পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৯১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


ষোড়শ অধ্যায়


বাৰেগামৰ মেল

 আজি পৰ্ব্বতীয়া মিৰি গাঁৱত বৰ মেল। গাছিহঁতৰ প্ৰায় তিনিকুৰিমান মানুহ চাপিছে। মূৰত বেতৰ টুপী, কঁকালত বেতৰ কোধাৰি, হাতত দা, মুখত একোটা বাঁহ, পিতল বা আধতুৱাৰ ধঁপাত খোৱা নল। অসভ্যহঁতে একোটা নলত কেতখিনিমান গছৰ পাত ভৰাই তাতে জুই দি হুপিছে। দুটা গাহৰি পেলাই লৈ দুডাল শেল পোকৰেৰে বিন্ধি মুখেৰে উলিয়াই গাহৰি হাল বধিলে। তাৰ পাছত গাহৰি দুটাক গোটে গোটে জুইত সেক দি তেজ-কুৰ বই থাকোঁতে থাকোঁতেই ডোখৰে ডোখৰে কাটি খাবলৈ ধৰিলে। ৰাক্ষসহঁতৰ পেট ভৰিল। তেতিয়া একোটি সাক্ষাৎ বনৰ পশুৰ দৰে হাত সাবটি ভৰি মেলি মেলি বহিল। সিহঁতৰ আজি বৰ মেল। বাৰেগাম চাপিছে। কিবা এটা কথা হেনো বিচাৰ কৰিব। পশুহঁতৰ আজি জানিবা চেচন আদালত বহিল।

 ক্ৰমে বেলি দুপৰ হল। সিহঁত এইদৰে বহিয়েই আছে। প্ৰত্যেকৰে হাতত চোকা চোকা তৰোৱাল, তীৰ, ধনু ইত্যাদি। সিফালে সিহঁতৰ এটা দেওধায়ে দুটা কুকুৰা কণী লৈ হুঃ হুঃ হাঃ হাঃ ইত্যাদি শব্দ কৰি মঙল চাইছে।

 এনেতে ৰেবাং, কেদিং, তামেং, লাইপুং ইত্যাদিকে প্ৰমুখ্য কৰি এজাক মিৰিয়ে পানেই আৰু জঙ্কিক আনি উপস্থিত কৰিলে।