পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৯৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


 "বাৰেগাম মোক মাৰ। এই আজলী মোৰ কনেঙক নামাৰিবি। আই ঔ! কনেঙ ঔ! মই তোৰ দোষৰ ভাগী হলো। আই ঔ! মোৰ কাৰ্টান ঔ ৰক্ষা কৰ। বাৰেগাম! তাইৰ পেটত এটা সন্তান আছে। বাৰেগাম। আমি ভৈয়ামত থাকোতে অশেষ কষ্ট পাইছো। বাৰেগাম! তাই মোৰ তিৰোতা। বাৰেগাম। তাইক নামাৰিবি, বাৰেগাম। তাই মাক-বাপেককো এৰি মোলৈকে বুলি পলাইছিল। বাৰেগাম! সোৱণশিৰীৰ বালিত থিয় হৈ দুয়ো কাৰ্সিং-কাৰ্টানক সাক্ষী কৰি আমি বিয়া কৰিছোঁ। বাৰেগাম। তাইৰ পেটৰ লৰাটোৰ বধৰ ভাগী নহবি। বাৰেগাম! আমাক মাৰি তহঁতৰ লাভ নহয়। বাৰেগাম! মোৰ এই কনেঙক বধা পাপে তহঁতক পাব। বাৰেগাম! তাইক এৰি দে।"

 বাৰেগামৰ চিত্ত অটল। যি নৃশংসহঁতে বিনা দোষে বিনা কাৰণে মানুহ মাৰিবলৈ কুণ্ঠিত নহয়, যি নৃশংসহঁতে ই গাঁৱে সি গাঁৱে সামান্য এটা মেথোন বা গাহৰি বা দেওঘটিৰ নিমিত্তে কাজিয়া লাগিলে নিশা চোৰৰ দৰে গৈ এখন গাঁৱে আন এখন গাঁৱৰ মানুহক কাটি-ছিঙি লৰা-তিৰোতাক বন্দী কৰি অনাই ধৰ্ম, সিহঁতক কি জঙ্কি আৰু পানেইৰ আৰ্তনাদে গলাব পাৰে?

 বাৰেগামে উত্তৰ কৰিলে-

'বাৰেগামৰ হুকুমৰ লৰচৰ নাই'

 তেতিয়া সিহঁত দুয়োকো হাতত খিলামাৰি আঠোটা নৰ পিশাচে টানি লৈ গল। বাটে বাটে জঙ্কিয়ে কবলৈ ধৰিলে—"পানেই, তই মোৰ নিমিত্তে মাৰ-বাপেৰকো এৰি আহি মৰিলি; ময়ে তোৰ দোষৰ ভাগী হলোঁ।" এইবুলি জঙ্কিৰ চকুৰ পৰা গিৰ গিৰ কৰি