পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ল’ৰা-ছোৱালী নাই। অকল মুঠেই পানেই। সেইদেখি সৰুৰে পৰা সিহঁতে পানেইক বৰ মৰম কৰিছিল।

 আজিকালি পানেইৰ স্বভাৱত মাক-বাপেক অলপ আচৰিত হব ধৰিলে। সিহঁতে বুজিব পাৰিলে যে পানেয়ে পূৰ্ণ যৌৱনত ভৰি দিলে আৰু তাইক বিয়া দিবৰ সময় হ’ল।

 ইয়াৰ আগেয়ে এদিন কমুদ বুলি সেই গাঁৱৰে এটা (খ) গামৰ ল’ৰাই পানেইক বিয়া কৰাবৰ প্ৰস্তাৱ জনাইছিল। তামেদ আৰু নিৰমায়ে সেই কথাকে পেটে পেটে আলচিছিল; কিন্তু কোনো সমিধান দিয়া নাছিল। এতিয়া পানেইৰ মনৰ ভাববিলাক দেখি সিহঁতে এইটো থিৰ কৰিলে যে পানেইক বাস্তৱিকতে বিয়া দিবৰ সময় হ’ল। এতদিনে তাই বিয়া নোহোৱাত থাকিহে বেজাৰ কৰিছে।

 এইদৰে এদিন গধূলি বুঢ়া-বুঢ়ী দুয়ো চাঙত (গ) বহি জুইৰ কাষত কথা-পাতিছে। পানেয়ে তেতিয়া পানী আনিবলৈ ঘাটলৈ গৈছিল। নিৰমায়ে কলে—

 “আজি–কালি পানেই ডাঙ্গৰ হ’ল। তাইক এঠাইততো বিয়া দিবলৈ দিহা কৰিব লাগে।”


 (খ) আমাৰ অসমীয়া মানুহৰ ভিতৰত চৌধাৰী বা মৌজাদাৰ যেনে মিৰিৰ ভিতৰত “গামো” তেনেকুৱা। মিৰিহঁতৰ খেলে খেলে একোটা “গাম” থাকে।

 (গ) মিৰিহঁত চাঙ ঘৰত থাকে। মাটিত ঘৰ প্ৰায়ে নাসাজে; কিন্তু গোলাঘাট যোৰহাটৰ ফালে কেতবোৰ মিৰিয়ে আজি-কালি চাঙঘৰ এৰিছে। একেবাৰে অসমীয়া হৈছে।