পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/১৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


(খেলৰ শত্ৰু) মুখলৈ চাই হাঁহি হাঁহি বাগৰি পৰিছে। চুটি-মুটিকৈ পাতল বাবু এজনে যদিও তাচ খেলাত বহিছে তথাচ তেওঁৰ তাচত সিমান হেপাহ নাই। তাচৰ পাত দিবৰ পৰত “অ মই দিব লাগেনে কি?” এইবুলি একোটা পাত নিজৰ হাতৰ পৰা মুঠেই পেলাই পেলাই দিছে আৰু তেওঁ কেৱল কথাহে পাতিছে। ভৰকিয়াল গায়ে গোটেৰে বহা বাবু এজনে এফালে পাতল বাবুজনৰ কথাও শুনিছে, কেতিয়াবা ৰঙিয়াল বগা বাবুৰ আমোদত হাঁহিছেও আৰু কেতিয়াবা নিজেও গহীনে গহীনে দুই চাৰি আষাৰ কথা কৈছে। বগা বাবুজনে মাজে মাজে হাতৰ বেয়া পাত একোটা থৈ পিঠৰপৰা ভাল ভাল পাত তুলি লৈ আকৌ ঘূৰাই মাৰিছে। তেওঁ সেই কাৰ্য্যত মাজে মাজে কৃতকাৰ্য্যও হৈছে। দুই-এবাৰ দীঘল বাবুৰ তীক্ষ্ণ কটাক্ষ দৃষ্টিত ধৰা পৰি দুইয়ো কঢ়া-আজোৰাও লগাইছে। এইদৰে খেল, গল্প, আমোদ, ধপাত খোৱা ইত্যাদি চলিছে। মফঃস্বলৰ ভিতৰত, ঠায়ে ঠায়ে ডেকা-গাভৰুবিলাকে লগ লাগি বিহু গাইছে। কোনোৱে ঢোপ খেলিছে। এইদৰে আমোদ-প্ৰমোদত লক্ষীমপুৰ খলকি পৰিছে। দিনটো গ’ল; ক্ৰমে সাজ লাগি আহিল। দুই-এজাককৈ ওচৰৰ মিৰি ঢোল ডগৰ লই লক্ষীমপুৰ জিলা উঠিল আৰু ইঘৰ সিঘৰকৈ বিহু গাই গাই ফুৰিব ধৰিলে।

 আজি বৰ বিহুৰ দিন। জাকে জাকে বিহু গোৱা মিৰি আহি লক্ষীমপুৰ ভৰিল। বাটে-পথে ঢোল, ডগৰ লৈ ফুৰা মিৰি ডেকা-গাভৰুৱে অনাই-বনাই ফুৰিছে। ভাল মানুহবিলাকৰ ঘৰে ঘৰে দুই-এজাককৈ মিৰিয়ে বিহু পাতিছে; আৰু টকা, আধলি, বাবুবিলাকৰ ঘৰৰ পৰা আদায় কৰিবলৈ আৰম্ভ কৰিছে। সেই মিৰিবিলাকৰ ভিতৰত এজাক মিৰিয়ে সকলোৰে মন আকৰ্ষিছে। সেই জাকটোৰ ডেকাবিলাকৰ ভিতৰত চাৰি পাঁচোটা মান ঢোল, তিনি-চাৰিযোৰ তাল, দুটা পেঁপা। সিহঁতৰ নাচনিয়াৰ গাভৰুও সৰহ। এই জাক