পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সোণ পাতি বাখৰ খজা জাংফাইৰ কেৰু। গাত এটা চিনা কোট। ধুতীখনো চিকুণে পিন্ধিছে। ডেকাজন বৰ ওখও নহয় বৰ চাপৰো নহয়। মুখখন চুচিকটা।

 গাভৰু দুজনী আগবঢ়া মাত্ৰে ডেকাজনে পেঁপাত ফু দিলে। আৰু দিয়া মাত্ৰে সিহঁত দুজনী উত্ৰাৱল হ’ল। পেঁপা বজাই বজাই এই তিনি মূৰ্ত্তি নাচিবলৈ ধৰিলে। সিহঁতৰ নাচন, সিহঁতৰ স্ফূৰ্তি দেখি এনে বিবেচনা হোৱাত পৰিল যেন দুজনী অপেশ্বৰী গন্ধৰ্ব্বৰাজ চিত্ৰৰথে সৈতে পৃথিৱীলৈ নামি আহিল। এই দুজনী গাভৰুৰ বগীজনীয়ে নাচোনটোৱে পতি ডেকাজনৰ চকুলৈ চাই চাই আন কেৱে নজনাকৈ মিচিক্‌ মিচিক্‌কৈ হাঁহিব ধৰিলে। তাইৰ বয়স প্ৰায় তেৰ-চৈধ্য বছৰ। প্ৰথম অধ্যায়ৰ সোৱণশিৰীৰ পাৰত থকা ভূঁইত টঙি ৰখা লৰাটোৱে এতিয়াৰ আমাৰ পেঁপা বজোৱা ডেকাজন, নাম “জঙ্কি”। বগী গাভৰুজনী “পানেই”। আজি পাঁচ বছৰৰ মূৰত দুইও সম্পূৰ্ণে ডেকা-গাভৰু হৈ উঠিছে।

 নাচ ভাঙিল। বাবুজনৰ ৰূপ এটকা দণ্ড হ’ল। নাচনিয়াৰ মিৰি গাভৰুহঁত গুচি গ’ল। বাবুসকলে তেতিয়া কোনে “ভাল নাচিছিল” কোনে “বেয়া নাচিছিল” ইত্যাদি কথাৰ আলোচনা কৰি দুই-তিনি চিলিমমান ধপাত উৰাই ঘৰা-ঘৰি গ’ল।

—————