পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
মিৰি-জীয়ৰী

 পানেই—বোপাই! মোক খঙ্‌ কৰিছ কেলেই?

 তামেদ—তইনো কেলেই জীয়ৰী হৈ আমাৰ বাপেৰ-মাৰৰ কথা নুশুনাত পৰিছ?

 পানেই—মইনো কি কথা শুনা নাই?

 তামেদ—মনে মনে থাক। কমুদলৈ তই যাব লাগিব।

 পানেয়ে এই কথাৰ কোনো উত্তৰ দিবলৈ নাপালে। বুঢ়া তামেদৰ খঙে চাং দপদোপাব ধৰিলে। হৃদয়ৰ অভ্যন্তৰে সৈতে পানেয়ে কান্ধি শুই থাকিল।

 এই ঘটনাৰ ছয়-সাত দিনমানৰ মূৰতে কমুদ ডেকা সাজি কাচি জোঁৱাই খাটিব আহিল। আৰু দস্তুৰমতে ক্ৰিয়া-কলাপ কৰি সেইদিনাৰে পৰা বুঢ়া তামেদৰ ঘৰত জোঁৱাই চাপিল।

⸺⸺