পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৯২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


হতভাগা-হতভাগিনী দুয়ো থকথক কৰি কঁপিবলৈ ধৰিলে। বুজিলে যে আজি সিহঁতৰ এই নৃশংসহঁতে কিবা এটা কৰিব।

 দুয়োটাৰে কঁকালত দুডাল জৰী। সেই জৰী দুডাল আকৌ যোৰা লগা। অৰ্থাৎ দুইও একোডাল ডোলেৰে বন্ধা। সিহঁতে আহি আঠু লৈ বাৰেগামৰ আগত পৰিল। তেতিয়াই পৰ্ব্বতীয়া মিৰিবিলাকৰ ভিতৰত বেবেৰিবাং তৰ্ক-বিতৰ্ক হব ধৰিলে। তাৰ অৰ্থ মোৰ ডেকা-গাভৰুৱে ভালকৈ বুজিব নোৱাৰিলে। সেই বাৰেগামৰ এটা বয়সিয়াল মিৰিয়ে সিহঁতে বুজি পোৱাকৈ সুধিলে—

 "তহঁত চোৰ-চুৰুণী হয়নে নহয়?"

 জঙ্কি—"কেতিয়াও নহয়।"

 তেতিয়া সেই বুঢ়া গামটোৱে ৰেবাং, তেবাং ইত্যাদিক মাতিলে। সিহঁত আহি উপস্থিত হল। তেতিয়া সিহঁতক সুধিলে—

 "তহঁতে এহেঁত হালক কত পাইছিলি?"

 ৰেবাং—"দুইকো একেলগে নিশা মোৰ ঘৰতে ধৰিছোঁ।"

 বাৰেগাম—"এতিয়া চোৰ-চুৰুণী তহঁতে কি কৱ?"

 জঙ্কি-"একেলগে থাকিলেই যে আমি পাপ কৰিছিলোঁ সেইটো নহয়। আমি একে গাঁৱৰে মানুহ, সৰুৰে পৰা একেলগে আছিলোঁ। সেই বাবে দুইকো দেখা হৈ মুঠেই কথা-বতৰা পাতিছিলোঁ।"

 ৰেবাং—"তই মোৰ ঘৰত ৰাতি দুভাগতহে কথা পাতিবলৈ পাৰিছিলি?" তাৰ পাছত সি বাৰেগামলৈ চাই কলে—
 "বাৰেগাম! এই অপৰাধীহালক শাস্তি দিবই লাগে। ইহঁতে (বাৰেগামলৈ চাই) পাপো কৰিছে আৰু এতিয়া বাৰেগামৰ আগত আকৌ মিছাও মাতিছে।"