তামেদ—“এৰা মইও সেই কথাকে মনে মনে আলচিছোঁ। পানেইক নো কাক দিম?”
নিৰমা—“কেলেই সেই জঙ্কি বুলিবৰ ল’ৰাটোকে পানেইলৈ চপালে বাৰু নহয় জানো? তাৰ দেখোন কেৱে নাই।”
তামেদ—“তাৰ কেৱে নাই দেখিয়েইতো পানেইক মোৰ তালৈ দিব ইচ্ছা নাই। সেই টোকোনাটোক দিলেনো কি হব?”
নিৰমা—“কিয়? আমাৰ ল’ৰা-ছোৱালী নাই সিয়ে বেটা হই থাকিব।”
তামেদ—“বেটা হই থাকিলে (ঙ) জনো পেট ভৰিব?”
নিৰমা—“তেনেনো তই তাইক কালৈ দিবলৈ মন কৰিছ?”
তামেদ—“মোৰ বিবেচনাৰে তাইক সেই কমুদলৈকে দিয়া ভাল, সি নমেন্ গামৰ পুতেক। নমেন্ গামেও নিজে মোক এবাৰ কইছিল। মই তালৈকে দিম।”
(ঘ) আমি আগেয়ে কৈছোঁ মিৰি দুবিধ। এবিধ ভৈয়ামৰ, এবিধ পৰ্ব্বতৰ। পৰ্ব্বতৰ মিৰিহঁতক প্ৰায়ে সৰু আবৰ বোলে। আৰু আমাৰ ভৈয়ামৰ চায়েঙীয়া, অয়ঙীয়া, দামুকীয়াল, ছুটীয়া, দৈতীয়াল, ময়ঙীয়া ইত্যাদি গোটেইবিলাক মিৰিয়ে বৰ বংশ বুলি পৰিচয় দিয়ে।
(ঙ)পাঠকসকলে এই পুথিত মিৰিহঁতৰ বিয়াৰ নিয়ম জানিব পাৰিব। মুঠতে এতিয়া এইটো কথা জনাওঁ যে মিৰিহঁতে জীয়ৰীৰ গা-ধন প্ৰায় তিনিকুৰিৰে পৰা দুই তিনি শ লৈকে লয়। ইয়াত বাদেও যালৈ দিব’ সেই মানুহটোৱে শহুৰেকৰ ঘৰত দুবছৰ খাটি দিব লাগে। ইয়াকে জোঁৱাই খটা বোলে। মিকিৰৰ ভিতৰতো জোঁৱাই খটা নিয়ম আছে।