টোপনি লাগিল নেকি? উঠি আহচোন।’’ থোত-মোতকৈ পানেই উঠি আহি জুইৰ কাষত বহিল। তেতিয়া মাকে পানেইক কলে, “বাছা, তই বুজিব পাৰিছনে? তই কমুদলৈ যাব লাগিব। আজি তাৰ বাপেকে ভাৰ পেলালে।’’
পানেই—আই,মই কালৈকো নাযাওঁ। ঘৰত সদায় থাকিম।
নিৰমা—মুখতহে কৈছ। বাৰু বাছা; কমুদ ভাল নহয়নে?
পানেই—আই, মই একো কব নোৱাৰোঁ।
নিৰমা—ইহ্ হয়। তই কব নোৱাৰ? সি এটা গামৰ লৰা; তাৰ ধন-বিতো বহুত আছে। তই তাৰ ঘৰলৈ গলে বৰ সুখেৰে থাকিবি।
পানেই—আই, ধন-বিতেই তহঁতৰ দৰা ভাল বেয়াৰ চিন হলনে?
নিৰমা—নহবনো কেলেই? আজিকালি এটায়ে সুখীয়াত পৰিলেহে সুখ পায়।
পানেই—মই সইতে কৈছোঁ-মই কমুদলৈ নাযাওঁ।
নিৰমা—তেন্তেনো তই কালৈ যাবি?
পানেই—মই কালৈকো নাযাওঁ।
নিৰমা—তই কমুদলৈকেহে যাব লাগিব।
পানেই—মই তালৈ নাযাওঁ।
নিৰমা—তেন্তেনো তই কালৈ যাবি?
পানেই—মই ঘৰতে থাকিম।
পানেইৰ এনেবিলাক কথাত মাকৰ মনত সন্দেহ হল। বুঢ়া তামেদৰ খং উঠিল। সি কবলৈ ধৰিলে:— “নিৰমা মনে মনে থাক। তাইৰ সুখেই সুখ হব।’’