পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৯৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


 জঙ্কিয়ে জানিলে যে তাৰ টকা-কাড়ি যি আছিল তাকো আগেয়েই মিৰিহঁতে কাঢ়ি নিছে। এতিয়া সি পৰৰ ঘৰত আছে। কত টকা পাব। উত্তৰ কৰিলে—"কত পাম?"

 বাৰেগাম—"কত পাম? যদি নাপাৱয়েই তেন্তেনো তই কুকুৰে কেলেই ৰেবাঙৰ ঘৰত চুৰ কৰিছিলি?"

 জঙ্কি—"মই চুৰ কৰা নাই। যদি কৰিছোঁও আমাৰ ভৈয়ামৰ মানুহকহে কৰিছোঁ। ৰেবাঙৰ নিজা মানুহ কাকো চুৰ কৰা নাই।"

 বাৰেগাম—"তোমাৰ বাৰেগামৰ দেশত সকলো সমান কথা। তেতিয়া বাৰেগামহঁতে বিবিং বাবাং কৰি অলপ পৰ নিজৰ ভিতৰতে মেল পাতিব ধৰিলে। অৱশেষত হুকুম দিলে।

'চোৰ-চুৰুণীয়ে পাপ কৰিছে। ইহঁতক বৰ নৈৰ
পাৰলৈ নিব লাগে।'

 তত্ক্ষণাৎ নৃশংস, দয়া-মায়া নোহোৱা পশুতকৈও অধম চাৰিটা মিৰিয়ে পানেই-জঙ্কি দুইকো একেডাল ডোলেৰে আকৌ টানকৈ বান্ধিল।

 হতভাগা-হতভাগিনীৰ ডেডনিয়ে গগন উধালে। জঙ্কিয়ে নিজৰ গল নিজে কামুৰিবলৈ ধৰিলে। হাতযোৰ কৰি আঠু লৈ বাৰেগামৰ আগত বিনাই কব ধৰিলে—


খাৰুৰ যি দাম সিহঁতৰ মনত দেওঘটিৰো সেই দামেই। বস্তুটো দেখিবলৈ আপচু তত্ৰাচ ইহঁতে একোটা দেওঘটি দুই তিনিশ টকা দিও কিনে। দেওঘটিৰ নিমিত্তে পৰ্ব্বতীয়া মিৰি-ডফলাৰ সদায় কটাকটি হৈ থাকে। দেওঘটি যাৰ ঘৰত থাকে সি তাক পুতি থয়। যাতে ক'ত আছে সেই কথা কোনেও নাজানে।