পৃষ্ঠা:লভিতা.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ অঙ্ক-১ম দৰ্শন]
লভিতা
 
 

২য় ঠিকাদাৰ। মোৰহে অলপ দিগদাৰ হ'ল। চোৱাচোন কাম হৈ যোৱা টকাখিনি বন্ধ কৰি থৈছে। বুজিছা সেই ইঞ্জিনীয়াৰ চাহাবটোক বোলে দহ হেজাৰ লাগে, তেহে হেনো বিলখন পাচ কৰি দিয়ে।

১ম ঠিকাদাৰ। নকবা আৰু টকা নহলে একোৱেই নহয়। ঠিকাদাৰখনক খটুৱাই মাৰি এই গৱৰ্ণমেণ্টৰ অফিচাৰবোৰে মাজতে টকাবোৰ মাৰিছে। (এনেতে এজন মাৰোৱাৰী মহাজন সোমাই আহে।) অ' ৰাম ৰাম! বাবুজী এই আমি আপোনাৰ তালৈ যামহে বুলিছিলো৷

মহাজন। ৰাম ৰাম! পিছে কি বাত কৰিব বাবুজী? জিনিছ উনিছ ত’ কুছ পাবলৈ নাই আছে। ডাল নাই, আটা নাই, চেনি নাই, নিমখ নাই, তেল নাই, কুছ নাই, হামিলোকে কৰ পৰা আনিব? ৰেল-জাহাজতো চব খালি মিলিটেৰী মাল আৰু চিপাহী আনিছে নিছে।

১ম ঠিকাদাৰ। পিছে বাবুজী এটা কথা নহয়।

মাৰোৱাৰী। কি কথা আছে?

১ম ঠিকাদাৰ। মোক দুমোণ আটা নহলে নহয়।

মাৰোৱাৰী৷ হৰে ৰাম, হৰে ৰাম! হামি আজি এক মহিনা ৰুটি খাবলৈ নাই পাইছো। খালি চাউল খাই খাই হামাৰ চবৰে পেটৰ বেমাৰ হৈ গৈছে। হৰে ৰাম, হৰে ৰাম ক’ত পাম?

৬১