পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
মিৰি-জীয়ৰী

পানী ওলাবলৈ ধৰিলে। আজলী আঁকৰী মিৰি-জীয়ৰীৰ চকুৰেও ধাৰাসাৰ লো বলে। হাতভাগিনীয়ে বুজিলে আৰু অলপ পৰৰ মূৰতেই সিহঁতে এই সোণৰ সংসাৰ দেখিবলৈ নাপায়। কান্দি কান্দি বিনাই মোৰ জুই-লাগি কপালীয়ে গাবলৈ ধৰিলে—

"নকৰিবি বয়ে ঐ
নাকান্দিবি চেনেঙ ঐ
মনলৈ যে নানিবি শোক
ইপুৰি যে এৰি ঐ
পামেগৈ যে ৰেগাম ঐ
দুঃখৰে যে পৰিব ওৰ।"

 পাঠক! ক্ষমা কৰিব। আমি আৰু সেই ভীষণ দৃশ্য চাবলৈ পানেই আৰু জঙ্কিৰ পাছে পাছে যাব নোৱাৰোঁ।

⸺⸺