১ম ঠিকাদাৰ। নহয় বাবুজী! আপুনি বিচাৰি কৰবাৰ পৰা দিবই লাগিব।
মাৰোৱাৰী। ৰাম ৰাম্ বিশ্বাস নকৰে নেকি? থাকিলে নো আৰু আপোনাক হামাৰ নিজৰ মানুহক নাই দিমনে? বাৰু ৰাম ৰাম। (যায়।)
১ম ঠিকাদাৰ। বৰ দিগদাৰ হ’ল। বাবুজী যদি কেনেবাকৈ দিব পাৰে, মই সেৰে দুটকাকৈ ভি দিবলৈ ৰাজি আছে।
মাৰোৱাৰী। কি কি দুটকা সেৰ দিব? বাৰু গধূলিকে একবাৰ হামাৰ দোকানত আহিব। কিজানি দুছোৰা কাৰবাৰ ঘৰত পোৱা যাব পাৰে। খবৰ কৰি দেখিম। আচ্ছা ৭ সাত বজাত আহিব। (যায়।)
২য় ঠিকাদাৰ। মাৰিছ বোপাই, তহঁতেই মাৰিছ টকা। টকাত দহ টকাকৈ লাভ।
১ম ঠিকাদাৰ। ইহঁতে বস্তুবোৰ লুকুৱাই লুকুৱাই বস্তুৰ দাম তুলি মানুহখনক ঠাৱনি নোপোৱাকৈ মাৰিলে৷ গৱৰ্ণমেন্টে সেই কণ্ট্ৰল কৰিলে কি হব? টকা পালেই ব্লেক মাৰ্কেটিয়াৰক এৰি দিব; ক’ৰ পৰা দাম কমে।
(এনেতে দূৰত লড়ীৰ হৰ্ণ শুনা যায়।)
এ সেইখন মোৰ লড়ী আহিল। মই আজি ডিমাপুৰ দুই বজাত পাবগৈয়ে লাগিব। ভাল তেন্তে মই যাওঁ।