হয়। লভিতাই তন্ময় হৈ সিহঁতৰ ফালে চাই আছিল৷ [ ৬৬ ]
 

লভিতা । (ভলণ্টিয়াৰ যোৱাৰ ফালে চাই থাকি ইলাহীক কয়) বুঢ়া ককা! এওঁলোকৰ সৈতে দেশৰ কামকে কৰিবলৈ পোৱা হলেও—

এ, আৰ, পি। (লভিতাৰ কথা শুনি } দেশৰ কাম? নাৰ্ছ হলে জানো দেশৰ কাম কৰা নহয়? বেমাৰীক, যুদ্ধত আহত হোৱা,আতুৰত পৰা মানুহক শুশ্ৰুষা কৰা, সিহঁতক সেৱা কৰা সিহঁতক প্ৰতিপাল কৰাতকৈ কি আৰু ডাঙৰ পুণ্যৰ কাম হব পাৰে? তিৰোতাৰ সেৱাই ধৰ্ম্ম । আতুৰক শুশ্ৰুষা কৰা, বিপদ আপদত মানুহৰ মুখত এটুপি পানী দিয়া, এষাৰি মৰমৰ মাত দিয়াই তিৰোতাৰ ডাঙৰ ধৰ্ম্ম, ইও দেশৰেই কাম ৷ ক... আমাৰ মানুহ যুদ্ধত আহত হৈ আহিব, সেইবোৰ নিজৰ দেশৰ মানুহক শুশ্ৰূষা কৰা, সেৱা কৰা জানো দেশৰ কাম নহয়? ই মানুহৰ সেৱা। ঈশ্বৰৰ পূজা। তিৰোতা মানুহক ইয়াতকৈ আৰু কি ডাঙৰ কাম লাগিছে?

লভিতা ৷ (কিছুপৰ তলকা মাৰি থাকি, ইলাহীৰ মুখখন কৰুণ ভাবে চাই থকাৰ পাচত এ, আৰ, পিৰ লগত অহা নাৰ্ছজনীয়ে হাঁহি গৈ লভিতাক বাউসীত ধৰি লৈ যায়। লভিতাই তল মূৰকৈ যায। এনেতে ছাইৰেন বাজে। সিহঁত বেগাবেগিকৈ যায়। এ, আৰ, পিয়ে হুইছেল উলিয়াই বজাই ইফালে সিফালে গৈ এবাৰ চাৎ কৰে যায়গৈ।)

————
[ ৬৭ ]
দ্বিতীয় দৰ্শন

 গোলাঘাটৰ লহৰ-জান এয়াৰ ড্ৰমৰ ওচৰৰ এটা নাৰ্ছ ট্ৰেইনিং কেম্প। এফালেদি দূৰৈত এয়াৰ ড্ৰম দেখা গৈছিল আৰু ডাঙৰ ডাঙৰ কেইখনমান বোমাৰু আৰু সৈন্য-বাহী বিমান দেখা গৈছিল। ট্ৰেইনিংকেম্পৰ বাৰান্দাত বুকুত ডাঙৰকৈ ৰেড়্ ক্ৰছ লগোৱা আৰু মূৰত ডাঙৰকৈ হুড্ পিন্ধা কেইজনীমান নাৰ্ছৰ সৈতে লভিতাও সম্পূৰ্ণ নাৰ্ছৰ পোচাকত ৰেলিঙত ধৰি কথা পাতি থাকে। ইফালে লেবাৰ ক’ৰ ইউনিফৰ্ম পিন্ধা মানুহে ভিতৰৰ পৰা মাল কিছুমান কান্ধতকৈ কঢ়িয়াই বাহিৰত থকা লড়ীত বোজাই দিবলৈ যোৱা-অহা কৰি থাকে।

১ম নাৰ্ছ। এৰা, এইবাৰহে কোন লঙ্কা পাবগৈ লাগে ঠিক নাই। কহিমাৰ পৰা আকৌ হুহকি এই গোলাঘাটকে পাবহি লাগিব নে আগবাঢ়ি গৈ বৰ্ম্মা সোমাবগৈ লাগিব কব পৰা নাই।

লভিতা। বৰ্ম্মা সোমাবগৈ পাৰিলেহে মই ভাল পাম। মোৰ হলে এইখনত আৰু ভাল লগা নাই।

১ম নাৰ্ছ। তোমাৰ কি আছে, অকলশৰীয়া মানুহ, আমেৰিকা পালেগৈও তোমাৰ ভালেই লাগিব; আমাৰ আকৌ ঘৰৰ গাঁৱত আই-বোপাই, বাই-ভনী সোপাই আছে নহয়।

(লভিতাই তলমূৰকৈ বেজাৰ কৰে।)
[ ৬৮ ]
 

২য় নাৰ্ছ। এৰা! (হাতৰ ঘড়ী চাই) এতিয়া দেখোন ৯ বাজি ২০ মিনিট গলেই। ঠিক ১০ বজাত ইয়াৰ পৰা বোলে ৰাওনা হবই লাগিব। তেহে সন্ধিয়া কহিমা পোৱাগৈ হব। মই ককাইটিক মাতি পঠিয়াইছিলো ৰাতিপুৱাই আহিবলৈ । এতিয়ালৈকে দেখোন খবৰেই নাই ।

১ম নাৰ্ছ। এৰা, আমাৰ পিতাইহঁত অহাৰ কথা আছিল ।

(এনেতে কেপটেইন্ শৰ্ম্মা আহে।)

কেপটেইন শৰ্ম্মা। সোণচাকী কাৰ নাম?

১ম নাৰ্ছ। মোৰ নাম ছাৰ্।

কেঃ শৰ্ম্মা। হামদৈ কাৰ নাম ?

২য় নাৰ্ছ। মোৰ নাম ছাৰ।

কেঃ শৰ্ম্মা। অ’ তোমালোকৰ ঘৰৰ পৰা পিতায়েৰা আৰু ককায়েৰা আহিছে। সেই অফিচৰ বাৰান্দাতে আছে। দেখা কৰি আহা। কুইক্ কুইক্ কুইক্ । দহ মিনিটৰ ভিতৰত দেখা কৰা হব লাগিব ।

(দুয়ো-জনীযে হাঁহি ‘বাৰু ছাৰ’ বুলি খৰ খেদাকৈ ওলাই যায়।)

শৰ্মাই। (মুখত এটা চিগাৰেট লগাই লৈ লভিতালৈ চাই,) তোমাৰ নাম কি?

লভিতা। লভিতা বৰুৱা । [ ৬৯ ]
 
কেঃ শৰ্ম্মা। ল-ভি-তা-বৰুৱা। কৰবাত শুনা যেন লাগে,—তুমি কোন গাঁৱৰ ?

লভিতা। ফুলগুৰিৰ ।

কেঃ শৰ্ম্মা। I see—তোমাৰ কোনো অহা নাই দেখো মাতিবলৈ?

লভিতা। নাই।

কেঃ শৰ্ম্মা। I see—অ’ তুমিও কহিমাৰ ডিউটিত পৰিছা নহয়?

লভিতা। হয়। ময়ো আজি কহিমালৈ যাব লাগিব।

কেঃ শৰ্ম্মা। I see-বাৰু। (এই বুলি গৰপ্-গৰপ্‌কৈ বাৰান্দালৈ উঠি কেম্পৰ ভিতৰলৈ সোমাই অদৃশ্য হয়। ভিতৰৰ পৰা মাত আহে।) “এই বেছি দেৰি নেইহে। জলদি, জলদি, মাল উঠাও। আধা ঘণ্টা হে।” (কেবাটাও লেবাৰ ক’ৰৰ মানুহে মাল-পত্ৰ লৈ লৰি লৰি আহে, আৰু মাল অনা নিয়াৰ থৰ খেদা লাগে। এনেতে শৰ্ম্মা ঘৰ্ডী চাই বাৰান্দাত থিয হয়হি।) জলদি কৰ, জলদি কৰ, আধাঘণ্টা টাইম, জলদি। কুইক্ কুইক্ কুইক্। (লভিতাৰ ফালে চাই) তুমি ইয়াত কি কৰিছা? তোমাৰ মাল নি ট্ৰাকত দিয়া হ’লনে? কুইক Quick Quick.

লভিতা। হয় হ’ল।

কেঃ শৰ্ম্মা। তেন্তে যোৱা। ভালকৈ সকলো চাইচিন্তি যাবৰ কাৰণে ৰেডি হোৱাগৈ কুইক Quick Quick [ ৭০ ]
 
(এই বুলি তেওঁ বেগেৰে বাহিৰলৈ ওলাই যায়, লভিতাও বেগাই ভিতৰ সোমায়। এনেতে হাতত টোপোলা লৈ নাৰ্ছ দুজনী লৰি লৰি কেম্পলৈ সোমাব খোঁজোতে ‘হেই’ শব্দ শুনি ৰয়, আৰু কেঃ শৰ্ম্মা আহি)

 কি—কি—কি এইবোৰ কি?

১ম নাৰ্ছ। (অলপ হোহঁকা-পিচলা কৰি) ঘৰৰ পৰা পিঠা দিছে।

কেঃ শৰ্ম্মা৷ পি..ঠা..? পি..ঠা (ধম্‌কি মাৰি) যুদ্ধৰ মাজত পিঠা? কেলৈ? কোনে দিছে?

২য় নাৰ্ছ। পিতাইহঁত আহিছিল।

কেঃ শৰ্ম্মা৷ I see কি এতিয়া যাবৰ সময়ত পিঠা উলিয়াইছা? চাওঁ চাওঁ কি আছে তাত, পিঠাই দেখোন।(নাৰ্ছ দুজনীয়ে টোপোলা মেলি দেখুৱায় আৰু কেঃ শৰ্ম্মাই পিঠা দুটামান হাতত লৈ) অ’ পিঠাইতো। যোৱা বেগে খৰকৈ ওলাব লাগে। Quick Quick। (পিঠা এটা মুখত ভৰাই খায়) Quick, Quick. মাত্ৰ ১৫ মিনিট, যোৱা তোমালোক ট্ৰাকত উঠাগৈ। (আকৌ পিঠা খায়) চাওঁ, চাওঁ আৰু দুটামান দিয়াচোন (গৈ উলিয়াই লয়, নাৰ্ছ দুজনী হাঁহি সোমাই যায়। কেঃ শৰ্মাই পিঠা খায়। লভিতা আৰু দুজনী নাৰ্ছ টালি-টোপোলা লৈ ট্ৰাকত উঠিবলৈ যায়। সিহঁতলৈ চাই) পিঠা কেইটা ভালকৈ কৰিছিল দেইবা। হেঃ হেঃ হেঃ। Quick, quick (সিহঁত ওলাই যায়। বাহিৰত ট্ৰাকত দীঘলীয়া হৰ্ণ বাজে। এনেতে

[ ৭১ ]
 

লাঠী এডালত দুটা মাটিকঠাল ওলোমাই লৈ ইলাহী বক্স তাত সোমাই ইফালে সিফালে চাই কেঃ শৰ্মাক চালাম দিয়ে।) কি? কি? ক্যা মাঙ্‌তা? ক্যা মাঙ্‌তা?

| ইলাহী। হুজুৰ! হুজুৰ! মোৰ ছোৱালীজনীলৈ দুটামান ‘আনাৰস' আনিছিলো। হুজুৰ! এইফালে চিপাহীয়ে আহিবলৈ নিদিয়ে। হুজুৰ কোনো ম’তেহে বৰকৈ কাকূতি মিনতি কৰি আহিছো। হুজুৰ! ছোৱালীজনী এবাৰ দেখা পামনে হুজুৰ?

কেঃ শৰ্মা৷ কি নাম? কোন ছোৱালী?

ইলাহী। হুজুৰ! হুজুৰ! মোৰ ছোৱালীজনী লভিতা, হুজুৰ ধাই কাম কৰে—

কেঃ শৰ্ম্মা। লভিতা—তোমাৰ ছোৱালী?

ইলাহী। হুজুৰ! মোৰ নহয় যদিও মোৰ জীৰ দৰেই। কেঁও-কিছু নোহোৱাত মোৰ আশ্ৰয়তে আছিল। মই উপায় নাপাই এই কামত দি দিছো।

কেঃ শৰ্মা৷ সেই তুমি অনা I see, পিছে তাই এতিয়া কহিমালৈ যাবলৈ মটৰত উঠিল। এতিয়া আৰু দেখা নাপাবা।

ইলাহী। নহয় হুজুৰ! নহয় হুজুৰ। খোদাই আপোনাৰ মঙল কৰিব। এবাৰ হুজুৰ! যোৱাৰ আগতে চাই লম—আঃ মোৰ মাইজনীক চাই লম। কি জানি আৰু দেখা... হুজুৰ! [ ৭২ ] কেঃ শৰ্ম্মা। All right, মাত্ৰ ৪ মিনিট আছে যাবলৈ। (ঘড়ি চাই) দুই মিনিট দেখা কৰিব পাৰিবা। (এই বুলি ওলায় যায়। অলপ পিছত লভিতা লৰ মাৰি আহি ইলাহীক দেখি “ককা ককা” বুলি সাৱট মাৰি ধৰি বুকত মূৰ সুমায়। ইলাহীয়ে “মাই মোৰ মাই” বুলি সাৱটি ধৰে, মাটি কঠালকেটা মাটিত থয়।)

লভিতা। ককা! যাবৰ সময়ত তোমাক কোনে খবৰ দিলে?

ইলাহী। খোদাই–খোদাই খবৰ দিলে মাই। আজি মোৰ মনটোত পুৱাৰে পৰা তোক বৰ চাবৰ মন গৈছিল—থাকিব নোৱাৰি আহিলো। (বাহিৰত ট্ৰাকত হৰ্ণ বাজে।)

লভিতা। (কন্দনামুৱাকৈ) ককা! কহিমালৈ যাব লাগিব, তাত যুদ্ধ চাপি আহিছে। ককা! তাকৌ যদি তোমাৰ সৈতে দেখা নহয়। (কান্দে)

ইলাহী। মাই। মাই (চকু পানী টুকি) খোদাৰ ইচ্ছা। মাই! দুদিনলৈ আহিছিলি মাই। মোৰ দুনীয়াৰ সকলোকে হেৰুৱাই খোদাক চিন্তি দিন গণি আছিলো। তই আহি দুদিনতে মোৰ জীৰ মৰম উথলাই তুলিলি মাই! এতিয়া গাৰ মঙহ এৰোৱাদি এৰাই কলৈ বিপদৰ মাজলৈ যাবলৈ ওলালি—মাই! মাই (হুৰাওৰাকৈ কান্দে) মাই–অ' মাই!(মটৰৰ হৰ্ণ খুব খৰকৈ বাজিবলৈ ধৰে আৰু ‘নাৰ্ছ, নাৰ্ছ জলদি আও’ বুলি চিঞঁৰ আহে।)

লভিতা৷ ককা! ককা! যাওঁ যাওঁ উস ককা..... [ ৭৩ ]
 
ইলাহী। যা, যা, মাই! উস খোদা......(খুব হৰ্ণ বাজে আৰু ‘নাৰ্ছ নাৰ্ছ’ কৈ চিঞঁৰ আহে মটৰ start হৈ হুহুৱাবলৈ ধৰে। লভিতাই বুঢ়াৰ বুকুৰ পৰা ওলাই কান্দি কান্দি যায়গৈ। ইলাহীয়ে অলপ দূৰ গৈ তাই ওলাই যোৱাত আহি ষ্টেজৰ মাজত মূৰে কপালে হাত দি বহে আৰু হো হোৱাই ট্ৰাকবোৰ গুচি যোৱাৰ শব্দ হয়। ওচৰতে পৰি থকা আনাৰস দুটালৈ চাই আনি হাতত লৈ অলপ চাই বেজাৰেৰে দূৰলৈ পেলাই দিয়ে৷) হায় খোদা! তোমাৰ দুনীয়া। এই বুঢ়াক লৰা-ছোৱালী দিলা, তিৰোতা দিলা, ধন-দৌলত দি আকৌ কাঢ়ি নিলা! ভাবিছিলো বুঢ়াকালত তোমাৰ নাম কৰি কৰি তোমাৰ ওচৰলৈ যাম। কিন্তু খোদা! এয়া আকৌ কি কৰিলা। হায় মিছা-মিছা। আজি এই বুঢ়া কালত কি দেখুৱাইছা খোদা? আল্লাহ-তাল্লা! আজি তোমাৰ দুনীয়াখন চয়তানৰ হাতত এৰি দিলা নেকি? মানুহলৈ মানুহৰ মৰম নাই, দয়া নাই, কোনেও কাকো চিনি নাপায়। মানুহৰ তেজ মানুহে খাইছে, দুনীয়াৰ মানুহ আজি ৰাজ্য লৈ পগলা হৈছে। মানুহ জানোৱাৰ হৈ মাটিৰ লোভত, ৰাজ্যৰ লোভত, দৌলতৰ লোভত চয়তানৰ আঙুলি-মূৰত ঘূৰি চব পাহৰি, ইটোৱে সিটোক কাটিছে, মাৰিছে, বন্দুক, বোমা, বৰতোপ, উৰাজাহাজেৰে আজি মানুহে মানুহক ধ্বংস কৰিবলৈ বলিয়াৰ দৰে লৰিছে। অন্যায়, অধৰম, চয়তান, বদ্‌মাচি, চুৰি, ডকাইটি অত্যাচাৰ চলিছে দুনীয়াত। খালি টকা [ ৭৪ ]
 
টকা। কণা মানুহে একো নেদেখে আজি। হায় খোদা! দুনীয়াখন ই কি কৰিলা? গুণাহ গুণাহ দুনীয়াৰ মানুহ চব গুণাহগাৰ, চব গুণাহগাৰ। সেইহে খোদা তুমি আজি সকলোকে শেষ কৰিব খুজিছা। গুণাহগাৰী দুনীয়া যা, যা, জহন্নামলৈ যা। মৰম ধৰম নাইকিয়া দুনীয়া অন্যায়, অত্যাচাৰ, অবিচাৰ অধৰমেৰে ভৰা দুনীয়া ধ্বংস হৈ যাওক। আচমানৰ পৰা হাজাৰ হাজাৰ তৰাৰ দৰে বোমা আহি সকলো নাশ কৰি দিয়ক। ভূইকঁপ হৈ তলৰ মাটি ওপৰকৰি দুনীয়াৰ চব গুণাহগাৰবোৰক পূতি পেলাওক। খোদা খোদা—খোদা! আজি এনেকুৱা মানুহৰ পতন দেখি ইচ্ছা হৈছে যেন এই পৃথিৱীখনতকৈয়ো এটা ডাঙৰ দৈত্য হৈ এই পাপৰ পৃথিৱীখন হাতৰ মুঠিত লৈ মোহাৰি মোহাৰি ভাঙি গুৰি কৰি চূৰ্ণ কৰি, ধূলি কৰি ফু মাৰি উৰুৱাই দিওঁ, গুণাহগাৰ দুনীয়া খোদাৰ ৰাজ্যৰ পৰা নাইকিয়া হৈ যাওক। দুনীয়াত মানুহেই মানুহ কিন্তু খোদা—মানুহ নাই, মানুহ নাই!
আঁৰ কাপোৰ

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )