মিৰি-জীয়ৰী/পঞ্চদশ অধ্যায় - পৰ্ব্বতৰ ওপৰত

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
মিৰি-জীয়ৰী
লেখক ৰজনীকান্ত বৰদলৈ

[ ৮৮ ]
পঞ্চদশ অধ্যায়


পৰ্ব্বতৰ ওপৰত

 এইদৰে পৰ্বতৰ ওপৰত প্ৰণয়ী যুগলৰ দুমাহ সময় অতীত হৈ গল। এই দুমাহৰ ভিতৰত মুঠেই এদিন জঙ্কিয়ে পানেইৰে সৈতে কথা-বতৰা পাতিবলৈ সুবিধা পালে। পানেয়ে জঙ্কিক কলে—"জঙ্কি মোক ভেবেলিচুকৰ পৰা চিলি মিৰিয়ে ধৰি নিয়ে। সেই চিলি মিৰিৰ দেশত চাৰি মাহ থাকোঁ। তাৰ পিছত মই যি ঘৰত আছিলোঁ সেই মানুহ ঘৰক ইহঁতে কাটি-মাৰি আমাক বন্দী কৰি আনিছে। তইনো এইখিনি কেনেকৈ পালিহি?" এই কথাত জঙ্কিয়ে কলে—"পানেই, মোকো তোক বিচাৰি ফুৰোঁতে এই গাছি মিৰিহঁতে ধৰি আনে। বাৰু এতিয়া আমি পলাবৰ দিহা কৰিব নোৱাৰোঁনে?"

 পানেয়ে কলে—"এই গাছি মিৰিহঁতে সদায় আমাৰ ওপৰত চকু ৰাখে। পলোৱা বৰ টান। যাহক তই চল চাই এনিশা আহিবি। হাতত সাৰে ভৰিত সাৰে বেৰত টিকিলি মাৰিবি। মই ওলাই আহিম, দুয়ো পলাম।"

 এই দুমাহৰ ভিতৰত জঙ্কিয়ে পানেই সৈতে মুঠেই এইকেইষাৰ কথাহে কবলৈ পালে; কিন্তু দুয়ো পলাবলৈ চল চোৱাৰ কম নকৰিলে। দুয়োৰে একে অৱস্থা, দুইকো দুঘৰ পৰ্ব্বতীয়া মিৰিয়ে বন্দী কৰি ৰাখিছে। এই দুমাহৰ ভিতৰত পানেই যি মিৰি ঘৰত আছিল সেই মিৰি ঘৰৰ ৰেবাং নামেৰে এটা ডেকাই পানেইক তাৰ [ ৮৯ ] পৰ্ব্বতীয়া দস্তুৰ মতে প্ৰণয়ো জনাইছিল আৰু তাইক তাৰ তিৰোতা কৰিবলৈকো বিচাৰিছিল; কিন্তু মোৰ চতুৰী মিৰি-জীয়ৰীয়ে এইবাৰো অনেক বুদ্ধি-কৌশল কৰি তাইৰ সতীত্ব ৰক্ষা কৰিছিল।

 তাই এইদৰে এনিশা শুই আছে; মনতে নিজৰ অৱস্থা গুণিছে, মাক-বাপেকলৈ মনত পৰি মোৰ আজলী মিৰি জীয়ৰীৰ চকুৰ লো ওলাল। কান্দোতে কান্দোতে মূৰ-শিতান তিতি গল। লাহেকৈ আই নিদ্ৰাদেৱীয়ে তাইৰ চকু আকৰ্ষণ কৰিলে। চকু মুদোতেই তাই এটি সামাজিক দেখিলে। তাই দেখিলে—তাই যেন তাইৰ চেনেঙে সৈতে একেলগে হাতত ধৰাধৰি কৰি ফুৰিছে। তাই দেখিলে যেন তাইৰ "চেনেঙে" সৈতে আকৌ আহুতলিত ভূঁই ৰখিছে, একেলগে নাও খেলিছে আৰু একেলগে বিহুত নাচিছো। এনেতে যেন সিহঁতৰ গাঁৱৰে এজন বুঢ়া বয়সিয়াল মিৰিয়ে সিহঁত দুইকো মাতি আনি কোলাত ললে আৰু সঘনে দুইৰো মুখত চুমা খাই কব ধৰিলে—"বাছাহঁত তহঁতে বৰ দুখ পালি। বাছা তঁহত আৰু এইবাৰ আঁতৰা-আঁতৰি হৈ থাকিব নালাগে। তহঁতৰ সকলো দুঃখৰে ওৰ পৰিল।" এই বুলি যেন সেই মৰমিয়াল বুঢ়াজনে আকৌ সিহঁত দুইকো দুটা চুমা খালে। তাইও যেন তাইৰ চেনেঙক লগতে দেখি মহা আনন্দ লভিল। এনেতে যেন সিফালৰ পৰা চিকণ বিহু হল। এইদৰে সপোনটি দেখি থাকোঁতেই তাৰ সাৰ পালে। সাৰ পাই চকু-মুখ মোহাৰি দেখে যে তাইৰ চেনেঙ ওচৰতে। গলত সাবট মাৰি ধৰি ফুচ্ ফুচ্ কৰি কব ধৰিলে—"জঙ্কি! কেনেকৈ আহিলি?" জঙ্কিয়ে কলে—"পানেই মই যাৰ ঘৰত আছো সিহঁতৰ টোপনি যাওঁতে মই হাতত সাৰে ভৰিত সাৰে উঠি আহিছোঁ। পানেই! মোৰ কনেঙ্! আমি এতিয়া পলাব পাৰিলে হয়। আহোঁতে মই মাৰ-বাপেৰক দেখা কৰিছিলোঁ। মাৰ-বাপেৰেও [ ৯০ ] শপত খাইছে এইবাৰ হোনো তোক মই লৈ গলে আমাৰ দুইকো বিয়া দিব। তোৰ বাপেৰে মোক জোঁৱাই চপাই লব। মোক পো কৰি ৰাখিব লাহৰি ঐ। পলাওঁ বল। পিছতো আৰু অনেক কথা-বতৰা হম পাৰিম।" পানেয়ে জঙ্কিৰ এই কথাত আকৌ কান্দিব ধৰিলে। পেটে পেটে ভাবিলে তাই কেনে অন্যায় কাম কৰিছে, তাই যদি পলাই ঘূণাসুঁতিৰ ফালে গৈ জঙ্কিৰ লগত লগ লাগিলহেঁতেন, তেন্তে এতেদিনে কিজানি মাক-বাপেকে তাইক ক্ষমা কৰি জঙ্কিলৈকে দিলেহেঁতেন। যাহক এতিয়া আৰু কান্দিবৰ সময় নাই। লৰালৰিকৈ পলাবই লাগে। এইবুলি চকু-মুখ মচি বিছনাৰ ওপৰৰ পৰা গাটো দাঙি যাবলৈ মন কৰিছে মাথোন, জঙ্কিয়ে থিয় হৈ ইফালে সিফালে চাইছে মাথোন, এনেতে ক'ৰ পৰা কেনেকৈ তত্ক্ষণাৎ চকুৰ নিমিষতে ৰেবাং, কেদিং, তামেং, লাইপুং ইত্যাদি চাৰিটা পৰ্ব্বতীয়া মিৰিয়ে সিহঁতক বেঢ়ি ধৰিলে আৰু হাতে-ভৰিয়ে বান্ধি পেলালে। পানেই-জঙ্কি দুইও কপালত চপৰিয়াব ধৰিলে। সিহঁতৰ ডেডনিয়ে গগন উধালে। পৰ্ব্বতীয়া মিৰিকেইটাই সিহঁতক হাতে-ভৰিয়ে বান্ধি পেলাই থলে। হে জগদীশ্বৰ! প্ৰভু! মোৰ নো এই আজলা-আজলী মিৰি ডেকা-গাভৰুহাতে তোমাৰ চৰণত কি পাপ কৰিছিল! সিহঁতেনো কেলেই ইমান কষ্ট পালে! জগদীশ্বৰ! তুমি সিহঁতক প্ৰায় সুখৰ বাটলৈ আনিছিলা; কিন্তু হঠাতে নো আকৌ কেলেই এনে বিসঙ্গতি ঘটালা? প্ৰভু! তোমাৰ মহিমা বুজা বৰ টান।

⸺⸺