সমললৈ যাওক

পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় অধ্যায়


লক্ষীমপুৰ নগৰৰ ওপৰত

 আজি বহাগৰ ঘাই বিহুৰ দিন। ঘৰে ঘৰে অসমীয়া কি ভাল মানুহ কি ইতৰ মানুহ সকলোৰে মনত ৰং-ধেমালি হৈছে। ঘৰে ঘৰে খোৱা-লোৱাৰ ধুমধাম পৰিছে। বছৰেকৰ সকলো দুঃখ-ভাগৰ, হাই-দন এৰি আজি অসমীয়া মানুহে বছৰেকৰ বিহুত উত্ৰাৱল হৈছে। বন্ধু-বৰ্গৰ লগত সকলোৱে দেখা-শুনা হৈছে। গুৰুজনক তলতীয়াজনে সেৱা–সৎকাৰ কৰি বছেৰেকলৈকে ভালে-কুশলে থাকিবলৈ আশীৰ্ব্বাদ লৈছে। সমনীয়া ল’ৰাবিলাকে লগ লাগি হাঁহি-খিকিন্দালি পাতিছে। ভাল মানুহৰ ঘৰবিলাকৰ ভিতৰত মাইকী মানুহবিলাকে লগ লাগি পচি খেলিছে। সেই খেলুৱাই তিনি-চাৰিজনী মাইকী মানুহৰ লগত দুই এক জন মতা ডেকা বাবুও বহিছে। মাকে পুতেকে বিপৰীত ভাগে, কড়িৰ ঢালত বহি কড়ি মাৰিব লাগিছে। কড়ি পেলোৱাত মাইকী মানুহৰ হাত বৰ পাৰ্গত। ছটা কড়িৰ এটা বুঢ়া আঙুলিৰ টিপাতে ধৰি এই পাঁচোটা বগৰাই দহ বোলোতে দহ পেলাইছে। তাকে দেখি চতুৰ পুতেকে মাকক ঘটুৱাবলৈ মন কৰি নিজেও সেইদৰে কড়ি গুঠি গুঠি লৈছে। মাকে পুতেকৰ চকুলৈ তাৰ পাছত হাতলৈ তত কৰিছে। তাকে দেখি মাকে পুতেকক পোনেই দাবি মাৰি ধৰিছে, “ওঁ তই কড়ি গুঠি লইছ?” পুতেকে— “নলওঁ দে বাৰু। এই চা মই কড়ি জোকাৰি