পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৩৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 

 নিৰমা—“কিন্তু তালৈ দিবলৈ থিৰ কৰাৰ আগেয়ে আমি এবাৰ পানেইক সুধি-পুচি চোৱা জানো ভাল নহয়?”

 তামেদ—“জীয়ৰীকনো কোনোবাই ক’ৰবাত সুধি বিয়া দিয়েনে? তাই কব “মই এটা গাছি মিৰিলৈ যাম” সেয়ে হব লাগিব নেকি? মই তাইক কমুদলৈকেহে দিম। তাই তালৈকে যাব লাগিব, মই কমুদৰ বাপেকক কথা দিছোঁ।”

 নিৰমা—“বাৰু তেন্তে। তাইক কমুদলৈকে দিয়া যাওঁক।”

 তামেদ—“এৰা মোৰ মন সেইয়ে। তই আজিৰ পৰা মাজে মাজে পানেইৰ আগত কমুদৰ কথা কবলৈ ধৰ। আৰু দুমাহৰ মূৰতে কমুদ জোঁৱাই খাটিবলৈ আহিব।”

 বুঢ়া তামেদে এই সিদ্ধান্ত শেষ কৰোঁতে নৌ-কৰোঁতেই পানেয়ে পানী লৈ ঘৰ পালে। কিন্তু ঘৰৰ ভিতৰত নৌ-সোমাওঁতেই বাপেকৰ মুখৰ পৰা “আৰু দুমাহৰ মূৰতে কমুদ জোঁৱাই খাটিবলৈ আহিব”—এই কথা ফাকি শুনিলে। তৎক্ষণাৎ কথাৰ ঢাল বুজিব পাৰিলে। তেতিয়াই মোৰ আজলী মিৰি-জীয়ৰীৰ মূৰত এহেজাৰ বজ্ৰ পৰাৰ দৰে পৰিল। যাহক কিজানি কই-মেলি মাক-বাপেকক পোনাবলৈ পাৰে এই আশাকে মনত সাৰোগত কৰি মনে মনে থাকিল; কিন্তু এটা অফুট অব্যক্ত ভাবত পানেইৰ হৃদয় কঁপিল। তাইৰ হৃদয়ৰ অভ্যন্তৰে কান্দিলে।

⸺⸺