জঙ্কি—মইও শুদা মনেৰেহে থাকিব লাগিব কি কৰিম। বিধাতাই আমাৰ কপালত সুখ লেখা নাই হবলৈ।
পানেই—জঙ্কি তোৰ টকা-সিকা হৈছেনে?
জঙ্কি—মুঠেই দুকুৰি টকা গোটাইছোঁ! আৰু দুকুৰিমান ছমাহমানৰ মূৰতহে গোটাব পাৰিম। তাৰ পাছত আহি তোৰ বাপেৰে সৈতে কোৱা-মেলা কৰিম।
পানেই—জঙ্কি! তই এটা কথা শুনা নাইনে?
জঙ্কি—কি কথা পানেই? কচোন।
পানেই—আই-বোপায়ে মোক কমুদলৈ দিবলৈ মনে মনে আলচিছে।
জঙ্কি—দিলে জানো তই যাবি?
পানেই—কেতিয়াও নাযাওঁ। আমাৰ মিৰি কনেঙৰ কেতিয়াবা কথা লৰে নে?
জঙ্কি—তেন্তেনো কি কৰিবি?
পানেই—কই-মিলি আই-বোপাইক মোৰ ফালে ঘূৰাম।
জঙ্কি-যদি ঘোৰ নাখায়।
পানেই—সেইটো পিছ কথা। তই কিন্তু সদায় মোৰ বতৰা লৈ থাকিবি দেই। কেতিয়া কি হয় বুজ লৈ থাকিবি। নহলে তই নথকাত মোক যদি বল কৰি দিয়ে, তেন্তে মই বিহ খায়ে মৰিম।
জঙ্কি—বাৰু পানেই। মই সদায় তোৰ বুজ লম। আৰু মই নিজৰ জীৱনটোও তোৰ নিমিত্তে এৰি দিবলৈ ৰাজি আছোঁ। আৰু কিজানি পানেই তোক ঘৰত মাত লগাব নাপাওঁ—সেইদেখি ইয়াতে বিদায় ললোঁ। যাওঁ দেই।
পানেই—যাগৈ যা।