পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
মিৰি-জীয়ৰী

 বাৰেগাম-"ৰবি তহঁত আৰু অলপ পৰ ৰ।"

 সেই অলপ পৰৰ ভিতৰতে সিহঁতৰ দেওধালে কুকুৰা কণী দুটা লৈ হাজিৰ হল। কিন্তু বাৰেগামৰ ফাললৈ চাই কথা নৌ-কওঁতেই সি আমাৰ ডেকা-গাভৰুলৈ এবাৰ চালে। ডেকা-গাভৰু হালক দেখি এই দেওধাইটোৰ হৃদয়তো কৰুণাৰ উদ্ৰেগ হল। কিন্তু তত্ক্ষণাৎ আকৌ ৰেবাঙৰ চকু তাৰ চকুৱে চকুৱে পৰিল। তত্ক্ষণাৎ দেওধায়ে মনতে কোচ খাই কলে—

 "বাৰেগাম—ইহঁত দোষী। মঙ্গলে কৈছে।"

 বাৰেগাম—"চোৰ-চুৰুণী এতিয়া তহঁতে কি কৱ?"

 এইবাৰ পানেই জঙ্কিয়ে একোকে উত্তৰ কৰিব নোৱাৰিলে। সিহঁতে জানিলে যে সেই পিশাচহঁতৰ পৰা সিহঁতে কেতিয়াও উচিত বিচাৰ নাপায়। নিৰাশ মনেৰে ৰ'ল। কিন্তু সিহঁতে তেতিয়াও নাজানিছিল সিহঁতকনো কি কৰিব।

 তাৰ পিছত বাৰেগামে জঙ্কিলৈ চাই কব ধৰিলে—

 "চোৰ। তই যে ৰেবাঙৰ ঘৰত চুৰ কৰিছিলি তই আমাৰ বাৰেগামৰ দস্তৰমতে বাৰেগামক গাহৰি, মেথোন, মদ, ভাত ইত্যাদি দিব পাৰিবিনে? এই চুৰুণীক "দেওমণি" (ক) "দেওঘটি" (খ) দি নিব পাৰিবিনে?"


 (ক) তিব্বতৰ ফালৰ পৰা পৰ্বতীয়া মিৰি আৰু ডফলাহঁতে কিছুমান ডাঙৰ ডাঙৰ মাৰবলৰ মণি আনে। তাৰে এজাতক দেওমণি বোলে। দেওমণিৰ দাম বৰ বেছি।

 (খ) দেওঘটি:— এইটি আধতুৱাৰ আমাৰ গোসাঁই পূজাৰ ঘণ্টাৰ দৰে। ইও তিব্বতৰ পৰা আহে। আমাৰ চকুত ইয়াৰ এটকি দাম হলেই যথেষ্ট। কিন্তু মিৰি আৰু ডফলাই সিহঁতৰ দেওঘটিক বৰ মূল্যবান বুলি ভাবে। আমাৰ সোণৰ