পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মিৰিয়ে পোনেই বাবু এঘৰত বিহু পাতিলেগৈ। প্ৰথমেই ঢোলৰ নাচ চলিল। চাৰি পাঁচোটা ঢোলত একেলগে কোব পৰিবলৈ ধৰিলে। লগে লগে তাল চলিল আৰু তাৰ লগে লগে গাভৰুহঁতে নাচিব ধৰিলে। তাৰ পাছত ঢুলীয়া-কালীয়াবিলাকে বেইত ঘূৰাৰ দৰে ঘূৰিবলৈ ধৰিলে। গাভৰুহঁতেও নাচি নাচি শাৰীয়ে শাৰীয়ে ঘূৰিব ধৰিলে। ঢুলীয়াহঁতে এবাৰ সোঁহাতৰ পৰা বাওঁহাতলৈ এবাৰ বাওঁহাতৰ পৰ সোঁহাতলৈ ঢোল বজাই বগিয়া-বগি নাচ পাতিলে। ঢোল-খোল বোৱা শেষ হ’ল। বাবুসকলৰ হুকুম পৰিল “গাভৰুহঁতে হাতত চপৰিয়াই নাম গাই গাই নাচিব লাগে।” তৎক্ষনাৎ ঢুলীয়া কালীয়াবিলাক এফলীয়া হ’ল। গাভৰুহঁতে শাৰী পাতিলে। পোনেই এজনী গাভৰুৱে হাতত চাপৰ মাৰি লগাই দিলে:—

(৩)
“ৰঙা (ক) নৈৰ যে দেকিয়া তোৰালি যে তোৰালি
দিনত চাৰি আঙুল বাবে।

চম্পাফুল যে লেডেঙা (খ) তোৰালি যে তোৰালি
নাচাই বা তাকিব কোনে।”


 (ক) ৰঙা নৈ— এই নামেৰে লক্ষীমপুৰ নগৰৰ পশ্চিম ফালে তিনি মাইল দূৰৈত এখন নৈ আছে। ইয়াৰ পাৰতো বহুত মিৰি আছে।

 (খ) লেদেঙা—মৰমৰ গাভৰু।