মিৰি-জীয়ৰী/একাদশ অধ্যায় - আকৌ শোৱণশিৰী মিৰি গাৱঁত
আকৌ শোৱণশিৰী মিৰি গাৱঁত
মিৰিহঁত হাকিমৰ এই হুকুমমতে দিহাদিহি গল। প্ৰমিক-প্ৰেমিকা হালৰ বিচ্ছেদ হল। জঙ্কি ঘূণাসুঁতিৰে মাহীয়েকৰ ঘৰলৈ গল, পানেয়ে নিজৰ ঘৰ পালেগৈ আৰু আকৌ সৰুৰে পৰা তুলি-তালি ডাঙৰ কৰা মাক-বাপেকৰ আশ্ৰয়তে থাকিল।
তাই যিদিনা আকৌ ঘৰলৈ গল, তাইৰ ওচৰলৈ আগৰ লগৰ সমনীয়াবিলাক আহিল। ৰকমী ভাদৈয়ে আহি তাইৰ গলত সাবটি ধৰি কবলৈ ধৰিলেগৈ—"পানেই তই কেলেই গুচি গৈছিলি? আমাকো পাহৰিছিলিনে?" ৰকমীয়ে হাঁহি হাঁহি মাত লগালে,—"পানেই তই দেখোন কৈছিলি কালৈকো নেয়াওঁ, এতিয়া জঙ্কিৰ লগতনো কেনেকৈ হাবিয়ে হাবিয়ে আজি এমাহ ফুৰিলি?" ইত্যাদি ভাল-বেয়া এটায়ে তাইক কবলৈ ধৰিলে। গাঁৱৰ বুঢ়া-মেথা মাইকীবিলাকে কলে,—"আই তই কেলেই অমুৰি কৰিছিলি? মাৰ-বাপেৰৰ কথা কিয় অবাধ্য হৈছিলি? আমাৰ মিৰিৰ জীয়ৰীয়ে জানো মাক-বাপেকৰ হাক-বচন নুশুনাকৈ থাকিব লাগে; আই তয়েই এটাইৰে নাক কাটিলি, সকলোলৈকে বেয়া কৰিলি। মাৰ-বাপেৰৰ মনত কষ্ট লাগিব, আই! দেহি! লাহৰি ঐ! এতিয়া মাৰ-বাপেৰৰ কথা শুন।" [ ৭১ ] পানেয়ে বুজিব পাৰিলে তাই আকৌ যমৰ যান্ত্ৰণাত পৰিলহি। তাই বুজিলে, তাই তাইৰ চেনেহৰ বস্তু জঙ্কিলৈ যোৱা কথাটো মিছা হল। মাক-বাপেকে তাইক আকৌ কমুদলৈ দিব; কিন্তু তাই আকৌ আগৰ দৰে সংকল্প কৰিলে যে হয় তাই জঙ্কিলৈকে যাব, নহয় তাই সদায় ঘৰতে চিৰকুমাৰী হৈয়ে থাকিব, নহয় তাই বিষ খাইয়ে মৰি যাব।
বুঢ়া তামেদ আৰু নিৰমায়ে ভাবিলে যেতিয়া মাজিষ্ট্ৰেটে হুকুম দিছে তেতিয়া সিহঁতে পানেইক আকৌ কেইটামান দিনলৈ খেজালত কৰা উচিত নহয়; সিহঁতৰ দেওয়ানী মামলা-মোকৰ্দ্দমালৈ যাবলৈ ইচ্ছা নাই। ছোৱালীৰ কিজানি মন ফিৰে, কিজানি এতিয়াও কমুদলৈকে যায়, এই কথা ভাবি মনে মনে থাকিল। পানেইক মৰা বা ধৰা বিশেষকৈ গালি গালাজ নকৰিলে।
ইফালে কমুদে কি কৰিছে? কমুদ জাক ডেকাৰ ভিতৰত লজ্জিত, অপমানিত হৈছে। সি পেটে পেটে ভাবিলে সিনো কি কুক্ষণত পানেইলৈ জোঁৱাই চাপিছিল। ঈশ্বৰে তাকনো কেলেই জঙ্কিৰ নিচিনা গুণৱন্ত নকৰিলে। ঈশ্বৰে তাকনো কেলেই লাজ দিলে। সি এইবিলাক কথা ভাবি-চিন্তি অস্থিৰ হল। নমেন গামে প্ৰতিজ্ঞা কৰিলে হয় সি টকা ফিৰাই লব, নহলে পানেইক তাৰ পুতেকলৈ আনিব। গাঁৱৰ গাভৰুবিলাকৰ কেতবোৰ (অধিকাংশই) পানেইৰ ফলীয়া হল, তাইৰ দুখত দুখ কৰিবলৈ ধৰিলে, তাইৰ মাক-বাপেকক নিন্দিলে। কেতবোৰে আকৌ পানেইকে দোষিলে। ৰকমীয়ে কিন্তু কমুদক ঠাট্টা কৰিবলৈ নেৰিলে। তাক দেখিলেই তাই গায়:—
বেইতালৈ নকৰো বয়।
চেনেঙৰ গৰাকী মই॥’’
ইফালে জঙ্কিয়ে কি কৰিছে? পাঠক! তাকো এবাৰ চাওঁগৈ বলা। সি উলটি ঘূণাসুঁতি গাঁৱলৈ আহি ভাবিবলৈ ধৰিলে তাৰ কপালত বিধাতাই সুখ লেখা নাই। সি আৰু আকৌ পানেইক নেপায়। যদি দেওয়ানী গোচৰ পত্ৰ হয় তেনেহলেনো সি দুই-তিনিশ টকা কৰ পৰা দিব, সিমান টকা কত পাব? ভাবি-চিন্তি সি অস্থিৰ হল। কিন্তু যাহক পানেয়ে যে তাক হৃদয়ৰে সৈতে ভাল পায় আৰু এই ভালপোৱাৰ নিমিত্তে পানেয়ে অতি পুৰুষাৰ্থ কৰিও তালৈকে আহিবলৈ যত্ন কৰিব এই বিবেচনাতে সি নিজকে প্ৰবোধ দি মনে মনে থাকিল।
ইফালে ডালিমীয়ে সিহঁতৰ এই অৱস্থা দেখি পেটেৰে সৈতে দুখ পালে। জঙ্কিক সুখী নেদেখি তাইৰ মনত অলপ আশাৰ ভাবেও খেলিব ধৰিলে। তাই ভাবিলে কিজানি ঈশ্বৰে তাইৰ সৈতেহে জঙ্কিৰ জোৰা বান্ধিছে। কিজানি ঈশ্বৰে তাইকহে জঙ্কিলৈ স্ৰজন কৰিছে। এনেকুৱবিলাক খুঁহ ধুঁহ চিন্তাতে তাই ৰল। এদিন যেতিয়া জঙ্কিক তাই অকলৈ লগ পালে, তাই তাক ক'লে,—
"জঙ্কি, যেতিয়া ঘূণাসুঁতিৰ মিৰিহঁতে হাবিলৈ যায় তেতিয়া মই সিহঁতক যোৱা যেন দেখি বোপাইৰ আগত কলো, বোপায়ে সেই কথা শুনা মাত্ৰেই কিনো হৈছে বুলি মানুহ-দুনুহ চপাই লৈ গল।" তাইৰ এই কথাত জঙ্কিয়ে সোজা কথাৰে কলে—
"ডালিমী। তই নেজান তই মোৰ কিমান উপকাৰ কৰিলি। তই নেজান তোৰ বাপেৰ নোযোৱা হলে সিহঁতে মোক মাৰি পেলালেহেঁতেন।" ডালিমীয়ে জঙ্কিয়ে এইদৰে কোৱাত অন্তৰেৰে সৈতে আনন্দ লাভিলে। এইদৰে এমাহ সময় গ'ল। [ ৭৩ ] এই এমাহে তামেদ আৰু নিৰমায়ে পানেইৰ মন ফিৰাবলৈ নিজেও আৰু আন আন লগৰ সমনীয়া ছোৱালীবিলাকৰ হতুৱাই শিকনি-বুজনি দিয়াত কম নকৰিলে। কিন্তু মোৰ আঁকৰী মিৰি-জীয়ৰীৰ মন কোনোমতে ফিৰাব নোৱাৰিলে। তাইৰ সংকল্প এফেৰাও লৰচৰ নহ'ল।
নিৰমায়ে মাজে মাজে পানেইক কবলৈ ধৰিলে—"বাছা চাচোন তোক তুলি-তালি ডাঙৰ-দীঘল কৰিলোঁ। তইনো আমাৰ মনত কষ্ট দিব পাৱনে? তই কমুদলৈ যা আই! মোৰ লাহৰি।" বুঢ়া তামেদে মাজে মাজে কয়—"পানেইৰ তই নিচেই অজলা। তই কমুদৰ গুণ নাজান। বাছা তোক তালৈকে দিওঁ তই যা। ক মোৰ বাছা 'মই যাম' বুলি মই কাইলৈকে বিয়া পাতোঁ।" পানেইৰ কিন্তু সকলো কথাৰে উত্তৰ মুঠেই একেটা। তাই কয়—"আই! বোপাই! মোলৈ যদি তহঁতৰ মৰম আছে মোক জঙ্কিলৈকে দে। কমুদে যি টকা-সিকা খৰচ কৰিছে তাক জঙ্কিয়ে দিব পাৰিব। তাৰ পাছত তাৰ কোনো নাই, সি তহঁতৰ ঘৰতে বেটা স্বৰূপে থাকি আৰ্জি কুৰ্জ্জিও খুৱাব। তেওঁ যদি নিদিয় তেন্তে মই সদায় তহঁতৰ ঘৰতে থাকিম। কালৈকো নেযাওঁ। মোক বেজাৰ নিদিবি দেই।"
পাঠক! আমি আগেয়ে কৈছোঁ মিৰি একুৰীয়া, কোনেও নিজ নিজ মতলব নেৰে। এই একুৰীয়া হোৱাৰ গুণে এই স্বভাৱৰ অজলা মিৰি মানুহৰ ঘৰতো কিমান যে অসুখ-অশান্তি হৈ থাকে তাৰ লেখ-জোখ নাই। অথচ মিৰিহঁতে কথা নেৰে। অনেক ডেকা-গাভৰুৰ এনে দশা ঘটে। যতে শুদ্ধ প্ৰণয়, ততে এই কাণ্ড। য'তে মিৰি গাভৰু অসতী অৰ্থাৎ এটাৰে সৈতে প্ৰথমতে হাত-বাত কৰাতো আপত্তি নাই, আৰু মাক-বাপেকক সুধিলে আন এজনলৈ শেষত দিলেও আপত্তি নকৰে, ততে জানিবা মামলা-মোকৰ্দ্দমা নোহোৱাকৈ সকলো কথাৰ ওৰ পৰে। কাচিৎ কেতিয়াবাহে গাভৰুৰ নিজ মনে [ ৭৪ ] আৰু মাক-বাপেকৰ পছন্দই মিলে। য'তে এইটি হয়, ততে মিৰি জাতিৰ ডেকা-গাভৰুৱে স্বৰ্গীয় সুখ পায়।
এইদৰে অসুখ-অশান্তিয়ে দিন পাত হবলৈ ধৰিলে। শেষত বুঢ়া তামেদ আৰু নিৰমায়ে কমুদ আৰু তাৰ বাপেকৰ পৰামৰ্শ মতে পানেইক জোৰ কৰি হাত-ভৰি বান্ধি কমুদৰ ঘৰলৈ বিয়া বিহু নোহোৱাকৈয়ে দিয়াৰ আলচ কৰিলে। চতুৰী পানেয়ে সেই কথাৰ টেৰ পাই এনিশা আকৌ ৰাতা-ৰাতি পলাল।