পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ষষ্ঠ অধ্যায়

ভূঁইতলিত আৰু ঘৰত

 পিছদিনা ৰাতি পুৱাল। সেইদৰে যথা সময়ত পানেয়ে আকৌ ভূঁই ৰাখিবলৈ গল। জঙ্কিয়ে আগৰ দিনৰ কথা অনুসৰি আকৌ তামে্ন গামৰ চুকলৈ বুলি সৰু নাও এখনি লৈ ওলাল। যাওঁতে বাটতে পানেইৰ ভূঁই; পানেয়েনো কেলেই মাতিছিল এই কথাকে শুনি যাওঁ বুলি নাও ভূঁই থকা গড়াত লগাই থৈ জঙ্কি ওপৰলৈ উঠি গৈ পানেইক লগ ধৰিলে। উভয়ৰে কপাল ভাল। ওচৰত মানুহ-দুনুহ নাছিল। সেই দেখি দুয়ো মনৰ হেঁপাহেৰে কথা-বতৰা পাতিবলৈ সুবিধা পালে।

 পানেই—জঙ্কি। তই আৰু গুচি যাবিগৈ নহয়?

 জঙ্কি—এৰা যামগৈ পানেই। কমুদে মোক ভাল নোপোৱাত পৰিছে। তাৰ ঘৰতে থাকোঁ দেখি সি মোক বেয়া মাতেৰে মাতি মনত দুখ দিয়ে।

 পানেই—জঙ্কি! তই আৰু ইয়ালৈ নাহ?

 জঙ্কি—মাজে মাজে আহি থাকিম। তোৰ বুজ লই থাকিম।

 পানেই—এৰা আহিবি। তই গুচি গলে মোৰ মনটো শুদা শুদা লাগিব।