পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লইছো, তইয়ো গুঠি নামাৰিবি” এই বুলি ঢাল পেলালে। পুতেকৰ সৌভাগ্যত পচি পৰিল। মাকে তাকে দেখি গুঠি মৰা বিদ্যাটো এৰিব নোৱাৰিলে। দেখুৱাই কড়ি জোকাৰি ললে হয়, কিন্তু বগৰাবৰ পৰত টিপাতে বুঢ়া আঙুলিৰ মাজত এটা কড়ি লৈ দহ পেলালে। মাকৰ এই কাৰবাৰ দেখি চতুৰ পুতেকে মাকক ঘটুৱাবলৈ মন কৰি এটি নতুন উপায় স্ৰজিলে। তেওঁ ঢাল চুৰ কৰিবলৈ আৰম্ভ কৰিলে। দহঘৰ চলাব লাগিলে গুটি পোন্ধৰ ঘৰলৈকে নিয়ে। চাৰি পৰিলে ছয়ৰ ঘৰত দিয়ে। পাৰিলে মাকেও পুতেকৰ এই কাৰবাৰ আলেখ-লেখ কৰি চাবলৈ ধৰিলে। অৱশেহত ধেমালিতে পুতেকক খকৰা-মুকতি এটা মাৰি দিলে। পুতেকে খিল-খিল কৰি হাহি “ও নেখেলো যা” এই বুলি উঠি গুচি গ’ল। তেতিয়া বাকীকেইজনী তিৰোতাৰ সৈতে আৰু এজনী জীয়াৰীক মাতি নি আকৌ খেল আৰম্ভ কৰিলে। ইফালে বাহিৰ মহলত তিনি চাৰিজন বাবু লগ লাগি তাচ খেলত বহিছে। খেলত বহিবলৈ নোপোৱা বা বিহু চাবলৈ যাব নোপোৱা অসুখীয়া মনৰ বেটী ছোৱালীজনীয়ে ধপাত যোগাই ওৰ কৰিব পৰা নাই। বাবুসকলৰ ভিতৰত এজন কোমল মুখেৰে মুখত ডাঢ়ি থকা, বৰণত বগা, বাবু বৰ ধেমেলীয়া। তেওঁৰ তাচ খেলাৰ উদ্দেশ্য নহয়; কেৱল ৰং কৰিবৰহে মন। তেওঁৰ বিপৰীতে এজন বাবু বহিছে, তেওঁৰ দীঘল, কোমল মুখখনত নতুনকৈ ডাঢ়ি ফুটি ওলাইছে মাথোন। মনটো বৰ সৰল অৰ্থাৎ তেওঁ হোজা বিধৰ মানুহ। তেওঁ তাচ খেলৰ বৰ ওজা। তাচ হাতত ললে, সংসাৰ গোটেইখনকে পাহৰে। কেনেকৈ খৰখৰকৈ মাটিত পাত পাৰিব ইয়াৰেহে চিন্তা। নিজৰ হাতৰ পৰা পাত মাৰিব ধৰিলে পাত ভাঙিব খোজে আৰু মাজে মাজে বিপৰীতে বহা ডাঢ়িয়াল বাবুজনক চাই “মল্লা মল্লা” (মৰিলা) বুলি একোটা চিঞৰ মাৰিছে। বিপৰীতে বহা বাবুজনে “মল্লা” শব্দক পোনাই “মোল্লাজি”ত পেলাইছে। আৰু মাজে মাজে তেওঁৰ শত্ৰুৰ