পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কালিৰ লগৰী জঙ্কিৰ লগতহে ধেমালি কৰিব ধৰিলে। সিহঁত দু্যোৰো হৃদয়ত ইটোৰ সিটোলৈ সিটোৰ ইটোলৈ ভালপোৱা ভাব দৃঢ় ৰূপে বহিল। পানেয়ে চেষ্টা কৰিও বুজিব নোৱাৰিলে তাইৰ মনত কি কথায় খেলিছে; কিয় তাইৰ সেই গাভৰু বয়সতো জঙ্কিকে ভাল পাবলৈ ইচ্ছা যায়। আৰু জঙ্কি! জঙ্কিৰ হৃদয়তো তেনেবিলাক ভাবেই খেলিছিল। কিন্তু জঙ্কি মতা মানুহ। সি অৱশেষত তাৰ নিজৰ ভাব নৰাছিগা বিহুৰ অলপ আগৰে পৰা বুজিব পাৰিছিল।

 যি মূহূৰ্ত্ততে ৰাতি নৰাছিগা বিহুত জঙ্কিয়ে সোৱণশিৰীৰ পাৰত পানেইক নিজৰ মনৰ ভাব জনালে তেতিয়াই বহু দিনেৰে পাৰ তুঁহজুইত জ্বলি থকা জুইৰ ফিৰিঙতি পানেইৰ বুকুত দপ্‌দপ্ কৰি জ্বলিল। আজলী (নিলাজী?) মিৰি-জিয়ৰীয়ে সৰল প্ৰাণেৰে কাৰ্সিং কাৰ্টানক সাখী কৰি জঙ্কিক নিজৰ হৃদয়ত অতি যতনেৰে থাপিলে। তাক তাই কথা দিলে। আৰু সেইদিনাৰে পৰা জঙ্কিলৈ তাইৰ ভালপোৱা আৰু বেছি হবলৈ ধৰিলে। কেতিয়ানো তাই তাইৰ হৃদয়ৰ দেৱতাৰ লগত একেলগে মিলি পৰিব এই চিন্তাতে তাই ৰ’ল।

 জঙ্কিয়েও তাৰ পিছদিনাৰে পৰা বৰ যতন কৰি খেতি-বাতি কৰিবলৈ ধৰিলে। আনবাৰ সি যদি এপুৰা মাটিৰ সৰিয়হ ভাঙিছিল সেইবাৰ সি তিনি পুৰা মাটি ভাঙিলে। প্ৰণয়ৰ এনে বল।

 সেই নিশা জঙ্কিয়ে সৈতে কথা-বতৰা হবৰেপৰা পানেয়ে মাক-বাপেকৰ কথা-বতৰা বেছিকৈ শুনাত পৰিল। মাক-বাপেকে যিহকে ভাল পায় তাই তাকে কৰে। বিহুলৈ বৰকৈ নোযোৱাত পৰিল। যাতে তাই মাক-বাপেকক সন্তোষ দিব পাৰে ইয়াতে তাই যত্নৱতী হ’ল।

 পানেইৰ মাকৰ নাম “নিৰমা” আৰু বাপেকৰ নাম “তামেদ” আছিল। সিহঁত দুয়ো মিৰিৰ ভিতৰত দুখীয়া। সিহঁতৰ আন