সমললৈ যাওক

লভিতা/তৃতীয় অঙ্ক

ৱিকিউৎসৰ পৰা

[ তৃতীয় অঙ্ক ]


তৃতীয় অঙ্ক
প্ৰথম দৰ্শন

এটা গাঁৱলীয়া বাট। সন্ধিয়া লাগি আহিছে। চকু-পানী টুকি টুকি এখোজ দুখোজকে লভিতা আহিছে। আহি আহি থমকি ৰৈ কাণ পাতি কিবা শুনাৰ দৰে কৰে। আকৌ থৰ লাগি ৰয়। এনেতে দূৰৈত খলখলাই কোনোবা মুনিহ-মানুহৰ হাঁহি শুনা যায়। লভিতাই কি কৰো নকৰোকৈ ৰয়। অলপপৰ তলকা মাৰি হুক্ হুক্‌কৈ কান্দিবলৈ ধৰে। এনেতে বাহিৰত জোতাৰ গেৰেপ গেৰেপ শব্দ হয়। লভিতাই এফালেদি ওলাই যাবৰ কাৰণে চুচুকচামাক কৰোতেই তিনটা মদখোৱা ভাৰতীয় মিলিটেৰী তাত ওলায়হি। লভিতা এফালে ওলাই যাব ধৰোতে এটাই গৈ আগভেটি ধৰেগৈ। আৰু লভিতাই কি কৰো নকৰোকৈ টলকা মাৰি ৰয় ।

১নং মিলিটেৰী। ভয় নাই কৰিবে। হামিলোক ভূত নাই আছে, বাঘ নাই আছে। (বাকী দুটাই অলপ আঁতৰত থাকি ফুচ্ ফুচ্ কৰি কিবা কথা পাতে।) তুম্ বহুত খুবছুৰত ছোৱালী আছে। (লভিতাই যাবলৈ খোজ দিব খোজে; সি আগভেটি ধৰে।) কাহে ভাগি যাব খুজিছে? হামি তোমাকে [ ৪৬ ]
 
কুচ্ দুচমনি নাই কৰিবে। হামি ভালা আদমি আছে। হামি তোমাকে পিয়াৰ কৰিবে। তোমাকে ৰূপীয়া দিবে।(এই বুলি এখন দহটকীয়া নোট উলিয়াই লভিতাৰ গালত ঘঁহাই দিয়ে। লভিতাই খঙত নোট থাপ মাৰি লৈ এচাৰ মাৰি পেলাই দিয়ে৷)

২নং মিলিটেৰী। ওঃ ছোক্‌ৰী! এত‌্না ৰাগ মত দেখাও। আৰে ভাইজী! ক্যা দেখতা? চলো উঠাও! লেকে চলো ৷

এই বুলি সি জেপৰ পৰা ৰুমাল উলিয়াই বিজুলী সঞ্চাৰে গৈ লভিতাক হাতেৰে সাৱট মাৰি ধৰি আন হাতেৰে ৰুমালেৰে মুখত সোপা দি ধৰে। লভিতাই চিঞঁৰিবলৈ চেষ্টা কৰে আৰু হাত-ভৰি আচাৰি উফাল খায়! তাৰ হাতৰ পৰা এৰাই গৈ মাটিত কৰ্ফাল খাই পৰে। এই বাৰ তিনিওটাই গৈ তাইক হেঁচা মাৰি ধৰি মুখত সোপা দি পথালি কোলাকৈ দাঙি লয়, আৰু লভিভাই হাত ভৰি মূৰ আচাৰিবলৈ ধৰে। মুখত সোপা দিয়া স্বত্বেও তাইৰ কোঁ-কোঁৱনি গোঁ গোঁৱনি কিছু দূৰলৈ শুনা যায়। এইদৰে তাইক সিহঁতে ধৰি-বান্ধি উলিয়াই নিবলৈ চেষ্টা কৰোতেই এজন ডেকা পুলিচ এ, এফ, আই ওলায়, আৰু হঠাং চাইকেলৰ কোব ৰখাবলৈ যাওঁতে আহি মিলিটেৰী কেইটাৰ গাত খুন্দা খাই পৰে; আৰু পৰি তৎক্ষণাত জাপ মাৰি উঠি ঘোৰ বাঘৰ মুৰ্ত্তি ধৰি মিলিটেৰী কেইটালৈ চাই সোধে। [ ৪৭ ]
 

পুঃ এ, এচ, আই। এই কুকুৰ-পোৱালীহঁত! এই কাহে! এই লেৰকীকো ছোড় দেও। (এই বুলি পুলিচ এ, এফ, আই জাপ মাৰি সিহঁতৰ মাজত পৰে আৰু দবৰা-দবৰি কৰিবলৈ ধৰে। এনেতে লভিতাই উফাল মাৰি সিহঁতৰ হাতৰ পৰা এৰাই দূৰলৈ লৰ মাৰে আৰু ইফালে পুলিচ এ; এচ, আইৰ সৈতে মিলিটেৰী কেটাৰ দবৰা দবৰি লাগে।

২নং মিলিটেৰী। (হঠাৎ থিৰ হৈ) আৰে তুম কৈছে আদ্‌মি হো? তুম ভি বৃটিছ কী পুলিচ হো, অব হাম‌্ভি বৃটিছ কো চিপাহী। থোৰা থোৰা ছোৱালীকো সাথ ফুৰ্ত্তি কৰেগা । আৰে তুমকো তো মদৎ কৰনী চাহিয়ে।

পুঃ এ, আই। মদৎ! মদৎ! কুত্তেলোগ মদৎ! হা হাম পুলিচ হায়। জানানাকো অত্যাচাৰছে তুমালোগকো হামৰাঁ বহন বছানেকেলিয়ে পুলিচ হুয়া হ্যায়। হা হা বৃটিছ্ কা পোছাক পহনকে পুলিচ হুয়া হ্যায়। লেকিন জনানাকো জুলুম কৰনেক লিয়ে নহী। আদমিয়োঁকো অপনা খুন দে কৰ, অপনা জান দে কৰ বচানেকেলিয়ে। হাৰামজাদা। বেইমানলোগ !

এইবুলি খঙত কঁপি কঁপি ককালৰ পৰা ৰুল মাৰি উলিয়াই তিনিওটা মিলিটেৰীক উৰাই-ঘূৰাই মাৰিবলৈ ধৰে আৰু মুখেৰে চিঞঁৰি কয় ৷

পুঃ এ, এচ, আই। কুকুৰহঁত! পুলিচে তহঁতক নাৰী ধৰ্ষণ কৰিবলৈ মদৎ দিব লাগে। পাপিষ্ঠ নৰাধম! (তেতিয়া মিলিটেৰী কেইটাইও, এচ আই জনক ঘোচা মৰিবলৈ খেদি যায়। [ ৪৮ ]
 

আৰু এ এচ. আইৰ ওঠত ঘোচা পৰাত মুখৰ পৰা তেজ ওলাবলৈ ধৰে। মাৰপিট চলি থাকে। এনেতে শাক-পাচলিৰ ভাৰ এখন লৈ এটা বুঢ়া, ডৰীয়া অসমীয়া মুছলমান ইলাহী বকছ্ সেই বাটেদি যাবলৈ ওলাওতে হঠাৎ তাতে ওলাইহি আৰু কাণ্ড দেখি চমক্ থাই ৰয়। বুঢ়াক দেখি লভিতাই লৰমাৰি বুঢ়াৰ পাছফালে থিয় হলগৈ। মৰামৰি বাঢ়ি যায়।)

(মৰামৰি হৈ থাকোতেই এ,এচ, আই এ চিঞঁৰি কয়।)

আৰে বুঢ়া মিঞা ! কি দেখিছ? এই ছোৱালীক বচা। লৈ যা। তাইক লৈ যা। থানাত খবৰ দেগৈ, যা ছোৱালীজনীক বচা–লৈ যা—লৈ যা।

বুঢ়াই বেগেৰে ওলাই যায়। লভিতাহঁত ওলাই যোৱাৰ পিছত মিলিটেৰী কেটাই মাৰি এ, এচ, আই জনক মাটিত পেলাই দিয়ে, আৰু এটাই ককালৰ পৰা ডেগাৰ এখন উলিয়াই এ, এচ, আইৰ বুকুত বহুৱাবলৈ সাজু হওঁতেই হঠাৎ দুটা এমেৰিকান এম, পি তাত ওলায় , আৰু এটাৰ পিষ্টলৰ গুলীত ডেগাৰ মাৰিব খোজাটেো মাটিত বাগৰি যায়। বাকী দুটালৈ পিষ্টল টোঁৱাই কয়৷

এম, পি। হেণ্ড্‌ছ আপ।

(মিলিটেৰী কেটাই তেনে কৰে।
এনেতে ছাৎ কৰে আঁৰ-কাপোৰ
[ ৪৯ ]


দ্বিতীয় দৰ্শন ।

ইলাহীবকছৰ ঘৰৰ আগ চোতাল। জুপুৰি ঘৰটোৰ পিৰালিতে বুঢ়া ইলাহী বকছ বহি বাদনা এটালৈ পানীৰে মুখ ধুইছে আৰু আন এফালে লভিতা উচুপি উচুপি বহি আছে। ওচৰতে কেইটামান কুকুৰাই খুটিয়াই খুটিয়াই ধান খাব লাগিছে। চোতালত এফালে গৰু এজনী আৰু দামুৰি পোৱালী এটা বন্ধা আছে ৷

ইলাহীয়ে মুখ ধুই, কান্ধৰ গামোছাৰে মুখ মচি বাদনাটো ভালকৈ পানীৰে আওখালি গৰুজনীৰ ফালে গৈ—

ইলাহী—লভিতাক) মাই অ’! তই কালিৰে পৰা মুখত পানী এটোপাকে দিয়া নাই। কি কৰিবি মাই, খোদাৰ কিবা মানুহৰ ওপৰত খং উঠিছে; সেই কাৰণে যুঁজ বাগৰ, আকাল বিকাল দুণীয়ালৈ পঠিয়াইছে। মাই তোৰেইতো অকল এনে হোৱা নাই। (দামুৰীটো আনি ওহাৰত লগাই দিয়ে।) কত মানুহৰ বিলাই হৈছে। কতৰ মাকবাপেক হেৰুৱাইছে। ঘৰবাৰী গৈছে। (দামুৰীটো নি বান্ধি থৈ গাখীৰ খিৰাবলৈ ধৰে।) মাই, যি আছে কপালত। এতিয়া যেনে তেনে জানটোহে বচাব লাগে মাই। কান্দি-কাটি নাখাই নবৈ নিজৰ দেহটোক লোকচান কৰিলে কি হব? (গাখীৰ খিৰোৱা হয় আৰু বাদনাটোত গাখীৰ আনি লভিতাৰ ওচৰত থৈ) মাই, গাখীৰকে অলপ তপতাই দিওঁ। তাকে খা মাই। তই হেন্দুৰ ঘৰৰ ছোৱালী! ভাত দুটামান ৰান্ধি তোক দুটামান খুৱাবৰ মোৰ এক্তিয়াৰ নাই । আমাৰ মানুহৰ সমাজৰ নিয়ম এনে। হায় আল্লা!

লভিতা। নালাগে গাখীৰ তপতাব। মোৰ একো খাবৰ মন যোৱা নাই। গাটো জ্বৰ জ্বৰ হে লাগিছে। [ ৫০ ]
 

ইলাহী। নহয় মাই, জ্বৰ তোৰ হোৱা নাই। তোৰ ভোক চৰিহে এনেকুৱা ইচাতি বিচাতি লাগিছে৷ গাখীৰ এটোপা খালে মাই পেটটো জুৰ পৰিলে ভাল পাবি।

এনেতে বাহিৰত হো হোৱাই এখন ইলেট্ৰিক, হৰ্ণ হাও হাওকৈ বজাই মিলিটেৰী লড়ী গুম্‌গুমাই যায়।

লড়ীবোৰৰ লৰাধপৰাখন আকৌ লাগিল। উৰাজাহাজৰ হো-হোৱনি মটৰৰ ভোঁ-ভোৱনি শুনি আৰু কাণ ক’লা হলগৈ। মাই, সেই কুঁৱাৰ পৰা পানী অলপ তুলি মুখখন ধুই আহগৈ। তালুখনো অলপ তিয়াই দিবি, ভাল পাবি। যা মাই, যা। (মৰমেৰে চায়) আই উ, মাইজনীৰ অৱস্থা নোহোৱা হল আল্লা! আল্লা! (হুমুনিয়াহ পেলাই ঘৰৰ ভিতৰলৈ সোমাই যায়। ভিতৰৰ পৰা) গলি মাই যা, যা, হাত মুখ ধো গৈ যা, যা (লভিতা উঠি ৰিহাৰ আচলেৰে চকু, নাক মচি এখুজি-দুখুজিকৈ বাহিৰলৈ ওলাই যায়।এনেতে এ, আৰ, পি পোছাকত গোলাপে হাতত বেত এডাল লৈ সোমাই আহি চোতালত থিয় হয়হি৷

গোলাপ। ইলাহী মিঞা? ঘৰত আছেনে? (ভিতৰৰ পৰা) ‘অঁ আছো’ ৷

ইলাহী। (ওলাই। অ’ আমাৰ গোলাপ বাপাই দেখোন! পিছে কিনো হ’ল, আজি দেখোন পুৱাই ওলালাঁহি? আমিও ঘৰবাৰী এবি যাবৰ হুকুম লৈ আহিছা নেকি? ৰবা বাপাই (এই বুলি ভিতৰলৈ গৈ মুঢ়া এটা আনি দি।) বঁহা বাপাই বঁহা, ও পিছে?

গোলাপ। পিছে এটা খবৰৰ কাৰণেহে আহিলোঁ ৷

ইলাহী। কিনো খবৰ? [ ৫১ ]
 

গোলাপ। এই, এই আমাৰ ছোৱালী এজনী এইফালে আহিছিল বোলে?

ইলাহী। অ’ বাপাই অ’। সেই যে বাণেশ্বৰ বৰুৱাৰ জীয়েকজনী, তায়েই। ঘটনাটো শুনিছাই নহয়?

গোলাপ। অ’ থানাৰ দাৰোগাই কৈছে।

ইলাহী। পিছে আমাৰ সৰু দাৰোগাজন ভাল হৈছেনে?

গোলাপ। অ’ জিলাৰ হাস্পাতাললৈ নিছে। ভাললৈ আহিছে।

ইলাহী। আল্লাই ভাল কৰিব৷ এৰা, এনেকুৱাহে পুলিচ হব লাগে। ছোৱালীজনীৰ ইজ্জত নিজৰ জানটো দিও ৰাখি দিবলৈ ওলাইছিল৷

গোলাপ। পিছে ছোৱালীজনী ক’ত আছে?

ইলাহী। ক’ত থাকিব আৰু। মোৰ ঘৰতে পৰশিৰ পৰা আছে। হেন্দুৰ ছোৱালী তাই৷ একো এটাকে মুখত নিদিয়ে। চকু গৈ গাঁতত সোমালেগৈ। কালি ৰাতি কোনোমতে গাখীৰ এবাটি কটিয়াইছিলো৷ আজি আকৌ গাখীৰ অকণ তপতাইছো। সুধিলো বোলো–মাই, তোক কৰবাত থৈ আহোঁগৈ ব’ল। তাই কোনোপধ্যেই নাযায়। তাকে ভাবিচিন্তি আছিলো বোলো কৰো কি৷ থানাৰ দাৰোগাকে চম‌্জাই দিওঁগৈ নেকি?

এনেতে লভিতা ভিতৰৰ পৰা আহি গোলাপক দেখি হুক‌্হুক্‌কৈ কান্দিবলৈ ধৰে।

গোলাপ। (ওচৰলৈ গৈ) লভিতা—লভিতা। নাকান্দিবা, নাকান্দিবা লভিতা! [ ৫২ ]
 
ইলাহী। নাকান্দিবি মাই, নাকান্দিবি। আহ, আহ, গাখীৰটোপা খাই লহি। কি হব মাই কান্দিলে। আহ।

এই বুলি লভিতাক মৰম কৰি ভিতৰলৈ লৈ যায়গৈ। গোলাপ বেজাৰ মনেৰে গৈ মুঢ়াত বহে। উৰাজাহাজৰ শব্দ হয়, আকৌ কিছুপৰৰ পিছত নাইকিয়া হয়। ইলাহী বুঢ়া ওলাই আহে।

ইলাহী। এৰা বাপাই, ছোৱালীজনীৰ কিবা এটা দিহা লগাব লাগিল নহয়। মোৰ ইয়াত আৰু ভাত-পানী নাখাই কেইদিন থাকিব? তুমিয়েই বুজাই-বঢ়াই এঠাইত গত লগাই থোৱা।

গোলাপ। মইতো সকলো কথা ভাবিচিন্তিয়েই, দেশ-কালৰ কথা দেখিয়েই মৌজাদাৰৰ ঘৰত থৈছিলো। পিছে নিজেই তাৰ পৰা আহিছে।

ইলাহী। (কিছু আচৰিত হৈ) কি

গোলাপ। এৰা।

ইলাহী। কেলেই তোমালোকৰ গাঁৱতে দেখোন কাৰবাৰ ঘৰত থাকিব পাৰে। তোমাৰ ঘৰতো-?

গোলাপ। (তলকা মাৰি থাকি কি কওঁ কি ন কওঁকৈ থাকে।)

লভিতা। ইলাহী ককা! তুমি বুজা নাই। (কাঠ হাঁহি মাৰি।) মই—মই হিন্দু মানুহৰ ছোৱালী। মোক এইবোৰ বঙালে-কঙালে হাতত ধৰিলে। মই তোমাৰ ঘৰত, মছলমানৰ [ ৫৩ ]
 

ঘৰত আশ্ৰয় লৈ থাকিলো। বুজিছা ইলাহী ককা, এতিয়া হিন্দু মানুহে মোক সিহঁতৰ গাঁৱত ৰাখে কেনেকৈ? সিহঁতৰ ইহকাল পৰকাল নষ্ট যাব। বুজিছা বুঢ়া ককা !

(কাঠ হাঁহি মাৰে। লভিতাৰ মুখত এটা তীব্ৰ বেদনা আৰু চকুত জুই আঙনি ফুটি ওলায়।)

ইলাহী। আল্লা! আল্লা! মানুহবোৰ ইমান কাঠচিতীয়া।

গোলাপ। ইলাহী মিঞাঁ, কি কম, কি কম। আমাৰ মানুহবোৰৰ আজিও চকু মুকলি নহল। আজিও-

ইলাহী। কেলৈ বাপাই। আজি অত বছৰ গান্ধী মহাত্মাই, কংগ্ৰেছে মানুহক দেখোন এইবোৰ এৰিবলৈ কৈছে-মহাত্মাৰ কথাৰ অলপো গুণ ধৰা নাইনে? এইবোৰ বিপদত পৰিলহি। মানুহে বিপদ চাপিলে সহি থাকিব লাগে।

লভিতা। (কন্দনামুৱাহৈ ওলাই আহি) কিয় সহি থাকিব? অন্যায় অত্যাচাৰৰ কেতিয়াও সহি থাকিব নালাগে। তুমি মোক আশ্ৰয়ৰ বাবে মৌজাদাৰৰ ঘৰত থলা। তাত ক’ত মোক দুআষাৰ মৰমৰ মাতেৰে মনত সান্ত্বনা দিব। কিনা গোলামৰ দৰে বাবলৈতো ধৰিলেই, তাৰ উপৰি পুৱাৰে পৰা ৰাতি দুপৰলৈকে যতবোৰ বছা বছা তিতা-কেহা এটাইবোৰ দিবলৈ লাগিল। তেজ-মঙহৰ মানুহে নোৱাৰে সহিব। মইতো আৰু গৰু ছাগলী নহও। [ ৫৪ ]
 
গোলাপ। মই মৌজাদাৰনী তেনে বুলি ভবা নাছিলো।

লভিতা। তেওঁলোকে মানুহক গৰকি গৰকি, মানুহক যে, মানুহ বুলি ভাবিব লাগে, সেইটো পাহৰিয়েই গৈছে।

ইলাহী। এৰা, দুনীয়াখন বৰ কঠুৱা। পিছে যি হয় এটা কৰা। তোমালোকৰ ঘৰলৈকে লৈ লোৱা।।

(গোলাপে একে নামাতি মনে মনে থাকে। ইলাহীয়ে লভিতাৰ ফালে চায়। লভিতাই তলমূৰকৈ থাকে।)

ইলাহী। (কিছুপৰ গোলাপৰ ফালে চাই) একো নামাতিলা দেখোন?

গোলাপ। এৰা মই একো বুদ্ধিকে পোৱা নাই। (চিন্তা কৰে।) ধৰিছে কিছু কিছু। পিছে আমাৰ এই ফালৰ গাওঁবোৰত এতিয়াও বেছি ভাগ গঁঞায়েই একেবাৰে আগৰ দস্তুৰকে খামোচ মাৰি ধৰি আছে।

ইলাহী। তোমালোকে ডেকাবোৰে পিছে—?

গোলাপ। আমি ডেকাবোৰেও যুজিছো, তাৰ বিৰুদ্ধে যুজিছো। পিছে ঘৰখনৰ মানুহৰ সৈতে যুঁজা বৰ টান, বাহিৰৰ মানুহৰ সৈতে যুজি-বাগৰি সিহঁতক সৈমান কৰাব পাৰিলেও ঘৰৰ মানুহক নোৱাৰি৷

ইলাহী। কিয় বাপাই, এই ছোৱালী তুমিয়েই বিয়া কৰোৱাৰ কথা! তুমিয়েই তাইক নি আশ্ৰয় নিদিয়া কিয়?

গোলাপ। (কিছু পৰ মনে মনে থাকি) ইলাহী মিঞা! আজি [ ৫৫ ]
 

লভিতাৰ বিষয়ে গাঁৱে-ভূঁয়ে নানা কথা ওলাইছে, আজি যদি মই লভিতাক আশ্ৰয় দিওঁ, মাক সমাজে—

লভিতা।(ঙৰ জ্বলি উঠি) নানা কথা ওলাইছে! অৱশ্যে যি ঘটনাৰ মাজেদি ঈশ্বৰে মোক নিছে—ওলাব। মোৰ মান গ’ল, ইজ্জত গ’ল, জাত গ'ল বুলি মানুহে ভাবিবৰ কথাই। কিন্তু তুমি -তুমিও মোক ঘিণ কৰিবানে?

গোলাপ। কেতিয়াও নকৰোন-নকৰোঁ। লভিতা,-মই আজিকালিৰ ডেকা লৰা, লভিতা!

লভিতা। আজিকালিৰ ডেকা লৰা। আজিকালি উপজিছা, সেইবুলিয়েই নে? অকল আজিকালি উপজিলেই আজি কালিৰ লৰা হব নোৱাৰি। তোমাৰ মনটো আজিৰ দিনতো আজি দুকুৰি বছৰ আগৰ ডেকাৰ দৰে। যি কথাটো সত্য বুলি ভাবা, তাক সমাজৰ ভয়ত কবলৈ সাহ নাই, কৰিবলৈ সাহ নাই।

গোলাপ। (তলমূৰকৈ থাকে।)

লভিতা। তুমি নকবা, আজিৰ দিনৰ ডেকা বুলি, তোমাক নিজকে সেই বুলি ভুৱা নিদিবা। যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলা নাই, সি আজিৰ দিনৰ ডেকা হবই নোৱাৰে। ৰজাৰ অন্যায়, আইনৰ অন্যায়, দেশৰ অন্যায়, দেশৰ চলি থকা অন্যায় নিয়ম কাৰণ, মূৰ্খ সমাজৰ, সঙ্কীৰ্ণ মনৰ মানুহৰ নিৰপৰাধী নিমাখিতৰ ওপৰত অন্যায় [ ৫৬ ]
 
অত্যাচাৰৰ বিৰুদ্ধে নিজৰ সুখ-সম্পদ, আনকি জীৱনকো দি যি ডেকাৰ থিয় হবলৈ মনত বল নাই, বুকত শক্তি নাই, সি আজিৰ ডেকা হবই নোৱাৰে। বুঢ়া ককা ! মোৰ এই ঠাইত আৰু ঠাই নাই। মই এতিয়া অস্পৃশ্য, মই এতিয়া যাওঁ,(কান্দিবলৈ ধৰে) গোলাপ,মোৰ বাবে তুমি মূৰ ঘুমাব নালাগে। তুমি আমনি পাব নালাগে। সমাজৰ চকুৰ কুটা দাঁতৰ শাল হব নালাগে। সমাজৰ বৰমূৰীয়া ধৰ্ম্মধ্বজসকলৰ গৰিহনা শাও খাবলৈ তুমি যাব নালাগে। তুমি যিয়েই হোৱা কিন্তু তুমি আজিৰ ডেকা নোহোৱা। তোমাৰ গাঁওলৈ, তোমাৰ মানুহলৈ তোমাৰ গাঁৱৰ নিয়ম কাৰণ লৈ, তোমাৰ সমাজ লৈ, তোমাৰ জাত লৈ তুমি থাকা। কিন্তু কাৰো আগত নকবা তুমি আজিৰ ডেকা বুলি, তুমি আজিৰ ডেকা বুলি নকবা, নকবা, নকবা।

(এই বুলি লভিতা তাৰ পৰা উচৎ মাৰি ওলাই যায়গৈ। গোলাপে কি কৰো কি নকৰোকৈ মুখত এটা তীব্ৰ বেজাৰেৰে কান্দো কান্দো হয়। ইলাহী বুঢ়াই কাতৰ কণ্ঠেৰে কন্দনা সুৰত চিঞঁৰি লভিতা যোৱা-ফালে খোজ দিয়ে।)

ইলাহী। নাযাবি অ’ মাই, নাযাবি অ’ মাই, অ’ মাই, মাই অ’..... ৷

আঁৰ কাপোৰ

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )