লভিতা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
লভিতা
লেখক জ্যোতিপ্ৰসাদ আগৰৱালা
ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক
[  ]

[  ]
লভিতা

জ্যোতিপ্ৰসাদ
  ৰচিত
 পুস্তকাৱলী

 

শোণিত কুঁৱৰী
কাৰেঙৰ লিগিৰী
সুন্দৰ কোঁৱৰ
ৰূপালীম
লভিতা
ৰূপ কোঁৱৰ
জয়মতী
শিল্পীৰ পৃথিবী
নতুন দিনৰ কৃষ্টি
বিলাতৰ পত্ৰ
লোহিতৰ পাৰৰ অগ্নিসুৰ
 ইত্যাদি

চপলা বুক ষ্টল

[  ]
লভিতা
 
শ্ৰীজ্যোতিপ্ৰসাদ আগৰৱালা
 
চপলা বুক ষ্টল

অসমৰ বৃহত্তম পুস্তক প্রতিষ্ঠান

শ্বিলং

[  ]

প্ৰকাশক—
শ্ৰীবিভু ভুষণ চৌধুৰী
অসমীয়া সাহিত্য মন্দিৰ
শ্বিলং - গুৱাহাটী

 

পৰিবেশক—
চপলা বুক ষ্টল
শ্বিলং

 

মুদ্ৰাকৰ—
শ্ৰীপ্ৰকাশচন্দ্ৰ সৰকাৰ
কাত্যায়নী মেচিন প্ৰেছ
৩৯।১, শিবনাৰায়ণ দাস লেন,
কলিকতা- ৬

 

প্ৰথম তাঙৰণ
১৯৪৮ চন

 
মূল্য—দুই টকা মাত্ৰ

[  ]
পাতনি

 লভিতা যদিও নাটকাকাৰে ৰঙ্গমঞ্চৰ কাৰণেই লিখা হৈছে, তথাপিও ই গতানুগতিক নাটকৰ শাৰীত নপৰে। ইয়াত সচৰাচৰ যেনেকৈ নাটকত আখ্যান, প্লট, চৰিত্ৰাঙ্কণ থাকে, ঠিক সেইদৰে সেইবোৰ ইয়াত দিয়া হোৱা নই। আখ্যান আছে যদিও তাক মাত্ৰ নাটকীয় ঘটনাৱলী গাঁথিবলৈ সূত্ৰৰ দৰেহে লোৱা হৈছে। প্লট ইয়াত দেখুৱাব খোজা নাই। নায়ক নায়িকা হিচাপে ইয়াত চৰিত্ৰ নাই। ইয়াৰ নায়ক গোটেই অসমীয়া ৰাইজেই। অসমীয়া সমাজে কেনেকৈ বেলেগ বেলেপ জীৱন-ক্ষেত্ৰত সেই ক্ষেত্ৰৰ মাজেদি ব্যক্তিৰ সাম্ৰাজ্যবাদী সমৰৰ অসমীয়া জীৱনৰ ওপৰত সংঘাতক এহাতেৰে বাধা দি আনহাতে ভাৰতত সাম্ৰাজ্যবাদীৰ প্ৰভূত্ব ৰোধ কৰিবলৈ বিয়াল্লিছৰ বিপ্লৱৰ মাজেদি জাতিৰ সক্ষমতা বা অক্ষমতা দেখুৱাইছে, তাকেইহে এই নাটকত পাব।

 ই এখন নাটকীয় বাস্তৱমূলক কাহিনী। এই বাস্তৱমূলক কাহিনী ৰঙ্গমঞ্চত অভিনয়ৰ যোগেদি দৰ্শকৰ আগত দেখুৱাবৰ কাণে, যিমানখিনি নাটকীয় কাৰিকৰি তাত প্ৰয়োগ কৰিব লাগে, অৱশ্যে তাকেইহে কৰা হৈছে। গতানুগতিক নাটকৰ লক্ষণৰ ফালৰ পৰা যিসকল সমালোচকে এইখন পৰীক্ষা কৰিব, তেওঁলোকলৈ এই সঙ্কেত দিবৰ কাৰণেই এইখিনি কথা লিখা হ'ল।

 এই নাটকত অসমৰ জনসাধাৰণৰ ওপৰত বিয়াল্লিছ চনৰ বিপ্লৱ আৰু অসমৰ ওপৰেদি যোৱা দ্বিতীয় মহাসমৰৰ ঢৌৱে কেনেদৰে প্ৰতিক্ৰিয়া কৰিছিল তাকেই বাস্তৱিক চিত্ৰ আঁকি দেখুৱাব খোজা হৈছে। এই নাটক কোনো ৰাজনৈতিক মতবাদ সমৰ্থন কৰি লিখা হোৱা নাই। যি যি ৰাজনৈতিক দলৰ কাৰ্য্যত যোগ দি অসমীয়াই নিজৰ চৰিত্ৰ প্ৰকাশ [  ] কৰিছে সেই সেই ৰাজনৈতিক দলৰ কাৰ্য্যৰ ঘটনাৱলীৰ ইয়াত সমাৱেশ হৈছে।

 ‘লভিতা’ আদৰ্শমূলক অসমীয়া ছোৱালীৰ চৰিত্ৰ নহয়। অসমীয়া সাধাৰণ গাঁৱলীয়া ছোৱালীৰনো চৰিত্ৰবল কেনে, আগেয়ে নোহোৱা- নোপজা ঘটনাৱলীৰ বানপানীত তাই কিমান দূৰ নিঃসহায়ৰ দৰে উটি গৈছে আৰু কিমানখিনিত সেই অভাৱনীয় অৱস্থাৰ সৈতে কি হিচাপে সৈমান নহৈ যুঁজ দিছে; কিমানখিনি নিজৰ আত্মবলৰ চিনাকী দি অৱস্থাক জিনি তাইৰ ভিতৰত লুকাই থকা অসমীয়া জাতিৰ চৰিত্ৰবলৰ পৰিচয় দিব পাৰিছে, তাকেহে সেই সময়ৰ অসমত ঘটা নানা ঘটনাৱলীৰ মাজেদি ওলোৱা অসমীয়া সাধাৰণ ডেকা-ডেকেৰীৰ চৰিত্ৰবলৰ নিদৰ্শন পয্যবেক্ষণ কৰি নাট্যকাৰে ‘লভিতা'ৰ যোগেদি ৰাইজৰ আগত দাঙি ধৰিছে। তাৰ লগে লগে সেই সময়ৰ অসমৰ জীৱনৰ সকলো ফালৰেই এটা হুবহু চিত্ৰ দিবলৈ চেষ্টা কৰা হৈছে। বিয়াল্লিছৰ বিপ্লৱ আৰু দ্বিতীয় মহাসমৰৰ মাজেদি অসমীয়া জাতীয় চৰিত্ৰৰ বাস্তৱিক ব্যৱহাৰৰ এই নাটক পয্যালোচনাৰ দৰেই বুলি কলেও ভুল নহব।

 এই নাটকত যিবোৰ ঘটনা আৰু চৰিত্ৰ দিয়া হৈছে, সেইবোৰ সকলো বিয়াল্লিছ আৰু দ্বিতীয় মহাসমৰৰ অসমত হোৱা সঁচা ঘটনাৱলীৰ ওপৰত প্ৰতিষ্ঠিত। 'লভিতা'ৰ চৰিত্ৰৰ প্ৰথম ছোৱাৰ বাবে সমল গোটোৱা হৈছে, ১৯৪১ চনৰ শেহত তেজপুৰৰ “শালনি এয়াৰ ফিল্ড”ত হোৱা ঘটনা এটাৰ পৰা। তাত “শালনি এয়াৰ ড্ৰম”ৰ লগালগি অসমীয়া গাঁও এখন তুলি দিয়াৰ সময়ত, মিলিটেৰীৰ সহায়েৰে মানুহবোৰক তুলি দিয়া হৈছিল। তাৰে গাঁৱৰ এঘৰত, ভেটিৰ পৰা আঁতৰি নাযাওঁ বুলি কেবাগৰাকীও তিৰোতাই গুৰ্খা চিপাহীৰ চঙীনৰ আগতে বুকুপাতি থিয় হৈছিল। বন্দুক বৰতোপেৰে ভয়খুৱাই তেওঁলোকক আঁতৰ কৰিব নোৱাৰি শেহত জিলাৰ ডেপুটি কমিছনাৰে তাৰ কংগ্ৰেছৰ কৰ্তৃপক্ষৰ দ্বাৰাই তেওঁলোকক [  ] বুজনি দিয়াইহে আঁতৰাবলৈ সমৰ্থ হৈছিল। গাঁৱলীয়া অসমীয়া ছোৱালীয়ে কেবাঠাইতো নিগ্ৰো আৰু আন মিলিটেৰীৰ হাতত ধৰ্ষিতা হৈ পিছত সমাজত ঠাই নাপাই অলৈ তলৈ গৈ, যুদ্ধৰ কামত ভৰ্ত্তি হোৱাও ঘটনা ঘটিছিল। ঢেকীয়াজুলি, গহপুৰত, বৰহমপুৰত অসমীয়া ছোৱালীয়ে দেশৰ বাবে জীৱন উছৰ্গি যোৱা কাহিনীও সকলোৰে জনাজাত। অসমীয়া ছোৱালী নাৰ্ছ হৈ আৰু যুদ্ধৰ আন কামতো দেশ এৰি বিদেশলৈ যোৱা কথাও সকলোৱে জানে। অসমীয়া লৰা যুদ্ধত যোগ দি অসমীয়াৰ ছাত্ৰশক্তিৰ পৰিচয় দি আৰু ভাৰত উদ্ধাৰ কল্পে নেতাজী বসুৱে গঢ়া আই, এন এত গৈ উচ্চ সামৰিক পদবী পাই, আই, এন, এৰ সৈতে অসমৰ সীমা আক্ৰমণ কৰাও অসমীয়া জীৱনৰ বিষয়ে সঁচা কথাই। ইয়াৰ উপৰি বিপ্লৱৰ বিষয়ে আৰু সেই সময়ৰ অসমত হোৱা যি ঘটনাৰ নাটকত সমাৱেশ কৰা হৈছে, সেই সকলোবোৰেই হোৱা ঘটনাৰ আলম লৈয়েই নাটকত দেখুৱা হৈছে। কেৱল সাহিত্যৰ খাতিৰত ঠায়ে ঠায়ে কলা প্ৰয়োগ আৰু সাহিত্য সুলভ নাটকীয় পৰিণতিৰ বাবেই বিশেষকৈ নাটকৰ সমাপতিত কল্পনাৰ আশ্ৰয লোৱা হৈছে, সেই সেই চৰিত্ৰৰ পূৰ্ব্বৰ কাৰ্য্যৰ সৈতে সামঞ্জস্য ৰাখিয়েই।

 ইয়াত অসমীয়া সাধাৰণ ডেকা-ডেকেৰীৰ চৰিত্ৰত যিখিনি সৰলতা দেখুৱাই, যিখিনিত দুৰ্বলতা আছে তাকো দেখুৱাবলৈ যত্ন কৰা হৈছে। অস- মীয়া সাধাৰণ ডেকাডেকেৰীয়ে পৃথিবীলৈ অহা ন পোহৰৰ বাণী কিমানখিনি লব পাৰিছে আৰু সেই পোহৰত নতুন দিনৰ বাবে নিজকেই গঢ়ি তুলিবলৈ কিমান দূৰ নতুন ভাবেৰে অনুপ্ৰাণিত হব পাৰিছে তাৰো আভাস দিবলৈ ইয়াত যত্ন কৰা হৈছে। যাতে আজি এই অসমীয়া জীৱনৰ সন্ধিক্ষণত অসমীয়াই নিজৰ স্বৰূপ চাবলৈ সুবিধা পাই, নিজৰ নিজৰ চৰিত্ৰৰ সবলতা দুৰ্ব্বলতা জানি ভৱিষ্যতৰ সৈতে যুঁজিবলৈ সক্ষম হব পাৰে।

 ওপৰত উনুকিয়াই অহা নাটকৰ নায়ক-নায়িকা প্ৰসঙ্গত আৰু অলপ [  ] বহলাই কব খোঁজো। সমালোচকে, পাঠকে ইয়াত যদি গতানুগতিক নাটকৰ দৰেই নায়ক নায়িকা বিচাৰে তেন্তে হতাশ হব। Hero Heroine নথকা নাটক বহুতেই নাটককে বুলিবলৈ টান পাব। এইখিনিতে পাঠকে জানিব লাগিব যে নাট্যকাৰে আগৰ দৰে সমাজৰ এজনক hero কৰি অঁকা নাটকৰ গঢ়ত ইযাক লিখা নাই। সমূহ সমাজৰ বেলেগ বেলেগ ব্যক্তি প্ৰত্যেকৰেই ‘বীৰত্ব’ দেখুৱাবহে খুজিছে। যদি ইয়াত নায়ক নায়িকা বা hero heroine বিচাৰে, তেন্তে নিজৰ নিজৰ ক্ষেত্ৰত এই নাটৰ প্ৰত্যেকেই hero heroine। নাট্যকাৰে আশা কৰে ভৱিষ্যততো যাতে নিজৰ নিজৰ ক্ষেত্ৰত প্ৰত্যেকেই hero হব পৰা সমাজেই পৃথিবীত প্ৰতিষ্ঠিত হয়গৈ।

 সেই কাৰণে এই ‘লভিতা' নাটকীয় কাৰিকৰিৰ ফালৰ পৰা কিছু বেলেগ হৈছে। এই কথাটো নাটকৰ সমালোচকসকলে মনত ৰাখে যেন। হয়তো ‘লভিতা'ৰ মাজেদি নাটকীয় কাৰিকৰিৰ গতানুগতিক বান্ধ—অসমীয়া নাটকত ভাগি যাব খুজিছে।

 এই নাটকখন মই লিখিছো বোলাতকৈও মোৰ হতুৱাই লিখাইছে বুলিলেহে সঁচা কথা কোৱা হব। ডিব্ৰুগড়ৰ ড্ৰেমাটিক আৰ্ট প্লেয়াৰ্ছৰ আৰ্টিষ্ট সকলৰ উৎসাহ, বিশেষকৈ শ্ৰীমান অভয় দুৱৰা আৰু শ্ৰীমান তৰুণ দুৱৰাৰ বাবেইহে এই নাটক সৃষ্টি হবলৈ পালে। এই নাটকখন ওলোৱাৰ বাবে যদি কোনোবাই বিশেষ ধন্যবাদ পাব লাগে তেন্তে নিশ্চয় তেওঁলোকেইহে।

 ১৯৪৭ চনৰ পূজাত ডিব্ৰুগড়ৰ ৰঙ্গমঞ্চত তেওঁলোকে এই নাটকখনিৰ অতি সুন্দৰ অভিনয় কৰে।

 তেখেতসকলৰ শলাগ ললোঁ।

⸻⸻
[  ]  সৰ্ব্বশেহত ইয়াকেই কব খোজো যে আজি অসমীয়া ৰাইজ নতুন

নানা অৱস্থাৰ ঘাত-প্ৰতিঘাতৰ মাজত পৰি, নানা সমস্যাৰ চাকনৈয়াত ককবকাই এটা হতাশৰ মাজেদি গৈ নিজকেই এটা ক্ষয়িষ্ণু সংস্কৃতিৰ সমাজ বুলি ভবা যেন কৰিছে— কিন্তু মই এই নাটক অসমীয়া সমাজৰ বিষয়ে সঁচা ঘটনাৱলীৰ ওপৰত প্ৰতিষ্ঠিত কৰি দেখুৱাব খুজিছো যে – অসমীয়া জনসাধাৰণৰ প্ৰতিৰোধ শক্তি, অৱস্থাক জিনি জীয়াই থাকি পৃথিবীত নিজৰ অস্তিত্ব ৰাখিব পৰা যুজা ক্ষমতা নিশ্চয়েই হেৰুৱা নাই।

তামোলবাৰী চাহবাগিছা
পোঃ লাহোৱাল
১৯৪৭
}     ইতি আশীৰ্ব্বাদ ভিখাৰী
শ্ৰীজ্যোতিপ্ৰসাদ আগৰৱালা

[ ১০ ]
চৰিত্ৰাৱলী

তিৰোতা

১। লভিতা ফুলগুৰি গাঁৱৰ খেতিয়ক বাণেশ্বৰ বৰুৱাৰ জীয়েক।
শিক্ষিতা, ধুনীয়া
২।
৩।
৪।
সোণ'
ৰূপ'
হীৰা
} ফুলগুৰি গাঁৱৰ গাভৰু ছোৱালী
৫। মৌজাদাৰণী—লহৰজান মৌজাৰ মৌজাদাৰৰ ভাৰ্য্যা।
কেইজনীমান অসমীয়া নাৰ্ছ। নগা-ছোৱালী, ব্ৰহ্মদেশীয় ছোৱালী।
মুনিহ
১। বাণেশ্বৰ বৰুৱা— লভিতাৰ বাপেক।
২। গোলাপ—ফুলগুৰি গাঁৱৰ এজন শিক্ষিত ডেকা। এ, আৰ, পি,
কেপ্‌টেইন।
৩। পুলিচ চাহাব
৪। পুলিচ ইন্স্‌পেক্টৰ
৫। পুলিচ এ, এচ, আই
৬। এ, আৰ, পি অফিচাৰ—গোলাঘাট অঞ্চলৰ
৭। গাঁওবুঢ়া—লহৰ জান মৌজাৰ
৮। মৌজাদাৰ—লহৰজানৰ
৯। ইলাহী বকছ্—এজন লহৰ-জানৰ মুছলমান বুঢ়া
১o। লেফ্‌টেনেণ্ট বৰুৱা—আজাদ হিন্দ্ ফৌজৰ অসমীয়া
লেফটেনেণ্ট
[ ১১ ]

 ১১। ডক্টৰ হাজৰিকা—জাপানীয়ে ধৰি নিয়া এজন ডাক্তৰ

 ১২। কেপটেইন শৰ্মা—এজন মিলিটেৰী অফিচাৰ

 ১৩। কেপটেইন সেনাপতি—এজন আসাম ৰেজিমেণ্টৰ অফিচাৰ

 ১৪। শিখ কামাণ্ডাৰ—আজাদ হিন্দ্ ফৌজৰ কামাণ্ডাৰ

 নিগ্ৰো সৈন্য। ভাৰতীয় সৈন্য। কংগ্ৰেছ ভলেণ্টিয়াৰ, এ, আৰ, পি,, গাঁৱলীয়া মুনিহ-তিৰোতাবোৰ, পাইলট, নগামানুহ, বৰ্ম্মা-মানুহ, জাপানী সৈন্য, আমোলা, ঠিকাদাৰ, মাৰোৱাৰী ব্যৱসায়ী, পুলিচ, দাৰোগা, এম, পি, ইত্যাদি।

⸺: 0 :⸺

[ ১৩ ]
লভিতা।
প্ৰথম অঙ্ক
প্ৰথম দৰ্শন

ঠাই- লহৰজান মৌজাৰ
ফুলগুৰি গাঁও
সময়-সন্ধিয়াৰ আগভাগ

 গোলাঘাট “লহৰজান এয়াৰড্ৰম”ৰ তেনেই ওচৰৰ বহল পথাৰৰ কাষত ফুলগুৰি গাঁৱৰ বাণেশ্বৰ বৰুৱাৰ ঘৰৰ আগচোতাল। এফালে ভঁড়াল-ঘৰটো দেখা গৈছে আৰু এফালে বহু দূৰলৈকে পথাৰ দেখা গৈছে। দূৰৈত নগা পৰ্ব্বতৰ শাৰী জিলিকি আছে। সময় সন্ধিয়াৰ আগভাগ। লহিওৱা বেলিৰ ৰ'দ এচেৰেঙা আহি চোতালত জিক্‌মিকাই আছে। ঘৰৰ ওপৰেদি থোকাৰ তামোল গছ আৰু আম লেটেকুৰ গছ দেখা গৈছিল। ভঁড়ালৰ কাষত এজোপা নাহৰ গছ আৰু আগত এজোপা তগৰ ফুলি আছিল। বহাগ সোমাইছে মাথোন। দূৰণিৰ পৰা টকা, পেপাৰ মাত আৰু ৰিণিকি ৰিণিকিকৈ বনগীত মাজে মাজে শুনো-নুশুনোকৈ ভাহি আহিছিল। বাণেশ্বৰ বৰুৱাৰ গাভৰু জীয়েক চোতালতে মূঢ়া এটাত বহি এৰী সূতা কাটি আছিল। ওচৰতে এটা কুকুৰ-পোৱালিয়ে হাঁহকেইটামানক খেদাখেদি কৰি কুঁ-কুৱাই ফুৰিছিল। বাণেশ্বৰ বৰুৱাৰ জীয়েকৰ নাম লভিতা। দেখিবলৈ বগা আৰু শুৱনী। তাই মাজে মাজে বনগীত এফাঁকি দুফাঁকি গায় কুকুৰটোলৈ চাই হাঁহে, আকৌ বন-গীত গাই তাই ৰ'লে কেতিয়াবা দূৰৈৰ বনগীত এফাঁকি উটি আহে। তাই ৰ' লাগি ৰৈ শুনে। তাৰ পিছত নিজেই গায়। [ ১৪ ]

 —দূৰণিৰ উটি অহা বনগীত—
 লুইতেদি যাৱ ক'ৰে নাৱৰীয়া
              তই ক'ৰে নাৱৰীয়া ঐ
মানুহে মানুহৰ মৰম নুবুজে
             তেজীমলাহে মই।
লুইতেদি বয় ক'ৰে ৰূপৰ পানী
             কি কথা বুকুতে লই
মনৰে কথা মোৰ মনত মৰহিলে
             তেজীমলাহে মই।

—লভিতাৰ বন-গীত—

মোৰ বাৰীত ফুলিলে  ইন্দ্ৰজিত মালতী
            তোৰ বাৰীত পৰিলে ছাঁ,
তোৰে মনৰ কথা  উটুৱাই আনিলে
            সন্ধিয়াৰ বাউলী বা।
বাউলী বাৰে আউলী চুলি
            কাৰ কথা কৈয়ে
            মাত কু-উ বুলি?
            ৰূপহ কলীয়া কুলি?

 এনেতে দূৰৈত খিল্‌ খিল্‌কৈ ছোৱালীৰ হাঁহি শুনা যায়। লভিতা তভক্‌ মাৰি ৰয়। আকৌ খিল্‌ খিল্‌কৈ হাঁহি সোণ, ৰূপ, হীৰা, [ ১৫ ] তিনিজনী ধুনীয়া গাভৰু কাষত পিতলৰ কলহ লৈ সোমাই আহি লভিতাৰ আগত খিকখিকাই হাঁহিবলৈ ধৰে।

লভিতা। ঔ আই! আজি দেখোন ৰচকী বাইহঁতৰ হাঁহিৰ ভমক্‌ চৰিল!

(ছোৱালীহঁতে আকৌ খিল্‌খিল্‌কৈ হাঁহে।)

সোণ। চৰিবতো লভিতা বাইটী। তোমাৰ বনগীতৰ সুৰে আমাক জোকাই ভাকুত-কুতাই দিছেগৈ, সেইহে...

(আকৌ গাভৰুকেইজনীয়ে খিল্ খিল্‌কৈ হাঁহে।)

লভিতা। তহঁতৰ ক'ত কুত-কুতালেগৈ অ'? কাষলতিত নেকি?

সোণ। কাষলতিত নহয় বাইটী! কাণৰ লতিতহে।

  (খিকখিককৈ হাঁহে)

লভিতা। কি অ' এই কিজনী কথাই কথাই খিক্‌খিকাই থাকে!

ৰূপ। তুমি আকৌ গোলাপ ককাইটিৰ চিতনি-ভাৱনিত গহীন হৈছা! আমিনো কাৰ চিতনি-ভাৱনিখন কৰিছো যে নাহাঁহি মুখখন এহাত দীঘলকৈ ওলোমাই থম?

(আটাইকেইজনীয়ে আকৌ হাঁহে)

লভিতা। তহঁতৰ সৈতেনো কোনোবাই কথা কাটিব পাৰেনে? তহঁতৰ জিভা নহয়, ডাঢ়ি খুৰুৱা খুৰহে। [ ১৬ ] সোণ (দুষ্টালিৰে)। কাৰ ডাঢ়ি খুৰুৱা খুৰ বাইটী?

  .. এ এ গোলাপ ককাইদেউৰ?

 (লভিতাই চকু ঘোপা কৰি সিহঁতৰ ফালে খেদা মাৰি যায। আটাইকেইজনীয়ে খিক্ খিক্‌কৈ হাঁহি অলপ আঁতৰলৈ যায়।)

হীৰা। (অলপ আঁতৰৰ পৰা এটা ধেমেলীয়া গীত গায়।)

-গীত-
বাইদেউ বাইদেউ
 ৰজাৰ জী আইদেউ!
দোলাখন আনি দে যাওঁ,
বাইদেউৰ দৰাটো ফেৰেকাঠেঙীয়া
ধিনিকি ধিন্দাও দাও।
(হাঁহে।)

(লভিতাই হাঁহি বহেহি।)
সোণ। (দুষ্টালিৰ হাঁহিৰে আন কেইজনীক চকু পিৰিকায়)

 পি.. .পি-পিছে বাইদেউ। আজি আমি আহোঁতে বাটত মিলিটেৰী পোছাক পিন্ধি গোলাপ ককাইদেউক অহা দেখিছিলো নহয়। লভিতা। দেখিছিলি! (গহীন হৈ) দেখিছিলি যদি দেখিছিলি। পিছে মই কি কৰিব লাগে?

সোণ। পিছে হাতত কিবা বোলেনে...কিবা ৰঙা তেল এবটল দেখিছিলো। আমাৰ বাইদেউলৈকে আনিছে হবলা? [ ১৭ ] লভিতা ( ভেকাহি মাৰি )। যা যা, চুপতি নকৰিবি। তোলৈহে আনিছে।

(কেউজনী গাভৰুৱে খিল্ খিল্‌কৈ হাঁহে।)

সোণ। আমালৈ কেলৈ আনিব বাইটী! যালৈ মনত পৰি পৰি তেওঁৰ আমঠু ক’লা পৰিছে তেওঁলৈহে আনিব। বোলে --

বাইটী বাইটী চেনেহৰ আইটি
 বগৰি পাৰি দে খাওঁ,
আমাৰ আইটীৰে চুলি ফপৰীয়া
 গোন্ধ তেল ঘহি মেলাওঁ।

এটাই কেউজনীযে শিক্‌ খিকায়। লভিতাই চকুৰে খং দেখুৱাই ওঁঠৰে দাত কামুৰি মিচিকি হাঁহিৰে সিহতক খেদা মাৰে। কুকুৰ পোৱালীটোৱে আকৌ ভুক্ ভুক্ কৰে।

এনেতে হো হোৱাই ওপৰেদি এখন উৰাজাহাজ উৰি যায় আৰু সকলোৱে ওপৰলৈ চাই থৰ হৈ ৰয়। লাহে লাহে উৰা-জাহাজৰ শব্দ নাইকিয়া হয়।

হীৰা ( মুখত আতঙ্কৰ ভাব লৈ)। আজি দুদিনমানৰ পৰা দেখান উৰাজাহাজবোৰ বৰকৈ উৰিছে। কিবা এটা হব।

ৰূপ। ইহ আজি পিতাইৰ আগত গেৰেলা গাঁওবুঢ়াই কৈছিল বোলে জাপানীহতে হেনো মণিপুৰখন ঘেৰাও কৰি আছে আৰু বোলে কহিমাখনতো সোমালহি। [ ১৮ ] সোণ। ভাল কথা কৈছ। সিদিনা বোলে দুটা জাপানী বোকাখাটত ওলাইছিলহিয়েই।

লভিতা। এৰা অ’! কিনো হয়গৈ কব নোৱাৰি—আমাৰনো কি হব চাগৈ!

হীৰা। যি হব লাগে হব। সেই মান-দেশৰ পৰা অহা ভগনীয়াবোৰৰ দৰে আমিও কোনোবা ধুবুৰীত লেলাই-ধেন্দাই মৰিবগৈ লাগিব।

ৰূপ। মৰিলেতো ভালেই। সেই কলা কলা নিগ্ৰোবোৰ দেখিলেহে ভয় লাগে। এ−−−এ বাইটী। সিদিনা পাঁচোটা নিগ্ৰোৱে আমাৰ গাঁওবুঢ়াৰ জীয়েকক পহু খেদ দিলে নহয়। ভাইগে পুলিচৰ দাৰোগা এজন চাইকেল মাৰি আহিছিল—নহলে ইস্ ইস্ বাইটী! সেইবোৰ ভাবিলে কলিজা-ডোখৰে কাঁও-বাঁও কৰি আহে বাইটী...।

লভিতা (মুখ গহীন আৰু খং প্ৰকাশ কৰি)। বুজিছনে এইবোৰ উৎপাত দেখি কেঁচাইখাতী গোসানী হৈ সিহতৰ হাড়-মূৰ চোবাই পেলাবৰ মন যায়। কি সোণাময় দেশখনত কি ভূত-দানহৰোৰ ওলালহি অ'।

এনেতে দূৰৈৰ পৰা বহু মানুহৰ কণ্ঠেৰে গীত আহে। আটাই কেউজনীয়ে সেইফালে চাবলৈ ধৰে। দূৰৈৰ পৰা কংগ্ৰেছ ভলণ্টিয়াৰৰ দল এটাই গীত গাই গাই সেই ফালে আহি থাকে। [ ১৯ ]

−গীত−
সাজু হ, সাজু হ, নৱ যোৱান!
সাজু হ, সাজু হ, নৰ যোৱান!
তই কৰিব লাগিব অগ্নিস্নান।
জীৱন যৌৱন
কৰি প্ৰাণপণ
 ৰাঙলী কৰি দে ৰণাঙ্গণ
জয়-শঙ্খ বজা
পৃথিৱী-কঁপাই
 অত্যাচাৰকো কৰি বৰণ
স্বাধীনতা ধন।  
নতু মৰণ।   
 লোহাৰে শিলেৰে
  বান্ধি ল মন।
বজ্ৰকণ্ঠে বিশ্বক শুনা।
সত্যৰ জয়গান
বুকৰ তেজেৰে বুই দে আজি
ভাৰতৰ অপমান
সাজু হ , সাজু হ, নৱ যোৱান।

(লাহে লাহে গীত গোৱা সমদলৰ মাত তেনেই ওচৰ চাপি আহে। পুনৰ দূৰৈলৈ যায়গৈ।) [ ২০ ] সোণ। বাইটী! কিনু দেশখনত হব খুজিছে কবই পৰা নাই। ইফালে জাপানী, সিফালে এমেৰিকানৰ গচকত প্ৰজা জোল উঠিছে। তাতে আকৌ আমাৰ কংগ্ৰেছৰ ৰাইজখন উত্ৰাৱল হৈ পৰিছে।

ৰূপ। এই ভলণ্টিয়াৰৰ গীতবোৰ শুনিলে বাইটী! গাটো ৰণজিৎ ৰণজিৎ কৰে। পিছে সিহতৰ লগত যাবলৈ গাঁওবুঢ়াই হাক দিয়ে। লভিতা বাইটী! সিহঁতখনকনো লাগে কি?

লভিতা। তাকেই ইমান দিনে তহঁতে বুজা নাইনে? আমাৰ দেশখন ইংৰাজ ৰজাই খাইছে জাননে?

ৰূপ। অ' কেলেই নাজানিম?

লভিতা! আমাৰ দেশখন আমাৰ হাতত দিব লাগে। আমাৰ মাটি-বাৰীৰ আমিহে গৰাকী।

ৰূপ। পিছে সিহঁতনো যাব কিয়?

লভিতা। নাযায় দেখিহে গান্ধীয়ে সিহঁতৰ সৈতে যুজখন তৰি লৈছে।

ৰূপ। পিছে বাইটী! আমাৰ মানুহৰ হিলৈ নাই, বন্দুক নাই, উৰা-জাহাজ নাই। সিহঁতৰ সৈতেনো কেনেকৈ যুজ দিব?

 লভিতা।—বহুত পৰ তলক। মাৰি ৰৈ থাকে একো নকয়।)

ৰূপ। সেইবোৰ দেখোন আমাৰ স্বৰাজ্য বিচৰা মানুহবোৰ চৰকাৰে ফাটেক দিছে, লাঠীৰে টঙনিয়াই আৰু বন্দুকেৰে গুলীয়াই মাৰিছে। ক’তা আমাৰ মানুহেনো কিটো কৰিব [ ২১ ] পাৰিছে? ঢাল, তৰোৱাল নাই—ইফালে উত্ৰাৱল হৈ ফুৰিলে জানো সিহতে দেশ এৰিব?

লভিতা। গান্ধী মহাত্মাই কৈছে বোলে এইদৰে আমি স্বৰাজ লাগে বুলি সিহঁতৰ অত্যাচাৰ মূৰ পাতি লৈও স্বৰাজৰ কাৰণে সিহঁতৰ সৈতে ফেৰ পাতি সিহতৰ আইন নামানি সিহতৰ সৈতে জুই-পানী নুছুই থাকোতে থাকোতে পিছত গৈ, সিহঁতে তেতিয়াও বইচ্‌ মনাব নোৱাৰিলে আমাৰ কথা শুনিবগৈ।

ৰূপ। জানো বাইটী! সিহঁতৰ অত্যাচাৰ দেখিলে কেতিয়াবা যে সিহঁতৰ মন কুমলিবগৈ, তেনে মনে নধৰে। জানো বাইটী—

 এনেতে বাহিৰত এজন ভলণ্টিয়াৰে ‘বন্দে মাতৰম' ধ্বনি কৰে আৰু অলপ পিছতে এজন ডেকা, মূৰত গান্ধী টুপী আৰু গাত খদ্দৰৰ চোলা চুৰীয়া পিন্ধি সোমাই আহে।

ভলণ্টিয়াৰ। ঘৰত কোনোবা মুনিহ মানুহ আছেনে?

লভিতা। (নম্ৰভাৱে)। নাই - ঘৰত কোনো নাই। মইহে আছো।

ভলণ্টিয়াৰ। অ’ বাৰু—বাক তোমালোককে দুষাৰমান কৈ যাওঁ। পিছে দেশৰ কথা-বতৰাৰ কিবা বুজ-বতৰা ৰাখিছানে?

লভিতা। দেখিছোতো এইবোৰ হুৱাদুৱা। পিছে কি হবগৈ জানো?

ভলণ্টিয়াৰ। কি হব তাক এতিয়াও কব নোৱাৰি। জাৰ্মানীয়ে [ ২২ ] এফালৰ পৰা গিলি নিছে। ফৰাছী দেশ ললে। য়ুৰোপৰো বহুত দেশ ললে। আমাৰ ইংৰাজবোৰকো তৰা-নৰা দেখুৱাইছে। এতিয়া এফালে ইংৰাজ, আমেৰিকা আৰু তাৰ লগতে ৰুছদেশ হৈছে—আনপক্ষে জাৰ্ম্মানী, ইটালী আৰু জাপানীহত। এইবোৰ কথা তোমালোকে জানা নহয়?

লভিতা। অঁ আমি অলপ-অচৰপ জানো।

ভলান্টিয়াৰ। অঁ এতিয়া এই দুই মহৰ যুঁজত আমি আমাৰ দেশ ৰাখিব লাগিব। ভয় খালে নচলিব। সাহ কৈ নিজৰ স্বাধীনতাৰ বাবে ওলাব লাগিব। তোমালোকে ভয় খাইছা নেকি?

(লভিতা মনে মনে থাকে।)

ৰূপ। (অলপ আগবাঢ়ি আহি) আপুনি ভয় খাইছে নেকি?

ভলণ্টিয়াৰ। (অলপ অপ্ৰতিভ হৈ) মই! মই নাই খোৱা। কিয় খাম?

ৰূপ। আমিনো কিয় খাম?

ভলণ্টিয়াৰ। কিয় এইবোৰ মিলিটেৰী নিগ্ৰো-চিপাহী সৈন্য- সামন্ত চলিব লাগিছে।

ৰূপ। চলিছে চলিছে। আমাৰ ভয় খোৱাৰ কিটোনো হৈছে?

ভলণ্টিয়াৰ। তোমালোকৰ দেখোন বৰ সাহ।

ৰূপ। তাৰ মানে আপনি ভয় খাইছে...? সেইহে আমাকে ভয় খাইছে বুলি ভাবিছে। [ ২৩ ] ভলণ্টিয়াৰ। বহুত গাঁৱৰ মানুহে ভয় খোৱা দেখিছোঁ দেখিহে।

ৰূপ। গাঁৱৰ মানুহে কিটো ভয় কৰিব? সেইবোৰ আপোনাৰ নগৰৰ মানুহহে ভয়ত পেপুৱা খাই গাঁৱে গাঁৱে সোমাইছেহি।

ভলণ্টিয়াৰ। হাঃ হাঃ হাঃ হওঁতে হয়, হয় হওঁতে। পিছে বাৰু সেইবোৰ কথা যাওক। এতিয়া মই দেশৰ কথা দুষাৰমান কব খোজো।

ৰূপ। বাৰু কওক। পিছে কোৱাৰ পিছত গীত এটা গাব লাগিব হলে।

লভিতা। ৰূপ! কি চুপতি কৰ অ'?

ভলণ্টিয়াৰ। বাৰু বাৰু গোৱা যাব। একো কথা নাই। পিছে এতিয়া দেশৰ অৱস্থা দেখিছ নহয়। আজি আমাৰ ভাৰতৰ শিৰৰ মণি মহাত্মা গান্ধীক ইংৰাজ গৱৰ্ণমেণ্টে বন্দী কৰি থৈছে। আমাৰ নেতাসকল আজি জেলত পচিছে। আজি মহাত্মাৰ ‘ভাৰত-ত্যাগ’ মন্ত্ৰই ভাৰতক এক নতুন জাগৰণেৰে জগাই দিছে। আজি দেশৰ জনসাধাৰণ সাৰ পাই উঠি নিজৰ দেশক ইংৰাজৰ হাতৰ পৰা মুক্তি কৰিবলৈ নিজৰ জীৱন দিবলৈ ওলাইছে। কনকলতা কুশল কোঁৱৰ তিলক ডেকা—এই কতই অজি বুকৰ তেজ দি স্বাধীনতাৰ হকে বলি গৈছে। এইবোৰৰ কথা নিশ্চয় জানা। দেশত যে স্বাধীনতা আন্দোলন-বিপ্লৱ এইবোৰ হব লাগিছে, এইবোৰৰ বিষয়ে তোমালোকে কি কৰিছাঁ? [ ২৪ ] ৰূপ। আমি আৰু কিটোনো কৰিম?

লভি ( বাধা দি )। ৰ’ চোন অ' ৰূপ! আমি আৰু একোটো কৰিব পৰা নাই। সিদিনা কমিটীত সূতা কাটিবলৈ কৈছে, এৰী কাটিবলৈ কৈছে –তাকে কৰিছো।

ভলণ্টিয়াৰ। তাতে তোমালোকৰ কৰ্তব্য শেষ হ'লনে? আমি বিপ্লৱ কৰিব লাগিব। যুজ কৰিব লাগিব।

ৰূপ। কিহেৰে যুজখন কৰিম? (পিতলৰ কলহটো দেখুৱাই) এই কলহটোৰ কাণেৰে মাৰিলে জানো (মিচিক্‌কৈ হাঁহি দিয়ে। আনকেইজনীয়েও হাঁহে।

লভিতা। (খং কৈ)। তহঁতে মাথোন যেই সেই কথাতে হাঁহিবহে জান। নুশুন কিয়?

ভলণ্টিয়াৰ। নহয় নহয় তেওঁ সঁচা কথাই কৈছে। এৰাতো, কিহেৰে যুঁজিম? নাই বন্দুক, নাই বৰতোপ, নাই উৰাজাহাজ, সেই কাৰণেই আমাৰ একো নাই দেখিয়েই, আমি নিৰস্ত্ৰ দেখিয়েই, জানো আমাৰ দেশৰ স্বাধীনতাৰ বাবে একো নকৰি হাত সাৱটি বহি থাকিব লাগিব? আজি ইংৰাজে আমাক শাসন কৰিছে। কাৰণ সিহঁতৰ শাসন আমি মানি লৈছো দেখিহে। সিহতক আমি আমোলা মহৰি দি, বিষয়া হৈ, সিহতৰ আইন-কানুনমতে চলি, সিহতক কৰ-কাটলৰে যোগান দি সিহতক মানি লৈছো দেখিয়েই সিহঁতে আশাক শাসন কৰিছে। যেতিয়াৰ পৰা আমি সিহতক সেই সকলোৰে পৰা বঞ্চিত কৰিম, [ ২৫ ] সেই দিনাৰে পৰা সিহতে আমাৰ ওপৰত এই শাসন চলাব নোৱাৰে। অৱশ্যে তাৰ বাবে সিহঁতে আমাক বলেৰে ছলেৰে, কৌশলেৰে ভয় দেখুৱাই নানা অত্যাচাৰ কৰি বইচ মনাবলৈ সকলো চেষ্টা কৰিব—কিন্তু আমি যদি সকলো সহ্য কৰি, ত্যাগ কৰি-কষ্ট-অত্যাচাৰ বুকু পাতি লৈ সেই অগ্নি-পৰীক্ষা পাৰ হব পাৰো—তেন্তে এই শাসকসকলে আনাৰ স্বাধীনতাৰ অধিকাৰ নামানি কলৈ যাব? সেই কাৰণেই কৈছো নিৰস্ত্ৰ হলেও আমাৰ হাতত অমোঘ অস্ত্ৰ আছে। সেই অস্ত্ৰ প্ৰয়োগ কৰি তাৰ বাবে যি ত্যাগ আৱশ্যক অকাতৰে তাক কৰিব পাৰিলে আমাৰ বিজয় অনিবাৰ্য।

(আটাইবোৰে তভক্ মাৰি শুনি থাকে।)

ইয়াকে কৰিবলৈ হলে—দেশ জাগিব লাগিব। দেশৰ মুনিহ, তিৰোতা, ডেকা, গাভৰু, আদহীয়া, বুঢ়া, ধনী, দুখীয়া সকলোৱেই আগবাঢ়িব লাগিব। সকলো ওলাব লাগিব। আজি এই পৃথিৱীজোৰা মহাসমৰত পূবৰ পশ্চিমৰ সকলো দেশে, মহাদেশে জুই জ্বলিব লাগিছে। যাৰ স্বাধীনতা হেৰুৱাইছে সি স্বাধীনতাৰ কাৰণে মূৰ দাঙি উঠিছে। সেই কাৰণে আজি আমিও ওলাইছো—দেশক জগাবলৈ, দেশক উদ্বুদ্ধ কৰিবলৈ। সকলো ওলাব লাগে। দেশক ৰণ সাজে সজ্জিত কৰিবলৈ আমি ককালত টঙালি বান্ধিব লাগিব। [ ২৬ ] যুঁজিব লাগিব, মৰিব লাগিব, জিনিব লাগিব। দেশৰ ডেকা-ডেকেৰীৰ দল, দেশৰ নৱ যোৱানৰ দল সাজু, হব লাগিব। (গীত গায় তই কৰিব লাগিব অগ্নিস্নান)

 ভলণ্টিয়াৰ জনে গোটেই গীতটো গাই শেষ কৰাৰ পিছত দূৰৈত বৰ গণ্ডগোল শুনা যায়। ‘বন্দে মাতৰম’ ‘জয় ভাৰত কি জয়’, জনতাৰ মাজৰ পৰা ধ্বনি আহিবলৈ ধৰে। গোলামালৰ মাজতে দুবাৰমান বন্দুকৰ শব্দ শুনা গ'ল। ভলণ্টিয়াৰে গীত বন্ধ কৰি চক খাই উঠে— আৰু আটাইবোৰে থৰ লাগি আচৰিত হয়। ভলণ্টিয়াৰ জনে “সমদলৰ ওপৰত গুলী" বুলি তৎক্ষণাত নাইকিয়া হয় ,আকৌ বন্দুকৰ আৱাজ হয়। কোলাহল, মানুহৰ গণ্ডগোল তেনেই ওচৰ চাপি আহে। লভিতাহঁতে উত্তেজিত হৈ বাহিৰৰ ফালে চাবলৈ ধৰে। লভিতাহঁতে চোৱাৰ ফালে কিছুমান ভলণ্টিয়াৰ আৰু লৰা-ছোৱালী বেগেৰে ষ্টেজৰ ইফালে সিফালে যায়। সিহতৰ কোনো কোনোৰ গাত তেজৰ দাগ দেখা গৈছিল। বাহিৰত গণ্ডগোল চলি আছে। কাণ্ড-কাৰখানা দেখি লভিতা আৰু লগৰ ছোৱালী কেজনী নিজৰ ঘৰৰ দুৱাৰমুখত থুপ খালেগৈ।

 এনেতে এজুম ছোৱালীৰ মাজত এজনীৰ হাতত তিনি বৰণীয়া নিচান লৈ থকা সৰু ছোৱালীৰ সৈতে এজন দাৰোগা আৰু পুলিচে নিচান লৈ কঢ়া-আজোৰা কৰি সোমাই আহে। পুলিচৰ দাৰোগাই উগ্ৰমূৰ্ত্তি ধৰি কয়।

দাৰোগা। স্বৰাজ লাগে, স্বৰাজ লাগে। ফ্লেগ্‌‌ জোকাৰি জোকাৰি স্বৰাজ খাবলৈ আহিছ? গাঁৱত ধান বানোতে বানোতে জীৱন গল। এতিয়া গৱৰ্ণমেণ্ট চলাবলৈ আহিছ? তহঁতৰ জীৱ উলিয়াম। [ ২৭ ] হাতত নিচান লোৱা ছোৱালী। (বৰ উত্তেজিত হৈ)। চলাম চলাম। এশবাৰ চলাম। হাজাৰবাৰ চলাম গৱৰ্ণমেণ্ট। আমাৰ দেশ—আমাৰ মাটি আমাৰ নৈ—আমাৰ পৰ্ব্বত— আমাৰ আকাশ—সকলো আমাৰ। গাঁৱত ধান বানি আছিলো, বোকা খচকি ভূঁই ৰুই আছিলো, গৰু ৰখি আছিলো— এতিয়া গৱৰ্ণমেণ্ট চলাম – চলামেই চলাম। কিয় কিয় নচলাম। তহত পুলিচ দাৰোগা, হাকিম, বৰচাহাব, লাটচাহাব সকলোৱেই গাঁৱলীয়া ৰাইজৰ হুকুমমতে চলিব লাগিব। ইমান দিন বগা চাহাবৰ সৈতে লগ লাগি, আমাক গচকি গচকি খালি। এতিয়া নেৰিছো। বুজিছ— নেচোন চাওঁ— হাতৰ পৰা নিচান?

(এনেতে হঠাং দূৰৈৰপৰা কোনোবা ভলণ্টিয়াৰে গাই উঠে।)


গীত

অ’ আমাৰ গাঁও
অ' আমাৰ গাঁও
আমাৰ গাঁৱৰ মান ৰাখি
  মৰিবলৈ যাঁও
অ' আমাৰ গাঁও।

(হঠাৎ গীত নিমাত হয়।)

[ ২৮ ] দাৰোগা। পেন্দুকণা ছোৱালী! তোৰ কলিজা দেখোন বৰ

ডাঠ—বেটী—

 এই বুলি নিচানৰ পৰা হাত এৰি অলপ আঁতৰি চিপাহী কেইটাক কয় “মাৰ কুকুৰনীহঁতক মাৰ”। গৰোগাই নিজৰ ককালৰ ৰুল মাৰি উলিয়াই মাৰিবলৈ ধৰে। লগত থকা চিপাহী কেইটাই ৰৈ থাকে। হাতত নিচান লৈ থকা ছোৱালীজনী মাৰ খাই পৰি যায়। লভিতাই সকলো দেখি খঙত বাঘিনী জনী হৈ লৰ মাৰি আহি থাপ মাৰি নিচানখন লৈ বিজুলী সঞ্চাৰে দৰোগক ডিঙিত ধৰি গতা মাৰি পেলাই দিবে। মাৰ খাই পৰা ছোৱালীজনীক সোণ, হীৰাহঁতে ভিতৰলৈ নিয়ে। তাকে দেখি পুলিচ কেইটাই পাছ হুঁহকি যায়। খং আৰু বেজাৰত লভিতাই কবলৈ ধৰে।


লভিতা। ছিঃ ছিঃ ছিঃ! ইমান তললৈ গলি—ইমান নীচ হলি। তহতে পুলিচ হৈছ— তিৰোতাক ৰক্ষা কৰিবলৈ, দুৰ্ব্বলীক বল দিবলৈ মানুহক অত্যাচাৰীৰ পৰা এৰুৱাই আশ্ৰয় দিবলৈ। কিন্তু কৰিছ কি? কৰিছ কি...?

 অকণমান ছোৱালীজনীক তিনটা চাৰিটাই বৰমতা হৈ মাৰিবলৈ লাজ লগা নাই? তহতৰ পুৰুষালি এনেকুৱাই নেকি? ইমান নীচ—ইমান হীন—হাতত ক্ষমতা পাই বলিয়া হলি পগলা হলি? [ ২৯ ]  দাৰোগাই অলপ পৰ কি কৰো কি নকৰো কৰি থাকি দাঁত-মূৰ কৰচি ককালৰ পৰা পিস্তল উলিয়াই লভিতাৰ বুকুৰ আগত ধৰি চিঞৰি কয়— “চুপ থাক, চুপ থাক, নহলে পিস্তলৰ গুলীৰে কলিজা উৰুৱাই দিম।

লভিতা। (দাঁত কামুৰি) চুপ নাথাকো, নাথাকো, নাথাকো। জানি গোলামৰ গোলাম! আজিকালিৰ ছোৱালীয়ে পিষ্টল, বন্দুক, বৰতোপ, বোমা একোলকে ভয় নকৰে। পিষ্টল দেখুৱাই আজিৰ ছোৱালীক ভয় দেখুৱাবলৈ আহিছ?

 এই বুলি দাৰোগাৰ হাতৰ পৰা পিষ্টলটো থাপ মাৰি লৈ অলপ পাছ হুঁহকি দৰোগাৰ বুকুৰ ওপৰত ধৰে।
মই গান্ধীৰ বহীত নাম লিখোৱা নাই জানিবি বাপেৰে—

 এনেতে বাহিৰত মটৰ শব্দ হয়, ইলেকট্ৰিক হৰ্ণ বাজে আৰু লগে লগে আৰ্ম্মী পুলিচ কেইটামান লগত লৈ পুলিচ চাহাব সোমাই আহে আৰু কাণ্ড দেখি আচৰিত হয়।

পুলিচ চাহাব। কি হৈছে?

লভিতা। (পিষ্টলটো পুলিচ চাহাবৰ হাতত দিয়ে। পুলিচ চাহাবে একো নকই আচৰিত হওঁ। হাত পাতি পিষ্টলটো লয় আৰু লভিতাৰ ফালে চাই থাকে।
 আপোনালোকে এই মানুহবোৰৰ হাতত পিষ্টলবোৰ [ ৩০ ] ।।লভিতা।।

(প্রথম অঙ্ক-১ম দর্শন)

দিয়ে কিয়? ইহঁতে নিৰস্ত্ৰ ছোৱালীবোৰকহে গুলীয়াব খোঁজে....।

পুঃ চাহাবঃ ঘটনা কি?

লভিতাঃ ঘটনা আৰু কি হ’ব? ই পিষ্টলটো উলিয়াই মোক গুলীয়াব খুজিছিল। সেইকাৰণে মই পিষ্টলটো তেওঁৰ হাতৰ পৰা কাঢ়ি ওভোতাই তেওঁকেই গুলীয়াব খুজিছিলোঁ!

পুঃ চাহাবঃ তোমালোক কংগ্ৰেছ আৰু গান্ধীৰ মানুহবোৰ অহিংস, তেন্তে কেলেই তুমি মানুহ মাৰিব খুজিছিলা?

লভিতাঃ চাহাব, মই কংগ্ৰেছৰ মানুহ নহওঁ, গান্ধীৰ মানুহো নহওঁ, একো নহওঁ। মই গাঁৱলীয়া ছোৱালী।

পুঃ চাহাবঃ তেন্তে তোমাৰ হাতত কংগ্ৰেছৰ ফ্লেগ কিয়? তেন্তে কিয় তুমি পুলিচৰ লগত কাঁজিয়া কৰিছা?

লভিতাঃ চাহাব, মই ঘৰৰ ছোৱালী ঘৰত আছিলোঁ। এই দাৰোগা আৰু পুলিচ কেইটাই এই ছোৱালীবোৰ মোৰ চোতাললৈ খেদি আনি সৌ অকণমান ছোৱালীজনীক মাৰি মাৰি আধাধুনা কৰিলে। তেতিয়া মই সহিব নোৱাৰি বাধা দিছোঁ আৰু পৰি যোৱা ছোৱালীজনীৰ হাতৰ পৰা নিচানখন লৈছোঁ। তেতিয়া মোক দাৰোগাই পিষ্টল উলিয়াই গুলী কৰিব খুজিছিল, তেতিয়া মই থাপ মাৰি পিষ্টলটো লৈ তাৰ বুকুৰ আগত ধৰিছিলোঁ। পিছে চাহাব! সি নমৰিলহেঁতেন, কাৰণ পিষ্টলটো ক’ত টিপা মাৰি ফুটাব লাগে, চাহাব, সেইটো মই নাজানোঁ। ১৮ [ ৩১ ] প্রথম অঙ্ক-১ম দর্শন ] লভিত - - - - - - পুলিচ চাহাবে ঢেক্‌ ঢেক্‌কৈ হাঁহিবলৈ ধৰে। এনেতে দূৰৈত চাইবেন বাজে, আটাইবোৰৰ মাজত ভুৱাদুৱা লাগে । পু; চাহাব। ঘৰমে ধুকও, বৰম ধূকও, চেষ্টাৰমে ধুক ও । চাইবেন বাজিযেই থাকে। এনেতে পুলিচ চাহাবে লভিতা আৰু আন ছোৱালীবোৰক হেচুকি ঘৰটোৰ ফালে পঠিয়াই দিয়ে । আটাইবােৰ ছােৱালীযে লভিতাৰ সৈতে ঘৰৰ ভিতৰত সােমায় । পুলিচ চাহাবে “চেলটাৰ মে চলও বৃলি ষ্টেজৰ পৰা ওলাই যায় । লগতে চিপাহী আৰু দাৰােগও যায। বাহিৰত মটৰ চলােৱা শব্দ হয়, আৰু তাৰ লগে লগে বহুত উৰাজাহাজ উৰি অহাৰ শব্দ হয়। তেতিয়া ষ্টেজ শুদা হয়। লাহে লাহে উৰাজাহাজৰ শব্দ কাণ তাল মৰা হৈ পৰে । বােমা পৰাৰ বিস্ফোৰণ শুনা যায়। এনেতে লভিতাৰ বাপেক বাণেশ্বৰ বৰুৱাই কান্ধত ভাৰ এখন লৈ, বেগাবেগিকৈ সােমায়হি আৰু “আই ৪ লভিতা” বুলি মাতে। ওপৰত মেচিন-গান চলিয়েই থাকে। এনেতে এটা বােমা জাপানী উৰাজাহাজৰ পৰা আহি চোতালত পৰে। আৰু ভীষণ বিস্ফোৰণ হব। বাণেশ্বৰ বৰুৱা টাচ, কৰে মাটিত বাগৰি পৰে। লভিতাহতৰ ঘৰ-চাল উৰি যায় আৰু গােটেইখন ধেৱময় হয। ঘৰবোৰত জুই জলে। ঘৰৰ ভিতৰৰ পৰা কান্দোন শুনা যায় । এনেতে তেজেৰে ৰাঙলী হৈ লভিতা আধা। পাগলীৰ দৰে ওলাই আহে। আগত বাপেক পৰি থকা দেখি “পিতাই ঐ” বুলি বাপেকক সাৱটি ধৰে। অটাই কেইজনীয়ে কান্দিবলৈ ধৰে। এনেতে বাহিৰত দীঘলীয় হুইছেলৰ শব্দ [ ৩২ ] লভিতা [ প্রথম অঙ্ক-১ম দর্শন। শুনা যায়। গে লগে এ, আৰ, পি, কেইজনমান লগত লৈ গােলাপ এ, আৰ, পি, কেপেইনৰ পােছাকত উধাতু খাই সােমাই আহে আৰু “লভিতা লতি:" কৈ চিঞৰি লভিতাৰ বাপেকৰ ওচৰত আঠু কাঢ়ে। লাভাই গােলাপক দেখি “মােৰ পিতাইৰ কি হল” বুলি চিঞৰ মাৰে। ভিত| বাউলী হ'ল। এনেতে বাহিৰত ভীষণ “এন্টি এযৰ ক্রেফট," শব্দ হয়। জুই জাল উঠে। লভিতাক নিবলৈ গােলাপে বৰ চেষ্টা কৰে। লভিতাই বাউলী হৈ কান্দি কয় লভিতা। গােলাপ ককাইদেউ ! গােলাপ ককাইদেউ ! এৰি দিয়া--এৰি দিয়া। ময়াে পিতাইৰ লগতে মৰাে! গােলাপ ককাইদেউ-এৰি দিয়া। [ ৩৩ ] দ্বিতীয় দর্শন লাহ-জান এষাৰড্রমৰ তেনেই ওচৰৰ ফুলগুৰি গাঁৱৰ এটা ঘাটৰ পানী-অনা বাট। আমেৰিকান নিগ্রো সৈন্যই বাটত বহি মদ পাইছে। দুই এটাই “টেপ, ডেঞ্চ” কৰিবলৈ ধৰে। এনেতে সেই ফালেদি এজন গাঁৱলীয়া মানুহে এথােক। পকা কল লৈ যায়। নাচি থকা নিগ্রো এটাই নাচৰ চেৱতে হাত নলগাই মুখেৰে কামুৰিমেই এটা কল ছিঙি আনে। বাকীবোৰে প্যিাথপি কৰি কলবােৰ খাই পেলাষ। কল অনা মানুহটোৱে “নিলে ঔ! খালে ঔ" বুলি চিঞৰিবলৈ ধৰে । এটাই তাৰ মুখ ফালি মদ অলপ বাকি দিয়ে । মানুহটোৱে পেপুৱা লাগি কঁপে। এনেতে এটা নিগ্রোৱে দুখন দহ টকীয়া নােট উলিয়াই মানুহটোৰ হাতত দি কব “গুড়, মেন, যাও যাও”। কল অনা মানুহটোৱে বিচূর্তি পায। আৰু হেবাংটোৰ দৰে এবাৰ নােট দুখনলৈ, এবাৰ নিগ্রোটোৰ ফালে চাই থাকে। তাতে নিগ্রোটোৱে কলে, “দিচ, প্রাইচ টুৱেনটি রূপিজ” মালুম ? মানুহটোৱে কি কৰো কি নকৰাে কৰি গৈ থাকে, মাজে মাজে নােট কেইখনৰ ফালে চায়। মানুহটোৱে “এক আঙ্গি কলত বিছ টকা” বুলি চুচুক চামাককৈ যায়। তাকে দেখি নিগ্রোকেইটাই কিৰীলি পাৰে। মানুহটোৱে উচপ খায় ষ্টেজৰ পৰা ওলাই যায়। এনেতে কোবেৰে দুজন আমেৰিকান এম, পি, সােমাই আহে। [ ৩৪ ] লতি - প্রথম অ— ২য় দর্শন। এম, পি। হেই হেই-- ( তৎক্ষণাত নিগ্রোকেইটা এটেশ্যন অৱস্থাত থিয হয়।) এম, পি। ৰাইট এবাউট টার্ণ । |; নিগা কেইটাই তেনে কবে। এম, পি। কুই না। নিগ্রো কেইটাই কুইক্ মার্চ কৰি ষ্টেজৰ পৰা ওলাই যাৰ আৰু এপ, পি, চটা সিহতৰ পাছে পাছে গুচি যায়। এনেতে টালি- টোপোলা বান্ধি, ননি তিৰােতা এজাক সেই গলেদি যাব । মানুহ কেইটাৰ মুখত বেজাৰৰ ভাব। তিৰােতা মারুহ কেইজনীয়ে ফেকুৰি ফেকুৰি কান্দি যায়। দূৰৈত এটা মানুহে ঢাল কোবাই অহ। শুনা বায । পিছত টোল পিটা মানুহটোৱে জেৰ ভিতৰ সোমাই চিঞৰি চিঞৰি কবলৈ ধৰে। ঢােলপিটা মানুহ। চৰকাৰৰ হুকুম ! চৰকাৰৰ হুকুম !! আজিৰ পুৱাৰ পৰা ২০ টা ভিতৰত “লহৰ-জান উব-জাহাজৰ ঘটিব” ৫ মাইলৰ ভিতৰৰ গাঁও ফুলগুৰি, ভেলেঙিচুক, দাধৰা, চেনি, হােললাংগুৰি, বৰহাবি, ডাংধৰা, দুমৰা, কেহেৰুখন্দা আৰু চকচকি গাঁৱৰ মানুহে গাঁও খাৰি কৰি যাব লাগিব । যি নাযাব তাক মিলিটেৰী চিপাহী লগােৱাই খেদোৱা হব। আৰু মিলিটেৰী আইনমতে শাস্তি দিয়া হব। চৰকাৰৰ হুকুম, চৰকাৰৰ হুকুম। ঢোল পিটে। [ ৩৫ ] প্রথম অঞ্চ-২য দর্শন। লভিতা আজিব পৰা ২৪ ঘণ্টাৰ ভিতৰত। (ঢোল পিটে1) “লহৰ-জান উৰাজাহাজৰ মাটিৰ । এই বুলি কেইবাবাৰাে কৈ ওলাশ ফাখ।)। এটা গাৱলীয়া। হে' এনে কথা হব পাৰেনে ? সাত-পুৰুষীয়া ভেটি, গৰু-গাই, ভড়ালৰ ধান এৰি ৰাতিটোতে গাঁওখন এৰি উঠি যাব লাগে। চৰকাৰ পগলা হ’ল ঔ! চৰকাৰ 'পগলা হ’ল। হে প্রভু! হে ঈশ্বৰ ! এনেতে কেইটিমান মিলিটেৰীয়ে এজাক গৰা-ছােৱালী আৰু মতা- বোতাক ঠেলি-হেঁচুকি লৈ আহে । মানুহবােৰৰ পিঠিত বােগা। কৰে। মূৰত টোপােলা, উথা, চেৰেকী, হহি, পাৰ, ছাগলী। টাইবােৰ মাহে খঙাঙিকৈ কথা-বতৰা পাতি ওঁ নেযওঁ কে আহে। তিৰােতাৰবাৰে উচুপি উচুপি আহে । এটা মিলিটেৰী। ( মধুহবােৰক হেচুকি) যা যা জদি। এজনী তিৰােতা। { কান্দি) কলৈ যাওঁ অ' অ'? কি কৰাে ? আজি বােপ-ককাৰ দিনৰ পৰা ইয়াতেই থাকি অতকাল গল! হে বিধতা, আজি কিহে পালে ঔ ! অ’ মােৰ ভঁড়ালৰ ধানখিনিৰননা কি হব ঔ! অ’ মােৰ গৰু কিজনীননা কোনে চাব ঔ ! অ' মােৰ পিতাই কি আছিল । এতিয়া কি আৰু কিছুমান মানুই মিনিটেৰীয়ে ঠেলি-হে চুকি লৈ আহে আৰু ৰ পৰা সিহতক খেদি নিবলৈ চিঞৰ-বাখৰি ইলা লগাস । [ ৩৬ ] লভিতা ( প্রথম অঙ্ক—য দর্শন এনেতে বাহিৰত বহুত উৰাজাহাজ উৰি অহাৰ শব্দ হয়। মানুহবােৰে ভয়ত বেছিকৈ চিঞৰ-বাখৰ কৰে। এন্টি এয়াৰ ক্রেফটৰ শব্দ হয়। মিলিটেৰী। পলা পলা। ভাগ ভাগ। { মানুহবােৰ যেনিয়ে তেনিয়ে দিহা দিহি যাব। [ ৩৭ ]


তৃতীয় দৰ্শন

লভিতাহঁতৰ ঘৰ। ঘৰৰ পোৰা ভেটিটোৰ মাজতে লভিতা বহি মূৰ গুজি ফেকুৰি ফেকুৰি কান্দি আছে৷ চোতালত ২৷৪ জন গাঁৱৰ পৰা খেদা-খোৱা মানুহ টালি-টোপোলা লৈ আমন-জিমনকৈ বহি হুমুনিয়াহ পেলাইছে। এনেতে এজন গাঁৱলীয়া এ, আৰ, পি ভলণ্টিয়াৰ সোমাই আহে।

এ, আৰ, পি। ৰাইজসকল! আপোনালোক ইয়াৰ পৰা সোণকালে য’ক। গাঁৱৰ প্ৰায় সকলো মানুহ গ’ল। আপোনালোকে কিয় নোযোৱাকৈ আছে?

চোতালৰ মাহ এজন। “হে ঈশ্বৰ যাওঁ কলৈ? ক’তনো মূৰটো থমগৈ।”

এ, আৰ, পি। সেইবোৰ আং বাং বকি থাকিলেনো কি হব? গৱৰ্ণমেণ্টৰ হুকুম, যাবই লাগিব। যদি নাযাৱ, এতিয়াই মিলিটেৰী পুলিচ আহি ডিঙিত ধৰি গতিয়াই কোবাই কিলাই খেদাই দিবহি।।

(লভিতাই থিয় হৈ চকুপানীৰে খঙত কয়।)
লভিতা। বুজিছা তোমালোক পগলা হৈছা। কি মিলিটেৰী, মিলিটেৰী কৰি ভয় দেখুৱাইছা? তোমালোক আমাৰ [ ৩৮ ]
 

গাঁৱৰ লৰা হৈ গঁঞাৰ অত আলৈ-আহুকাল বিপদ-তালৈ নাচাই চিপাহীবোৰৰ লগতে হোৱা দিছা কিয়?

এ, আৰ, পি। (খঙেৰে) কি হোৱা দিয়া দেখিলা?

লভিতা। অৱশ্যে হোৱা দিছা। গৱৰ্ণমেণ্টৰ মানুহে কৈছে গাঁৱলীয়াই গাঁও এৰি বাৰ ঘণ্টাতে যা৷ তোমালোকেও তাতেই চিঞঁৰি ফুৰিছা। কিন্তু এই গাঁৱৰ মানুহবোৰ যাব ক’লৈ? অতবোৰ বয়-বস্তু, সম্পত্তি কি হব? গৈ থাকিবগৈ ক’ত? ঘৰ পাব ক’ত? খাব কি? সেইবোৰৰ একোৰে একোটোৰে ব্যৱস্থা নোহোৱাকৈ অতবোৰ প্ৰজাক আলৈ-আথানি কৰিছে গৱৰ্ণমেন্টে। তাৰ লগতে তোমালোকেও পোছাকটো পিন্ধি তাকেই চিঞঁৰি ফুৰিছা।

এ, আৰ, পি। আমি কি কৰিম? আমি আমাৰ কৰ্ত্তব্য কৰিছো।

লভিতা। (কাঠ হাঁহি মাৰি) কৰ্ত্তব্য—কৰ্ত্তব্য কৰিছা। এটা বিচাৰ নোহোৱা শত্ৰুৰ আক্ৰমণত তৎ নাপাই পগলা হোৱা এটা গৱৰ্ণমেণ্টৰ পৰা পোছাক এটা আৰু পইচা কিছু পায়েই ৰাইজৰ মানুহ হৈ ৰাইজকে গৰকিব খুজিছা? তোমালোকে এনে বিলই-বিপত্তিবোৰৰ বাবে গৱৰ্ণমেণ্টক ধৰিব নোৱাৰা? যদি মানুহ গাঁও এৰি যাবই লাগে তেন্তে আন ঠাই কলৈ যাব ক’ত থাকিব—তাত ঘৰ কৰিবলৈ, সকলো ঠিক-ঠাক কৰি লবলৈ কিয় গৱৰ্ণমেণ্টে সকলো সুবিধা কৰি নিদিব?

এ, আৰ, পি। সেইবোৰ আমি কি জানো? সেইটো আমাৰ [ ৩৯ ]
 
ডিউটি নহয়। আমাৰ কেৱল বোমা-পৰা মানুহবোৰক শুশ্ৰুষা কৰাহে ডিউটি।

লভিতা। (খঙত দাত কামুৰি) যা, যা পপীয়া, যা। যত বোমা পৰি আমেৰিকানহঁত মৰিব ধৰিছে তালৈ যা আমাৰ ওচৰলৈ কিয় আহিছ?

এ, আৰ, পি। খং নেদেখুৱাবি ছোৱালী! তোৰ নিচিনা বহুত দেখিছো। এতিয়াই মিলিটেৰী বাপেৰহঁত আহি ধুন দেখুৱাবহি ৰ–

এই বুলি গৰপ গৰপকৈ এ, আৰ, পি গুচি যায়। লভিতাই ভেটিত বহি হুক্ হুক্‌কৈ কান্দিবলৈ ধৰে। অলপ পিছত এজন পুলিচ ইন্সপেক্টৰ আৰ্ম পুলিচ লৈ সোমাই আহে।

পুলিচ ইন্স্‌পেক্টৰ। (মানুহবোৰলৈ চাই) অ’ তোমালোক দেখোন ইয়াত আহি ভেম মাৰি বহি আছাহি? মানুহে ভালেৰে কলে কথা নুশুনে। কেলৈ শুনিব, কপালত দুখ আছে নহয়।

এজন মানুহ। ইন্স্‌পেক্টৰ বাবু' যাবলৈতো কৈছে। পিছে যাওঁ কলৈ কওকচোন? ধান, চাউল, পাই-পইচা হাতত এটিও নাই। কালিৰ পৰা মিলিটেৰী চিপাহীখনে যি হুহুমুহিখন লগাই দিছে–ক’ৰ বস্তু কলৈ গ’ল, ক’ৰ বাহানি কলৈ গ’ল, তাৰ ঠিকনা নাই। যাওঁৱেই বা কলৈ?

পুলিচ ইন্স্‌পেক্টৰ। এতিয়া যদি গৱৰ্ণমেন্টে, পুলিচ মিলিটেৰীয়ে কলৈ যাব, ক’ত থাকিব তাকো সৰু ল'ৰা-ছোৱালীৰ দৰে [ ৪০ ]
 

পদে পদে দেখুৱাই ফুৰিব লাগে—তেন্তে কেনেকৈ হব? জাপানীৰ দৰে দুৰ্দান্ত শত্ৰুক কোনোমতে গৱৰ্ণমেন্টে যুঁজ কৰি ৰাখিছে। গঁঞাৰ ভালৰ কাৰণেই গৱৰ্ণমেন্টে আঁতৰি যাবলৈ কৈছে। নহলে জাপানী বোমাৰ কোবত ৰাইজ ধূলি হৈ উৰিব। গঁঞাই নিজে হাত ভৰি লৰাই ক’ত থাকিব, কি কৰিব তাৰ উপায় উলিয়াই লব লাগে নহয়—গৱৰ্ণমেণ্টনো কিমান কৰিব? ৰাইজে বুজিব লাগে নহয়। উঠক, উঠক ৰাইজ! মিছাকৈয়ে সময় নেখেদাব।

(লভিতালৈ চায়-ওচৰলৈ গৈ) পিছে আইদেউ! কান্দি-কাতি থাকিলেনো কি হব? যাব লাগে আইদেউ! যাব লাগে।

লভিতা। (চকুৰ পানীৰে বহুত পৰ ইন্স্‌পেক্টৰৰ মুখলৈ চাই থাকে।) ক—লৈ যাম? থাকিম... ক’...ত?

ইন্স্‌পেক্টৰ। আইদেউ! তাৰ ব্যৱস্থা তুমি নিজেই কৰি লোৱাগৈ। কত ওচৰৰ গাঁও আছে, মানুহ আছে, সেইবোৰতে কিবা এটা কৰি থাকিব লাগিব।

লভিতা। এতিয়া লোকৰ ঘৰে ঘৰে খুজি-মাগি খাবলৈ যাম। নাযাওঁ নাযাওঁ। পিতাইৰ ইয়াতেই সকলো শেষ হ’ল। ময়ো ইয়াতেই পৰি নাখাই নবৈ মৰিম।

মাটিত ঢাচ্ কৰে পৰে।
ইন্স্‌পেক্টৰ। বুজালেও যদি মানুহে নুবুজে তেন্তে আৰু কি উপায়? [ ৪১ ]
 
বাহিৰত মটৰৰ হৰ্ণ-মটৰ ৰখোৱাৰ শব্দ। লগে লগে চাহাবী ডিঙিৰ শব্দ আহে; “জল্‌দি জল্‌দি আদ্‌মি ভাগ যাও।” আৰু লগে লগে য়ুৰূপীয় এজন চুপাৰিন্‌টেন্‌ডেন্টৰ লগত এদল সশস্ত্ৰ বেয়নেটধাৰী সৈন্য আহে। ইন্স্‌পেক্টৰ আৰু চিপাহীবোৰে চেলিউট কৰে।

পুঃ চুপা। ক্যা দেখতা হ্যায়-যাও–যাও–যাও। ইন্স্‌পেক্টৰ হোৱাট আৰ ইউ ডুইং-ড্ৰাইভ ভিজ আউট-আউট্ আউট। ক্যা দেখতা হ্যায়-ভাগো ভাগো-

(মানুহবোৰক খেদে। মানুহবোৰ ভয়ত পেপুৱা খায়। লভিতাক দেখি।)

হেয় ছোৱালী! কি হৈছে? কেলেই কান্দিছে? যাব লাগে। যাব লাগে-বোমা পৰিব। মৰি যাব। উঠও উঠও, গেট আপ্ হেই-

(লভিতা ঘপককৈ থিয় হয়।)

লভিতা। অ’ অ’ অ’ মোৰ বোপই মৰিছে ইয়াতে। ময়ো মৰিম।

পুঃ চাহাব। টুমি কি কাৰণে মৰিব? যোৱান ছোৱালী আছে-বাচি থাকিব লাগে। কান্দিলে কিছু ফয়দা নাই আছে।

লভিতা। চাহাব! তোমালোকে যে মানুহবোৰক এইদৰে [ ৪২ ]
 
গৰু খেদোৱাদি খেদাই পঠিয়াই সিহঁত ক’ত থাকিব কি খাবগৈ তাৰ কি দিহা কৰিছা?

পুঃ চাহাব। আমি জাপানীৰ লগত ঢাৱা কৰিছে। ইমানবোৰ গাঁৱলীয়া মানুহক কেনেকৈ খবৰ কৰিব?

লভিতা। অতবোৰ লাখ লাখ চিপাহীৰ তোমালোকে থকা-মেলাৰ সুবিধা ৰাতিটোৰ ভিতৰতে কৰিব পাৰা, গাঁওকেইখনমানৰ কৰিব নোৱাৰা ৷ আন নহলেও অকণ অকণ লৰা-ছোৱালীবোৰৰ ৷

পুঃ চাহাব। হামি টোমাৰ লগত তৰ্ক কৰিবলৈ অহা নাই; হামি টোমাক কৈছে ইয়াৰ পৰা যাব লাগে হামি দুচুৰা বাত নাই জানে।

লভিতা। নাই জানে নাই জানে, তেনে কোনে জানিব? গৱৰ্ণমেণ্ট হৈ প্ৰজাৰ বাত নাই জানিলে কোনে জানিব ?

পুঃ চাহাব। (খং কৰি) বেছি বক্ বক্ মত কৰ। টুম বহুত বাত্ বল্‌তা হ্যায় ।

লভিতা।(কান্দি কান্দি) কি বক্ বক্ কৰাৰ কথা কৈছা। অন্যায়--অন্যায়। তোমালোকে অন্যায় কৰিছা।

পুঃ চাহাব। চুপ, চুপ, চুপ ৰহৌ ।

লভিতা খঙত একো নাই হৈ৷ নাই ৰহেগা, চুপ্ নাই-নাই-নাই ৰহেগা ।

পুঃ চাহাব। (গৰ্‌জন কৰি) যাও যাও যাও বদমাছ্ ডেম্ চোৱাইন্। গুলী কৰেগা। [ ৪৩ ]
 

লভিতা। কৰ কৰ, গুলী কৰ।

পুঃ চাহাব। নাই মানেগা বাত্, নাই মানেগা, অল্ ৰাইট।

(সশস্ত্ৰ সৈন্যক হুকুম দিয়ে।)

পুঃ চাহাব। চা--ৰ্জ।

(তৎক্ষণাৎ পাঁচ, ছয়টামান বেয়নটধাৰী চিপাহীযে ঘেৰাও কৰি বেয়নেট্‌বোৰ টোৱাঁই পৰে। এনেতে চঃ চাহাবে হাত ডঙাত সিহঁতে সেই দৰেই টোৱাঁই ৰৈ থাকে। চাৰিও ফালৰ মানুহবোৰে চিঞঁৰি উঠে।)

লভিতা। (বলিয়া হৈ কান্দি কান্দি) হিঃ হিঃ হিঃ ভয় দেখুৱাইছা চাহাব ভয়—ভয়? হিঃ হিঃ হিঃ গুলী কৰিবা। চঙীনেৰে খুচি মাৰিবা? মৰণৰ ভয় দেখুৱাবলৈ আহিছা? আজিৰ ছোৱালীয়ে ভয় নাখায় চাহাব। গোটেই বৃটিছ্ গৱৰ্ণমেণ্টৰ বন্দুক, বৰতোপ আনিলেও চাহাব এই ভেটিৰ পৰা এক খোজে আঁতৰ কৰিব নোৱাৰা জীয়াই থাকো মানে। মোৰ ভেটি, মোৰ ঘৰ, মোৰ মাটি, মোৰ দেশ—ইয়াত মোৰ মাতিবৰ অধিকাৰ আছে। নাযাওঁ। নাযাওঁ। মই ভেটিৰ পৰা নাযাওঁ।

(লভিতাৰ মূৰ্ত্তি দেখি আটাইবোৰ সৰগ্ পৰা মানুহৰ দৰে থৰ হৈ থাকে।)

আঁৰ-কাপোৰ
———
[ ৪৪ ]


দ্বিতীয় অঙ্ক
প্ৰথম দৰ্শন


ফুল-গুৰি গাঁৱৰ এটা হাবিতলীয়া বটি। সন্ধিয়া লাগি আন্ধাৰ হৈছে। বহুত দূৰৈত ইংৰাজী সুৰৰ সুহুৰি। মাজে মাজে উৰা-জাহাজৰ শব্দ। হাতত টচলাইট্ লৈ বাট্ চাই চাই এ, আৰ, পি পোছাকত গোলাপে লভিতাক ধৰি লৈ আহে। লভিতাক কান্দি উচুপি থকা দেখা যায়।

লভিতা। (কিছুদূৰ আহো নাহোকৈ আহি হঠাৎ থমকি ৰৈ হুক হুক কৈ কান্দিবলৈ ধৰে। পিছত উচুপি উচুপি) ম-মই মৌজাদাৰৰ ঘৰলৈ নাযাওঁ। গোলাপ ককাইদেউ! মই নাযাওঁ।

গোলাপ। (বুজনি দিবলৈ চেষ্টা কৰি) উস্ বাৰে বাৰে একে কথা। লভিতা! তুমি নুবুজা কিয়? আজি হঠাৎ তুমি যি অৱস্থাত পৰিছা তালৈ চাই আৰু তুমি আগৰ দৰে চলিব নোৱাৰা নহয়। এতিয়া চকুকাণ মুদি প্ৰাণটো আৰু ইজ্জতটো ৰাখিব পাৰিলেই হৈছে। যুদ্ধৰ যি বিষম অৱস্থা আৰু বা কি হয়—একো কব নোৱাৰি। সেই কাৰণে বৰ্ত্তমান তুমি মৌজাদাৰৰ ঘৰতে কোনোমতে গোজা মাৰি থাকা।তাৰ পিছত অৱস্থা চাই কিবা এটা কৰিব লাগিব। [ ৪৫ ]
 

লভিতা। আই অ’-মইনো এতিয়া লোকৰ ঘৰত কেনেকৈ থাকিমগৈ? হে ঈশ্বৰ! পিতাইৰ লগতে মোকো মাৰি নিনিলা কিয়?

গোলাপ। বুজিছা লভিভা! মই দেখাত হলে এতিয়া তোমাৰ কাৰণে মৌজাদাৰৰ ঘৰে আটাইতকৈ নিৰাপদ ঠাই। এনে যুদ্ধৰ হুহিমুহিৰ মাজত কত ছোৱালীৰ কত বিপদ হৈ গৈছে। কিন্তু মৌজাদাৰৰ ঘৰত থাকিলে সেইবোৰৰ পৰা বহুত নিৰ্ভয়ত থাকিব পাৰিবা। ময়ো তাত থাকিলে খা-খবৰ কৰি থাকিব পাৰিম।

এনেতে শত্ৰুৰ বিমান আক্ৰমণৰ জাননী দি “লহৰজান এয়াৰ-ড্ৰম”ৰ চাইৰেন্ বাজি উঠে। অলপ পিছতে উৰা-জাহাজৰ শব্দ হবলৈ ধৰে। লগে লগে এণ্টিএয়াৰ ক্ৰাফ্‌ট‌্ গণৰ শব্দ । মানুহ কিছুমানে হুৰমূৰকৈ সেইফালে লৰি আহে। গোলাপ আৰু লভিতাই বেগাবেগিকৈ তাৰ পৰা আঁতৰি যায়।


—————
[ ৪৬ ]
দ্বিতীয় দৰ্শন


এমাহ পিছত। গঙ্গাৰাম বৰুৱা মৌজাদাৰৰ ঘৰ। তেওঁ লহৰ-জান মৌজাৰ মৌজাদাৰ। মৌজাদাৰৰ ঘৰৰ পাছৰ চোতাল। মৌজাদাৰৰ বঙলা-ঘৰ আৰু ৰান্ধনি ঘৰৰ মাজতে এই চোতাল। ষ্টেজৰ সোঁফালে বঙলাঘৰৰ পাছফালৰ বাৰান্দাখন দেখা গৈছে। ৰান্ধনি ঘৰটো খেৰৰ আৰু বাঁহৰ খুটাৰ। ৰান্ধনিঘৰৰ বাৰান্দাত বহি মৌজাদাৰনীয়ে আগত শাক-পাচলিৰ খৰাহি এটা লৈ শাক পাচলি কুটিছে। ওচৰতে এখন মৈদা আৰু থাল, খৰাহি, পাচি ইত্যাদি। দুৱাৰেদি ৰান্ধনিঘৰৰ পৰা অলপ অলপ ধোঁৱা আহিছে ৷ চোতালেদি মৌজাদাৰৰ চাকৰ, হালোৱা ইত্যাদি মানুহ মাজে মাজে অহা যোৱা কৰিছে। বঙলাঘৰৰ ভিতৰৰ পৰা মৌজাদাৰৰ গলগলীয়া মাত শুনা যায়।

“হেৰ কোন আছ! ধপাত এচিলিম্ আন অ !”

মৌজাদাৰনী। (মূৰ ডাঙি) হেৰ কতীয়া-অ’ কতীয়া! (উ-উ বুলি কতীয়াই দুৰৰ পৰা মাতে।)

(মৌজাদাৰনীয়ে শিঁয়াৰি) উ-উ কটা চুৱাখোৱা-বান্দৰ- ক’ত মৰিছগৈ-ধপাত খুজিছে কব নোৱাৰনে? মাতিলে [ ৪৭ ]
 

চাতিলে ঘপৰাই পাবলৈ নাই। ইয়াত থাকিব নোৱাৰ বাঘে-খোৱা?

এনেতে সৰু গাঠলু পৰ্ব এটা কেওঁ মেওঁকৈ ভয়ে ভয়ে লৰি আহি চিলিম এটা লৈ ৰান্ধনিঘৰত সোমায়৷ মৌজাদাৰনীয়ে তালৈ চাই খচ্ খচ্‌কৈ পাচলি কুটিবলৈ ধৰে। এনেতে বঙলা-ঘৰৰ ভিতৰৰ পৰা আকৌ চিঞঁৰে।

“হেৰ ধপাত এচিলিম দিব পৰা নাইনে অথনিৰে পৰা—?”

মৌজাদাৰনী। হেৰ কটা বান্দৰ-কতীয়া-কটা বাঘে-খোৱা-হেৰামজেদা কৰিছ কি অতবেলি-হেৰ নানিছনে?

ভিতৰত কতীয়াই মাতে, “মইনো কি কৰিম আই ! অঙঠা থাকিলেও নিদিয়ে ৰান্ধনীয়ে।”

মৌজাদাৰনী। নিদিব কেলৈ-কে-লৈ নি-দিব তাই? এই কটাৰ জী লভিতা নে ফভিতা! দিয়া নাই কিয়?

লভিতা।(ভিতৰৰ পৰা) মইনো দিওঁ কৰ পৰা আই-কেচা গেৰেহা খৰি ফুৱাঁই ফুৱাঁইও জুই ধৰিব পৰা নাই অখনিৰে পৰা।

(কতীয়া সোমাই আহে-চিলিমটো ফুৱাঁই ফুৱাঁই।)

মৌজাদাৰনী। এই বাঘে-খোৱা। এতিয়া দেখোন পালি? [ ৪৮ ]
 
কটিয়া। ক’ত পালো আই—সৌ এঙাৰ কেইটামানত ফিৰিঙতি এটা সুমুৱাই ফুৱাঁই ফুৱাঁই আনিছো।

মৌজাদাৰনী৷ তোক মই ৰাতিপুৱাই শুকান খৰি কেইডালমান আনি দিবলৈ কৈছিলো নহয়?

কটিয়া। কলেইনো মই ক’ত পাওঁগৈ শুকান খৰি।

মৌজাদাৰনী। (খঙত টিকচি বিকচি উঠি) কটা ‘বদমাছ’! কটা ডগাবাজ! তোৰ দেখোন বৰ বৰ কথা? তই মোক চিনি পোৱা নাই?

এই বুলি তাতে থকা ছজিনা এডাল লৈ কতীয়াক মাৰ শোধাই দিয়ে। কতীয়াই হাঁওঁ হাওঁকৈ যিমান পাৰে সিমান কান্দিবলৈ ধৰে। বঙলাৰ ভিতৰৰ পৰা মৌজাদাৰে “হেৰ কি হ’ল? হ’ল কি?” বুলি ওলাই আহে।

মৌজাদাৰনী। (বকিবলৈ লাগি) ক’ৰ জানো এই বাৰে-বাংকৰা মানুহ বুটলি ফুৰিব। এইটো কটা মাক-বাপেকৰ ঠিক নোহোৱা খাইমূৰাটো ঘৰত সুমুৱালেহি-কথা এটা নুণ্ডনে। ৰান্ধনিঘৰৰ পৰা কল, গাখীৰ, চেনি, দৈ চুৰ কৰি খাই খাই নাইকিয়া কৰিলে। কাম এটালৈ পাচিলে তাতে মৰি থাকিবগৈ। কথা এটা সুধিলে ভেকাহি মাৰিব। কটা হেৰামজেদা ! বদমাছ! (বুলি কতীয়াক খেদা মাৰে। কতীয়াই [ ৪৯ ]
 
ঔ! মাৰিলে ঔ! বুলি চিলিম টিলিম পেলাই লৰ মাৰে। কথা দেখি মৌজাদাৰেও উচ্চ বাচ্য নকৰি ভিতৰলৈ সোমাই যায় ।মৌজাদাৰনীয়ে পাচলি কুটাত বহি আকৌ বোৰবোৰাবলৈ ধৰে।

মৌজাদাৰনী। যতবোৰ খাবলৈ নোপোৱা কেলেহুৱাবোৰ আনি ঘৰ সুমুৱাবহি। যতবোব ডগাবাজ আছে, সেইবোৰহেআনিবলৈ পায়। এইবোৰ সৈতে চুপতি কৰোতে কৰোতে মোৰ মূৰটো ঘোলা হ’ল। সেই কুলক্ষণী এজনী আনি আকৌ গোটাই লৈছেহি। ইমানজনী ধোদোঙা ছোৱালী, এদিনো তাই তৰকাৰী এখন, আঞ্জা এখন, ৰান্ধিব নাজানে। কটা এইবোৰ লৈ মোৰ মৰণৰ চিন হ’ল ৷

এনেতে ৰান্ধনিঘৰৰ ভিতৰৰ পৰা, ধোঁৱাই খাই চকু, মুখ ৰঙা কৰি, চকুপানী ওলাই থকা লভিতা ওলাই আহে।


লভিতা। আই! পাৰ-চৰাইৰ আঞ্জাখন কেনেকৈ ৰান্ধিব লাগে দেখুৱাই দিয়কহিচোন।

মৌজাদাৰনী। হেৰ’ ই পাৰ-চৰাইৰ আঞ্জাখনো ৰান্ধিব নাজাননে ? কটা টোকোনাৰ জাত! ভাল আপদে পালে!

লভিতা। আই নাজানিম কিয়? আমি যেনেকৈ গাঁওত ৰান্ধো, সেই দৰে আঞ্জা তৰকাৰী ৰান্ধি দিলে দেখোন আপোনা[ ৫০ ]
 
লোকে জুতি নাপায়। আপোনালোকে বাৰে বঙলুৱা জুতি ধৰি খোৱা মানুহ, সেই কাৰণেহে।

মৌজাদাৰনী। (খঙত চিঞঁৰি) বাৰে বঙলুৱা! আঞ্জা এখন ৰান্ধিব নাজান? তাৰ মূৰত তাইৰ কথা কটাৰ কোব কি চাবা? বান্দী খাটিবলৈ আহিছ, থুপৰি, ভাৱৰী-বান্দীৰ দৰে কথা কবি। বৰ কথা মাতিলে-

লভিতা (মুখৰ ওপৰতে) কি বৰ কথানো মাতিলো আই? মই বান্দী খাটিবলৈ অহা নাই। মোক উপযাচি ইয়ালৈ আশ্ৰয় দিবলৈ অনাতহে আহিছো ৷

মৌজাদাৰনী । (পেংলাই কৰি) বান্দী খাটিবলৈ অহা নাই? মোৰ ৰজাৰ জী আইদেউক দাং দোলাকৈ ইয়াত বৰ চাঙত তুলি থৈ কুঁৱৰী পাতিবলৈ আনিছিলে?

লভিতা। আই! মই ঘৰত থকাত অসন্তোষ পাইছে যদি যাবলৈ কলেই যামগৈ নহয়। মৰিবলৈ কিবা পৃথিৱীখনত ঠাই নোহোৱা হৈছেনে ?

মৌজাদাৰনী । অঁ নোহোৱা হৈছেতো । বাগৰি বাগৰি এইখিনি ওলাইছহি। সৰু মুখত বৰ কথা ভাল নহয় দেইবা বুজিছ?

এনেতে হয়ৰাম গাওবুঢ়াই টোম এটাত আমৰলীয়া হাঁহ এটা আৰু এহাতত বেত গাজ এসোপা লৈ চোতাল সোমায়।

হৰ ৰাম। কৃষ্ণ-কৃষ্ণ- আই বন্দীয়ে সেৱাহে জনাইছে । [ ৫১ ]
 

মৌজাদাৰনী। (মুখৰ বৰণ সলাই) অ’ হয়ৰাম ! আহাঁ আহাঁ বােপাই আহা। এৰা, আকৌ আজি কেবাদিনৰে পৰা বেত গাজ খাবৰ মনটো গৈ আছিল; আনিলা ভালেই হ’ল ৷

হয়ৰাম। কৃষ্ণ—কৃষ্ণ (আগবাঢ়ি আহি ৰান্ধনিঘৰৰ পিৰালিতে বেত-গাজ আৰু হাঁহৰ টোমটো খয়, অৰু হাতত অনা লাখুটিডাল পাৰি বহে।)

মৌজাদাৰনী। এহ-চাওঁ-চাওঁ-এই লভিতা! এই গাঁওবুঢ়াক পীৰা এখন দে। (লভিতাই ভিতৰ সােমাই পীৰা এখন দি আকৌ ভিতৰলৈ সােমাই যায়।)

হয়ৰাম। আই। এই সিদিনা সেই বােমা পৰি বাপেক মৰা ছােৱালীজনী নহয়নে?

(মৌজাদাৰনীয়ে শলাগে।)

এৰা, আই দেশখনতনো কি হব খুজিছে, কবই পৰা নাই । ইফালে সেই মিলিটেৰীখন, সিফালে আকৌ জাপানী, মাজতে আকৌ কংগ্ৰেছৰ ভলণ্টিয়াৰখন।

মৌজাদাৰনী। অ’ আকৌ তাৰ ভিতৰতে আকৌ সেই কমুনিছনে কিবা নৰমনিছখন ওলাইছে নহয়।

হয়ৰাম। হয় আই, হয়। সেই কমিনিষ্টকিটা আই, বৰ চকু-চৰহা। সিহঁতৰ মােৰ গুটি-ধানৰ ভঁড়াল কেইটাতহে চকু ৷ সিহঁতে কৈছে বােলে মােৰ হেনাে অকলে চাৰিটা ভঁড়াল [ ৫২ ]
 
কেলৈ থাকিব। চাওকচোন বাৰু আই! অত দুখখন কৰি খেতি কৰি ভঁড়াল কেইটা ৰান্ধিছো। ডকাইত আই। দিন-ডকাইত। সিফালে মিলিটেৰীয়ে বোমা দিয়ক, জাপানীয়ে দেশ খচকক, গান্ধীৰ মানুহে লৰা-ছোৱালীবোৰ বলিয়া কৰিলে। ধান-চাউল পাবলৈ নাইকিয়া কৰিলে। ইফালে কমিনিষ্টে ভঁড়ালৰ ধান, গোহালিৰ গৰু কাঢ়ি নিয়ক। হ’ল আৰু আই! ঘোৰ কলি আই! ঘোৰ কলি পালেহি।

লভিতা। (ভিতৰৰ পৰা) গাঁওবুঢ়া ককাই! কি কলিকালৰ কথা কৈছা। গান্ধী মাহাত্মাইনো কি বেয়া কাম কৰিছে। আমাৰ দেশক গচকি গচকি সাত সাগৰৰ পাৰৰ ইংৰাজহঁতে ঢাহিমুহি খালে। সোপাকে সিহঁতৰ দেশলৈ কঢ়িয়াইছে। গান্ধীয়ে তেও সিহঁতক আমাৰ দেশ এৰি দিবলৈহে কৈছে। আমাৰ মানুহক লোকৰ তলতীয়া বহতীয়া গোলাম হৈ নাথাকি নিজে নিজে স্বৰাজ কৰিবলৈহে কৈছে।

মৌজাদাৰনী।(মুখ বিকটাই, চকুৰে গাঁওবুঢ়াক ঠাৰ মাৰি উপলুঙাসূচক ভঙ্গী কৰে)৷

গাওঁবুঢ়া। অ’ হয়তো! হয়তো। ৰজাৰ বিৰুদ্ধে উঠি অতপালি কৰিছে। মহাৰাণীৰ ৰাজ্যত এনে অময়া সুখত থাকি ইহঁতক ভূতে কিলাইছে ৷

মৌজাদাৰনী। তপত ভাতত ধোঁৱাই খায় বুজিছা গাঁওবুঢ়া।

গাঁওবুঢ়া। হয়তো আই! এনে মহাৰাণীৰ ৰাজ্য, লাগ বুলিলেই [ ৫৩ ]
 
চাউল, লাগ বুলিলেই ধান, এই নিমখ, এই তেল, এই ৰেল, এই জাহাজ, এই টেলিগিৰাফ। মহাৰাণীৰ ৰাজ্যত কোনোবাই কাবোবাৰ চুলি এডাল চুব পাৰেনে? এই টিপা এটা মাৰিলেই গিৰিপ্‌কৈ পুলিচ দাৰোগা। এই দহ মাইলে দহ মাইলে ডাক-ঘৰ, এই পাঁচ মাইলে পাঁচ মাইলে কানি দোকান। এনে অময়া সুখত থাকি এই ভলণ্টিয়াৰখনক ভাল পোকে কামুৰিছে।

লভিতা। অময়া সুখ। তোমাৰ দৰে গাঁওবুঢ়া কেইটামানে আছাতো অময়া সুখত। ৰাইজখনৰ কি বিলৈ! খেজেনাৰ হেঁচাত চেপা খাই জোল হ’ল। কানি বৰবিহ খাই খাই ৰাইজৰ কাঁহী-বাটি নোহোৱা হ’ল। গাত নাই কাপোৰ, ভঁড়ালত নাই ধান, আখৰ এটা চিনি নাপায়। যোৱাচোন চাহাবহঁতৰ দেশত। কেনেকৈ আছে চোৱাঁগৈ এবাৰ।

গাওঁবুঢ়া। আই! এই ছোৱালী ঘৰত নাৰাখিব। এইৰ মুখত বৰ কুলক্ষণীয়া কথা। ওঁ ওঁ ৰজাৰ বিৰুদ্ধে হলে ভাল নহয় দেই। সেই কাৰণেহে বাপেক বোমা পৰি মৰিল। এতিয়া ঘৰে ঘৰে ফুৰিবলগীয়া হৈছে। এনেবোৰ মানুহৰ এনে হয়েই ৷

লভিতা ৰান্ধনিঘৰৰ দুৱাৰমুখৰ পৰা উগ্ৰমূৰ্ত্তি ধৰি ওলাই আহে।

লভিতা। (খঙত) এনেবোৰ মানুহৰ এনে হয়েই! তাৰ বাহিৰে তোমাৰ দৰে মানুহৰ মুখত কি আন কথা ওলাব? ইংৰাজ [ ৫৪ ]
 
চৰকাৰে যেনেকৈ ঢাহিমুহি খাইছে, সেইদৰে ইংৰাজ আমাৰ গাওবুঢ়া হৈ তোমালোকেই ৰাইজক ঢাহিমুহি খাইছা।

গাওঁবুঢ়া।(খং খাই) দেখিছে আই! দেখিছে? এতিয়া মইহে ৰাইজক মাৰি খোৱা হ’ল। কটা ছোৱালী ! তোৰ বাপেৰৰ ভাগৰ আনি খাইছোনে?

লভিতা। অঁ অঁ খাইছাতো । আমাৰ খাজানা দিব নোৱাৰাত মাটি-ডোখৰ নীলাম যাওঁতে দুশ-টকীয়া মাটি কিডৰা তুমিয়েই সোতৰ টকাত ৰাখি থোৱা নাইনে? সিদিনা আমাৰ বগাৰামৰ গাখীৰতী গৰুজনী চাৰি টকাত খাজানা নীলামত দি মৌজাদাৰে আধামূলীয়াকৈ ৰাখি থোৱা নাইনে ? মোৰ পিতাই সেই বছৰ গ্ৰহণীত পৰি খেতি কৰিব নোৱাৰি খাজানা শোধাব নোৱাৰিলত চাৰিপুৰুষীয়া মাটি-ডোখৰ নীলাম গ’ল। তোমালোকে ইংৰাজ ৰজা আৰু ইংৰাজৰ মানুহবোৰৰ খাজানাৰ টকা কেইটাৰ বাহিৰে একো নাজানা । মাটিখিনি নীলাম কৰি থলা কেইটকামানৰ কাৰণে! ইফালে মানুহটোৱে লৰা-ছোৱালী কিটা লৈ কিহেৰে তৰিব, তাৰ কিবা খবৰ কোনোবা চৰকাৰৰ মানুহে ৰাখিছিলনে? মানুহ মৰি যাওক ! লৰা-ছোৱালী খাবলৈ নাপাই শুকাই-খীনাই মৰক ৷ তোমালোকে খাজানাৰ টকাকিটা কোনোমতে ঢাহিমুহি [ ৫৫ ]
 
ন্যায়-অন্যায় একো বিচাৰ নকৰি নিব পাৰিলেই হ’ল। ৰাইজ ডাঙৰ নে খাজনা ডাঙৰ? ইংৰাজ ৰজাৰ কাৰণে খাজনা ডাঙৰ? ৰাইজে সিফালে খাবলৈ নাপাই উছন যাওক। সেইকাৰণেই গান্ধীয়ে ইংৰাজক গুচি যাবলৈ কৈছে। অৱশ্যেই ইংৰাজ যাব লাগিব। তাৰ লগতে এই ইংৰাজৰ লগত থকা ভূত-প্ৰেত সোপাও।

গাওঁবুঢ়া। দেখিছে আই! দেখিছে? এনে অসহনি কথা, এনে অসহনি! হে হে ইংৰাজৰ ৰাইজ্যত এনে অন্যায় কথা শুনিব লাগেনে? হে ৰজা নোহোৱা হ’লনে? হে মহাৰাণীৰ নাতিয়েক নোহোৱা হ’লনে? হে মৌজাদাৰ দেউতা! শুনিছেনে এই কুলক্ষণীৰ কথা?

মৌজাদাৰনী । এ বোলো ছোৱালী! যা ৰান্ধনিঘৰৰ মানুহ ৰান্ধনিঘৰলৈ। বুঢ়া মানুহৰ লগত চুপতি কৰিবলৈ নাহিবি। যদি থাকিবৰ মন নাই, ভলণ্টিয়াৰ বাপেৰহঁতৰ লগত থাকগৈ। ক’তা—দেখোন বাপেৰ মৰিল, ঘৰ ভাগিল, ভলণ্টিয়াৰ বাপেৰহঁত এটাও নাহিল। সেই ইংৰাজ বজাৰ মৌজাদাৰৰ ঘৰতহে আশ্ৰয় পালি। এই বেটী খাই পাত ফলাৰ জাত !

লভিতা। আই! মই আপোনাৰ একো খাই পাত ফলাৰ কাম কৰা নাই আই—মই ! [ ৫৬ ]
 
(মৌজাদাৰনীয়ে তাং খাই উঠে।)

মৌজাদাৰনী। চুপ্ থাক বেটী! বইজাত চুপ্ থাক। বেছি কথা কলে—বাঢ়নিৰে কোবাই দিম-বুজিছ?

লভিতা। (খঙত উগ্ৰ হৈ) কোবাওকচোন বাঢ়নিৰে!

মৌজাদাৰনী।(জাপমাৰি আহি) কটাৰ জী বেটী! বৰ সাহ দেখোন? বৰ সাহ দেখোন?

লভিতা। অ’ হবতো সাহ! সঁচা কথা কবলৈ কাৰ সাহ নহব? (কান্দি) নাথাকো মই এনেকুৱা মানুহৰ ঘৰত। ঘৰে ঘৰে খুজি খাম। লুইতত জাপ দি মৰিমগৈ। তেও মই এনেকুৱা মানুহৰ ঘৰত নাথাকো–নাথাকো।

এই বুলি লভিতা তাৰ পৰা ওফৰ খাই ওলাই যায়গৈ আৰু মৌজাদাৰ খৰকৈ ওলাই আহে)

মৌজাদাৰ। কি হ’ল? কি হ’ল?

গাঁওবুঢ়া। দেউতা! দেউতা! এই বেটী কমিনিষ্ট হ’ল। কমিনিষ্ট হ’ল ৷

—————
আঁৰ-কাপোৰ
[ ৫৭ ]


তৃতীয় অঙ্ক
প্ৰথম দৰ্শন

এটা গাঁৱলীয়া বাট। সন্ধিয়া লাগি আহিছে। চকু-পানী টুকি টুকি এখোজ দুখোজকে লভিতা আহিছে। আহি আহি থমকি ৰৈ কাণ পাতি কিবা শুনাৰ দৰে কৰে। আকৌ থৰ লাগি ৰয়। এনেতে দূৰৈত খলখলাই কোনোবা মুনিহ-মানুহৰ হাঁহি শুনা যায়। লভিতাই কি কৰো নকৰোকৈ ৰয়। অলপপৰ তলকা মাৰি হুক্ হুক্‌কৈ কান্দিবলৈ ধৰে। এনেতে বাহিৰত জোতাৰ গেৰেপ গেৰেপ শব্দ হয়। লভিতাই এফালেদি ওলাই যাবৰ কাৰণে চুচুকচামাক কৰোতেই তিনটা মদখোৱা ভাৰতীয় মিলিটেৰী তাত ওলায়হি। লভিতা এফালে ওলাই যাব ধৰোতে এটাই গৈ আগভেটি ধৰেগৈ। আৰু লভিতাই কি কৰো নকৰোকৈ টলকা মাৰি ৰয় ।

১নং মিলিটেৰী। ভয় নাই কৰিবে। হামিলোক ভূত নাই আছে, বাঘ নাই আছে। (বাকী দুটাই অলপ আঁতৰত থাকি ফুচ্ ফুচ্ কৰি কিবা কথা পাতে।) তুম্ বহুত খুবছুৰত ছোৱালী আছে। (লভিতাই যাবলৈ খোজ দিব খোজে; সি আগভেটি ধৰে।) কাহে ভাগি যাব খুজিছে? হামি তোমাকে [ ৫৮ ] সভি [ তৃতীয় অঙ্ক -১ম দর্শন কুচ দুচমনি নাই কৰিবে। হামি ভালা আদমি অাছে। হানি তােমাকে পিয়াৰ কৰিবে। তােমাকে ৰূপীয়া দিবে। { এই বুলি এখন দহটকীয়া নােট উলিয়াই লভিতাৰ গালত ঘহাই দিয়ে। লভিতাই খঙত নােট থাপ মাৰি লৈ এচাৰ মাৰি পেলাই দিয়ে। ২নং মিলিটেৰী। ও ছােৰী ! এতনা ৰাগ মত দেখাও। আৰে ভাইজী ! ক্যা দেখতা? চলাে উঠাও। লেকে চলল। এই বুলি সি জেপৰ পৰা ৰুমাল উলিয়াই বিজুলী সঞ্চাৰে গৈ লভিতাক হাতেৰে সাৱট মাৰি ধৰি আন হাতেৰে ৰুমালেৰে মুখত সােপা দি ধৰে। লভিতাই চিঞৰিবলৈ চেষ্টা কৰে আৰু হাত-ভৰি আচাৰি উফাল খায় ! তাৰ হাতৰ পৰা এৰাই গৈ মাটিত কাল খাই পৰে। এই বাৰ তিনিওটাই গৈ তাইক হেঁচা মাৰি ধৰি মুখত সােপা দি পথালি কোলাকৈ দাঙি লয়, আৰু লভিভাই হাত ভৰি মুৰ আচৰিবলৈ ধৰে। মুখত সােপা দিয়া স্বত্বেও তাইৰ কো- কেঁৱনি গো গোৱনি কিছু দূৰলৈ শুনা যায় । এইদৰে তাইক সিহঁতে ধৰি-বান্ধি উলিয়াই নিবলৈ চেষ্টা কৰােতেই এজন ডেকা পুলিচ এ, এফ, আই ওলায়, আৰু হঠাং চাইকেলৰ কোব খাবলৈ যাওঁতে আহি মিলিটেৰী কেইটাৰ গাত খুন্দা খাই পৰে ; আৰু পৰি তৎক্ষণাত জাপ মাৰি উঠি ঘােৰ বাৰ মুঠি ধৰি মিলিটেৰী কেইটালৈ চাই সােধ। [ ৫৯ ] তৃতীয় অঙ্ক-১ম দর্শন পুঃ এ, এচ, আই। এই কুকুৰ-পােৱালীহত! এই কাহে ! এই লেৰকীকে ছােড় দেও। । এই বুলি পুলিচ এ, এফ, আই জাপ মাৰি সিহঁতৰ মাজত পৰে আৰু দৰা-দবৰি কৰিবলৈ ধৰে। এনেতে লভিতাই উফলি মাৰি সিহঁতৰ হাতৰ পৰা এই দূৰলৈ লৰ মাৰে আৰু ইফালে পুলিচ এ; এচ, আইৰ সৈতে মিলিটেৰী কেটাৰ দৰা দুবৰি লাগে। ২নং বিলিটেৰী। (হঠাৎ থিৰ হৈ) আৰে তুম কৈছে আদমি হাে? তুম ভি বৃটিছ কী পুলিচ হাে, অব হাভি বৃটিছ কো চিপাহী। থােৰা থােৰা ছােৱালীকো সাথ ফুর্তি কৰে। আৰে তুমকো তে মদৎ কৰনী চাহিয়ে। পু; এ, আই। মদৎ! মদৎ! কুলোেগ মদৎ ! হা হাম পুলিচ হায়। জানানাকো অত্যাচাৰছে তুমালােগকো হামৰ বহন বছানেকেলিয়ে পুলিচ হুয়া হ্যায়। হা হা বৃটিছ, কা পােছাক পহনকে পুলিচ হুয়া হ্যায়। লেকিন জনানাকো জুলুম কৰনেক লিয়ে নহী। আদমিয়োকো অপনা খুন দে কব, অপনা জান দে কৰ বচানেকেলিয়ে। হাৰামজাদা। বেইমানলােগ ? এইবুনি খঙত কঁপি কঁপি ককালৰ পৰা ৰুল মাৰি উলিয়াই তিনিও। | মিলিটেৰীক উৰাই-ঘূৰাই মাৰিবলৈ ধৰে আৰু মুখেৰে চিঞৰি পু এ, এচ, আই। কুকুৰহত ! পুলিচে হতক নাৰী ধর্ষণ কৰিবলৈ মদৎ দিব লাগে। পাপিষ্ঠ নৰাধম! (তেতিয়া মিলিটেৰী কেইটাইও, এচ আই জনক ধােচা মৰিবলৈ খেদি যায় । ৪৭. [ ৬০ ] পতিতা [ তৃতীয় অঙ্ক-১ম দর্শন আৰু এ এচ, আইৰ ওঠত ঘোচা পৰাত মুখৰ পৰা তেজ ওলাবলৈ খৰে। মাৰপিট চলি থাকে। এনেতে শাক-পাচলিৰ ভাৰ এখন লৈ এটা বুঢ়া, ডৰীয়া অসমীয়া মুছলমান ইলাহী বকছু, সেই বাটেদি যাবলৈ ওলাওতে হঠাৎ তাতে ওলাইহি আৰু কাণ্ড দেখি চমক থাই ৰয়। বুঢ়াক দেখি ভিতাই লৰমাৰি বুঢ়াৰ পাছফালে থিয় হলগৈ। মৰামৰি বাঢ়ি যায়।) (মৰামৰি হৈ থাকোতেই এ, এট, আই এ চিঞৰি কয় ।) আৰে বুঢ়া মিঞা। কি দেখিছ? এই ছােৱালীক বচা। লৈ যা। তাইক লৈ যা। থানাত খবৰ দেগৈ, যা ছােৱালী- জনীক বচা--লৈ যা—লৈ যা। বুঢ়াই বেগেৰে ওলাই যায়। লভিতাহঁত ওলাই যোৱাৰ পিছত মিলিটেৰী কেটাই মাৰি এ, এফ, আই অনক মাটিত পেলাই দিয়ে, আৰু এটাই ককাৰ পৰা গােৰ এখন উলিয়াই এ, এফ, আইৰ বুকুত বহুৱাবলৈ সাজু হওঁতেই হঠাৎ দুটা এমেৰিকান এম, পি তাত ওলায় , আৰু এটাৰ পিষ্টলৰ গুলীত ডেগাৰ মাৰিব খােজাটে। মাটিত বাগৰি যায়। বাকী দুটালৈ পিষ্টল টোৱাই কয়।। এম, পি। হেণ্ডছ আপ। { মিনিটেৰী কেটাই তেনে কৰে। এনেতে ছাৎ করে কাৰ-কাপােৰ [ ৬১ ] দ্বিতীয় দর্শন। ইলাহীবছৰ ঘৰৰ আগ চোতাল। জুপুৰি ঘৰটোৰ পিৰালিতে বুঢ়া হলাহী বকছ বহি বাদ না এটালৈ পানীৰে মুখ ধুইছে আৰু আন এফালে লভিতা উচুপি উচুপি বহি আছে । ওচৰতে কেইটামান কুকুৰাই খুটিয়াই খুটিয়াই ধান খাব লাগিছে । চোতালত এফালে গৰু এজনী আৰু দামুৰি পােৱালী এটা বন্ধ আছে ! ইলাহীয়ে মুখ ধুই, কান্ধৰ গামোছাৰে মুখ হচি বাদনটো ভালকৈ পানীৰে তাওখালি গৰুজনীৰ ফালে গৈ ইলাহী-- লভিতাক ) মাই অ’! তই কালিৰে পৰা মুখত পানী এটোপাকে দিয়া নাই। কি কৰিবি মাই, খােদাৰ কিবা মানুহৰ ওপৰত খং উঠিছে ; সেই কাৰণে যুঁজ বাগৰ, আকাল বিকাল দুণীয়ালৈ পঠিয়াইছে। মাই তােৰেইতে। অকল এনে হােৱা নাই। ( দামুৰটো আনি ওহাৰত লগাই দিয়ে । কত মানুহৰ বিলাই হৈছে। কতৰ মাকবাপেক হেৰুৱাইছে। ঘৰৰ্বাৰী গৈছে। (দামুৰীটো নি বান্ধি থৈ গাখীৰ ভিৰাবলৈ ধৰে।) মাই, যি আছে কপালত। এতিয়া যেনে তেনে জানটোহে বচাব লাগে মাই। কান্দি-কাটি নাখাই নবৈ নিজৰ দেহটোক লােকচান কৰিলে কি হল ? ( গাখীৰ খিৰােৱা হয় আৰু বাদনাটোত গাখীৰ আনি লভিতাৰ ওচৰত থৈ ) মাই, গাখীৰকে অলপ তপতাই দিওঁ। তাকে খা মাই। তই হেৰ ঘৰৰ ছোৱালী ! ভাত দুটামান বান্ধি তােক দুটামান খুৱাবৰ মােৰ এক্তিয়াৰ নাই। আমাৰ মানুহৰ সমাজৰ নিয়ম এনে। হায় আল্লা! লভিতা। নালাগে গাখীৰ তপতাব। মােৰ একো খাবৰ মন যােৱা নাই। গাটো জ্বৰ জ্বৰ হে লাগিছে। ৪৯ [ ৬২ ] [ তৃতীয় অঙ্ক-২য় দর্শন স! ইলাহী। নহয় মাই, জ্বৰ তােৰ হােৱা নাই। তোৰ ডােক চৰিহে এনেকুৱা ইচাতি বিচাতি লাগিছে। গাখীৰ এটোপা খালে মাই পেটটো জুৰ পৰিলে ভাল পাবি। এনেতে বাহিৰত হাে হােৱাই এখন ইলেটিক, হর্ণ হাও হাওকৈ | বজাই মিলি, ৰী লড়ী গুমগুমাই যায়। লড়ীবােৰৰ লৰাধপৰাখন আকৌ লাগিল। উৰাজাহাজৰ হাে-হােৱনি মটৰৰ ভেঁ-ভােৱনি শুনি আৰু কাণ ক’ল। হলগৈ। মাই, সেই কুঁৱাৰ পৰা পানী অলপ তুলি মুখখন ধুই আহগৈ। তখনাে অলপ তিয়াই দিবি, ভাল পাবি। যা মাই, যা। { মৰমেৰে চায়। আই উ, মাইজনীৰ অৱস্থা নােহােৱা হল। আল্লা! আল্লা ! (হুমুনিয়াহ পেলাই ঘৰৰ ভিতৰলৈ সােমাই যায়। ভিতৰৰ পৰা গলি মাই যা, যা, হাত মুখ ধাে গৈ যা, যা ( লভিতা উঠি ৰিহাৰ আচলেৰে চকু, নাক মচি এখুজি-দুখুজিকৈ বাহিৰলৈ ওলাই যায় । এনেতে এ, আৰ, পি পােছাকত গােলাপে হাতত বেত এডাল লৈ সােমাই আহি চোতালত থিয় হয়হি ? : গােলাপ। ইলাহী মিঞা? ঘৰত আছেনে? । ভিতৰৰ পৰা আঁ আছে। ইলাহী। ( ওলাই । অ আমাৰ গােলাপ বাপাই দেখােন! পিছে কিনাে হল, আজি দেখােন পুৱাই ওলালহি ? আমিও ঘৰবাৰী এবি যাবৰ হুকুম লৈ আহিছা নেকি ? বা বাপাই (এই বুলি ভিতৰলৈ গৈ মুঢ়া এটা আনি দি। বঁহা বাপাই বঁহা, ও পিছে ? গােলাপ। পিছে এটা খবৰৰ কাৰণেহে আহিলে। ইলাহী। কিননা খৰৰ। [ ৬৩ ] তৃতীয় অঙ্ক--২য় দর্শন ]। লন্তিকা গােলাপ। এই, এই আমাৰ ছােৱালী এজনী এইফালে | আহিছিল বােলে ? ইলাহী। অ’ বাপাই অ'। সেই যে বাণেশ্বৰ বৰুৱাৰ জীয়েক- | জনী, তায়েই। ঘটনাটো শুনিয়াই নহয় ? গােলাপ। অ' থানাৰ দৰােগই কৈছে। ইলাহী। পিদে আমাৰ সৰু দাৰােগাজন ভাল হৈছেনে ? গোলাপ। অ' জিলাৰ হাস্পাতাললৈ নিছে। ভাললৈ আহিছে। ইলাহী। অাল্লাই ভাল কৰিব। এবা, এনেকুৱাহে পুলিচ হব লাগে । ছোৱালীজনীৰ ইজ্জত নিজৰ জানটো দিও ৰাখি দিবলৈ ওলাইছিল। গােলপ। পিছে ছছাৱাজনী ক’ত আছে ? ইলাহী। ক’ত থাকিব আৰু। মােৰ ঘৰতে পৰশিৰ পৰা আছে। হেন্দুৰ ছােৱালী তাই? একো এটাকে মুখত নিদিয়ে। চকু গৈ গাঁতত সােমালেগৈ। কালি ৰাতি কোনােমতে গাখীৰ এবাটি কটিয়াইছিলাে। আজি আকৌ গাখীৰ অকণ তপতাইছো। সুধিলো বােলাে--মাই, তােক কৰবাত থৈ আহোঁগৈ ব’ল। তাই কোনােপধ্যেই নাযায়। তাকে ভাবিচিন্তি আছিলাে বােলো কৰাে কি। থানাৰ দাৰোগাকে চমজাই দিওঁগৈ নেকি ? এনেতে লভিতা ভিতৰৰ পৰা আহি গোলাপক দেখি কৰককৈ কান্দিবলৈ ধৰে। গােলাপ। { ওচৰলৈ গৈ । সভিতা—সভি। নাকান্দিবা, নাকান্দিৰা লভিতা ! [ ৬৪ ] তিতা [ তৃতীয় অঙ্ক দর্শন ইলাহী। নাকান্দিবি মাই, নাকান্দিবি। আহ, আহ, গাখীৰটোপা খাই লহি। কি হব মাই কান্দিলে। আহ। এই বুলি লভিতাক মৰম কৰি ভিতৰলৈ লৈ যায়গৈ। গােলাপ বেজাৰ মনেৰে গৈ মুঢ়াত বহে। উৰাজাহাজৰ শব্দ হয়, আকৌ কিছুপৰৰ পিছত নাইকিয়া হয়। ইলাহী বুঢ়া ওলাই আহে। ইলাহী। এৰা বাপাই, ছােৱালীজনীৰ কিবা এটা দিহা লগাব লাগিল নহয়। মোৰ ইয়াত আৰু ভাত-পানী নাখাই কেইদিন থাকিব ? তুমিয়েই বুজাই-বঢ়াই এঠাইত গত লগাই থােৱা। গােলাপ। মইতত সকলাে কথা ভাবিচিন্তিয়েই, দেশ-কালৰ কথা দেখিয়েই মৌজাদাৰৰ ঘৰত থৈছিলাে। পিছে নিজেই | তাৰ পৰা আহিছে। ইলাহী। ; কিছু আচৰিত হৈ । কি গােলাপ । এৰা। ইলাহী। কেলেই তােমালােকৰ গাঁৱতে দেখােন কাৰবাৰ ঘৰত থাকিব পাৰে। তােমাৰ ঘৰতাে-? গােলাপ। (তলকা মাৰি থাকি কি কওঁ কি ন কওঁকৈ থাকে। লভিতা। ইলাহী ককা! তুমি বুজা নাই। { কাঠ হাঁহি মাৰি।) মই—মই হিন্দু মানুহৰ ছােৱালী। মােক এইবােৰ বঙালে- কঙালে হাতত ধৰিলে। মই তােমাৰ ঘৰত, মছলমানৰ [ ৬৫ ] তৃতীয় অঙ্ক-২য় দর্শন } সক্তিত


-


- ঘৰত আশ্ৰয় লৈ থাকিলো। বুজিছা ইলাহী ককা, এতিয়া হিন্দু মানুহে মােক সিহতৰ গাঁৱত ৰাখে কেনেকৈ ? সিহতৰ ইহকাল পরকাল নষ্ট যাব। বুজিছা বুঢ়া ককা। ( কাঠ হাঁহি মাৰে । লভিতাৰ মুখত এটা তীব্র বেদনা আৰু চকুত জুই আঙনি ফুটি ওলায় । ইলাহী। আল্লা! আল্লা! মানুহবােৰ ইমান কাঠচিতীয়া। গােলাপ। ইলাহী মিঞা, কি কম, কি কম। আমাৰ মানুহবােৰৰ আজিও চকু মুকলি নহল। আজিও- ইলাহী। কেলৈ বাপাই। আজি অত বছৰ গান্ধী মহাত্মাই, কংগ্ৰেছে মানুহক দেখােন এইবােৰ এৰিবলৈ কৈছে- মহাত্মাৰ কথাৰ অলপপ গুণ ধৰা নাইনে? এইবােৰ বিপদত পৰিলহি। মানুহে বিপদ চাপিলে সহি থাকিব লাগে । সভিতা। ( কনামুৱাহৈ ওলাই আহি কিয় সহি থাকিব ? অন্যায় অত্যাচাৰৰ কেতিয়াও সহি থাকিব নালাগে। তুমি মােক আশ্ৰয়ৰ বাবে মৌজাদাৰৰ ঘৰত থলা। তাত ক’ত মােক দুআষাৰ মৰমৰ মাতেৰে মনত সান্ত্বনা দিব। কিনা গােলামৰ দৰে বাবলৈতত ধৰিলেই, তাৰ উপৰি পুৱাৰে পৰা ৰাতি দুপৰলৈকে যতবােৰ বছা বছা তিল-কে এটাইবােৰ দিবলৈ লাগিল। তেজ-মঙহৰ মানুহে নােৱাৰে সহিব। মইতত আৰু গৰু ছাগলী নহও। [ ৬৬ ] লতিতা [ তৃতীয় অঙ্ক -২৪ দর্শন গােলাপ। মই মৌজাদাৰনী তেনে বুলি ভবা নাছিলাে। লভিতা। তেওঁলােকে মানুহক গৰকি গৰকি, মানুহক যে, মানুহ বুলি ভাবিব লাগে, সেইটো পাহৰিয়েই গৈছে। ইলাহী। এৰা, দুনীয়াখন বৰ কৱা। পিছে যি হয় এটা কৰা। তোমালােকৰ ঘৰলৈকে লৈ লােৱা ।। (গােলাপে একে নামাতি মনে মনে থাকে। ইলাহীয়ে লভিতাৰ ফলে চায়। ভিতাই তলমূৰকৈ থাকে।) ইলাহী। । কিছুপৰ গােলাপৰ ফালে চাই) একো নামাতিলা দেখেন? গােলাপ। এৰ? মই একো বুদ্ধিকে পােৱা নাই। ( চিন্তা কৰে ।) ধৰিছে বিছু কিছু। পিছে আমাৰ এই ফালৰ ওবােৰ এতিয়াও বেছি ভাগ গঞায়েই একেবাৰে আগৰ দৰকে খামােচ মাৰি ধৰি আছে। ইলাহী। তোমালােকে ডেকাবােবে পিছে? গােলাপ। আমি ছেকাবােৰেও যুজিছাে, তাৰ বিৰুদ্ধে যুজিছে। পিছে ঘৰখনৰ মানুহৰ সৈতে যুজা বৰ টান, বাহিৰৰ মানুহৰ সৈতে যু জি-বাগৰি সিহতক সৈমান কৰাব পাৰিলেও ঘৰৰ মানুহক নােৱাৰি ।। ইলাহী। বিয় পাই, এই ছােৱালী তুমিয়েই বিয়া কৰােৱাৰ কথা! তুমিয়েই তাইক নি আশ্রয় নিদিয়া কিয় ? গােলপ। (কিছু পৰ মনে মনে থাকি) ইলাহী মিঞা ! আজি [ ৬৭ ] তৃতীয় অঙ্ক-২য় দর্শন। লতি লভিতাৰ বিষয়ে গাঁৱে-ভূয়ে নানা কথা ওলাইছে, আজি যদি মই লভিক আশ্রয় দিওঁ, মাক সমাজে ভিতা। (ঙৰ জ্বলি উঠি। নানা কথা ওলাইছে! অৱশ্যে যি ঘটনাব মাজেদি ঈশ্বৰে মােক নিছে---ওলাব। মােৰ মান গ’ল, ইজ্জত গ’ল, জাত গ'ল বুলি মানুহে ভাবিৰৰ কথাই। কিন্তু তুমি - তুমিও মােক ঘিণ কৰিবানে ? গােলাপ। কেতিয়াও নকৰোনকৰে। লভিতা,-মই আজি . কালিৰ ডেকা লৰা, লভিতা! লভিতা। আজিকালিৰ ডেকা লৰা। আজিকালি উপজিছা, সেইবুলিয়েই নে ? অকল আজিকালি উপজিলেই আজি কালিৰ লৰা হব নােৱাৰি। তোমাৰ মনটো আজিৰ দিনতাে আজি দুকুৰি বছৰ আগৰ ডেকাৰ দৰে। যি কথাটো সত। বুলি ভাবা, তাক সমাজৰ ভয়ত কবলৈ সাহ নাই, কৰিবলৈ সাহ নাই। গোলাপ। ( তলমূৰকৈ থাকে। লভিতা। তুমি নকবা, আজিৰ দিনৰ ডেকা বুলি, তােক নিজকে সেই বুলি ভুৱা নিদিবা। যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলা নাই, সি আজিৰ দিনৰ ডেকা হবই নােৱাৰে। বজাৰ অন্যায়, আইনৰ অন্যায়, দেশৰ অন্যায়, দেশৰ চলি থকা অধ্যায় নিয়ম কাবণ, মূখ সমাজব, সঙ্কীর্ণ মনৰ মানুহৰ নিৰপৰাধী নিমাখিতৰ ওপৰত অন্যায় [ ৬৮ ] নহিত [ তৃতীয় অঞ্চ—২য় দর্শন অত্যাচাৰৰ বিৰুদ্ধে নিজৰ সুখ-সম্পদ, আনকি জীৱনকো দি যি ডেকাৰ থিয় হবলৈ মনত বল নাই, বুকত শক্তি নাই, সি আজিৰ ডেকা হবই নােৱাৰে। বুঢ়া ককা। মােৰ এই ঠাইত আৰু ঠাই নাই। মই এতিয়া অস্পৃশ্য, মই এতিয়া যাওঁ, (কান্দিবলৈ ধৰে । গােলাপ,মােৰ বাবে তুমি মূৰ ঘুমাব নালাগে। তুমি আমনি পাব নালাগে। সমাজৰ চকুৰ কুটা দাতৰ শাল হব নালাগে। সমাজৰ বৰমূৰীয়া ধৰ্ম্মধ্বজসকলৰ গৰিহনা শাও খাবলৈ তুমি যাব নালাগে। তুমি যিয়েই হােৱা কিন্তু তুমি আজিৰ ডেকা নােহাের। তােমাৰ গাঁওলৈ, তােমাৰ মানুহলৈ তােমাৰ গাৱৰ নিয়ম কাৰণ লৈ, তোমাৰ সমাজ লৈ, তােমাৰ জাত লৈ তুমি থাকা। কিন্তু কাৰ আগত নকবা তুমি আজিৰ ডেকা বুলি, তুমি আজিৰ ডেকা বুলি নকবা, মকব, নকবা । ( এই বুলি লভিতা তাৰ পৰা উsৎ মাৰি ওলাই যায়গৈ। গােলাপে কি কৰাে কি নকৰােকৈ মুখত এটা তীব্ৰ বেজাৰেৰে কান্দো কালো হয়। ইলাহী বুঢ়াই কাতৰ কণ্ঠেৰে কন্দ সুৰত চিঞৰি লভিতা যােৱা-ফালে খােজ দিয়ে ।। ইলাহী। নাযাবি অ’ মাই, নায়াবি অ' মাই, অ' মাই, মাই আঁৰ কাপােৰ [ ৬৯ ] চতুর্থ তক প্রথম দর্শন ( গােলাঘাট চহৰৰ এটা চৰকাৰী আলি। দুজন কাছাৰিৰ আমােলাই কথা পাতি যায় । ১ম আমােলা। এৰা হেৰি বৰ বিপদেই হ’ল। কি কৰা যায় ? আমাৰ দেখােন জীয়াতে মৰণ হ’ল। এইদৰে খাবলৈ বয়বস্তু নহলে কেনেকৈ তৰিব হেবি। ১য় আমােলা। নাই আৰু ক'ৰবালে ভাগিহে যাব লাগিব । চাউলৰ মােণে হ'লগৈ ডেৰকুৰি টকা দাম। আটা পাবলৈ নাই, তেল পাবলৈ নাই, ঘিউ অকণ পাবলৈ নাই, কেনেকে তৰা বাৰু ? ১ম আমােশা। আটা, ঘিউৰ যিয়েই হওক । এই শাক-পাচলি কেইডালমান আৰু মাছ-পুঠি দুটামান হলে এতো জীৱনটো থাকে। ২য় আমােলা। শাক-পাচলি পাবিক’ৰ পৰা ? ঠিকাদাৰবােৰ গাঁৱে-ভূয়ে সােমাই লাও, কোমােৰা, জলকীয়া, বেঙেনা, যত যি পায় চুচি বাচিনি মিলিটেৰীক দিছেগৈ। হেৰা নেমুটেঙা এটাৰনাে দাম গােটে আঠ অনা, প্রভু। এইখন কি কৰিলা ? [ ৭০ ] লতি । { চতুর্থ অঙ্ক - ১ম দর্শন ১ম আমােলা। ডাঙৰৰ যি হওক বাৰু লৰা-ছোৱালী কেটাই এতিয়া দুবেলা দুপােৱা গাখীৰ খাবলৈ নেপালে জীয়ে কেনেকৈ ? ( এনেতে দূৰত ‘বন্দে মাতৰম’ ‘ইনকিলাব জিন্দাবাদ’ ধ্বনি। ২য় আমােলা। সেয়া, সেইখনাে লাগিল আকে। ১ম আমােলা। এৰা, কিনােহব খুজি’ে, ততকে পােৱা নাই। এই যুজৰ সময়ত এই কংগ্ৰেছখন অলপ তলকা মাৰি থকা হলেও হয়। নাই, গােটেইখন উত্ৰাৱল। বাপেকে গুলী খাই খাই মৰিছে, তেও জানাে সিহঁত শান্ত হব! ইংৰাজৰ হাতত আটাইবােৰ বৈজ্ঞানিক অস্ত্র -- নতুন নতুন কত মানুহ মৰা কল-কাৰখানা। শুদা হাতেৰেননা কেনেকৈ সিহঁতক খেদাবলৈ যায়। এতিয়া বােল আকৌ ‘এটম বােমা উলিয়াছে। তাকে বােলে এটা বােমাৰেই এখন চহৰ উৰাই দিব পাৰে। এই কংগ্ৰেখনে ভাল তৰাৰ ফখুঁটি মাৰি বাঘ খেদিবলৈ ওলাইছে। এনেনে মূখালি দিন দুপৰতে কৰিব লাগেনে ? ২৪ আমোলা। আজি বােল ভলন্টিয়াৰে কাহাৰিত নিচান তুলিবলৈ আহিব। মৰিব, মৰিব, ইংৰাজে কি মুখলৈ চাব। এতিয়া সিহঁতে দেশ জাপানীয়ে লয় বুলি বলিয়া হৈছে, এফালৰ পৰা গুলীয়াই দিব। [ ৭১ ] চতুর্থ অঙ্ক - ১ম দর্শন } ১ম আমােলা। এবা বলক হেৰি, বলক ইয়াৰ পৰা। কৰবাত গুলী চুলি উফৰি আহিব, ভাল কৰিলা ঈশ্বৰ।। দুয়ো বগাই ওলাই যায়। দূৰত ‘বন্দে মাতৰম্’ ধ্বনি কেইবাবাৰাে হয় এনেতে সেইফালে কেইজনমান কংগ্ৰেছ ভলান্টিঘাৰ গান্ধী টুপী পিন্ধি কোবােৰে ওলাই যায় তাৰ পিছতে গান্ধী টুপী পিন্ধা এদল গাৱলীয়া ডেকাছেকেৰী হাতত ত্রিবর্ণ নিচানলৈ গীত গাই সমদল কৰি সেইফালেদি যায়হি - অ’ আমাৰ গাঁও। আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি মৰিবলৈ যাওঁ। ভৰপূৰ তমােলকে সেউজীয়া পথাৰেৰে দূৰতে জিলিক থকা অ আমাৰ গাঁও। দেশৰ হকে মৰিব পৰা আমাৰ গাঁৱৰ ডেকা লৰা ডেকেৰী নহয় পাছ পৰা

| অ’ আমাৰ গাঁও। [ ৭২ ]
 

একঠা মাটি মই উপজিয়ে পাওঁ
এমুঠি পেটৰ ভাত
এখনি কাপোৰ গাত
 আজি কিয় তাকো নাপাওঁ?
এই মাটি মোৰ অধিকাৰ
মোৰে ভাত মোৰে কাপোৰ
মোৰে দেশ আজি মই
 নিজে ৰখাওঁ
কালৰ মূৰ্ত্তি ধৰি
 শতৰু মূৰত
আকাশৰ চৰগ্ নেলাওঁ।

(গাই গাই গাই ওলাই যায়গৈ।)

অলপ পিছত এজন দাৰোগা ছাইকেল মাৰি কোবেৰে যায়। কিছুমান ছাত্ৰ-ছাত্ৰী ‘বন্দে মাতৰম’ ধ্বনি কৰি সেই ফালেদি লৰ মাৰে। কেইটা মান গুৰ্খা সৈন্যই চঙ্গীন উলিয়াই সেইফালে পেত্ৰল কৰি গুচি যায়। এনেতে দুজন ঠিকাদাৰ কথা পাতি সেই ফালেদি আহে।)

১ম ঠিকাদাৰ। যদি মই এই দুশ কুলি গোটাই কামটো ঠিকে-ঠাকে শেষ কৰিব পাৰো, তেন্তে নগদ একলাখ টকা লাভ হবই। [ ৭৩ ]
 

২য় ঠিকাদাৰ। মোৰহে অলপ দিগদাৰ হ'ল। চোৱাচোন কাম হৈ যোৱা টকাখিনি বন্ধ কৰি থৈছে। বুজিছা সেই ইঞ্জিনীয়াৰ চাহাবটোক বোলে দহ হেজাৰ লাগে, তেহে হেনো বিলখন পাচ কৰি দিয়ে।

১ম ঠিকাদাৰ। নকবা আৰু টকা নহলে একোৱেই নহয়। ঠিকাদাৰখনক খটুৱাই মাৰি এই গৱৰ্ণমেণ্টৰ অফিচাৰবোৰে মাজতে টকাবোৰ মাৰিছে। (এনেতে এজন মাৰোৱাৰী মহাজন সোমাই আহে।) অ' ৰাম ৰাম! বাবুজী এই আমি আপোনাৰ তালৈ যামহে বুলিছিলো৷

মহাজন। ৰাম ৰাম! পিছে কি বাত কৰিব বাবুজী? জিনিছ উনিছ ত’ কুছ পাবলৈ নাই আছে। ডাল নাই, আটা নাই, চেনি নাই, নিমখ নাই, তেল নাই, কুছ নাই, হামিলোকে কৰ পৰা আনিব? ৰেল-জাহাজতো চব খালি মিলিটেৰী মাল আৰু চিপাহী আনিছে নিছে।

১ম ঠিকাদাৰ। পিছে বাবুজী এটা কথা নহয়।

মাৰোৱাৰী। কি কথা আছে?

১ম ঠিকাদাৰ। মোক দুমোণ আটা নহলে নহয়।

মাৰোৱাৰী৷ হৰে ৰাম, হৰে ৰাম! হামি আজি এক মহিনা ৰুটি খাবলৈ নাই পাইছো। খালি চাউল খাই খাই হামাৰ চবৰে পেটৰ বেমাৰ হৈ গৈছে। হৰে ৰাম, হৰে ৰাম ক’ত পাম? [ ৭৪ ]
 

১ম ঠিকাদাৰ। নহয় বাবুজী! আপুনি বিচাৰি কৰবাৰ পৰা দিবই লাগিব।

মাৰোৱাৰী। ৰাম ৰাম্ বিশ্বাস নকৰে নেকি? থাকিলে নো আৰু আপোনাক হামাৰ নিজৰ মানুহক নাই দিমনে? বাৰু ৰাম ৰাম। (যায়।)

১ম ঠিকাদাৰ। বৰ দিগদাৰ হ’ল। বাবুজী যদি কেনেবাকৈ দিব পাৰে, মই সেৰে দুটকাকৈ ভি দিবলৈ ৰাজি আছে।

(মাৰোৱাৰী উলটি আহি)

মাৰোৱাৰী। কি কি দুটকা সেৰ দিব? বাৰু গধূলিকে একবাৰ হামাৰ দোকানত আহিব। কিজানি দুছোৰা কাৰবাৰ ঘৰত পোৱা যাব পাৰে। খবৰ কৰি দেখিম। আচ্ছা ৭ সাত বজাত আহিব। (যায়।)

২য় ঠিকাদাৰ। মাৰিছ বোপাই, তহঁতেই মাৰিছ টকা। টকাত দহ টকাকৈ লাভ।

১ম ঠিকাদাৰ। ইহঁতে বস্তুবোৰ লুকুৱাই লুকুৱাই বস্তুৰ দাম তুলি মানুহখনক ঠাৱনি নোপোৱাকৈ মাৰিলে৷ গৱৰ্ণমেন্টে সেই কণ্ট্ৰল কৰিলে কি হব? টকা পালেই ব্লেক মাৰ্কেটিয়াৰক এৰি দিব; ক’ৰ পৰা দাম কমে।

(এনেতে দূৰত লড়ীৰ হৰ্ণ শুনা যায়।)

এ সেইখন মোৰ লড়ী আহিল। মই আজি ডিমাপুৰ দুই বজাত পাবগৈয়ে লাগিব। ভাল তেন্তে মই যাওঁ। [ ৭৫ ]
 
(এই বুলি দুজন দুফালে ওলাই যায়। এনেতে ইলাহী বকছে এডাল লাঠিত এটা কাপোৰৰ টোপোলা বান্ধি লৈ এখোজ দুখোজ কৈ সোমাই আহে আৰু পাছে পাছে লভিতা)

ইলাহী। মাই, এইখিনিতে অলপ বহো, বৰ ভাগৰ লাগিছে।

(ইলাহীয়ে টোপোলাটো থৈ লভিতাৰ সৈতে বহে। এনেতে দুফালৰ পৰা দুজন মানুহ আহি বাটতে লগ খায়।)

১ম মানুহ। এ শইকীয়া, শুনিছেনে কথাটো? হয়নে বোলে জাপানীবোৰ আহি নগাপাহাৰ সোমালেহি।

২য় মানুহৰ। এৰা বোলে কহিমাৰ পৰা প্ৰায় ৭০ মাইল দূৰলৈকে সিহঁতৰ দুটা দল আহিছে বোলে।

১ম মানুহ। এটা কথা দেখোন ওচৰ চাপি আহিল।

(ইলাহীয়ে শুনি লভিতাক ফুচ্‌ফুচাই কিবা কয়। এনেতে দুজন এ, আৰ, পি অফিচাৰ আৰু দুজনী ৰেড্ ক্ৰছ নাৰ্ছ সেই ফালেদি আহে।)

২য় মানুহ। (এ, আৰ, পিক) অ’ হেৰি হয়নে? জাপানী বোলে পালেহিয়েই?

এ, আৰ, পি। কোনে কলে? মিছা কথা। উৰা বাতৰিবোৰ উলিয়াই মানুহক ভয় খুৱাই নুফুৰিব।

২য় মানুহ। হাঃ হাঃ হাঃ হাঃ হাঃ..নাই নাই আমি-নাই নাই হাঃ হাঃ হাঃ।

(ওলাই যায়। লগতে ১ম মানুহো হাঁহি হাঁহি ওলাই যায়। ইলাহী অলপ ভয় ভয়কৈ আহি এ, আৰ, পি জনক চালাম দিয়ে।)

এ, আৰ, পি। কি হ’ল বুঢ়া মানুহ?

ইলাহী। হজুৰ, আমি বৰ চাহাবৰ বঙলালৈ যাব খুজিছো। পিছে চিনি নাপাওঁ। [ ৭৬ ]
 

এ, আৰ, পি। বৰচাহাবৰ বঙলালৈ? (লভিতালৈ চকু পৰিলত) অ’ এইজনী তোমাৰ ছোৱালী নেকি? কি হ’ল তোমাৰ ছোৱালী? কৰবাত মিলিটেৰীয়ে দিগ্‌দাৰ কৰিছিলে নেকি?

ইলাহী। (খোকোজা লাগি) অ’ অ’...নাই। (এজনী নাৰ্ছ—লভিতাৰ ওচৰলৈ গৈ চাই থাকে।)

এ, আৰ, পি! বৰ চাহাবৰ তালৈ কিয় যাবা?

ইলাহী। হজুৰ! এই ছোৱালীজনীৰ কেও কিছু নাই। কিবা এটা উপায়—?

এ, আৰ, পি। কি তোমাৰ ছোৱালী নহয়? তুমি নাৰ্ছ কাম কৰিবানে? তিনিকুৰিকৈ দৰমহা পাবা।

(ইলাহীয়ে অলপ আনন্দ পাই ওচৰলৈ আহি।)

ইলাহী। তিনিকুৰি দৰমহা! কৰিব কৰিব...মাই মাই! তোৰ কপাল ভাল তোৰ—।

এ আৰ, পি। ৰবা ৰবা, ছোৱালীয়ে কি কয়? নাৰ্ছ মানে বুজিছানে?

লভিতা। বুজিছো, বেমাৰী চাব লাগিব।

এ, আৰ, পি। অ’ হয়। পিছে নাৰ্ছ হৈ যাব লাগিব যুদ্ধৰ হাস্পাতাললৈ। গুলী খাই মৰাৰ ভয় আছে হলে।

লভিতা। মৰিলে মইহে মৰিমনে? আন আন নাৰ্ছো মৰিব নহয়।

এ, আৰ, পি। (হাঁহি) অ’ তোমাৰ বৰ সাহ। তুমি তেন্তে মৰিবলৈ ভয় নকৰা।

লভিতা। (হাঁহি মূৰ জোকাৰে।) [ ৭৭ ]
 
এনেতে দূৰত বন্দে মাতৰম্’ ধ্বনি হয়। ‘মাহাত্মা গান্ধী কি জয়।’ ‘স্বাধীন ভাৰত কি জয়।’ সকলোৱে সেইফালে চায়।

এ, আৰ, পি। অ’ আজি কাছাৰিত স্বৰাজ নিছান উৰুৱাবলৈ যোৱা ভলন্টিয়াৰবোৰ সকলোকে এৰেষ্ট কৰি আনিছে।

তেওঁলোক এদাঁতিত থিয় হয় আৰু ভিতৰৰ ফালে চাই থাকে। ভিভৰত ভলান্টিয়াৰৰ গীত হয়।

—গীত—

বিশ্ববিজয়ী নৱ জোৱান
 বিশ্ববিজয়ী নৱ জোৱান
শক্তিশালিনী ভাৰতৰ
 ওলাই আহাঁ, ওলাই আহাঁ,
 সন্তান ভূমি বিপ্লৱৰ।
সমুখ সমৰ সমুখতে
 মুক্তি যুঁজাৰু হুঁছিয়াৰ
মৃত্যু বিজয় কৰিব লাগিব।
 স্বাধীনতাৰ খুলি দুৱাৰ।

এদল গান্ধীটুপী পিন্ধা কংগ্ৰেছ ভলণ্টিয়াৰক চঙ্গীনধাৰী পল্টনে ঘেৰাও কৰি জেললৈ লৈ যায়। সিহঁতে গীত গাই গাই আহে। দলটো এফালৰ পৰা আনফালে ওলাই যায়। দূৰলৈ যোৱাত গীত লাহে লাহে নুশুনা হয়। লভিতাই তন্ময় হৈ সিহঁতৰ ফালে চাই আছিল৷ [ ৭৮ ]
 

লভিতা । (ভলণ্টিয়াৰ যোৱাৰ ফালে চাই থাকি ইলাহীক কয়) বুঢ়া ককা! এওঁলোকৰ সৈতে দেশৰ কামকে কৰিবলৈ পোৱা হলেও—

এ, আৰ, পি। (লভিতাৰ কথা শুনি } দেশৰ কাম? নাৰ্ছ হলে জানো দেশৰ কাম কৰা নহয়? বেমাৰীক, যুদ্ধত আহত হোৱা,আতুৰত পৰা মানুহক শুশ্ৰুষা কৰা, সিহঁতক সেৱা কৰা সিহঁতক প্ৰতিপাল কৰাতকৈ কি আৰু ডাঙৰ পুণ্যৰ কাম হব পাৰে? তিৰোতাৰ সেৱাই ধৰ্ম্ম । আতুৰক শুশ্ৰুষা কৰা, বিপদ আপদত মানুহৰ মুখত এটুপি পানী দিয়া, এষাৰি মৰমৰ মাত দিয়াই তিৰোতাৰ ডাঙৰ ধৰ্ম্ম, ইও দেশৰেই কাম ৷ ক... আমাৰ মানুহ যুদ্ধত আহত হৈ আহিব, সেইবোৰ নিজৰ দেশৰ মানুহক শুশ্ৰূষা কৰা, সেৱা কৰা জানো দেশৰ কাম নহয়? ই মানুহৰ সেৱা। ঈশ্বৰৰ পূজা। তিৰোতা মানুহক ইয়াতকৈ আৰু কি ডাঙৰ কাম লাগিছে?

লভিতা ৷ (কিছুপৰ তলকা মাৰি থাকি, ইলাহীৰ মুখখন কৰুণ ভাবে চাই থকাৰ পাচত এ, আৰ, পিৰ লগত অহা নাৰ্ছজনীয়ে হাঁহি গৈ লভিতাক বাউসীত ধৰি লৈ যায়। লভিতাই তল মূৰকৈ যায। এনেতে ছাইৰেন বাজে। সিহঁত বেগাবেগিকৈ যায়। এ, আৰ, পিয়ে হুইছেল উলিয়াই বজাই ইফালে সিফালে গৈ এবাৰ চাৎ কৰে যায়গৈ।)

————
[ ৭৯ ]
দ্বিতীয় দৰ্শন

 গোলাঘাটৰ লহৰ-জান এয়াৰ ড্ৰমৰ ওচৰৰ এটা নাৰ্ছ ট্ৰেইনিং কেম্প। এফালেদি দূৰৈত এয়াৰ ড্ৰম দেখা গৈছিল আৰু ডাঙৰ ডাঙৰ কেইখনমান বোমাৰু আৰু সৈন্য-বাহী বিমান দেখা গৈছিল। ট্ৰেইনিংকেম্পৰ বাৰান্দাত বুকুত ডাঙৰকৈ ৰেড়্ ক্ৰছ লগোৱা আৰু মূৰত ডাঙৰকৈ হুড্ পিন্ধা কেইজনীমান নাৰ্ছৰ সৈতে লভিতাও সম্পূৰ্ণ নাৰ্ছৰ পোচাকত ৰেলিঙত ধৰি কথা পাতি থাকে। ইফালে লেবাৰ ক’ৰ ইউনিফৰ্ম পিন্ধা মানুহে ভিতৰৰ পৰা মাল কিছুমান কান্ধতকৈ কঢ়িয়াই বাহিৰত থকা লড়ীত বোজাই দিবলৈ যোৱা-অহা কৰি থাকে।

১ম নাৰ্ছ। এৰা, এইবাৰহে কোন লঙ্কা পাবগৈ লাগে ঠিক নাই। কহিমাৰ পৰা আকৌ হুহকি এই গোলাঘাটকে পাবহি লাগিব নে আগবাঢ়ি গৈ বৰ্ম্মা সোমাবগৈ লাগিব কব পৰা নাই।

লভিতা। বৰ্ম্মা সোমাবগৈ পাৰিলেহে মই ভাল পাম। মোৰ হলে এইখনত আৰু ভাল লগা নাই।

১ম নাৰ্ছ। তোমাৰ কি আছে, অকলশৰীয়া মানুহ, আমেৰিকা পালেগৈও তোমাৰ ভালেই লাগিব; আমাৰ আকৌ ঘৰৰ গাঁৱত আই-বোপাই, বাই-ভনী সোপাই আছে নহয়।

(লভিতাই তলমূৰকৈ বেজাৰ কৰে।)
[ ৮০ ]
 

২য় নাৰ্ছ। এৰা! (হাতৰ ঘড়ী চাই) এতিয়া দেখোন ৯ বাজি ২০ মিনিট গলেই। ঠিক ১০ বজাত ইয়াৰ পৰা বোলে ৰাওনা হবই লাগিব। তেহে সন্ধিয়া কহিমা পোৱাগৈ হব। মই ককাইটিক মাতি পঠিয়াইছিলো ৰাতিপুৱাই আহিবলৈ । এতিয়ালৈকে দেখোন খবৰেই নাই ।

১ম নাৰ্ছ। এৰা, আমাৰ পিতাইহঁত অহাৰ কথা আছিল ।

(এনেতে কেপটেইন্ শৰ্ম্মা আহে।)

কেপটেইন শৰ্ম্মা। সোণচাকী কাৰ নাম?

১ম নাৰ্ছ। মোৰ নাম ছাৰ্।

কেঃ শৰ্ম্মা। হামদৈ কাৰ নাম ?

২য় নাৰ্ছ। মোৰ নাম ছাৰ।

কেঃ শৰ্ম্মা। অ’ তোমালোকৰ ঘৰৰ পৰা পিতায়েৰা আৰু ককায়েৰা আহিছে। সেই অফিচৰ বাৰান্দাতে আছে। দেখা কৰি আহা। কুইক্ কুইক্ কুইক্ । দহ মিনিটৰ ভিতৰত দেখা কৰা হব লাগিব ।

(দুয়ো-জনীযে হাঁহি ‘বাৰু ছাৰ’ বুলি খৰ খেদাকৈ ওলাই যায়।)

শৰ্মাই। (মুখত এটা চিগাৰেট লগাই লৈ লভিতালৈ চাই,) তোমাৰ নাম কি?

লভিতা। লভিতা বৰুৱা । [ ৮১ ]
 
কেঃ শৰ্ম্মা। ল-ভি-তা-বৰুৱা। কৰবাত শুনা যেন লাগে,—তুমি কোন গাঁৱৰ ?

লভিতা। ফুলগুৰিৰ ।

কেঃ শৰ্ম্মা। I see—তোমাৰ কোনো অহা নাই দেখো মাতিবলৈ?

লভিতা। নাই।

কেঃ শৰ্ম্মা। I see—অ’ তুমিও কহিমাৰ ডিউটিত পৰিছা নহয়?

লভিতা। হয়। ময়ো আজি কহিমালৈ যাব লাগিব।

কেঃ শৰ্ম্মা। I see-বাৰু। (এই বুলি গৰপ্-গৰপ্‌কৈ বাৰান্দালৈ উঠি কেম্পৰ ভিতৰলৈ সোমাই অদৃশ্য হয়। ভিতৰৰ পৰা মাত আহে।) “এই বেছি দেৰি নেইহে। জলদি, জলদি, মাল উঠাও। আধা ঘণ্টা হে।” (কেবাটাও লেবাৰ ক’ৰৰ মানুহে মাল-পত্ৰ লৈ লৰি লৰি আহে, আৰু মাল অনা নিয়াৰ থৰ খেদা লাগে। এনেতে শৰ্ম্মা ঘৰ্ডী চাই বাৰান্দাত থিয হয়হি।) জলদি কৰ, জলদি কৰ, আধাঘণ্টা টাইম, জলদি। কুইক্ কুইক্ কুইক্। (লভিতাৰ ফালে চাই) তুমি ইয়াত কি কৰিছা? তোমাৰ মাল নি ট্ৰাকত দিয়া হ’লনে? কুইক Quick Quick.

লভিতা। হয় হ’ল।

কেঃ শৰ্ম্মা। তেন্তে যোৱা। ভালকৈ সকলো চাইচিন্তি যাবৰ কাৰণে ৰেডি হোৱাগৈ কুইক Quick Quick [ ৮২ ]
 
(এই বুলি তেওঁ বেগেৰে বাহিৰলৈ ওলাই যায়, লভিতাও বেগাই ভিতৰ সোমায়। এনেতে হাতত টোপোলা লৈ নাৰ্ছ দুজনী লৰি লৰি কেম্পলৈ সোমাব খোঁজোতে ‘হেই’ শব্দ শুনি ৰয়, আৰু কেঃ শৰ্ম্মা আহি)

 কি—কি—কি এইবোৰ কি?

১ম নাৰ্ছ। (অলপ হোহঁকা-পিচলা কৰি) ঘৰৰ পৰা পিঠা দিছে।

কেঃ শৰ্ম্মা৷ পি..ঠা..? পি..ঠা (ধম্‌কি মাৰি) যুদ্ধৰ মাজত পিঠা? কেলৈ? কোনে দিছে?

২য় নাৰ্ছ। পিতাইহঁত আহিছিল।

কেঃ শৰ্ম্মা৷ I see কি এতিয়া যাবৰ সময়ত পিঠা উলিয়াইছা? চাওঁ চাওঁ কি আছে তাত, পিঠাই দেখোন।(নাৰ্ছ দুজনীয়ে টোপোলা মেলি দেখুৱায় আৰু কেঃ শৰ্ম্মাই পিঠা দুটামান হাতত লৈ) অ’ পিঠাইতো। যোৱা বেগে খৰকৈ ওলাব লাগে। Quick Quick। (পিঠা এটা মুখত ভৰাই খায়) Quick, Quick. মাত্ৰ ১৫ মিনিট, যোৱা তোমালোক ট্ৰাকত উঠাগৈ। (আকৌ পিঠা খায়) চাওঁ, চাওঁ আৰু দুটামান দিয়াচোন (গৈ উলিয়াই লয়, নাৰ্ছ দুজনী হাঁহি সোমাই যায়। কেঃ শৰ্মাই পিঠা খায়। লভিতা আৰু দুজনী নাৰ্ছ টালি-টোপোলা লৈ ট্ৰাকত উঠিবলৈ যায়। সিহঁতলৈ চাই) পিঠা কেইটা ভালকৈ কৰিছিল দেইবা। হেঃ হেঃ হেঃ। Quick, quick (সিহঁত ওলাই যায়। বাহিৰত ট্ৰাকত দীঘলীয়া হৰ্ণ বাজে। এনেতে

[ ৮৩ ]
 

লাঠী এডালত দুটা মাটিকঠাল ওলোমাই লৈ ইলাহী বক্স তাত সোমাই ইফালে সিফালে চাই কেঃ শৰ্মাক চালাম দিয়ে।) কি? কি? ক্যা মাঙ্‌তা? ক্যা মাঙ্‌তা?

| ইলাহী। হুজুৰ! হুজুৰ! মোৰ ছোৱালীজনীলৈ দুটামান ‘আনাৰস' আনিছিলো। হুজুৰ! এইফালে চিপাহীয়ে আহিবলৈ নিদিয়ে। হুজুৰ কোনো ম’তেহে বৰকৈ কাকূতি মিনতি কৰি আহিছো। হুজুৰ! ছোৱালীজনী এবাৰ দেখা পামনে হুজুৰ?

কেঃ শৰ্মা৷ কি নাম? কোন ছোৱালী?

ইলাহী। হুজুৰ! হুজুৰ! মোৰ ছোৱালীজনী লভিতা, হুজুৰ ধাই কাম কৰে—

কেঃ শৰ্ম্মা। লভিতা—তোমাৰ ছোৱালী?

ইলাহী। হুজুৰ! মোৰ নহয় যদিও মোৰ জীৰ দৰেই। কেঁও-কিছু নোহোৱাত মোৰ আশ্ৰয়তে আছিল। মই উপায় নাপাই এই কামত দি দিছো।

কেঃ শৰ্মা৷ সেই তুমি অনা I see, পিছে তাই এতিয়া কহিমালৈ যাবলৈ মটৰত উঠিল। এতিয়া আৰু দেখা নাপাবা।

ইলাহী। নহয় হুজুৰ! নহয় হুজুৰ। খোদাই আপোনাৰ মঙল কৰিব। এবাৰ হুজুৰ! যোৱাৰ আগতে চাই লম—আঃ মোৰ মাইজনীক চাই লম। কি জানি আৰু দেখা... হুজুৰ! [ ৮৪ ] কেঃ শৰ্ম্মা। All right, মাত্ৰ ৪ মিনিট আছে যাবলৈ। (ঘড়ি চাই) দুই মিনিট দেখা কৰিব পাৰিবা। (এই বুলি ওলায় যায়। অলপ পিছত লভিতা লৰ মাৰি আহি ইলাহীক দেখি “ককা ককা” বুলি সাৱট মাৰি ধৰি বুকত মূৰ সুমায়। ইলাহীয়ে “মাই মোৰ মাই” বুলি সাৱটি ধৰে, মাটি কঠালকেটা মাটিত থয়।)

লভিতা। ককা! যাবৰ সময়ত তোমাক কোনে খবৰ দিলে?

ইলাহী। খোদাই–খোদাই খবৰ দিলে মাই। আজি মোৰ মনটোত পুৱাৰে পৰা তোক বৰ চাবৰ মন গৈছিল—থাকিব নোৱাৰি আহিলো। (বাহিৰত ট্ৰাকত হৰ্ণ বাজে।)

লভিতা। (কন্দনামুৱাকৈ) ককা! কহিমালৈ যাব লাগিব, তাত যুদ্ধ চাপি আহিছে। ককা! তাকৌ যদি তোমাৰ সৈতে দেখা নহয়। (কান্দে)

ইলাহী। মাই। মাই (চকু পানী টুকি) খোদাৰ ইচ্ছা। মাই! দুদিনলৈ আহিছিলি মাই। মোৰ দুনীয়াৰ সকলোকে হেৰুৱাই খোদাক চিন্তি দিন গণি আছিলো। তই আহি দুদিনতে মোৰ জীৰ মৰম উথলাই তুলিলি মাই! এতিয়া গাৰ মঙহ এৰোৱাদি এৰাই কলৈ বিপদৰ মাজলৈ যাবলৈ ওলালি—মাই! মাই (হুৰাওৰাকৈ কান্দে) মাই–অ' মাই!(মটৰৰ হৰ্ণ খুব খৰকৈ বাজিবলৈ ধৰে আৰু ‘নাৰ্ছ, নাৰ্ছ জলদি আও’ বুলি চিঞঁৰ আহে।)

লভিতা৷ ককা! ককা! যাওঁ যাওঁ উস ককা..... [ ৮৫ ]
 
ইলাহী। যা, যা, মাই! উস খোদা......(খুব হৰ্ণ বাজে আৰু ‘নাৰ্ছ নাৰ্ছ’ কৈ চিঞঁৰ আহে মটৰ start হৈ হুহুৱাবলৈ ধৰে। লভিতাই বুঢ়াৰ বুকুৰ পৰা ওলাই কান্দি কান্দি যায়গৈ। ইলাহীয়ে অলপ দূৰ গৈ তাই ওলাই যোৱাত আহি ষ্টেজৰ মাজত মূৰে কপালে হাত দি বহে আৰু হো হোৱাই ট্ৰাকবোৰ গুচি যোৱাৰ শব্দ হয়। ওচৰতে পৰি থকা আনাৰস দুটালৈ চাই আনি হাতত লৈ অলপ চাই বেজাৰেৰে দূৰলৈ পেলাই দিয়ে৷) হায় খোদা! তোমাৰ দুনীয়া। এই বুঢ়াক লৰা-ছোৱালী দিলা, তিৰোতা দিলা, ধন-দৌলত দি আকৌ কাঢ়ি নিলা! ভাবিছিলো বুঢ়াকালত তোমাৰ নাম কৰি কৰি তোমাৰ ওচৰলৈ যাম। কিন্তু খোদা! এয়া আকৌ কি কৰিলা। হায় মিছা-মিছা। আজি এই বুঢ়া কালত কি দেখুৱাইছা খোদা? আল্লাহ-তাল্লা! আজি তোমাৰ দুনীয়াখন চয়তানৰ হাতত এৰি দিলা নেকি? মানুহলৈ মানুহৰ মৰম নাই, দয়া নাই, কোনেও কাকো চিনি নাপায়। মানুহৰ তেজ মানুহে খাইছে, দুনীয়াৰ মানুহ আজি ৰাজ্য লৈ পগলা হৈছে। মানুহ জানোৱাৰ হৈ মাটিৰ লোভত, ৰাজ্যৰ লোভত, দৌলতৰ লোভত চয়তানৰ আঙুলি-মূৰত ঘূৰি চব পাহৰি, ইটোৱে সিটোক কাটিছে, মাৰিছে, বন্দুক, বোমা, বৰতোপ, উৰাজাহাজেৰে আজি মানুহে মানুহক ধ্বংস কৰিবলৈ বলিয়াৰ দৰে লৰিছে। অন্যায়, অধৰম, চয়তান, বদ্‌মাচি, চুৰি, ডকাইটি অত্যাচাৰ চলিছে দুনীয়াত। খালি টকা [ ৮৬ ]
 
টকা। কণা মানুহে একো নেদেখে আজি। হায় খোদা! দুনীয়াখন ই কি কৰিলা? গুণাহ গুণাহ দুনীয়াৰ মানুহ চব গুণাহগাৰ, চব গুণাহগাৰ। সেইহে খোদা তুমি আজি সকলোকে শেষ কৰিব খুজিছা। গুণাহগাৰী দুনীয়া যা, যা, জহন্নামলৈ যা। মৰম ধৰম নাইকিয়া দুনীয়া অন্যায়, অত্যাচাৰ, অবিচাৰ অধৰমেৰে ভৰা দুনীয়া ধ্বংস হৈ যাওক। আচমানৰ পৰা হাজাৰ হাজাৰ তৰাৰ দৰে বোমা আহি সকলো নাশ কৰি দিয়ক। ভূইকঁপ হৈ তলৰ মাটি ওপৰকৰি দুনীয়াৰ চব গুণাহগাৰবোৰক পূতি পেলাওক। খোদা খোদা—খোদা! আজি এনেকুৱা মানুহৰ পতন দেখি ইচ্ছা হৈছে যেন এই পৃথিৱীখনতকৈয়ো এটা ডাঙৰ দৈত্য হৈ এই পাপৰ পৃথিৱীখন হাতৰ মুঠিত লৈ মোহাৰি মোহাৰি ভাঙি গুৰি কৰি চূৰ্ণ কৰি, ধূলি কৰি ফু মাৰি উৰুৱাই দিওঁ, গুণাহগাৰ দুনীয়া খোদাৰ ৰাজ্যৰ পৰা নাইকিয়া হৈ যাওক। দুনীয়াত মানুহেই মানুহ কিন্তু খোদা—মানুহ নাই, মানুহ নাই!
আঁৰ কাপোৰ
[ ৮৭ ]
পঞ্চম অঙ্ক
প্ৰথম দৰ্শন

নগা পৰ্ব্বত। কহিমা চহৰৰ পৰ্ব্বতৰ নামনিৰ বাট। দূৰৈত ওপৰত কহিমাৰ কাচাৰি, হাস্পতাল দেখা গৈছিল আৰু পাট্‌কাই পৰ্ব্বতৰ ৰেখা জিলিকি আছিল। দূৰৈৰ পৰা বৰতোপৰ শব্দ আহিব লাগিছে। উৰাজাহাজৰ হো-হোৱানিয়ে মাজে মাজে পৰ্ব্বত-ভৈয়াম কঁপাই গৈছে। মাজে মাজে দূৰৰ পৰা মেচিন গানৰ লেঠাৰি নিচিগা শব্দ আহে। নগা কিছুমান লৰা-তিৰোতা লৈ আৰু হোৰা কিছুমান লৈ সেই বাটেদি বেগা-বেগিকৈ যায়। কেইটামান আমেৰিকান, পাইলটৰ পোছাক পিন্ধি বৰ বেগেৰে যায়। বৃটিশ সৈন্য, গুৰ্খা সৈন্য, লেবাৰ ক’ৰৰ মানুহ সেইফালে অহা-যোৱা কৰে। এনেতে এজন “অসম ৰেজিমেন্ট”ৰ অসমীয়া কেপ্তেইন আৰু আনফালৰ পৰা এজন চিভিলিয়ান পোছাকৰ অসমীয়া ডাক্তৰ হাজৰিকা আহি থমক খাই ৰয়হি।

কেপ্তেইন সেনাপতি। (চেলিউট দি) ডাক্তৰ হাজৰিকা দেখোন?

ডাক্তাৰ হাজৰিকা—কেপ্তেইন সেনাপতি দেখোন?

কেঃ সেঃ। আপুনি কেতিয়া আকৌ? [ ৮৮ ]
 

ডাঃ হাঃ। পৰহি সন্ধিয়া মই গোলাঘাটৰ নতুনকৈ ট্ৰেইনিং পোৱা নাৰ্ছ দহ জনীৰে পালোহি; কিন্তু ইয়াত যে অৱস্থা এনেকুৱা আমাৰ গমকে নাছিল।

কেঃ সেঃ৷ এৰা, কহিমা যে আৰু ৰাখিব পাৰিব তাৰ আশা মই দেখা নাই। কালি ৰাতিয়েই ইভাকুয়েছনৰ অৰ্ডাৰ দিছেই। আমি এক ৰকম জাপানীৰ ঘেৰাওতে পৰিছো ।

ডাক্তাৰ হাঃ৷ এতিয়া শেষত আহি আমি জাপানীৰ হাততহে পৰিবলগীয়া হল। আমাৰ ডাক্তৰ আৰু নাৰ্ছবোৰকতো শেষলৈকে ‘ইভাকুয়েত’ কৰিবলৈ নিদিয়েই ।

কেঃ সেনা৷ ডাক্তৰ নাৰ্ছো যদি যায়, তেন্তে তাহাঁতক চাব কোনে?

এনেতে চাইৰেন বাজিবলৈ ধৰিলে। নগা-নাগিনীবোৰৰ মাজত হুৱাদুৱা লাগিল। সেই ফালেদি সৈন্য লেবাৰ ক’ৰৰ মানুহ আমেৰিকান এম, পি বৃটিশ অফিচাৰৰ লৰাধপৰা আৰম্ভ হ'ল। লগে লগে ওপৰত উৰাজাহাজৰ ভীষণ শব্দ, বোমা বিস্ফোৰণৰ ভয়ঙ্কৰ শব্দ আৰু এন্টি-এয়াৰ ক্ৰেষ্টৰ কাণ তাল মৰা ফায়াৰিঙৰ শব্দ হৈ এটা ভয়ঙ্কৰ অৱস্থাৰ সৃষ্টি কৰিলে৷

আঁৰ-কাপোৰ
[ ৮৯ ]
দ্বিতীয় দৰ্শন

কহিমাৰ বাট। ঘোৰ অন্ধকাৰ। জাপানী আহি কহিমা সোমাইছে। ভীষণ হতাহতি যুদ্ধ চলিব লাগিছে। মেচিন-গানৰ অনবৰত ৰু-ৰুৱনি। মাজে মাজে বৰতোপৰ ভীষণ শব্দ। আন্ধাৰ বাটেদি মানুহ সৈন্য ইত্যাদিয়ে লৰাধপৰা কৰিছে। এনেতে এদল বৃটিছ সৈন্য আৰু জাপানী সৈন্যই বন্দুকেৰে হতাহতি যুদ্ধ কৰি সেই ফালেদি যায়। ভীষণ চিঞঁৰ বাখৰ। মৰা মৰে, যুদ্ধ কৰাই যুদ্ধ কৰে। এই দৰে ভীষণ যুদ্ধ চলি থাকে।
ৰাতি পুৱাই আহে। পোহৰ হৈ অহাৰ লগে লগে তাত বহুত মৰা সৈন্য পৰি থকা দেখা যায়। সিফালে যুদ্ধ চলিয়েই থাকে। মেচিন গান শব্দই ৰু-ৰুৱাবই লাগিছে।

এদল জাপানী সৈন্যই এদল বৃটিছ সৈন্য আৰু এজন বৃটিছ কমাণ্ডাৰক বন্দী কৰি লৈ যায়। তাৰ পিছত কেইটামান জাপানীয়ে বেয়নেট দেখুৱাই কেইজনীমান নাগিনী ছোৱালী সেইফালেদি লৈ যায়। তাৰ পিছত কেইটামান জাপানী সৈন্য সেই ফালেদি আহে, আৰু হঠাতে কৰবাৰ পৰা কেইটামান গুৰ্খা ওলাই সিহঁতৰ লগত পিস্তলেৰ যুদ্ধ কৰে। জাপানী দুটা মৰে। এনেতে কেইটামান জাপানী আহি বন্দুকেৰে গুলিয়াই গুৰ্খা কেইটাক পেলাই দিয়ে। কেইটামান জাপানী সেইফালে লৰি আগলৈ গুলি চলাই চলাই যায়৷ তাৰ পিছত এদল জাপানীয়ে এদল অসম “ৰেজিমেন্ট”ৰ মানুহ আৰু তাৰ লগতে ডাক্তৰ হাজৰিকা, কেঃ সেনাপতি আৰু কেপটেন শৰ্ম্মাক বন্দী কৰি লৈ যায়হি। তাৰ পিছত দুটা জাপানীয়ে মাজত সুমুৱাই লভিতাক সেই ফালেদি লৈ [ ৯০ ]
 
আহে; আৰু তাইৰ পিছত জাপানীয়ে আৰু কেইজনীমান নাৰ্ছ হাতত ধৰি লৈ আহে। এনেতে কেইটামান গুৰ্খা আহি জাপানীবোৰক পিস্তলেৰে আক্ৰমণ কৰে। কিন্তু ততালিকে গুৰ্খা কেইটাক জাপানীয়ে ঘেৰাও কৰি বন্দী কৰে। লভিতা আৰু নাৰ্ছবোৰক আজুৰি টানি জাপানী কেইটাই লৈ যায়।
————
তৃতীয় দৰ্শন

ৰাতি আন্ধাৰ, একো দেখা নাযায়। এডোখৰ কহিমাৰ পৰ্ব্বতৰ তলৰ হাবি। দুটা “অসম ৰেজিমেণ্ট”ৰ অসমীয়া সৈন্য, সিহঁতৰ দাড়ি গজি ভোবোকাৰ। পিন্ধা ইউনিফ’ৰ্ম ফাটিচিতি ফাঁহ ফাঁহ হৈ আছে। সিহঁতে জুইশলা মাৰি এডোখৰ চুৰটকে দুয়োটাই ভগাই হোপে। জুইশলাৰ পোহৰত সিহঁত দুটাক দেখা যায়। তাৰ পিছত মাথোন আন্ধাৰত সিহঁতে হোপা চিগাৰেটৰ জুই জ্বলি থাকে আৰু আন্ধাৰৰ পৰা সিহঁতে কথা পতা শুনা যায়।

১ম। হেৰা! পিছে আমাৰ কি কৰা? আৰু এইদৰে নগাৰ গাঁৱে গাঁৱে কিমানদিন লুকাই লুকাই ফুৰিবা? কেতিয়াবা নগাৰ হাততে মূৰটো যাব। [ ৯১ ]
 
২য়৷ যাবই যাব। এতিয়াতো কহিমা, গোটেই নগা পৰ্ব্বত জাপানীৰ হাতত। নগাবোৰে আমাক দেখিলে ক’ত শুদাই এৰিব।

১ম। কি কৰো, জাপানীৰ হাতত ধৰা নিদিলে আৰু উপায় নাই। যি আছে কপালত। ইমান দিনে জাপানীয়ে চাগৈ ডিমাপুৰ দখল কৰিব পায়।

২য়। ডিমাপুৰ কহিমা লোৱাৰ দুদিনৰ পিছতেই শেষ হব পায়। আজি কহিমা লোৱা এঘাৰ দিনে অকল ডিমাপুৰহে লৈছেনে? যি কোবেৰে উৰাই নিছে, কিজানি তেজপুৰ গুৱাহাটীও উফৰিব পায়।

১ম। ইস্! ইস্ কিনো কথাটো হ’ল। এই হেন বৃটিছৰ ৰাজ্য, দেখিছা কেনেকৈ কাগজ পোৰাদি দংশি নিলে। বুইছানে মোৰ গাঁওখনলৈহে মনত পৰি বুকুখন চিৰিং-চিৰিংকৈ আছে। আমাৰ ঘৰখন বাৰু আছেনে চাগৈ। আমাৰ মানুহবোৰ বা কোন ধুবুৰী পালেগৈ।

২য়। এঃ মই হলে ভাবিবলৈ এৰি দিলো। ভাবিনো কি ডাল কৰিবা, যি আছে কপালত।

এনেতে ওচৰত কিবা এটা শব্দ হয় আৰু দুয়ো তাৰ পৰা ছাট কাৰে নাইকিয়া হয়। চিগাৰেটৰ জুই দুটুকুৰা নাইকিয়া হল। এনেতে হাতত আঁৰিয়ালৈ চিঞঁৰি-বাখৰি এদল নগা সেইফালেদি আহি কিবা বিচৰা যেনেকৈ গোলমাল কৰিবলৈ ধৰে।

—————
[ ৯২ ]
চতুৰ্থ দৰ্শন

উত্তৰ বৰ্ম্মাৰ মিটচিনা নামৰ এটা উৰাজাহাজৰ ঘাঁটি। জাপানী দখলত, তাত জাপানী নিছান উৰিব লাগিছে৷ দূৰৈত এয়াৰ-ড্ৰমৰ ঘৰবোৰ দেখা গৈছে আৰু ডাঙৰ ডাঙৰ বিমান মাটিত পৰি থকা দেখা গৈছে। কিছু দূৰণিত এটা পেগডাও জিলিকি আছে৷
সেই ঠাইতে “অসম ৰেজিমেন্ট”ৰ এদল সৈন্য বহি আছে। মাটিত, সিহঁতৰ মাজত ডাক্তৰ হাজৰিকাহঁতকো দেখা গৈছে। জাপানী বেয়নেট ধাৰী কেইটামান সৈন্যই সিহঁতক পহৰা দি আছে।
সিহঁত যদিও বন্দী অৱস্থাত আছে তথাপি সিহঁতে কথা-বতৰা পাতি আছে সিহঁতৰ ভিতৰতে। আৰু চিগাৰেট ইত্যাদি খাই আছে।
ইহঁতক কহিমাৰ পৰা বন্দী কৰি আনি এয়াৰ ড্ৰমত পহৰাত ৰাখি কাম কৰোৱাইছে আৰু এতিয়া জিৰণি লবলৈ দিছে।
সিহঁতৰ ওচৰেদি এয়াৰ ড্ৰমত কাম কৰা বৰ্ম্মা পোছাক পিন্ধা মানুহ এটা দুটা অহা-যোৱা কৰিছে। কেতিযাবা দুই এজনী বাৰ্ম্মিজ ছোৱালীও সেইফালেদি গৈছে।

ডাঃ হাজঃ৷ (চিগাৰেট হোপা মাৰি) মই ডাক্তৰ মানুহ। মোক্‌নো বাৰু ইহঁতে মাটি কটা কামত লগাব পায়নে?

কেঃ সেনাপতি৷ আপোনাক পিছে দুই এদিনতে হাস্পতাললৈ নিবই নিব। আপোনাৰ ৰেহৰূপ চাই লৈছে, তাক চাবলৈহে মাটি কটোৱাতে লগাইছে। [ ৯৩ ]
 
ডাঃ হাজঃ৷ আমাৰ লগৰ নাৰ্ছ কেইজনীক কৰিলে কি বা?

কেঃ সেনাপতি৷ কালি মই হাস্পতালৰ বাৰান্দাত লভিতা আৰু বাকী দুজনীকো দেখিছিলো। সিহঁতক তাত কিবা কাম কৰোৱাইছে

ডাঃ হাজঃ৷ পিছে আমাৰ গতি এয়েই হব নেকি? ক’ত কি হৈছে তাৰ দেখোন একো খবৰ পাবলৈ নোহোৱা হল, আজি এমাহে সংসাৰত ক’ত কি হ'ল তাৰ বিষয়ে—

এনেতে বাহিৰত মটৰৰ হৰ্ণ বাজে, সকলোৱে কথা-বতৰা এৰি চাই থাকে। এজন জাপানী অফিচাৰ আৰু আজাদ হিন্দ্ ফৌজৰ শিখ কামাণ্ডাৰ কথা পাতি পাতি তালৈ সোমাই আহি গহীন হৈ বন্দী দলটোৰ আগত ৰয়। জাপানী ৰখীয়া কেইজনে চেলিউট দিয়ে। ৰেজিমেণ্টটো থিয় হয়। শিখ কমাণ্ডাৰে হাতেৰে বহিবলৈ কয়। ৰেজিমেণ্টৰ মানুহবোৰ আকৌ আগৰ দৰে বহে। সিহঁত দুয়োজনে ভালকৈ ৰেজিমেণ্টৰ মানুহবোৰক চায়, তাৰ পিছত দুয়োৰে ভিতৰত কিবা কথা হয় আৰু শিখ কমাণ্ডাৰজন আগবাঢ়ি যায়।

শিখ কমাণ্ডাৰ। মেৰে হিন্দুস্থানী চিপাহী ভাইয়োঁ আজ ম্যেয় আপলোগোকে চাম্‌নে এক বাত্ পেশ্ কৰনা চাহতা হুঁ। আপ্‌লোগ্ আজ কয়দ হোকৰ আয়ে, ম্যায় ভি একৰোজ কয়েদ হোকৰ আয়া থা, লেকিন আজ হম নেতাজীকী কৃপাসে এক নয়ী ৰোছনীকা সন্ধান পাকৰ [ ৯৪ ]
 
হমাৰে হিন্দুস্থানকো আজাদ কৰণেকে লিয়ে এক নয়ে ৰাস্তামে যাতে হ্যাঁয়। ইস্ ৰাস্তেমে যানেকে লিয়ে ম্যায় আজ হমাৰে হিন্দুস্থানী চিপাহী ভায়োকা ভি আজাদ কৰণেকে লিয়ে হাজিৰ হুয়া হু, ভাইয়ো আপলোক মেৰী বাত সমঝ্‌তে হ্যাঁয়?

ডাঃ হাজঃ। (থিয় হৈ) কমাণ্ডাৰ চাহেব। হিন্দুস্থানী বাত্ হম আওৰ দু এক সম‌্জেতে হ্যেঁয়, লেকিন ইস ৰেজিমেন্টকে বাকী আদমিকো আপকা ভাষণ পুৰা সমঝ‌্নেমে কুচ মুছকিল হ্যাঁয়।

শিখ কমাণ্ডাৰ। অচ্ছা! অচ্ছা! ইছ্ ৰেজিমেন্ট কো’ন ভাষা কহতে হ্যায়?

ডাঃ হাজঃ জী য়হ ৰেজিমেন্ট আসাম ৰাইফ্‌লস কা হ্যায়। ৱেলোগ অসমীয়া ভাষা বলতে হ্যাঁয়। হিন্দুস্থানী বোলি থোড়ী সম্‌জেতে হ্যায়।

শিখ কমাণ্ডাৰ। অচ্ছা! অচ্ছা!

(অলপ পৰ ৰৈ জাপানী কমাণ্ডাৰৰ সৈতে আলোচনা কৰে আৰু জাপানী কমাণ্ডাৰ এজনে জাপানী সৈন্যক মাতি এখন ভিজিটিং কাৰ্ডত কিবা লিখি দিয়ে আৰু তাকো জাপানী ভাষাত কিবা কৈ দিয়ে। সি চেলিউট দি বেগেৰে ওলাই যায়। [ ৯৫ ]
 
শিখ কমাণ্ডাৰ৷ অচ্ছা অচ্ছা! আপ কোন হ্যাঁয়?

ডাক্তৰ হাজৰিকা। ম্যায় তাে ডাক্তাৰ হুঁ ৷

শিখ কমাণ্ডাৰ। অচ্ছা—অচ্ছা তো অভি আপলােগোঁকী বাত সমজ নেকেলিয়ে, আপলােগােকে-দেশকে লেফটেন্ট বৰুৱা চাহেব আয়েঙ্গে । মেৰী অৰ্জ য়হী হ্যায় কি আপলােগ বাত শুন কৰ হামলােগকে আজাদ-হিন্দ-ফৌজকে তথা নেতাজীকী মদদ কৰকে হমৰা সোনেকা হিন্দুস্থানকা আজাদ কৰনে কে লিয়ে তৈয়াৰ হোঁ যায়েঙ্গে ৷

এনেতে লেফটেনেণ্ট বৰুৱা কাষলতি তলত এখন মেৰিয়াই থােৱা নিছান লৈ আহি-শিখ কমাণ্ডাৰক চেলিউট দি ৰব ৷

শিখ কমাণ্ডাৰ ৷ অচ্ছা বৰুৱা চাহেব, দেখিয়ে ৱে লােগ আসাম কে ৰহনেৱালে হ্যায়্। হিন্দুস্থানী ভাষা ইন্‌লােগােকো সমজমেঁ নহী অতি উস্‌লিয়ে ম্যায় আপকো বুলায়াহুঁ ৷ আপ ইনলোগোঁকো আজাদ-হিন্দ-ফৌজকে সব কুছ সমজা দীজিয়ে ।

লেফটেনেণ্ট বৰুৱা ৷ (চেলিউট কৰি জী এই বুলি লেফঃ বৰুৱাই ৰেজিমেণ্টৰ ফালে ঘূৰি সকলােলৈকে চাবলৈ ধৰে ৷ তাৰ পিছত ডাক্তৰ হাজৰিকাক দেখি অলপ হঁহা যেন কৰি ।)

আ-আ-আপুনি ডাক্তৰ হাজৰিকা নহয়নে? [ ৯৬ ]
 

হাজঃ। (থিয় হৈ। হয় মই ডাক্তৰ হাজৰিকা৷ (তাৰ পিছত ভালকৈ চায়) এ আপুনি দেখোন আপুনি—?

লেফঃ বৰুৱা। এৰা ময়েই। (সকলোৱে লেফঃ বৰুৱাৰ ফালে চায় আৰু বৰুৱা আগবাঢ়ি আহি ডাক্তৰ হাজৰিকাক সাৱট মাৰি ধৰে।)

ডাক্তৰ হাজঃ। আপুনি পিছে?

লেফঃ বৰুৱা। মই শিঙাপুৰত আছিলো। মই তাতেই ধৰা পৰো। তাৰ পিছত আমাৰ নেতাজী বসুৰ আজাদ্-হিন্দ্-ফৌজত সোমালো।

ডাক্তৰ বৰুৱা। আজাদ্ হিন্দ্ ফৌজত?

লেফঃ বৰুৱা। এৰা, এতিয়াতো এই সুবিধাতেই আমি ভাৰতৰ স্বাধীনতাৰ বাবে চেষ্টা কৰিব লাগিব। বৰ্ত্তমান আজাদ হিন্দ্ ফৌজত প্ৰায় কেবা লাখো সু-শিক্ষিত সৈন্য হৈছে। ভাৰতৰ সকলো প্ৰদেশৰে বঙালী, বিহাৰী, পাঞ্জাৱী, মাৰাঠী, শিখ, পাঠান, মাদ্ৰাজী আদি সকলোৱে আছে। আমাৰ অসমীয়াহে মাথোন প্ৰায় ১৮ জন মান। অন্ততঃ ১০০ মান হলেই। আপোনালোকৰ ৰেজিমেণ্টটোত কিমান?

ডাক্তৰ হাজঃ। ইয়াত আমাৰ প্ৰায় ২০০ ৰ ওপৰ৷ আমাৰ লগত ৪ জনী অসমীয়া   ধৰা পৰিছে। সিহঁতক হাস্পতালত ঠাই দিছে। [ ৯৭ ]
 
লেফঃ বৰুৱা৷ হয় নেকি? অসমীয়া নাৰ্ছ?

ডাক্তৰ হাঃ৷ তেন্তে তেওঁলোকক মতোৱাই ইয়ালৈ অনোৱা যাওক। সকলো কথা মই বুজাওঁ।

এই বুলি বৰুৱাই গৈ জাপানী ভাষাৰে জাপানী কমাণ্ডাৰক কিবা কয় আৰু জাপানী কমাণ্ডাৰে মূৰ দুপিয়াই এখন কাগজ লিখি এটা চন্তৰী মাতি পঠিয়াই দিয়ে। লেঃ বৰুৱাই ডাক্তৰ হাজৰিকাক হাত বাউল দি মাতে আৰু তেওঁ গলত অলপ দূৰলৈ নি অকলশৰীয়াকৈ, আনে নুশুনাকৈ কিবা কথা বৰ গহীনভাবে পাতিবলৈ ধৰে। জাপানী কমাণ্ডাৰ আৰু শিখ কমাণ্ডাৰে তেওঁলোকৰ ভিতৰত কথা পাতে আৰু দলটোৰ মানুহবোৰে নিজৰ ভিতৰত খুব কিবা আলোচনা কৰিবলৈ ধৰে। এনেতে জাপানী চন্তৰীয়ে লভিতা আৰু দুজনী নাৰ্ছক তালৈ লৈ আহে। সিহঁতৰ মুখ শেঁতা আৰু ক্ষীণোৱা; সিহঁতে নাৰ্ছৰ পোছাকতেই আছিল। সিহঁতক আনি জাপানী কমাণ্ডাৰৰ ওচৰত হাজিৰ কৰে। দলৰ সকলোৱে মাত-কথা বন্ধ কৰি সিহঁতলৈ চাই থাকে।
ডাঃ হাজৰিকা আৰু লেঃ বৰুৱা কথা পাতি থকা ঠাইৰ পৰা আহি লভিতাহঁতৰ আগত থিয় হয়। লেঃ বৰুৱাই জাপানী কমাণ্ডাৰক জাপানী ভাষাত কিবা সোধে আৰু উত্তৰ পায় কয়।

লেফঃ বৰুৱা। (ডাঃ হাজৰিকাক) ডাক্তৰ হাজৰিকা! আপুনি বাৰু বহকগৈ৷ [ ৯৮ ]
 

ডাঃ হাজঃ। মূৰ দুপিয়াই গৈ আগৰ ঠাইত বহেগৈ৷
লভিতাহঁতৰ ফালে ভালকৈ ভৰিৰ পৰা মূৰলৈকে নিৰীক্ষণ কৰি)

তোমালোক অসমীয়া ছোৱালী?

লভিতা। হয়।

লেঃ বৰুৱা। তোমালোকৰ ঘৰ ক'ত আছিল?

লভিতা। মোৰ গোলাঘাটত আৰু তেওঁলোকৰ এওঁ তেজপুৰৰ আৰু তেওঁ নগাঁৱৰ।

লেঃ বৰুৱা৷ তোমালোকে নাৰ্ছ কাম কিমান দিনৰ পৰা কৰিছা?

লভিতা। ধৰা পৰাৰ তিনি মাহ আগৰে পৰা।

লেঃ বৰুৱা। তোমালোকে কেনেকৈ যুদ্ধৰ কামত আহিবলৈ পালা?

লভিতা। বহুতো অসমীয়া ছোৱালী এই কামত ভৰ্ত্তি হৈছে ম-মই (অলপ ৰৈ) ময়ো।

লেঃ বৰুৱা। লভিতালৈ টানকৈ চাই যুদ্ধলৈ ভয় নাইনে তোমালোকৰ?

লভিতা। ভয় কৰিলেনো আমি যুদ্ধৰ পৰা সাৰিব পাৰিম জানো? আমাৰ গাঁৱৰ চোতালে-পথাৰে যুদ্ধ৷ অসমীয়া কত’ লৰা-ছোৱালীয়ে কংগ্ৰেছৰ ভলণ্টিয়াৰ হৈ লাঠী খাই, গুলি খাই মৰিছে। আমিনো তাৰু ভয় কৰিবলৈ’ কিটো আছে? [ ৯৯ ]
 
লেঃ বৰুৱা। লভিতাৰ কথাত আচৰিত আৰু আনন্দিত হৈ) নিশ্চয়

তেন্তে আমাৰ অসম দেশ আৰু অসমীয়া মানুহ আগৰ হৈ থকা নাই। মই আজি ১০/১২ বছৰ বিদেশতেই।

লভিতা। কংগ্ৰেছ আন্দোলন আৰু এই বাৰ বিয়াল্লিছৰ বিপ্লৱে আৰু লগে লগে যুদ্ধৰ তল-ওপৰে অসমীয়া মানুহক সলাই পেলালে।

লেঃ বৰুৱা। (কিছু পৰ নিৰ্ব্বাক হৈ থাকে) তোমাৰ নাম?

লভিতা। লভিতা বৰুৱা।

লেঃ বৰুৱা। লভিতা ব-ৰু-ৱা?

(অলপ তলমূৰকৈ মনে মনে থাকি হঠাৎ দলৰ ফালে মুখ কৰি কবলৈ ধৰে।)

মোৰ অসমীয়া সৈনিক ভাইসকল! মই আপোনালোকক কেইটামান প্ৰশ্ন সুধিব খোজো?

এজন সৈন্য। (খিয় হৈ) হয় ডাঙৰীয়া সোধক, আমি—

লেঃ বৰুৱা৷ বাৰু বহক। মোক বহি বহি উত্তৰ দিলেই হব। থিয় হব নালাগে। মোৰ প্ৰশ্ন আৰু কথা মন দি শুনি গুণি গাঁথিহে উত্তৰ দিব।

এজন সৈন্য। ভাল ডাঙৰীয়া।

লেঃ বৰুৱা৷ আপোনালোক কাৰ সৈন্য?

এজন সৈন্য। আমি বৃটিছৰ সৈন্য। [ ১০০ ] লেঃ বৰুৱা। বৃটিছব?

এজন সৈন্য। বৃটিছৰ পিছে ভাৰতীয় সৈন্য।

লেঃ বৰুৱা। আপোনালোকে কাৰ বিৰুদ্ধে যুজিবলৈ আহিছিল?

এজন সৈন্য। জাপানীৰ।

লেঃ বৰুৱা। কিয়?

এজন সৈন্য। জাপানীয়ে আমাৰ দেশ লবলৈ আহিছিল দেখি।

লেঃ বৰুৱা। তেন্তে যেয়ে আপোনালোকৰ দেশ লয় বা লবলৈ আহে, তাৰ সৈতে আপোনালোকে যুজ কৰিব?

এজন সৈন্য। হয় সেইটো আমাৰ কৰ্ত্তব্য।

লেঃ বৰুৱা। ভাল কথা! তেন্তে ইংৰাজবোৰো জাপানীৰ দৰেই বিদেশী। সিহঁতৰ লগত ইমানদিনে আপোনালোকে যুদ্ধ কৰা নাছিল কিয়?
(সকলোৰে নিমাতে থাকে তাৰ পিছত এজনে কয়।)

এজন সৈন্য। ডাঙৰীয়া! আমি বৃটিছৰ নিমখ খাইছো সিহঁতে আমাক দৰমহা দি সৈন্য কৰিছে।

লেঃ বৰুৱা। বৃটিছৰ নিমখ আপোনালোকে খাইছে? হাঃ- হাঃ- হাঃ আপোনালোকক যে দৰমহা দিয়ে ক'ৰপৰা দিয়ে কব পাৰানে?

এজন সৈন্য। চৰকাৰৰ পৰা-[ ১০১ ]
 

লেঃ বৰুৱা৷ চৰকাৰে সেই টকা ক’ৰ পৰা পায় জানেনে?

এজন সৈন্য। চৰকাৰে ৰায়তৰ খাজনা তুলি—

লেঃ বৰুৱা। তেন্তে আপোনালোকে দৰমহা পায় খাজনাৰ টকাৰ পৰা? সেই টকা ৰায়তে ঘটে, হাড়ক মাটি কৰি তেজক পানী কৰি খেতি-বাতি কৰি। ইংৰাজে বিলাতৰ পৰা আপোনালোকৰ দৰমহাৰ টকা নানে। আমাৰ মানুহৰ পৰা খাজনা তুলি সেই টকাৰেই আপোনালোকক দৰমহা দিছে। সেই টকাৰেই আপোনালোকে খাইছে, লৰা-ছোৱালীক পুহিছে। তেন্তে ভাইসকল! আপোনালোকে ৰায়তৰ নিমখ খোৱা নাইনে? অসমীয়া ৰায়তৰ নিমখ খাইছে। ইংৰাজ বিদেশী গৱৰ্ণমেণ্টৰ নিমখ খোৱা নাই। হয় নে নহয় বাৰু কওকচোন এতিয়া ৷

লভিতা৷ আপুনি কোৱা কথাবোৰ আমাৰ তাত গান্ধীৰ ভলণ্টিয়াৰবোৰে কৈছে। আমাৰ গাঁৱৰ ৰায়তসকলে বুজিছে। কিন্তু আমাৰ যিসকলে সৈনিক হৈছে, তেওঁলোকেও আজিকালি এই কথাটো বুজা হৈছে, কিন্তু বুজিও তেওঁলোকে একো কৰিবলৈ উপায় পোৱা নাই।

লেঃ বৰুৱা। সেই কাৰণেই আমি আজাদ হিন্দ্ ফৌজে তাৰ উপায় উলিয়াইছোঁ। নেতাজীয়ে তাৰ উপায় আমাক দিছে। ইমান দিন আমাক ইংৰাজে এনেকৈ বান্ধি-ছাটি [ ১০২ ] থৈছিল যে, আমি যদিও অন্তৰে অন্তৰে কথা বুজিছিলো—আমাৰ ভাৰতীয় ৰাইজে ভাৰতীয় সৈনিকসকলে ভাৰতীয় উচ্চ নীচ সকলোৱেই বৃটিছৰ হাতৰ পৰা নিজৰ দেশক মুকলি কৰিবলৈ বুকত জীয়াজুই পুহি আছিল, তথাপিও আমি একে তাৰ উপায় পোৱা নাছিলো ।

 এদিন ১৮৫৭ চনত ভাৰতীয় সৈন্যসকলে আৰু ভাৰতীয় ৰাইজে বৃটিছৰ বিৰুদ্ধে মূৰ ডাঙি উঠিছিল। কিন্তু আমাৰ দুৰ্ভাগ্যবশতঃ সেই অভিযানৰ চেষ্টা সকলো ব্যৰ্থ হ’ল। ঝান্সীৰ ৰাণীকে আদি কৰি কত বীৰ বীৰাঙ্গনাই সেই জুইত নিজকে জাহ দি–আমাৰ কাৰণে স্বাধীনতাৰ শলিতা নিজৰ বুকৰ তেজেৰে জ্বলাই থৈ গল। আজি এই পৃথিবীজোৰা মহাসমৰৰ বাবে আমি ভাৰতীয়ই যি এক মহান সুযোগ পাইছো; এই সুবিধাতে আমি আকৌ প্ৰাণপণে স্বাধীনতাৰ কাৰণে যুঁজিব লাগিব।

 আজি ভাৰতৰ ভিতৰত কংগ্ৰেছৰ নেতৃত্বত ভাৰতীয় জনতাই স্বাধীনতাৰ মহা সংগ্ৰাম চলাইছে। ১৯৭২ চনৰ বিপ্লৱৰ জুই এতিয়াও নুমুৱা নাই; কিন্তু আজি জনতাৰ এই স্বাধীনতাৰ অদম্য হেপাহ বৃটিছে সামৰিক বৰ্ব্বৰতা আৰু নিষ্ঠুৰতাৰে দমন কৰি আজিও ভাৰতবৰ্ষক ভৰিৰ তলত গচকি ধৰি আছে।

তেন্তে-তেন্তে ভাৰতীয় সৈনিক ভাইসকল! আজি আমি ভাগ্যৰ ফেৰত ভাৰতক অস্ত্ৰেৰে হলেও মুক্ত [ ১০৩ ]
 
কৰিবলৈ যি সুবিধা পাইছাে, এই সুবিধা এৰি দিয়াটো আমাৰ মূৰ্খালি নহবনে? আমি সৈনিকবােৰো ভাৰতৰ সন্তান। ভাৰতক মুকলি কৰিবলৈ, ভাৰতী আইৰ ভৰিৰ শিকলি খুলি দিবলৈ আমাৰ শক্তিৰে আমাৰ বুদ্ধিৰে চেষ্টা কৰাটো আমাৰ কৰ্ত্তব্য নহয়নে? বৃটিছৰ ভৰিৰ তলত থাকি থাকি সিহঁতৰ তলত চাকৰি কৰি সিহঁতৰ বিষ মন্ত্ৰৰে অনুপ্রাণিত হৈ আজি আমি আমাৰ মাতৃভূমিক চিনি নােপােৱা হলাে নেকি ?

 সৌৱা ভাইসকল! সৌৱা দূৰৈত অসমৰ পৰ্ব্বতৰ চুড়া,—সৌৱা দূৰৈত অসমৰ আকাশ বতাহ, সৌৱা দূৰৈত লুইতৰ পাৰত আমাৰ অসমীয়া ৰাইজ, সৌৱা বৃটিছৰ নিপীড়িত দলিত ধর্ষিত অত্যাচাৰত জৰ্জ্জৰিত আমাৰ ভাৰতীয়–অসমীয়া—স্বাধীনতাৰ কাৰণে বিয়াকুল হৈ ৰৈ আছে৷ সেই নিপীড়িত জনতাৰ কান্দোন আপােনালােকে শুনা নাইনে ? সৌৱা কুশল কোঁৱৰ, কনকলতা, তিলেশ্বৰী, মুকুন্দ, মনবব, তিলক ডেকা, মদন, ৰাউতা, ৰতন কচাৰীৰ, পানিকাৰ আত্মাই আমাক মাতিছে।

সৈনিকসকল। আজি তেন্তে আপােনালােকে কি কৰিব? কি কৰিব?

কেইজনমান সৈন্য৷ আমি, আমি ভাৰতৰ স্বাধীনতাৰ কাৰণে প্রাণ দিম, প্রাণ দিম৷ [ ১০৪ ]
 
লেঃ বৰুৱা। ধন্য আপোনালোক, আপোনালোকৰ অসমীয়া নাম সাৰ্থক বুজিলো৷ আপোনালোকৰ আত্মা এতিয়াও বৃটিছে জয় কৰিব পৰা নাই, সেই কাৰণেই আজি মাতৃভূমিৰ আহ্বানত সাৰ পাই উঠিছে।(হাতৰ নিছান মুকলি কৰি) এইখন আমাৰ তিৰঙ্গা নিছান। এই পতাকা ভাৰতৰ গাঁৱে গাঁৱে চহৰে চহৰে উৰিছে। এয়ে আমাৰ মুক্তি পতাকা। এয়ে আমাৰ বিজয়ী পতাকা। আহক সৈনিকসকল৷ আজি ভাৰতৰ মুক্তি মন্ত্ৰত দীক্ষা লোৱা, নতুন মানুহ আপোনালোক, আহক এই মিছনৰ তলত থিয় হৈ গাওক।

সকলো উত্তেজিত হৈ থিয় হয়। বৰুৱাই লগাই দিয়ে আৰু সকলোৱে গায়।

লেঃ বৰুৱা—  ঝাণ্ডা উচা ৰহে হমাৰা,
 বিজয়ী বিশ্ব-তিৰঙ্গা প্যাৰা—
 মদা শক্তি বৰ্ষাণেৱালা
 প্ৰেম সুধা সুৰ সনেৱালা
 বীৰোঁকা হৰ্ষাণেৱালা
 ঝাণ্ডা উচা ৰহে হমৰা—
 জয় হিন্দ্—জয় হিন্দ্

ইয়াৰ পিছত লেঃ বৰুৱাই গীত লগাই দিয়ে আৰু সকলোৱে গাৱ
লভিতাহঁতেও যোগ দিয়ে।

[ ১০৫ ]
 
—গীত—

 জয় হিন্দ্
 জয় জয়
 জয় হিন্দ্ জয় জয়

 নবভাৰতৰ নবীন অৰুণোদয়
 জয় হিন্দ্ জয় জয়

 যুগান্তৰৰ আন্ধাৰ জিনি
 আগ বাঢ়ি যা ন যোৱান!
 তোৰ হাতত উৰে বিজয়ী নিছান।

 ইন্ কিলাব জিন্দাবাদ্
 হিন্দ্ আজাদ হিন্দ্ আজাদ


আঁৰ-কাপোৰ
[ ১০৬ ]
 
সমাপতি

নগা পৰ্ব্বতৰ নামনি। অসম ৰণখলি। দূৰৈত পাটকাই পৰ্ব্বত ৰিণিকি ৰিণিকিকৈ দেখা গৈছে।

বন্দুক বৰতোপ আৰু মেছিন গানৰ ৰু-ৰুৱনি, মাজে মাজে একোটা বোমা পৰাৰ ভীষণ শব্দ।

মঞ্চৰ সোঁমাজত এটা ওখ টিলা-টিলাটোৰ আগফালে দৰ্শকৰ ফালে পিঠি দি এদল, গোৰা সৈন্যই টিলাটোৰ আঁৰ লৈ মেছিনগান, বন্দুক, ‘ট্ৰেঞ্চফৰমেছন’ত অ’ত ত’ত থাকি চলাই আছে। সিফালৰ পৰা গুলি আহি আৰু হেণ্ড গ্ৰেনেড আহি এই গোৰা সৈন্যবোৰৰ মাজত পৰিছে। তাৰে এটা দুটা সৈন্য মাজে মাজে গুলি লাগি বাগৰি পৰিছে আৰু লুকাই থকা ‘ৰেডক্ৰছ’ৰ মানুহ আহি লৈ গৈছে।

সিফালৰ পৰা বন্দুকৰ শব্দ ওচৰ চাপি আহে হেণ্ড গ্ৰেনেডৰ কোব চৰি অহাত এই ফালৰ গোৰা সৈন্যবোৰে লাহে লাহে পাছ হুহুকিবলৈ ধৰে।

এনেতে সিফালৰ আজাদ হিন্দ্ ফৌজৰ এদল সৈন্যই উন্মুক্ত চঙীনেৰে হঠাৎ টিলাটোৰ ওপৰেদি ঢৌ বাগৰাদি বাগৰি আহি গোৰা সৈন্যবোৰৰ ওপৰত পৰে। গোৰা সৈন্য ছেদেলি ভেদেলি হৈ যায়, আৰু আজাদ হিন্দ্ সৈন্যৰ আগত তিষ্ঠিব নোৱাৰি হুহকি মঞ্চৰ পৰা ওলাই যায়, আৰু আজাদ হিন্দ্ সৈন্যও সিহঁতক পাছে পাছে খেদি গৈ মঞ্চৰ পৰা ওলাই যায়।

[ ১০৭ ]
 

এনেতে টিলাটোৰ সিফালে আৰু এদল সৈন্যৰে সৈতে লেঃ বৰুৱা হাতত তিৰঙ্গা নিছান লৈ ওলাই আহে আৰু তিৰঙ্গা নিছান টিলাটোৰ ওপৰত থয়। দুটা সৈনিকে চঙীনেৰে মাটি খান্দি খান্দি নিছানখন ভালকৈ পোতে।

লেঃ বৰুৱা। (নিছানৰ তলৰ পৰা অলপ মাটি হাতত লৈ।)

 এইয়া—এইয়া অসমৰ মাটি, ভাৰতৰ মাটি, ভাৰতৰ মাটিত আজি আমাৰ নিছান পোতা হল। ভাইসকল! আগবাঢ়ি যোৱা। এই নিছানক আৰু আগবঢ়াই নিব লাগিব। অসমৰ বুকলৈ, লুইতৰ পাৰলৈ, ভাৰতৰ কেন্দ্ৰলৈ, দিল্লীলৈ, লালকিল্লালৈ আগবাঢ়া। জয় হিন্দ্ জয় হিন্দ্।

সকলো সৈন্যই জয় হিন্দ্, বুলি গোড়া সৈন্যবোৰ হুহকি যোৱা ফালে প্ৰচণ্ড বেগেৰে আগবাঢ়ি যায়। এনেতে লেঃ বৰুৱাৰ বাও হাতৰ আঙুলিত গুলি লাগেহি আৰু তেজ ওলাবলৈ ধৰে। টিলাটোৰ আঁৰত লুকাই থকা লভিতা আৰু বাকী দুজনী নাৰ্ছ হঠাতে ওলাই আহি বৰুৱাৰ ফালে আগবাঢ়ে।

লেঃ বৰুৱা। নাহিবা লভিতা! নাহিবা। আঁৰত থাকা। আঁৰত থাকা। মোৰ একো হোৱা নাই, আঙুলিত মাথোন সামান্য আঘাত-একো নহয়। তোমালোক আঁৰত থাকা লভিতা ৷

 তোমালোক এই নিছানৰ তলতেই থাকিবা। মই আগবাঢ়ি যাওঁ। মোৰ সৈন্য আগবাঢ়ি গল৷ বৃটিছৰ [ ১০৮ ]
 
সম্পূৰ্ণ পৰাজয় কৰিব লাগিব। কালিলৈ আমি অসমৰ সেউজীয়া ধাননিত তিৰঙ্গা নিছান উৰুৱাব লাগিব। সাৱধানেৰে থাকিব লভিতা।

এই বুলি বৰুৱাই ৰাইফল আগলৈ টোৱাই কোবেৰে সৈন্যবোৰ যোৱাৰ ফালে যায়গৈ। এনেতে আগত দূৰৰ পৰা জয় হিন্দ্ জয় হিন্দ্ বুলি বিৰাট ধ্বনি আহে। লভিতাহঁতে নিছানৰ তলত টিলাৰ আঁৰত লুকায়। দূৰৈৰ পৰা মেচিন গানৰ শব্দ আহি থাকে৷

এনেতে চাৰিজন ৰেডক্ৰছৰ সৈন্যই আহত হোৱা লেফটেনেন্ট বৰুৱাক ষ্ট্ৰেছাৰত তুলি লৈ আহে। লভিতা আৰু আন কেজনী নাৰ্ছে ততাতৈয়াকৈ লৰি গৈ ষ্ট্ৰেচাৰৰ ওচৰত উধাতু খাই থিয় হয় গৈ।

লেফ্‌টেনেন্ট বৰুৱা।(ষ্ট্ৰেছাৰত উঠি বহি চিয়ঁৰি চিয়ঁৰি)অসমীয়া সৈন্যসকল! আগবাঢ়ি যোৱা আগবাঢ়ি যোৱা।-লভিতা! লভিতা! উস্-উস্-আজি ৰণ জয় কৰিব লাগিব-অসমৰ বুকলৈ আগবাঢ়ি যাব লাগিব-অসমীয়া সৈন্য-আগৱাঢ়ি যোৱা—আগ-

এই বুলি লেফ্‌টেনেন্ট বৰুৱা ষ্ট্ৰেছাৰত ঢলি পৰি যায় আৰু লভিতাই নাৰ্ছবোৰে ঘেৰি ষ্ট্ৰেছাৰখন টিলাটোৰ পাছে দি হাবিৰ ভিতৰলৈ লৈ যায়। ভীষণ মেচিনগানৰ ৰু-ৰুৱনি আহিবলৈ ধৰে। এনেতে হতাহতি চঙীনৰ যুঁজ কৰি আজাদহিন্দৰ সৈন্য এদল পাছ হুহকি

[ ১০৯ ]
 
আহি মঞ্চত সোমায়-আৰু বৃটিছ গোৰা সৈন্য আহি সিহঁতৰ ওপৰত পৰে-আৰু ভীষণ যুদ্ধ হয়—এনেতে বিজুলী সঞ্চাৰে হাতত চঙীন লগোৱা বন্দুক লৈ ৰণ-ৰঙ্গিনী মূৰ্ত্তিৰে লভিতা আহি টিলাটোৰ ওপৰত থিয় হয়।

লভিতা। এখোজো নাহিবা। এখোজো নাহিবা। এখোজো পাছলৈ নাহিবা। আজিৰ যুদ্ধ জিকিবই লাগিব। অসমলৈ আগবাঢ়ি যাবই লাগিব। যুদ্ধ কৰা, যুদ্ধ কৰা-প্ৰাণপণে-শত্ৰুক ধ্বংস কৰা। আগবাঢ়া। জয় হিন্দ্—জয় হিন্দ-জয় হিন্দ্

আজাদ হিন্দৰ অসমীয়া সৈন্যবোৰে ভীষণভাবে যুদ্ধ কৰি—আকৌ বৃটিছ সৈন্যক খেদি মঞ্চৰ বাহিৰলৈ উলিয়াই লৈ যায় গৈ৷ লভিতাই আগবাঢ়ি সমুখলৈ আহি চিয়ঁৰি চিয়ঁৰি কয়।]

লভিতা। গাত এটোপা তেজ থাকে মানে—উশাহ থাকে মানে—যুজ কৰা—আজি গোটেই অসমীয়াৰ, গোটেই হিন্দুস্থানৰ সন্মান তোমালোকৰ হাতত—আগবাঢ়া,

এনেতে দূৰৈত জয় হিন্দ্ জয় হিন্দ্ শব্দ হয়। আৰু মেছিন গানৰ ৰু-ৰুৱনি বাঢ়ি যায় ৷

লভিতাই আঁৰৰ পৰা তাতে হৈ উৎকণ্ঠিত হৈ উত্তেজিত হৈ দূৰলৈ চাই থাকে। টিলাৰ ঘৰৰ পৰা মুখ উলিয়াই আন দুজন নাৰ্ছে কয়। [ ১১০ ]
 
এজনী নাৰ্ছ। লভিতা বাইদেউ! লভিতা বাইদেউ! মুকলিত নাথাকিবা। গুলি আহিয়েই আছে, আঁৰত থাকা।

দূৰৈত জয় হিন্দ্ জয় হিন্দ্ বুলি বিৰাট ধ্বনি হয়।

লভিতাই তাতে থিয় হৈ দূৰলৈ চাই আছে আৰু এনেতে দূৰৈত ভীষণ মেছিন গানৰ শব্দ হয়। মেছিন গানৰ এটা গুলি আহি লভিতাৰ বুকত লাগে। লভিতা পাক-ঘূৰণি খাই এবাৰ সিফালে এবাৰ ইফালে, এবাৰ আহি নিছানৰ তলত ধাঁচ কৰে পৰি যায়।

দূৰত আকৌ ভীষণ শব্দৰে জয় হিন্দ্ জয় হিন্দ্ বুলি ধ্বনি হয়।

টিলাৰ সিফালে থকা নাছ দুজনী উধাতু খাই আহি লভিতাক গবা মাৰি ধৰে৷

লভিতা। মোক—মো—ক—নিছানৰ তললৈ নি—য়া। মোক,—নিছানৰ তলত—।

নাৰ্ছ দুজনীয়ে লভিতাক ধৰি নিছানৰ তললৈ লৈ যায়। লভিতাই তলত বহি নিছানৰ খুটাটোক সাৱট মাৰি ধৰি মূৰটো তাতে থয়। নাৰ্ছ এজনীয়ে লৰালৰিকৈ কিবা দৰব আৰু বেণ্ডেজ আনি, লভিতাৰ বুকত হাত দিয়ে।

লভিতা। মোক মোক—একো নকৰিবা—দৰব নিদিবা—মোৰ বুকুত গুলি লাগিছে। মই—আৰু বেছি পৰ নাথাকো। ভনীহঁত! যাবৰ সময়ত মোৰ অসম আইৰ মাটিৰে কপালত, এটা ফোঁট দিয়া—মোৰ দেশৰ মাটিৰে—ফোঁট[ ১১১ ]
 
নাৰ্ছ দুজনীয়ে হুক্ হুক্ কৈ কান্দিবলৈ ধৰে। এজনীয়ে নিছানৰ তলৰ মাটি লৈ লভিতাৰ কপালত এটা ডাঙৰকৈ ফোঁট দিয়ে। লভিতাৰ বেদনাক্লিষ্ট মুখত এটা আনন্দৰ হাঁহি বিৰিঙি উঠে।

লাভিতা। ভনীটীহঁত! নাকান্দিবা। ভনীটীহঁত! নাকান্দিবা। মোৰ মাত নাইকিয়া হৈ আহিছে। মোৰ চকুৰ পোহৰ কমি আহিছে। ভনীটীহঁত! মই যাবৰ সময়ত অসমৰ সুৱদি সুৰীয়া নাম এটা গাই শুনোৱা-অসমৰ সুৱদি মাত-অসমৰ সুৰীয়া মাত—ভনীটিহঁত-নাম-নাম-এটি অসমৰ সুৱদি নাম—অসমী আইৰ সেউজীয়া পথাৰৰ শোভা দেখি মৰিবলৈ নাপালো—আইৰ সুৱদি নামকে শুনি যাওঁ ভনীটীহঁত—

নাৰ্ছ দুজনীয়ে চকুপানী মচি মচি মাজে মাজে উচপি উচপি গায়।


 –নাম -
লুইতৰ আকাশত তৰাৰ তৰাৱলী
 পাৰত দীপাৱলী তেজেৰে মোৰ-
আই নাকান্দিবি,
 থাপনাত তেজেৰে বন্তি দিলেহি
 লৰা-ছোৱালীয়ে তোৰ।

[ ১১২ ]
 

লাচিতৰ দিনৰে জ্বলা জুয়েকুৰা
 আই অ’ নুমুৱা নাই,
নতুন তেজেৰে শলিতা জ্বলিছে
 উজলিছে ভমকাই।
চকুলো বোৱাই জুই নুনুমাবি
 গুচকে আন্ধাৰে ঘোৰ–
লুইতৰ আকাশত তৰাৰ তৰাৱলী
 পাৰত দীপাৱলী তেজৰে মোৰ।

নাৰ্ছহঁতে নাম গাই থকাৰ মাজতেই লাহে লাহে লভিতাৰ চকু জাপ খাই আহে, আৰু নিছানৰ ফালে এবাৰ ওপৰলৈ চকু বলেৰে মেলি চায় তাৰ পিছতে লভিতাৰ চকু মুদ খাই যায় আৰু মেল নাখায়। লভিতা নিছানকে সাৱট মাৰি থৰ লাগি থাকে, মূৰটো ঢলি যায়।

নাৰ্ছ দুজনীয়ে হুক হুকাই কান্দি লভিতাৰ গাত সাৱট মাৰি ধৰি উচুপি উচুপি কান্দিবলৈ ধৰে। দূৰৈত জয় হিন্দ্ জয় হিন্দ্ ধ্বনি হবলৈ ধৰে।

আঁৰ-কাপোৰ

[ ১১৩ ]

জ্যোতি প্ৰসাদৰ কথা

 ডিব্ৰুগড়ৰ মদাৰখাট মৌজাৰ তামোল-বাৰী চাহবাগিছাত ইং ১৯০৩ চনৰ ১৭ জুনত জ্যোতিপ্ৰসাদৰ জন্ম। প্ৰাতঃস্মৰণীয় হৰিবিলাস আগৰৱালাৰ তৃতীয় পুত্ৰ সঙ্গীতবিদ্ পৰমানন্দৰ এওঁ প্ৰথম সন্তান। জ্যোতিপ্ৰসাদৰ মাক কিৰণময়ী, শিৱসাগৰৰ বলিয়া-ঘাটৰ জগন্নাথ তিৰোকাকতিৰ ঘৰৰ জীয়ৰী। সৰুকালছোৱা সৰহভাগ তামোলবাৰীতেই যায়। ৭ বছৰ বয়সত “তেজপুৰ হাইস্কুল”ত নাম লগায়। “ডিব্ৰুগড় গৱৰ্ণমেন্ট হাইস্কুল” আৰু “জৰ্জস্কুল”তো দুবছৰ মান পঢ়ে। তেজপুৰ হাইস্কুলৰ পৰা মেট্ৰিকুলেশ্যনৰ বাছনিত উত্তীৰ্ণ হৈ ১৯২১ চনৰ অসহযোগত নামে। পিছত চিত্তৰঞ্জন দাসে প্ৰতিষ্ঠা কৰা বিশ্ববিদ্যালয়ৰ মেটিকুলেশ্যনৰ পৰীক্ষা দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ চন্দ্ৰ শৰ্মাৰ নেতৃত্বত তেজপুৰৰ গাঁৱে ভূঁঞে এবছৰ কংগ্ৰেছৰ কাম কৰি অসহযোগ আন্দোলন মৰিলত ‘স্বদেশ ষ্টৰ’ নাম দি দোকান এখন চলায়। এবছৰ পিছত কলিকতাত নেছনেল কলেজত ভৰ্ত্তি হৈ আই-এ দ্বিতীয় বাৰ্ষিক শেষ কৰাত, সেই কলেজ উঠি যোৱাত ঘৰলৈ আহি গুৱাহাটী নিউপ্ৰেছৰ কাৰবাৰত সোমাইহি। সেই সময়ত বেজবৰুৱাৰ ‘বাঁহী’ তাৰ পৰাই ওলাইছিল।

 জ্যোতিপ্ৰসাদে স্কুলত পঢ়াৰ দিনতেই ১৩৷১৪ বছৰ বয়সৰ পৰাই সাহিত্য চৰ্চ্চা আৰম্ভ কৰে। তেজপুৰ হাইস্কুলত পঢ়োতে হাতেলিখা ‘জোনাকী’ নামৰ কাকতৰ সম্পাদক আছিল। তেতিয়া তেওঁৰ ১৪ বছৰ বয়স। সেই সময়ত সেই বয়সতেই অসমীয়া বিখ্যাত নাটক ‘শোণিতকুঁৱৰী’ লিখি শেষ কৰে, যদিও তাক কেবাবছৰৰ পিছতহে প্ৰকাশ কৰিছে আৰু তেতিয়াই লিখা তেওঁৰ প্ৰথম গল্প ‘সতীৰ [ ১১৪ ]
 

সোঁৱৰণী বাঁহীত প্ৰকাশ হৈছিল। সেই বয়সত লিখা গল্প কবিতা যিবোৰ জোনাকী কাকতত ওলাইছিল, সেইবোৰেই কেবাবছৰৰ পিছত বাঁহীত ধাৰাবাহিকৰূপে প্ৰকাশিত হৈছিল। ‘সোণতৰা’ ‘বগীতৰা’ ‘যুঁজাৰু’ ‘মুকুতা-সাউদ’—এইবোৰ গল্প—তেওঁ ১৪ ৰ পৰা ২১ বছৰ বয়সত লিখা।
 সৰু কালৰেই পৰা তেওঁ সঙ্গীত বিদ্যাতো বিশেষ মনযোগ দিয়ে আৰু কম বসতেই ব্যুৎপত্তি লাভ কৰে। কলেজত পঢ়া বয়সত তেওঁ তেজপুৰৰ বানষ্টেজৰ এজন সুনিপুণ অভিনেতা হৈ পৰে। তেওঁ কেবাটাও সোণৰ আৰু ৰূপৰ পদক অভিনয়ত কৃতিত্ব দেখুৱাই পায়। ১৯২১ অৰ অসহযোগৰ পিছত তেজপুৰত থকা কালতেই তেওঁ “শোণিত-কুঁৱৰী” নাটৰ গীতবোৰত অসমীয়া সুৰ সংযোজন কৰি– অসমীয়া সঙ্গীত ৰাজ্যলৈ এক নবযুগ আনে। শোণিতকুঁৱৰীৰ গীতৰ সুৰবোৰে অসমীয়া বনগীত, বিহুগীত, আইনাম, বিয়ানাম ইত্যাদিক নতুন ৰূপেৰে আনি অসমীয়া সঙ্গীত জগতত এক অভিনৱ স্পন্দন তোলে। তেতিয়াৰ পৰাই অসমীয়া সুৰৰ গানে অসমীয়া সঙ্গীত-জগতত নিজৰ আসনত বহি দিনক দিনে নিজৰ প্ৰভাৱ বিয়পাই আহিবলৈ ধৰিলে। শোণিতকুঁৱৰী নাট প্ৰকাশ হলত—সেই নাট এখন প্ৰথম শ্ৰেণীৰ নাট বুলি খ্যাতি লাভ কৰিলে আৰু সেই বছৰেই সেই নাটক কাশীবিশ্ববিদ্যালয়ৰ বি এ মহলাত অসমীয়া পাঠ্যৰূপে নিৰ্ব্বাচিত হ’ল আৰু বৰ্ত্তমানে ই গুৱাহাটী বিদ্যালয়ৰ এম-এ মহলাৰ পাঠ্য হৈছে। শ্ৰীযুত বাণীকান্ত কাকতীদেৱে এই নাটকৰ এক সমালোচনা লিখে। ইয়াৰ পিছত তেওঁ ২১৷২২ বছৰ বয়সত ‘কাৰেঙৰ লিগিৰী’ নাট লিখিবলৈ লয় অৱশ্যে এইখন তেওঁ বিলাতৰ পৰা ঘূৰি আহিহে প্ৰকাশ কৰে ৷

 নিউপ্ৰেছত কেবছৰমান থকাৰ পিছত তেওঁ য়ুৰোপলৈ উচ্চ শিক্ষাৰ বাবে যাবলৈ ওলায় আৰু ১৯২৬ চনৰ ছেপ্টেম্বৰ মাহত বিলাতলৈ ৰাওনা হয়। তেওঁ বিলাতলৈ গৈ ৬ মাহৰ পিছত এ'ডনবৰা বিশ্ববিদ্যালয়ৰ মেট্ৰিক পৰীক্ষা দিয়ে। গণিত আৰু সংস্কৃতত তেওঁ অকৃতকায্য হোৱাৰ [ ১১৫ ]
 
বাবে আকৌ ৬ মাহ পিছত সেই দুটা বিষয়ত পৰীক্ষা দিয়ে কিন্তু সেইবাৰো অঙ্কত তেওঁ উত্তীৰ্ণ হব নোৱাৰিলে। বাকী আটাই কেউটা বিষয়ত উত্তীৰ্ণ হোৱা বাবে—আৰু গণিত পিছৰ বাৰলৈ উত্তীৰ্ণ হোৱাৰ সাপেক্ষে — বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁক এম, এ পঢ়িবলৈ অনুমতি দিলে৷ প্ৰথম বছৰ অৰ্থনীতি, সংস্কৃত আৰু পাব্লিক্ ল এই তিনিওটা বিষয়ে তেওঁ ক্লাছ লয় আৰু এবছৰ পঢ়ি এই বিষয়ত ডিগ্ৰী পৰীক্ষাত বহিবলৈ ডিগ্ৰী পাছ পায়। পিছৰ বছৰ তেওঁ দৰ্শন আৰু অৰ্থনৈতিক বুৰঞ্জী বিষয়ৰ ক্লাছ্ লয়। বিশ্ববিদ্যালয়ত এম, এ পঢ়াৰ লগেলগেই তেওঁ সঙ্গীত-বিজ্ঞানৰ বিষয়েও বিশেষ অধ্যয়ন কৰিছিল। দ্বিতীয় বছৰ দৰ্শনত তেওঁ ডিগ্ৰী পাছ নোপোৱাত আৰু প্ৰৱেশিকাৰ গণিতো সম্পূৰ্ণ কৰিব নোৱাৰত—এডিনবৰা বিশ্ববিদ্যালয় এম, এ পঢ়া তিমানতে এৰি, কিছুদিন লণ্ডনত থাকি–ফিল্ম শিল্পৰ বিষয়ে অভিজ্ঞতা লবলৈ জাৰ্ম্মাণীলৈ আহে। জাৰ্মাণীত Univereum Filmen Aktien Geseshaft কোম্পানীক তেওঁ “শোণিতকুঁৱৰী” ইংৰাজী কৰি ফিল্ম তৈয়াৰী কৰিবলৈ খাটনি ধৰে। সেই কোম্পানীয়ে সেই সময়ত টকী ওলোৱাৰ বাবে ভাৰতলৈ নহাকৈ সেই ফিল্ম কৰিব নোৱাৰিব বুলি আৰু বহুত খৰচ হব বুলি অসম্মত হয় আৰু সেই কোম্পানীতে ফিল্ম ‘LIGHT of ASIA’ তোলাওতা বিখ্যাত প্ৰযোজক হিমাংশুকুমাৰ ৰায়ক লগ পায়। হিমাংশুকুমাৰৰ তত্ত্বাবধানতে বাৰ্লিনত প্ৰায় ৭ মাহ থাকি, ফিল্ম প্ৰযোজনা আৰু পৰিচালনাৰ সমুদায় কাম শিকে। তাৰ পিছত ১৯৩০ চনত তেওঁ ভাৰতলৈ উলটি অহাৰ বাটত য়ুৰোপৰ নানা-দেশ ফুৰি সেই দেশবোৰৰ সংস্কৃতি সভ্যতাৰ নিদৰ্শনবোৰৰ বিষয়ে কিছু অভিজ্ঞতা গোটাই তুৰস্কলৈ আহে। তুৰস্কৰ পৰা আৰব দেশৰ মাজেদি স্থলপথেদি মৰুভূমি পাৰ হৈ, মছৌল, বোগদাদ, বেবিলন, কাৰবালা ইত্যাদি ঠাই ভ্ৰমণ কৰি বছোৰাৰ পৰা কৰাচী হৈ ভাৰত পায়হি। আহিয়েই সেই সময়ত চলি থকা অসহযোগত নামে৷ অসমীয়া [ ১১৬ ]
 
কেবাটাও বিখ্যাত জাতীয়-সঙ্গীত তেওঁ এই অসহযোগ আন্দোলন সময়ে সময়ে লিখা। তাৰ ভিতৰত ‘বিশ্ববিজয়ী নৱ যোৱান’ ‘অ আমাৰ গাঁও’ ৷ কিন্তু ‘লুইতৰ পাৰৰ আমি ডেকালৰা’ আৰু ‘সাজু হবৰে হ’ল’ এই দুটা গান তেওঁ বিলাতৰ পৰাই লিখি পঠাইছিল। বিলাত থাকোতেই তেওঁ ‘কাৰেঙৰ লিগিৰী’ সম্পূৰ্ণ কৰে। এই ‘কাৰেঙৰ লিগিৰী’ৰ গীতবোৰৰ সুৰত তেওঁ পশ্চিমীয়া সঙ্গীতৰ সুৰৰ সৈতে অসমীয়া সুৰৰ এটা সমন্বয়ৰ চেষ্টা কৰে। বিলাতৰপৰা ঘূৰি আহি পায়েই তেওঁ তেতিয়া ১৯৩৪ চনৰ আইন অমান্য আন্দোলনত লাগে। কিন্তু তেওঁ তিনিমাহ মান লাগোতেই গান্ধী আৰুইন চুক্তি হয়। তাৰ পিছতে তেওঁ গাঁৱে-ভূঁঞে তেজপুৰৰ কংগ্ৰেছসেৱকৰ অধিনায়ক হৈ কাম কৰে আৰু ১৯৩২ চনৰ আইন অমান্য আন্দোলনত ১৫ মাহ সশ্ৰম কাৰাদণ্ড আৰু ৫০০ টকা ভোগ কৰে। ছিলছৰ জেলত থাকোতে জ্যোতিপ্ৰসাদৰ মাজে মাজে জ্বৰ হবলৈ ধৰে। তেতিয়া মাত্ৰ ৪৷৫ মাহহে উকলিছিল, পিছত তাৰ জেল চুপাৰিটেণ্ডেণ্টে তেওঁৰ যক্ষ্মা বেমাৰ বুলি কয়। দেশত তেওঁক মুক্তি দিয়াবলৈ প্ৰবল আন্দোলন হয়। জেলত তেওঁক বাহিৰৰ চিকিৎসাৰ বাবে লিখি দি ওলাবলৈ কয়। তেওঁক শ্বিলঙলৈ আনে। চাৰ মাইকেল কীন সেই সময়ৰ গবৰ্ণৰে লেত তেওঁক গৈ দুবাৰো বুজাই চিকিৎসাৰ কাৰণে লিখি ওলাই যাবলৈ অনুৰোধ কৰে কিন্তু জ্যোতিপ্ৰসাদক এচলিও লৰচৰ কৰিব নোৱাৰিলে। কেমাহমান পিছত পৰীক্ষা কৰি চাই থাকি, তাৰ ডাক্তৰে যক্ষ্মা নহয় বুলি কলেগৈ। ১৫ মাহ পূৰা মিয়াদ ভোগ কৰিহে তেওঁ ওলাই আহে, মিয়াদ পূৰা হোৱাত খালাছ হৈ ওলাই আহি তেওঁলোকৰ কলংপুৰৰ ভোলাগুৰি চাহবাগিছাৰ ভাৰ লৈ সোমায়। এই সময়তেই তেওঁ অসমৰ ফিল্ম-শিল্পৰ কথা ভাবিবলৈ ধৰে ৷
 ১৯৩৫ চনৰ প্ৰথম ভাগতে তেওঁ তেওঁলোকৰ পৰিয়ালৰ তেজপুৰৰ [ ১১৭ ]
 
কলংপুৰৰ চাহবাগিছা ভোলাগুৰিত ‘চিত্ৰবন’ নাম দি অসমীয়া ফিল্ম শিল্প প্ৰতিষ্ঠান ‘চিত্ৰলেখা মুভিটন’ আৰম্ভ কৰে। এই চিত্ৰবনতে তেওঁ এটা সম্পূৰ্ণ ষ্টুডীয় বহুৱায়। এই ষ্টুডীয়ৰ সকলো যন্ত্ৰপাতি ভেৰোণীয়াকৈ অনা হৈছিল-সেই কাৰণেই ‘জয়মতী’য়ে আৰ্থিক সফলতা লাভ কৰিব নোৱৰাৰ বাবে-সেই ষ্টুডীয় স্থায়ী কৰিবলৈ জোতিপ্ৰসাদৰ অক্ষম হ'ল।

 নানা আলৈ-আহুকাল, নানা বিপদ-আপদ (তেখেতৰ মাতৃদেৱী কিৰণময়ী আৰু পিতৃদেৱেক পৰমানন্দ এই জয়মতী তোলা সমযৰ ভিতৰতেই স্বৰ্গী হয) নানা অসুবিধাৰ মাজতো অবিচলত হৈ থাকি জয়মতী সম্পূৰ্ণ কৰে। ১৯৩৫ চনৰ ১০ মাৰ্চ্চ তাৰিখে এই প্ৰথম অসমীয়া কথাছবি কলিকতাৰ ধৰমতলাৰ ৰাওনাক মহলত, সাহিত্যৰথী বেজবৰুৱাই মুকলি কৰে।

 ‘জয়মতী’ ফিল্ম কৰোতে নানা শাৰীৰিক আৰু মানসিক কষ্টৰ মাজেদি যাওঁতে জ্যোতিপ্ৰসাদৰ স্বাস্থ্য ভাগি আহিবলৈ ধৰিলে।

 ১৯৩৬ চনত তেওঁ ডিব্ৰুগড়ৰ ভূঞা পৰিালৰ স্বৰ্গীয় খগেশ্বৰ ভূঞাৰ নুমলীয়া জীয়ৰী দেৱযাণীৰ সৈতে পৰিণয় সূত্ৰত আৱদ্ধ হয়।

 এই সময়তেই কংগ্ৰেছে আইন সভালৈ যাবলৈ প্ৰোগ্ৰাম লয়। ছয়-দুৱাৰ সমষ্টিৰ পৰা জ্যোতিপ্ৰসাদক ব্যৱস্থাপৰিষদৰ কংগ্ৰেছী সভ্য মনোনীত কৰে। কিন্তু পিছত তেওঁ আইন-সভালৈ গলে বিপ্লবী মনোবৃত্তিৰ ব্যাঘাত হব বুলি ভাৱি -শেহ মূহুৰ্ত্তত নিজৰ নাম তুলি লোৱাত কংগ্ৰেছে শ্ৰীযুত অমিয়কুমাৰ দাসক মনোনীত কৰে। কিছুদিনৰ কাৰণে তেওঁ তেজপুৰ লোকেলবৰ্ডৰো কগ্ৰেছী মেম্বৰ হৈ আছিলে।

 ইয়াৰ পিছত জ্যোতিপ্ৰসাদে আৰু শ্ৰীবিষ্ণুপ্ৰসাদ ৰাভাই লগলাগি প্ৰথম অসমীয়া ৰেকৰ্ড্ নাট-বেজবৰুৱাৰ ‘জয়মতী’ আৰু জ্যোতিপ্ৰসাদৰ [ ১১৮ ]
 
‘শোণিতকুঁৱৰী’ গ্ৰামোফোনৰ পালা ৰেকৰ্ড দিয়ে৷ পণ্ডিতপ্ৰবৰ কৃষ্ণকান্ত সন্দিকৈদেৱে অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত এই ‘জয়মতী’ আৰু ‘শোণিত কুঁৱৰী’ অসমীয়া সাহিত্যৰ সম্পদ বুলি উল্লেখ কৰে৷

 এই সময়তেই তেওঁ অসমীয়া বাদ্য বাজনা আৰু পশ্চিমীয়া সাঙ্গীতিক যন্ত্ৰাদি সমাবেশ কৰি অসমীয়া অৰ্কেষ্ট্ৰা গঢ়িবলৈ যত্নপৰ হয় আৰু তেজপুৰ বাণ থিয়েটাৰব সঙ্গীত-সমাজৰ যোগেদি ইয়াক গঢ়ি তোলে। অসমীয়া ঢোল, খোল, ভোৰ তাল, পেঁপা টকা, কৰতাল ইত্যাদিৰে সৈতে অৰ্গেন, পিয়ানো, বেহেলা, চেতাৰ, এছৰাজ ইত্যাদি যাবতীয় পশ্চিমীয়া আৰু ভাৰতীয় যন্ত্ৰপাতি সমাবেশেৰে এই ‘অৰ্কেষ্ট্ৰা' গঠন কৰি—অসমীয়া সঙ্গীতত ‘অৰ্কেষ্ট্ৰা’ৰ এক নতুন বাট দেখুৱায়৷

 ১৯৩৭ চনত তেজপুৰৰ ‘জোনাকী চিনেমা হল’ জ্যোতিপ্ৰসাদ নিৰ্ম্মাণ কৰোৱায় ৷

 ১৯৩৯ চনত ভগ্নস্বাস্থ্য লৈয়ো- আন অসমীয়া কোনেও অসমীয়া ফিল্ম উলিয়াবলৈ আগ নবঢ়াত মৰি-মজিও অসমীয়া ফিল্ম শিল্প গঢ় দিবলৈ- ‘ইন্দ্ৰমালতী’ কথা ছবি উলিয়ায়। এই কথা ছবিখন ইমান কম খৰছতে আৰু অদ্ভুত ভাবে কম সময়ত (মাত্ৰ ২ দিন ষ্টুডীৰ শ্বুটিং লৈ) উলিয়ালে যে কলিকতীয়া ডাঙৰ ডাঙৰ প্ৰযোজকসকলেও বিস্ময় মানিলে৷

 ইয়াৰ পিছত স্বাস্থ্যভগ্ন হৈ তেওঁ কিছুদিন গুৱাহাটীত থকাৰ পিছত ১৯৪০ চনত তেজপুৰলৈ আহি তেজপুৰ সঙ্গীত-বিদ্যালয় প্ৰতিষ্ঠা কৰে।

 তাৰ পিছত মহাসমৰৰ ঢৌ আহি অসম তল-ওপৰ কৰিলত তেওঁ তেজপুৰৰ শান্তি-সেনা-বাহিনী গঠনত লাগে। তেওঁ তেজপুৰৰ কংগ্ৰেছ সেৱক বাহিনীৰ অধিনায়ক ১৯৩২ চনৰ পৰাই আছিল। ভগ্নস্বাস্থ্যৰেও আকৌ গাঁৱে-ভূঁঞে ফুৰিবলৈ ধৰিলে। ১ আগষ্টৰ পিছত বিয়াল্লিছৰ বিপ্লৱ আহিল। অসমৰ নেতাসকল গ্ৰেপ্তাৰ হৈ গল। তেজপুৰৰো [ ১১৯ ]
 
নেতাৰ ওপৰত পুলিছৰ হাত পৰিল। জ্যোতিপ্ৰসাদে বিজুলী বেগেৰে তেজপুৰৰ এমুৰৰ পৰা আনমুৰলৈ গৈ শান্তিসেনা বাহিনীক আৰু ৰাইজক অগ্নিময়ী বক্তৃতাৰ কাৰণে সষ্টম কৰোৱালে৷ তেজপুৰৰ কাছাৰীঘৰৰ আগৰ চাৰ্চ্চফিল্ডত ‘এই ইংৰাজৰ কাছাৰী ঘৰত আমি শই শই মৰি হলেও আমাৰ তিৰঙ্গা নিছান উৰুৱাবই লাগিব’ বুলি দিয়া জুই ফিৰিঙটি সিঁচা বক্তৃতা আজিও শুনা মানুহে পাহৰিব পৰা নাই।  তাৰ পিছত অসম প্ৰাদেশিক কংগ্ৰেছৰ নেতাসকলো নোহোৱা হোৱাত, আৰু স্বৰ্গীয় হেম বৰুৱা নৰিয়া-পাটীত পৰি থাকি অসহায় হোৱাত, অমিয়কুমাৰৰ পৰামৰ্শমতে জ্যোতিপ্ৰসাদ প্ৰাদেশিক সংগঠনৰ গুৰি-ধৰোতা হেম বৰুৱাক সহায় কৰিবলৈ গুৱাহাটীলৈ যায়। তেওঁ ঘৰ এৰি ওলোৱাৰ সময়ত জ্যোতিপ্ৰসাদৰ প্ৰথম পুত্ৰ চিন্ময় ওপজা মাথোন ১৭ দিন। তেওঁৰ ভাৰ্য্যা দেৱযানীও বৰ টান নৰিয়াত শয্যাগত। জাপানী আক্ৰমণ আহি অসমৰ পূৱ সীমাত ভূমিকম্প কৰিছে। চহৰৰ মানুহ গাঁৱলৈ ভাগি গৈছে। জাপানী বোমাৰ আতঙ্কত অসমৰ চহৰীয়াৰ মুখত পানী নাই। কোন কেতিয়া কলৈ যাব লাগিব তাৰ ঠিকনা নোহোৱা হৈ পৰিছে। এনে সময়তেই কেচুৱা পুতেক আৰু বেমাৰী পাটিত পৰিবাৰক এৰি—এক অনিশ্চয়তাৰ মাজত আৰু অৰ্নিদিষ্ট কাললৈ ঘৰৰ পৰা ওলাই যাবলগীয়াত পৰিল জ্যোতিপ্ৰসাদ। এফালে ভাৰতৰ শেষ স্বাধীনতা যুদ্ধৰ আহ্বান। বিপ্লৱৰ নিমন্ত্ৰণ। আৰু আনফালে অভাৱনীয় দুৰ্য্যোগৰ মাজত-বিপদৰ মাজত-নিজৰ কেচুৱা পুতেক, নাবালিকা ছোৱালী তিনিজনী আৰু নৰিয়া পাটিৰ ঘৈণীয়েকৰ প্ৰতি কৰ্ত্তব্য। এনে সমস্যাত তেওঁ নিজৰ ভৱিষ্যত ল'ৰা-ছোৱালীৰ ভৱিষ্যত সকলো ভাৰতৰ স্বাধীনতাৰ যজ্ঞত আহুতিকৈ দি বিপ্লৱৰ জ্বলন্ত শিখাত জাপ মাৰি পৰি অসম জুৰি জ্বলা বিপ্লৱৰ জুই আৰু ধোঁৱাৰ আঁৰে আঁৰে লৰিবলৈ ধৰিলে। [ ১২০ ]
 
 নৰিয়া পাটিত পৰি থকা হেম বৰুৱাই জ্যোতিপ্ৰসাদক সোঁহাতৰূপে পাই বিছনাৰ পৰা উঠি বহিল। জ্যোতিপ্ৰসাদক সদৌ অসম শান্তি সেনাবাহিনী প্ৰধান অধিনায়ক পাতি ললে। আগৰ প্ৰধান অধিনায়ক ৰাজেন্দ্ৰ বৰুৱা আগতেই গ্ৰেপ্তাৰ হৈ যায়। হেম বৰুৱাৰ ইঙ্গিতমতে জ্যোতিপ্ৰসাদে অসমৰ এমূৰৰ পৰা আন মূৰলৈ গৈ আন্দোলনৰ কাম কৰিবলৈ ধৰিলে। ধুবুড়ী, গোৱালপাৰা, কামৰূপ, নগাও, শিৱসাগৰ, ডিব্ৰুগড়, তেজপুৰৰ শান্তিসেনা আৰু মৃত্যুবাহিনীৰ কেন্দ্ৰবোৰত জ্যোতিপ্ৰসাদে উৎসাহ উদ্দীপনা দি ফুৰিবলৈ ধৰিলে। তেওঁক ধৰিবলৈ, পুলিছ চি আই ডিয়ে তেওঁৰ পাছ ললে। প্ৰায় পাঁচ মাহ–গাঁৱে ভূঁঞে, হাবিয়ে জঙ্গলে, কেতিয়াবা কোনোবা গাঁৱত-কেতিয়াবা নেপালী খুটিত, কেতিয়াবা ব্ৰহ্মপুত্ৰৰ মাজৰ চাপৰিত, এইদৰে পৰ্ব্বতে-পাষণ্ডে ঘূৰি বিপ্লৱক আগবঢ়াই ১৯৪২ চনৰ জানুৱাৰী মাহত কলিকতালৈ যায়। কলিকতাত অল ইণ্ডিয়া কংগ্ৰেছ কমিটীৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আৰু অসমত আন্দোলন চলাবলৈ টকাৰ যোগাৰ কৰিবলৈ। সেই সময়ত উজনি অসমত শঙ্কৰ বৰুৱা, নগাৱত মহেন্দ্ৰ হাজৰিকা আৰু লক্ষ্মী প্ৰসাদ গোস্বামী, তেজপুৰৰ গহনচন্দ্ৰ গোস্বামীয়ে বিপ্লৱৰ কামত নিয়োজিত হৈ আছিল৷ কামৰূপত অমলপ্ৰভা আৰু গোৱালপাৰাত দলবীৰ লোহাৰ আৰু আন কৰ্ম্মীসকল। এই মুখিয়াল কৰ্ম্মীসকলৰ উপৰিও হেজাৰ হেজাৰ শান্তিসেনাৰ ডেকা-ডেকেৰী আৰু শ শ মৃত্যুবাহিনীৰ ডেকা ডেকেৰীয়ে বিপ্লৱত জীৱন আহুতি দিবলৈ সষ্টম হৈ আছিল। কিন্তু ভাৰতৰ আন প্ৰদেশবোৰত বৃটিছৰ অত্যাচাৰৰ হেঁচাত বিপ্লৱৰ জুই নেদেখা হৈ আহিছিল৷ অল ইণ্ডিয়া নেতৃত্বৰ পৰা একো নতুন কাৰ্য্যসুচী নহাৰ বাবেই অসমীয়া বিপ্লৱী দল হাবিয়ে-বননিয়ে অনাই বনাই ফুৰিবলগীয়াত পৰিল আৰু লাহে লাহে হিংসামূলক কাৰ্য্যলৈ ঢাল খালে।  জ্যোতিপ্ৰসাদ যদিও আঁৰে আঁৰে ফুৰিছিল, তথাপিও আৱশ্যক মতে [ ১২১ ]
 
একেবাৰে সমুখ সমৰৰ মাজতো গা দেখাদি নুফুৰাকৈ থকা নাছিল। বিয়াল্লিছৰ অক্টোবৰ মাহত গান্ধীসপ্তাহৰ কাৰ্য্যসূচী লৈ তেওঁ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ গৈছিল। তেওঁৰ সৈতে মটৰত আছিল অমলপ্ৰভা আৰু এগৰাকী গুৱাহাটীৰ বৃদ্ধা মহিলা। যোৰহাটৰ পৰা শিৱসাগৰলৈ যোৱাৰ বাটত তেওঁ হঠাতে গৈ টিয়ক থানাৰ আগত এক বিৰাট মুনিহ তিৰোতাৰ সমদলৰ ওপৰত বেয়নেট্ আৰু লাঠী চাৰ্জ্জ কৰি থকা অৱস্থাত পালেগৈ। সেইদিনা টিয়ক কেন্দ্ৰৰ প্ৰায় দুই তিনি হেজাৰ জনতা আহিছিল, টিয়ক থানাত পতাকা উৰুৱাবলৈ। থানাৰ আগ পোৱাত প্ৰায় দুকুৰিমান আমৰ্ড পুলিছে সেই জনতাৰ ওপৰত বেয়নেট্ আৰু লাঠী চলাই ছত্ৰভঙ্গ কৰিবলৈ চেষ্টা কৰি থাকোতেই, কোবেৰে জ্যোতিপ্ৰসাদৰ মটৰ গৈ সেই পুলিছ আৰু জনতাৰ হুহিমুহিৰ মাজত সোমাই যায়হি। ভয় খাই ড্ৰাইভাৰে মটৰ ব্ৰেক কৰি ৰখাই দিয়ে আগত গোটেই বাট জুৰি পুলিছৰ লাঠী চাৰ্জ্জ আৰু বেয়নেট্ চাৰ্জ্জৰ তাণ্ডৱ লীলা। বলিয়া হৈ পুলিছ ফৌজে এফালৰ পৰা মুনিহ তিৰোতক নিৰ্ব্বিকাৰে খুচি মাৰি টঙনিয়াই যাব লাগিছে। মটৰ ৰখোৱা দেখি ওচৰত বন্দুক লৈ থকা হাবিলদাৰ আৰু কেটামান চিপাহী ওচৰ চাপি আহিল। তেতিয়া জ্যোতিপ্ৰসাদে ড্ৰাইভাৰক লাঠী চাৰ্জ্জৰ মাজলৈ মটৰ সুমাই নিবলৈ কলে। ড্ৰাইভাৰ ভয়ত পেপুৱা৷ জ্যোতিপ্ৰসাদে উগ্ৰমূৰ্ত্তি ধৰি হুকুম দি কিলাকুটিৰে ড্ৰাইভাৰক খুন্দিয়াই কলে—একো পৰোৱা নাই—চলা মটৰ। ড্ৰাইভাৰে থৰক বৰক কৰি মটৰ চলালে। ‘জোৰেৰে চলা’ বুলি জ্যোতিপ্ৰসাদৰ ধম্‌কিত সি—ভীষণ ভাৱে হৰ্ণ দি মটৰ—একেবাৰে চাৰ্জ্জৰ মাজত সুমাই দিলে। পুলিছবোৰেও এনেকৈ সিহঁতৰ মাজেদি অভাৱনীয়ভাবে মটৰ সোমাই অহাত আচৰিত হৈ ৰওঁতেই জ্যোতিপ্ৰসাদৰ মটৰ পুলিছৰ বেহু ভেদ কৰি ছেদেলিভেদেলি হৈ যোৱা জনতা পাৰ হৈ গুচি গল। পুলিছ চাৰ্জ্জৰ পৰা প্ৰায় পোৱা মাইল দূৰত গৈ মটৰ ৰখাই ভাগি যোৱা জনতাক মাতি গোটাই, ‘ভয় [ ১২২ ]
 
নাখাবলৈ—মৰি হলেও দেশৰ স্বাধীনতাৰ কাৰণে যুজিবলৈ অগ্নি বৰষা বক্তৃতা দিবলৈ ধৰিলে। মাৰ খাই কাণে-মূৰে তেজ ওলোৱা, গাত কাপোৰ-কানিৰ থান-থিত নোহোৱা—ভীষণভাবে উত্তেজিত জনতাই কলে ‘নাই’ ‘নাই ভয়খোৱা’৷ আমি এই থানালৈ আকৌ আহিম—কি ভয় কৰিম? গুলি দিলেও দিয়ক—আমি আকৌ আহিম।”

 জ্যোতিপ্ৰসাদে এইদৰে বাটে বাটে জনতাৰ জুমবোৰক উৎসাহ উদ্দীপনা দি, শিৱসাগৰলৈ গল। টিয়কৰ এই জনতা সেইদিনা লাঠী চাৰ্জ্জ আৰু বেয়নেট চাৰ্জ খোৱাৰ পিছতো আকৌ ৪ দিনৰ পিছত সমদল কৰি থানাৰ আগলৈ আহে। সেই দিনা আৰু পুলিছে লাঠী চাৰ্জ কৰা নাছিল। জ্যোতিপ্ৰসাদ কলিকতালৈ যোৱাৰ আগতে নগাঁৱৰ লক্ষ্মীপ্ৰসাদক প্ৰধান অধিনায়কৰ কাৰ্য্যভাৰ দি যায়। আৰু পিছত লক্ষ্মীপ্ৰসাদেই “অসম শান্তিসেনা বাহিনী”ৰ যোগেদি হেম বৰুৱাৰ নিৰ্দ্দেশমতে আন্দোলনৰ কাম চলাই থাকে।

 জ্যোতিপ্ৰসাদ কলিকতালৈ গৈ যাদৱপ্ৰসাদ চলিহাৰ ঘৰত আশ্ৰয় লয়—আৰু বঙ্গদেশৰ আন্দোলনৰ গুৰি-ধৰোতা অৱদা চৌধুৰীৰে সৈতে আৰু ডাঃ ৰামমনোহৰ লোহিয়াৰ সৈতে লগ লাগেগৈ। সেই সময়ত অল ইণ্ডিয়া কংগ্ৰেছ কমিটীৰ বাহৰত থকা মেম্বৰৰ ভিতৰত অন্নদা চৌধুৰী, ৰামমনোহৰ লোহিয়া, সুচেতা কৃপালনী, অৰুণা আছফ আলি, অচ্যুত পটবৰ্দ্ধন, আৰু পিছত জয়প্ৰকাশ (জেলৰ পৰা ওলাই আহে) এই কেজনেই আন্দোলনৰ কাৰ্য্যসূচী দি আছিল। অসমত বিপ্লৱৰ কাম চলি থকাত—আৰু অসমত তেতিয়াও, শই শই কৰ্ম্মীয়ে বিপ্লৱৰ কামত নিয়োজিত হৈ থকাত—আৰু আনফালে ভাৰতৰ আন আন প্ৰদেশবোৰে বৃটিছ দমন নীতিত বেয়াকৈ সেও লোৱাত—অসমে অকলে বিপ্লৱ চলাই গলে গৱৰ্ণমেণ্টৰ অত্যাচাৰ অসমতে কেন্দ্ৰীভূত কৰিবলৈ সুবিধা পাব বুলি—জ্যোতিপ্ৰসাদে অল ইণ্ডিয়া মেম্বাৰ-সকলক এখন নতুন আন্দোলনৰ কাৰ্য্য [ ১২৩ ]
 
সূচী কৰি—গোটেই ভাৰতেই আকৌ এক আন্দোলনৰ নৱ পৰ্য্যায় আৰম্ভ কৰিব লাগে বুলি টানকৈ ধৰে। আৰু সেই সূত্ৰেই তেওঁ এখন নতুন কাৰ্য্যসূচী তেওঁলোকৰ আগত ডাঙি ধৰে। অন্নদা চৌধুৰী, সুচেতা কৃপালনী ওলায় কিন্তু আন কেজনে এই কাৰ্য্যসূচী সম্ভৱপৰ নহব বুলি আপত্তি কৰে। পিছত এই কাৰ্য্যসূচী অন্নদা চৌধুৰীয়ে বিভিন্ন প্ৰদেশৰ অনুমোদনৰ কাৰণে পঠাই দিয়ে—আৰু বিহাৰ, বঙ্গ, উৰিষ্যা, মাদ্ৰাজ, মহাৰাষ্ট্ৰৰ পৰা এই কাৰ্য্যসূচীৰ অনুমোদন পায়। এই কাৰ্য্যসূচী সম্পূৰ্ণকৈ কাৰ্য্যত পৰিণত কৰিবলৈ সম্ভৱ নোহোৱাত তাৰ শেষৰ দফা ‘গান্ধীযাত্ৰা’ কাৰ্য্যত পৰিণত হয়। পুনাত গোটেই ভাৰতৰে প্ৰায় সাতশ মান কংগ্ৰেছ কৰ্ম্মী গোট খাই, গান্ধীৰ মুক্তিৰ কাৰণে সত্যাগ্ৰহ কৰিবলৈ আগা-খাঁৰ প্ৰাসাদৰ ফালে গৈ দলে দলে গ্ৰেপ্তাৰ হবলৈ ধৰে। এই ‘গান্ধীযাত্ৰা’ প্ৰগ্ৰেম জ্যোতিপ্ৰসাদৰ যোগেদি অসমৰেই পৰা যোৱা বুলিব লাগিব।

 জয়প্ৰকাশ ওলাই অহাৰ পিছত, অন্নদা চৌধুৰী, সুচেতা কৃপালিনী আৰু জ্যোতিপ্ৰসাদৰ বাকী কেজনৰ সৈতে আন্দোলনৰ কাৰ্য্যসূচীলৈ ঘোৰ মতদ্বৈধতা হবলৈ ধৰে। জ্যোতিপ্ৰসাদ অসমত থাকোতে হিংসামূলক কাৰ্য্যৰ বিৰোধী আছিল—আৰু কলিকতাতো গৈ—আন্দোলনৰ কাৰ্য্যসূচীৰ পৰা যাতে এই হিংসামূলক কাৰ্য্যৰ নিৰ্দ্দেশ দিয়া নহয় তাৰ বাবে ঘোৰ আপত্তি কৰিবলৈ ধৰে। অন্নদা চৌধুৰী আৰু সুচেতা কৃপালনীৰ বাহিৰে আন কেজন কিন্তু Sabotage অৰ পক্ষপাতী আছিল—আৰু ইয়াৰ বাবেই পিছত তেওঁলোকৰ মাজত বিভেদ সৃষ্টি হয়গৈ।

 কলিকতাত গৈ জ্যোতিপ্ৰসাদে অসমৰ আন্দোলন চলাবলৈ টকাৰ বাবে যাদৱ চলিহাৰ সৈতে দুৰ্ঘোৰ চেষ্টা কৰে। আৰু ইয়াৰ ফলতেই তেওঁলোকে হেম বৰুৱালৈ মাহে তিনি হেজাৰকৈ টকা পঠাবলৈ সমৰ্থ হয়। এই টকা কেবামাহলৈকো অসমে পাই থকাত অসমৰ আন্দোলন চলি থকাত সুবিধা হয়। অসমত হোৱা নানা অত্যাচাৰৰ বিষয়ে ৰিপৰ্ট আদি ভাৰতৰ [ ১২৪ ]
 
আন আন প্ৰদেশলৈ পঠাই, অসমৰ আন্দোলন আৰু অসমত হোৱা নানা অত্যাচাৰৰ বিষয়ে ভাৰতৰ সকলোকে জ্ঞাত কৰোৱায়। কনকলতা, ভোগেশ্বৰী, কুশল কোৱঁৰ-আৰু ঢেকীয়াজুলিৰ কাহিনী ভাৰতত জনাজাত হৈ পৰে।

 অলপ দিনৰ পিছত—লক্ষ্মী প্ৰসাদ জ্যোতিপ্ৰসাদৰ সৈতে কলিকতাত লগ লাগেহি।

 কলিকতাত থকা পিছৰ সময় ডোখৰ জ্যোতিপ্ৰসাদে তেওঁৰ জেঠেৰী ভোলাভূঞাৰ টলিগঞ্জৰ ঘৰত আশ্ৰয় লয়। ইয়াতেই জ্যোতিপ্ৰসাদৰ সাহিত্য সাধনাৰ এক নতুন উদ্যম আৰম্ভ হয়। এই টলিগঞ্জত থাকোতেই তেওঁ ‘ন যোৱান হিন্দ’, ‘অসমীয়া ছোৱালীৰ উক্তি’, ‘অসমীয়া লৰাৰ উক্তি’ ইত্যাদি নতুন ধৰণৰ বিপ্লৱী কবিতাবোৰ লিখিবলৈ ধৰে। এই কবিতাবোৰ লিখি থকাৰ সময়তেই তেওঁ অকমান লৰা-ছোৱালীৰ উপযোগী ৰামায়ণখন লিখিবলৈ ধৰে। শৰীৰৰ অসুস্থতাৰ বাবে সেইখন সম্পূৰ্ণ কৰিব পৰা নাই।

 এই দৰে কলিকতাত কিছুদিন থাকোতে মহাত্মাৰ আগা খাঁৰ প্ৰাসাদত অনশন আৰম্ভ হয়৷ মহাত্মাৰ অনশনৰ পিছত জ্যোতিপ্ৰসাদ আৰু আন আন আত্মগোপনকৈ ফুৰা কংগ্ৰেছ কৰ্ম্মীসকল বৰ দোধোৰ মোধোৰত পৰে। শ্ৰীৰাজাগোপালাচাৰীয়ে অনশনৰ সময়ত মহাত্মাক দেখা কৰোতে মহাত্মাই তেওঁক জানিবলৈ দিয়ে যে মহাত্মাই কংগ্ৰেছ কৰ্ম্মীৰ পৰা দুটা কথা বিচাৰে। এটা হৈছে (Non violence) অহিংসা আৰু আনটো হৈছে(Non Secrecy)। গোপনভাবে কোনো কাৰ্য্যকে নকৰা।

আনকি মহাত্মাই গোপনভাবে কংগ্ৰেছ বুলেটিন উলিৱাৰো বিৰোধী। মহাত্মাই জানিবলৈ দিয়ে যে যিবোৰ কংগ্ৰেছ কৰ্ম্মীয়ে আত্মগোপনকৈ ফুৰিছে তেওঁলোকে মহাত্মাৰ আৰু কংগ্ৰেছৰ আদৰ্শ খৰ্ব্ব কৰিছে— [ ১২৫ ]
 
তেওঁলোকে তৎক্ষণাৎ আত্মসমৰ্পণ কৰা উচিত। জ্যোতিপ্ৰসাদ আৰু আন আন আত্মগোপনকৈ থকা কংগ্ৰেছ কৰ্ম্মীসকল বৰ দোধোৰ-মোধোৰত পৰিল। এই অৱস্থাতে তেওঁ প্ৰায় আৰু তিনি মাহ থকাৰ পিছত–তেওঁৰ ওপৰত আত্মসমৰ্পণ কৰিবলৈ পৰিয়ালৰো হেচা পৰিবলৈ ধৰিলে। তিনি মাহৰ আগতেই তেওঁক absconder (ফেৰাৰ) বুলি গৱৰ্ণমেন্টে ঘোষণা কৰে। তেওঁলোকৰ পৰিয়াল এটা একান্নবৰ্ত্তী (Joint family) পৰিয়াল। জ্যোতিপ্ৰসাদৰ সম্পত্তি মাটি-ভেটি, সকলো ভাই-ককাইৰ সম্পত্তিৰ সৈতে যোত্ৰ হৈ আছিল। সেই কাৰণে জ্যোতিপ্ৰসাদৰ সম্পত্তি আটক কৰিবলৈ গৈ গৱৰ্ণমেন্টে জ্যোতিপ্ৰসাদৰ গোটেই পৰিয়ালৰ উমৈহতীয়া সম্পত্তি আটক কৰে। কেবালাখ টকাৰো পৈতৃক সম্পত্তি জ্যোতিপ্ৰসাদৰ ভায়েক-ককায়েকে এইদৰে এজনৰ ৰাজনৈতিক কাৰ্য্যৰ পৰা আথানি হবলৈ দিবলৈ ঘোৰ আপত্তি তুলিলে। এনে সমস্যা হোৱাত জ্যোতিপ্ৰসাদ আকৌ এক বিমোৰত পৰিল। অন্নদা চৌধুৰী, সুচেতা কৃপালিণী আদিয়ে তেওঁক পৰামৰ্শ দিলে যে জ্যোতিপ্ৰসাদে তেওঁৰ ত্যাগলৈ তেওঁৰ ভায়েক-ককায়েকক তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে টানি আনিবলৈ কোনো অধিকাৰ নাই। সত্যাগ্ৰহৰ নীতিৰ ফালৰ পৰা ইয়াক সমৰ্থন কৰিব নোৱাৰি। আন ফালে অৰুণা আচফ আলিয়ে কিন্তু আত্ম-সমৰ্পণ কৰাৰ বিৰোধী হৈ তেওঁক কলে যে তেওঁ আত্মসমৰ্পণ কৰিলে গৱৰ্ণমেণ্টৰ জয় হব। এই দোমোজাত শেহত জয়প্ৰকাশ আৰু অৰুণা আচফ আলিৰ কাৰ্য্যপন্থা সমৰ্থন কৰিব নোৱাৰি, জ্যোতিপ্ৰসাদে আত্মসমৰ্পণ কৰি জেলত সোমাই থকা স্থিৰ কৰি—১৯৪৩ আগষ্ট মাহত তেজপুৰত গৈ আত্মসমৰ্পণ কৰে। তেওঁৰ ওপৰত মকৰ্দ্দমা হল— কিন্তু যি কাৰণত তেওঁৰ ওপৰত চাৰ্জ অনা হৈছিল তাক ভালকৈ পুলিছে থিৰ কৰিব নোৱাৰাত তেওঁক আদালতে খালাছ দিয়ে।

 খালাছ পোৱাৰ পিছত তেওঁ অলপ দিন কলিকতাৰ পৰা অহা সাহায্য [ ১২৬ ] পূঁজিৰ টকা ৪২ ত হতাহত হোৱাসকলৰ মাজত বিলোৱা কামত থাকি পিছত কিছুদিন বন্ধ হৈ থকা ‘অসমীয়া’ কাকত উলিৱাত সহায় কৰিবলৈ যায় আৰু ‘অসমীয়া’ কাকতৰ সম্পাদকৰ কাৰ্য্যভাৰ গ্ৰহণ কৰে। ‘অসমীয়া’ৰ সম্পাদক হৈ গুৱাহাটিত থাকোতেই তেওঁ অসম বিশ্ববিদ্যালয় স্থাপনৰ বাবে শেষ আন্দোলনৰ সূত্ৰপাত কৰে। ‘বেচৰকাৰিকৈ হলেও অসম বিশ্ববিদ্যালয় পাতিবই লাগিব’ বুলি তেওঁ যি সম্পাদকীয ‘অসমীয়াত’ লিখে—সেই সম্পাদকীয়য়েই ‘বিশ্ববিদ্যালয়ৰ’ আন্দোলন আকৌ তুলি আনে। ইয়াৰ পিছতেই বাঁহী, আসাম ট্ৰিবিউন আদিৰে এই সূত্ৰকে ধৰি বিশ্ববিদ্যালয় আন্দোলন উতলাই তোলে।

 সাত মাহ অসমীয়াৰ সম্পাদক হিচাপে কাম কৰি আৰু সেই সময়ত অসমীয়াৰ ‘অকমানি চ’ৰাৰ যোগেদি অসমীয়া শিশু-সাহিত্যলৈ যথেষ্ট দান আগবঢ়ায়। স্বাস্থ্য আৰু বেয়াহৈ অহাত—ৰাজহুৱা জীৱনৰ পৰা কিছুকাল আঁতৰি থাকি স্বাস্থ্যৰ উন্নতি কৰিবলৈ বুলি, শ্ৰীযুত দেৱকান্ত বৰুৱাক অসমীয়া সম্পাদনাৰ ভাৰ গতাই দি, ডিব্ৰুগডৰ তেওঁলোকৰ চাহবাগিছা তামোলবাৰীলৈ গৈ সপৰিয়ালে থাকিবলৈ লয়। ইয়াতো তেওঁৰ স্বাস্থ্য ভাললৈ নাহি কিছু বেয়ালৈহে যায়। এই ভগ্নস্বাস্থ্যলৈও তেওঁ সাহিত্য চৰ্চ্চা এৰিব নোৱাৰি কাপ ধৰিয়েই আছে। কবিতা প্ৰৱন্ধপাতিৰ উপৰিও তেওঁ ‘লভিতা’ ‘ৰূপ কোঁৱৰ’ নাটক সম্পূৰ্ণ কৰে আৰু ‘কনকলতা’ নাটক লিখিবলৈ লৈছে।

 ইয়াৰ উপিৰও নবভাৰতীয় স্থাপত্যৰ এটা নতুন ৰূপ বিচাৰি তেওঁ বিশেষকৈ নতুন যুগৰ আজিৰ অসমীয়া স্থাপত্যনো কেনে হব এই বিষয়ে মনোনিবেশ কৰিছে। তেওঁৰ নতুন অসমীয়া স্থাপত্যৰ পৰিকল্পনাৰ নিদৰ্শন (design) কেতবোৰ ৰাইজৰ আগত দাঙি ধৰিছে; যাতে [ ১২৭ ] নতুন সংস্কৃতি সভ্যতা ৰচনা কৰিবলৈ ওলোৱা ভাৰতবৰ্ষই, অসমে মৌলিক প্ৰতিভাৰ যোগেদি নতুন স্থাপত্য গঢ়িবলৈ অনুপ্ৰেৰণা পায়। তেওঁৰ অভিপ্ৰায়, যেন আজিৰ যুগত সজা অসম বিশ্ববিদ্যালয়ৰ স্থাপত্যত আজিৰ অসমীয়াৰ সাংস্কৃতিক মনটো প্ৰতিফলিত হব আৰু অসমীযা ইঞ্জিনিয়াৰৰ নিৰ্ম্মাণ-কুশলতাৰ সি এটা নিদৰ্শন হয। অসম বিশ্ববিদ্যালযৰ ঘৰত যেন আজিৰ অসমীয়াৰেই হাতৰ আখৰ জিলিকি উঠে।

 জ্যোতিপ্ৰসাদৰ বেছিভাগ লিখাই অপ্ৰকাশিত হৈ আছে। প্ৰকাশিত লিখাবোৰ কাকতে-পত্ৰই সিচৰিত হৈ আছে। সময়ত সকলো প্ৰকাশ হলে ৰাইজে জোতিপ্ৰসাদৰ গুণাগুণ ভালকৈ উপলদ্ধি কৰিব পাৰিব।

 জ্যোতিপ্ৰসাদৰ এই অসমাপ্ত জীৱনৰ নাটকীয় কাহিনী, জ্যোতিপ্ৰসাদে বাস্তৱৰ আলম লৈ কল্পনাৰ সহায়ৰে লিখা লভিতাতকৈ ৰাইজৰ কাৰণে ‘বাস্তৱজীৱন' নাটক হিচাবে ভালকৈযে ৰাপলগা হব বুলিয়েই ইয়াত সংযোজিত কৰি দিয়া হল।

শ্ৰীবনমালী কাকতি—: বি,এছ-ছি)
ডিব্ৰুগড়  

[ ১২৮ ]

প্ৰচ্ছদ পট পৰিচয়

 “লভিতাৰ” আৱৰণী পাতত দিয়া আলেখ্যৰ চিত্ৰশিল্পী হৈছে শ্ৰীযুত অভয় দুৱৰা। এওঁ বৰ্ত্তমান ডিব্ৰুগড়ত থাকে। ৰঙ্গমঞ্চৰ এজন সুদক্ষ প্ৰযোজক আৰু অভিনয় শিল্পী এই নবীন বিকশমান অসমৰ শিল্পী প্ৰতিভাৰ বয়স এতিয়াও কোমল। এৱেঁই জোতিপ্ৰসাদৰ অভিনব অসমীয়া স্থাপত্যৰ ৰূপ দিয়া এজন কাৰিকৰ।

 অভয় দুৱৰা ব্যৱসায়ী শিল্পী নহয়। তেওঁৰ আছে এক শিল্পী-দাৰ্শনিকৰ মন আৰু কলা-নৈপুণ্য আৰ্জিৰ পৰা প্ৰতিভা।

 “আৱৰণী পাতৰ ছবিখনিত আজি ভাৰতীয় শিল্পীয়ে আজিৰ বাস্তৱৰ মাজত ঠিয় হৈ যি সাংস্কৃতিক দৃষ্টিষে আমাৰ ভাৰতৰ আজিৰ বাস্তৱ গঢ়িব পাৰিব বুলি উপলব্ধি কৰিছে, তাৰেই প্ৰতিচ্ছবি ৰূপান্তৰিত অসমীয়া সমল-সঁজুলিৰে ৰাইজৰ আগত দাঙি ধৰিছে।

 প্ৰকাশ প্ৰতীক্ষাত থক অসমীয়া বিশ্বমুখী চিত্ৰকলাৰ এই ছবিখনি পূৰ্ব্বাভাষ বুলি আমাৰ ধাৰণা-।


Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০১৯ চনত ১ জানুৱাৰী ১৯৫৯ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)