পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
মিৰি-জীয়ৰী

 এই কথা-বতৰা হৈ দুয়ো আঁতৰা-আঁতৰি হল। শোকৰ আবেগত দুইৰো চকু চলচলীয়া পৰিল। পাছত লাহেকৈ জঙ্কিয়ে নাৱত উঠিলগৈ। আৰু নিজৰ উদ্দেশ্যলৈ লক্ষ্য ৰাখি তামেন্ গামৰ চুকলৈ বুলি নাও বাবলৈ ধৰিলে। কিছুমান পৰ গৈয়েই জঙ্কিয়ে দীঘল সুৰেৰে আই সোৱণশিৰীৰ বুকুত বৰ বেথা লগা মাতে গাবলৈ ধৰিলে:—

(১৮)

বতিয়াই যামকৈ মোৰে দন কনেঙ্ ঐ
কেতিয়ানো আয়িমে গুৰি
পৰমে কম্পালে যদি তাকোঁ বালে—
তিনি দিনত আয়িমে গুৰি ঐ লায়ৰী
তিনি দিনত আয়িমে গুৰি।

 লাহে লাহে পানেই ৰ চকুৰ আগৰ পৰা নাওখন নেদেখাত পৰিল। শূন্য মনে কলামুখে পানেয়ে আকাশলৈ চাবলৈ ধৰিলে। আৰু আকৌ এধাৰ চকুলো টুকি নিজৰ কাৰ্যত মন দিলে। এইদৰে দিনটো ভূঁই ৰখি গধূলি হলত, পানেয়ে আকৌ নিয়মিত ৰূপে ঘৰলৈ উভতি গল। তাত গৈ দেখে যে মাক-বাপেকে চাঙঘৰৰ মূখত বহি আছে। তেওঁৰ কাষতে কমুদৰ বাপেক নমে্ন গাম দুখন ভাৰে সৈতে বহি মাক-বাপেকৰ সৈতে কথা-বতৰা পাতিছে। মোৰ আজলী মিৰি-জীয়ৰীয়ে বুজিব পাৰিলে তাইৰ কপাল শুদা। কি কৰিব চকুৰ লো টুকি শুলে। সাজ লাগি যোৱাৰ পিছত নমে্ন গাম গুচি গলগৈ। তামেদ আৰু নিৰমাই ভিতৰলৈ সোমাই গৈ দুয়ো জুইৰ কাষত বহিল। নিৰমায়ে পানেইক মাতিলে—"পানেই। এই সাজতে তোৰ