পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
মিৰি-জীয়ৰী
 

মোল বুজিব পাৰে? তথাপি যে জঙ্কিলৈ তাইৰ এনেকুৱা এটা আগ্ৰহ হৈছিল ইয়াৰ কাৰণ কি? তাইও নাজানে আৰু পাঠক! আমিও এতিয়ালৈকে বিশেষকৈ ভূ নাপালোঁ। হঠাৎ প্ৰণয়? তাকো বুজিবলৈকেতো সিহঁত দুয়ো ল’ৰা-ছোৱালী! তাই নও বছৰ বয়সীয়া— সি চৈধ্য বছৰীয়া, সিহঁতৰ ভিতৰত কেনেকৈ উপকথাত লেখা প্ৰণয়ৰ দৰে প্ৰণয় হব পাৰে? জঙ্কিলৈ বাধ্যতা ভাব? সিটোও নহয়। মিৰি জাতি এতিয়াও ইমান উন্নত হোৱা নাই, আঠ-নও বছৰ বয়সীয়া ছোৱালী এজনীয়ে বাধ্য-বাধকতাৰ মোল পাব, তেন্তে কি? আমিও তাকেহে সোধোঁ—প্ৰকৃত কথাটোনো কি? অনেক বিচাৰি চালোঁ, নাপাই ইয়াকে মনত থিৰ কৰিছোঁ যে অকল মাথোন বাল্য-স্বভাৱসুলভ ৰং-ধেমালিত সৰুৰে পৰা দুটা ল’ৰা লগৰী হলে পৰস্পৰৰ ভিতৰত যি ভাব হয় সেই ভাবেই দুয়োৰো হৃদয়ত খেলিছিল। পানেই-জঙ্কিয়ে সদায় একেলগে গৰু ৰাখিছিল। সিহঁত দুয়ো একেলগে হাতত ধৰা-ধৰি কৰি সোৱণশিৰীৰ বালিত ধেমালি কৰি ফুৰিছিল। পানেই-জঙ্কি দুয়ো একেলগে নাও খেলি ফুৰিছিল। সিহঁত দুয়ো একেলগে মাঘ আৰু বহাগৰ বিহুত নাচিছিল। পানেই জঙ্কি দুয়ো একেলগে নগৰলৈ গই বিহু পাতিছিল। এই যে লগে ফুৰা লগে খোৱা ইত্যাদি কথায়ে দুয়োৰো ভিতৰত পৰস্পৰৰ পৰস্পৰলৈ সৰুৰে পৰা এটা ভাল পোৱা ভাব জন্মাইছিল।

 যদি এনেকুৱা ভাব দৃঢ়ৰূপে স্থাপিত হোৱাৰ আগেয়ে পানেই-জঙ্কি দুয়ো আঁতৰা-আঁতৰি হৈ থাকিলেহেঁতেন তেন্তে কিজানি দুয়ো দুয়োলৈকে পাহৰিলে হয়। কিন্তু ঈশ্বৰে কি উদ্দেশ্যেনো সিহঁতক একেলগে ৰাখিলে তাক আমি কব নোৱাৰিলোঁ। কালক্ৰমে দুয়ো যৌৱনত ভৰি দিলে। কিন্তু দুয়োলৈকে দুইৰো ভাব আগৰ দৰেই থাকিল। যৌৱনত ভৰি দি উঠাৰ পাছতো পানেইৰ সৰুকালিৰ স্বভাৱ নগ’ল। মুকলিমূৰীয়া পানেয়ে আজি-কালিও তাইৰ সৰু