মিৰি-জীয়ৰী/ষোড়শ অধ্যায় - বাৰেগামৰ মেল

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

[ ৯১ ]
ষোড়শ অধ্যায়


বাৰেগামৰ মেল

 আজি পৰ্ব্বতীয়া মিৰি গাঁৱত বৰ মেল। গাছিহঁতৰ প্ৰায় তিনিকুৰিমান মানুহ চাপিছে। মূৰত বেতৰ টুপী, কঁকালত বেতৰ কোধাৰি, হাতত দা, মুখত একোটা বাঁহ, পিতল বা আধতুৱাৰ ধঁপাত খোৱা নল। অসভ্যহঁতে একোটা নলত কেতখিনিমান গছৰ পাত ভৰাই তাতে জুই দি হুপিছে। দুটা গাহৰি পেলাই লৈ দুডাল শেল পোকৰেৰে বিন্ধি মুখেৰে উলিয়াই গাহৰি হাল বধিলে। তাৰ পাছত গাহৰি দুটাক গোটে গোটে জুইত সেক দি তেজ-কুৰ বই থাকোঁতে থাকোঁতেই ডোখৰে ডোখৰে কাটি খাবলৈ ধৰিলে। ৰাক্ষসহঁতৰ পেট ভৰিল। তেতিয়া একোটি সাক্ষাৎ বনৰ পশুৰ দৰে হাত সাবটি ভৰি মেলি মেলি বহিল। সিহঁতৰ আজি বৰ মেল। বাৰেগাম চাপিছে। কিবা এটা কথা হেনো বিচাৰ কৰিব। পশুহঁতৰ আজি জানিবা চেচন আদালত বহিল।

 ক্ৰমে বেলি দুপৰ হল। সিহঁত এইদৰে বহিয়েই আছে। প্ৰত্যেকৰে হাতত চোকা চোকা তৰোৱাল, তীৰ, ধনু ইত্যাদি। সিফালে সিহঁতৰ এটা দেওধায়ে দুটা কুকুৰা কণী লৈ হুঃ হুঃ হাঃ হাঃ ইত্যাদি শব্দ কৰি মঙল চাইছে।

 এনেতে ৰেবাং, কেদিং, তামেং, লাইপুং ইত্যাদিকে প্ৰমুখ্য কৰি এজাক মিৰিয়ে পানেই আৰু জঙ্কিক আনি উপস্থিত কৰিলে। [ ৯২ ] হতভাগা-হতভাগিনী দুয়ো থকথক কৰি কঁপিবলৈ ধৰিলে। বুজিলে যে আজি সিহঁতৰ এই নৃশংসহঁতে কিবা এটা কৰিব।

 দুয়োটাৰে কঁকালত দুডাল জৰী। সেই জৰী দুডাল আকৌ যোৰা লগা। অৰ্থাৎ দুইও একোডাল ডোলেৰে বন্ধা। সিহঁতে আহি আঠু লৈ বাৰেগামৰ আগত পৰিল। তেতিয়াই পৰ্ব্বতীয়া মিৰিবিলাকৰ ভিতৰত বেবেৰিবাং তৰ্ক-বিতৰ্ক হব ধৰিলে। তাৰ অৰ্থ মোৰ ডেকা-গাভৰুৱে ভালকৈ বুজিব নোৱাৰিলে। সেই বাৰেগামৰ এটা বয়সিয়াল মিৰিয়ে সিহঁতে বুজি পোৱাকৈ সুধিলে—

 "তহঁত চোৰ-চুৰুণী হয়নে নহয়?"

 জঙ্কি—"কেতিয়াও নহয়।"

 তেতিয়া সেই বুঢ়া গামটোৱে ৰেবাং, তেবাং ইত্যাদিক মাতিলে। সিহঁত আহি উপস্থিত হল। তেতিয়া সিহঁতক সুধিলে—

 "তহঁতে এহেঁত হালক কত পাইছিলি?"

 ৰেবাং—"দুইকো একেলগে নিশা মোৰ ঘৰতে ধৰিছোঁ।"

 বাৰেগাম—"এতিয়া চোৰ-চুৰুণী তহঁতে কি কৱ?"

 জঙ্কি-"একেলগে থাকিলেই যে আমি পাপ কৰিছিলোঁ সেইটো নহয়। আমি একে গাঁৱৰে মানুহ, সৰুৰে পৰা একেলগে আছিলোঁ। সেই বাবে দুইকো দেখা হৈ মুঠেই কথা-বতৰা পাতিছিলোঁ।"

 ৰেবাং—"তই মোৰ ঘৰত ৰাতি দুভাগতহে কথা পাতিবলৈ পাৰিছিলি?" তাৰ পাছত সি বাৰেগামলৈ চাই কলে—
 "বাৰেগাম! এই অপৰাধীহালক শাস্তি দিবই লাগে। ইহঁতে (বাৰেগামলৈ চাই) পাপো কৰিছে আৰু এতিয়া বাৰেগামৰ আগত আকৌ মিছাও মাতিছে।" [ ৯৩ ]  বাৰেগাম-"ৰবি তহঁত আৰু অলপ পৰ ৰ।"

 সেই অলপ পৰৰ ভিতৰতে সিহঁতৰ দেওধালে কুকুৰা কণী দুটা লৈ হাজিৰ হল। কিন্তু বাৰেগামৰ ফাললৈ চাই কথা নৌ-কওঁতেই সি আমাৰ ডেকা-গাভৰুলৈ এবাৰ চালে। ডেকা-গাভৰু হালক দেখি এই দেওধাইটোৰ হৃদয়তো কৰুণাৰ উদ্ৰেগ হল। কিন্তু তত্ক্ষণাৎ আকৌ ৰেবাঙৰ চকু তাৰ চকুৱে চকুৱে পৰিল। তত্ক্ষণাৎ দেওধায়ে মনতে কোচ খাই কলে—

 "বাৰেগাম—ইহঁত দোষী। মঙ্গলে কৈছে।"

 বাৰেগাম—"চোৰ-চুৰুণী এতিয়া তহঁতে কি কৱ?"

 এইবাৰ পানেই জঙ্কিয়ে একোকে উত্তৰ কৰিব নোৱাৰিলে। সিহঁতে জানিলে যে সেই পিশাচহঁতৰ পৰা সিহঁতে কেতিয়াও উচিত বিচাৰ নাপায়। নিৰাশ মনেৰে ৰ'ল। কিন্তু সিহঁতে তেতিয়াও নাজানিছিল সিহঁতকনো কি কৰিব।

 তাৰ পিছত বাৰেগামে জঙ্কিলৈ চাই কব ধৰিলে—

 "চোৰ। তই যে ৰেবাঙৰ ঘৰত চুৰ কৰিছিলি তই আমাৰ বাৰেগামৰ দস্তৰমতে বাৰেগামক গাহৰি, মেথোন, মদ, ভাত ইত্যাদি দিব পাৰিবিনে? এই চুৰুণীক "দেওমণি" (ক) "দেওঘটি" (খ) দি নিব পাৰিবিনে?"


 (ক) তিব্বতৰ ফালৰ পৰা পৰ্বতীয়া মিৰি আৰু ডফলাহঁতে কিছুমান ডাঙৰ ডাঙৰ মাৰবলৰ মণি আনে। তাৰে এজাতক দেওমণি বোলে। দেওমণিৰ দাম বৰ বেছি।

 (খ) দেওঘটি:— এইটি আধতুৱাৰ আমাৰ গোসাঁই পূজাৰ ঘণ্টাৰ দৰে। ইও তিব্বতৰ পৰা আহে। আমাৰ চকুত ইয়াৰ এটকি দাম হলেই যথেষ্ট। কিন্তু মিৰি আৰু ডফলাই সিহঁতৰ দেওঘটিক বৰ মূল্যবান বুলি ভাবে। আমাৰ সোণৰ [ ৯৪ ]  জঙ্কিয়ে জানিলে যে তাৰ টকা-কাড়ি যি আছিল তাকো আগেয়েই মিৰিহঁতে কাঢ়ি নিছে। এতিয়া সি পৰৰ ঘৰত আছে। কত টকা পাব। উত্তৰ কৰিলে—"কত পাম?"

 বাৰেগাম—"কত পাম? যদি নাপাৱয়েই তেন্তেনো তই কুকুৰে কেলেই ৰেবাঙৰ ঘৰত চুৰ কৰিছিলি?"

 জঙ্কি—"মই চুৰ কৰা নাই। যদি কৰিছোঁও আমাৰ ভৈয়ামৰ মানুহকহে কৰিছোঁ। ৰেবাঙৰ নিজা মানুহ কাকো চুৰ কৰা নাই।"

 বাৰেগাম—"তোমাৰ বাৰেগামৰ দেশত সকলো সমান কথা। তেতিয়া বাৰেগামহঁতে বিবিং বাবাং কৰি অলপ পৰ নিজৰ ভিতৰতে মেল পাতিব ধৰিলে। অৱশেষত হুকুম দিলে।

'চোৰ-চুৰুণীয়ে পাপ কৰিছে। ইহঁতক বৰ নৈৰ
পাৰলৈ নিব লাগে।'

 তত্ক্ষণাৎ নৃশংস, দয়া-মায়া নোহোৱা পশুতকৈও অধম চাৰিটা মিৰিয়ে পানেই-জঙ্কি দুইকো একেডাল ডোলেৰে আকৌ টানকৈ বান্ধিল।

 হতভাগা-হতভাগিনীৰ ডেডনিয়ে গগন উধালে। জঙ্কিয়ে নিজৰ গল নিজে কামুৰিবলৈ ধৰিলে। হাতযোৰ কৰি আঠু লৈ বাৰেগামৰ আগত বিনাই কব ধৰিলে—


খাৰুৰ যি দাম সিহঁতৰ মনত দেওঘটিৰো সেই দামেই। বস্তুটো দেখিবলৈ আপচু তত্ৰাচ ইহঁতে একোটা দেওঘটি দুই তিনিশ টকা দিও কিনে। দেওঘটিৰ নিমিত্তে পৰ্ব্বতীয়া মিৰি-ডফলাৰ সদায় কটাকটি হৈ থাকে। দেওঘটি যাৰ ঘৰত থাকে সি তাক পুতি থয়। যাতে ক'ত আছে সেই কথা কোনেও নাজানে। [ ৯৫ ]  "বাৰেগাম মোক মাৰ। এই আজলী মোৰ কনেঙক নামাৰিবি। আই ঔ! কনেঙ ঔ! মই তোৰ দোষৰ ভাগী হলো। আই ঔ! মোৰ কাৰ্টান ঔ ৰক্ষা কৰ। বাৰেগাম! তাইৰ পেটত এটা সন্তান আছে। বাৰেগাম। আমি ভৈয়ামত থাকোতে অশেষ কষ্ট পাইছো। বাৰেগাম! তাই মোৰ তিৰোতা। বাৰেগাম। তাইক নামাৰিবি, বাৰেগাম। তাই মাক-বাপেককো এৰি মোলৈকে বুলি পলাইছিল। বাৰেগাম! সোৱণশিৰীৰ বালিত থিয় হৈ দুয়ো কাৰ্সিং-কাৰ্টানক সাক্ষী কৰি আমি বিয়া কৰিছোঁ। বাৰেগাম। তাইৰ পেটৰ লৰাটোৰ বধৰ ভাগী নহবি। বাৰেগাম! আমাক মাৰি তহঁতৰ লাভ নহয়। বাৰেগাম! মোৰ এই কনেঙক বধা পাপে তহঁতক পাব। বাৰেগাম! তাইক এৰি দে।"

 বাৰেগামৰ চিত্ত অটল। যি নৃশংসহঁতে বিনা দোষে বিনা কাৰণে মানুহ মাৰিবলৈ কুণ্ঠিত নহয়, যি নৃশংসহঁতে ই গাঁৱে সি গাঁৱে সামান্য এটা মেথোন বা গাহৰি বা দেওঘটিৰ নিমিত্তে কাজিয়া লাগিলে নিশা চোৰৰ দৰে গৈ এখন গাঁৱে আন এখন গাঁৱৰ মানুহক কাটি-ছিঙি লৰা-তিৰোতাক বন্দী কৰি অনাই ধৰ্ম, সিহঁতক কি জঙ্কি আৰু পানেইৰ আৰ্তনাদে গলাব পাৰে?

 বাৰেগামে উত্তৰ কৰিলে-

'বাৰেগামৰ হুকুমৰ লৰচৰ নাই'

 তেতিয়া সিহঁত দুয়োকো হাতত খিলামাৰি আঠোটা নৰ পিশাচে টানি লৈ গল। বাটে বাটে জঙ্কিয়ে কবলৈ ধৰিলে—"পানেই, তই মোৰ নিমিত্তে মাৰ-বাপেৰকো এৰি আহি মৰিলি; ময়ে তোৰ দোষৰ ভাগী হলোঁ।" এইবুলি জঙ্কিৰ চকুৰ পৰা গিৰ গিৰ কৰি [ ৯৬ ] পানী ওলাবলৈ ধৰিলে। আজলী আঁকৰী মিৰি-জীয়ৰীৰ চকুৰেও ধাৰাসাৰ লো বলে। হাতভাগিনীয়ে বুজিলে আৰু অলপ পৰৰ মূৰতেই সিহঁতে এই সোণৰ সংসাৰ দেখিবলৈ নাপায়। কান্দি কান্দি বিনাই মোৰ জুই-লাগি কপালীয়ে গাবলৈ ধৰিলে—

"নকৰিবি বয়ে ঐ
নাকান্দিবি চেনেঙ ঐ
মনলৈ যে নানিবি শোক
ইপুৰি যে এৰি ঐ
পামেগৈ যে ৰেগাম ঐ
দুঃখৰে যে পৰিব ওৰ।"

 পাঠক! ক্ষমা কৰিব। আমি আৰু সেই ভীষণ দৃশ্য চাবলৈ পানেই আৰু জঙ্কিৰ পাছে পাছে যাব নোৱাৰোঁ।

⸺⸺