পৃষ্ঠা:লভিতা.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা
[চতুৰ্থ অঙ্ক–২য় দৰ্শন
 


কেঃ শৰ্ম্মা। All right, মাত্ৰ ৪ মিনিট আছে যাবলৈ। (ঘড়ি চাই) দুই মিনিট দেখা কৰিব পাৰিবা। (এই বুলি ওলায় যায়। অলপ পিছত লভিতা লৰ মাৰি আহি ইলাহীক দেখি “ককা ককা” বুলি সাৱট মাৰি ধৰি বুকত মূৰ সুমায়। ইলাহীয়ে “মাই মোৰ মাই” বুলি সাৱটি ধৰে, মাটি কঠালকেটা মাটিত থয়।)

লভিতা। ককা! যাবৰ সময়ত তোমাক কোনে খবৰ দিলে?

ইলাহী। খোদাই–খোদাই খবৰ দিলে মাই। আজি মোৰ মনটোত পুৱাৰে পৰা তোক বৰ চাবৰ মন গৈছিল—থাকিব নোৱাৰি আহিলো। (বাহিৰত ট্ৰাকত হৰ্ণ বাজে।)

লভিতা। (কন্দনামুৱাকৈ) ককা! কহিমালৈ যাব লাগিব, তাত যুদ্ধ চাপি আহিছে। ককা! তাকৌ যদি তোমাৰ সৈতে দেখা নহয়। (কান্দে)

ইলাহী। মাই। মাই (চকু পানী টুকি) খোদাৰ ইচ্ছা। মাই! দুদিনলৈ আহিছিলি মাই। মোৰ দুনীয়াৰ সকলোকে হেৰুৱাই খোদাক চিন্তি দিন গণি আছিলো। তই আহি দুদিনতে মোৰ জীৰ মৰম উথলাই তুলিলি মাই! এতিয়া গাৰ মঙহ এৰোৱাদি এৰাই কলৈ বিপদৰ মাজলৈ যাবলৈ ওলালি—মাই! মাই (হুৰাওৰাকৈ কান্দে) মাই–অ' মাই!(মটৰৰ হৰ্ণ খুব খৰকৈ বাজিবলৈ ধৰে আৰু ‘নাৰ্ছ, নাৰ্ছ জলদি আও’ বুলি চিঞঁৰ আহে।)

লভিতা৷ ককা! ককা! যাওঁ যাওঁ উস ককা.....

৭২