এই এমাহে তামেদ আৰু নিৰমায়ে পানেইৰ মন ফিৰাবলৈ নিজেও আৰু আন আন লগৰ সমনীয়া ছোৱালীবিলাকৰ হতুৱাই শিকনি-বুজনি দিয়াত কম নকৰিলে। কিন্তু মোৰ আঁকৰী মিৰি-জীয়ৰীৰ মন কোনোমতে ফিৰাব নোৱাৰিলে। তাইৰ সংকল্প এফেৰাও লৰচৰ নহ'ল।
নিৰমায়ে মাজে মাজে পানেইক কবলৈ ধৰিলে—"বাছা চাচোন তোক তুলি-তালি ডাঙৰ-দীঘল কৰিলোঁ। তইনো আমাৰ মনত কষ্ট দিব পাৱনে? তই কমুদলৈ যা আই! মোৰ লাহৰি।" বুঢ়া তামেদে মাজে মাজে কয়—"পানেইৰ তই নিচেই অজলা। তই কমুদৰ গুণ নাজান। বাছা তোক তালৈকে দিওঁ তই যা। ক মোৰ বাছা 'মই যাম' বুলি মই কাইলৈকে বিয়া পাতোঁ।" পানেইৰ কিন্তু সকলো কথাৰে উত্তৰ মুঠেই একেটা। তাই কয়—"আই! বোপাই! মোলৈ যদি তহঁতৰ মৰম আছে মোক জঙ্কিলৈকে দে। কমুদে যি টকা-সিকা খৰচ কৰিছে তাক জঙ্কিয়ে দিব পাৰিব। তাৰ পাছত তাৰ কোনো নাই, সি তহঁতৰ ঘৰতে বেটা স্বৰূপে থাকি আৰ্জি কুৰ্জ্জিও খুৱাব। তেওঁ যদি নিদিয় তেন্তে মই সদায় তহঁতৰ ঘৰতে থাকিম। কালৈকো নেযাওঁ। মোক বেজাৰ নিদিবি দেই।"
পাঠক! আমি আগেয়ে কৈছোঁ মিৰি একুৰীয়া, কোনেও নিজ নিজ মতলব নেৰে। এই একুৰীয়া হোৱাৰ গুণে এই স্বভাৱৰ অজলা মিৰি মানুহৰ ঘৰতো কিমান যে অসুখ-অশান্তি হৈ থাকে তাৰ লেখ-জোখ নাই। অথচ মিৰিহঁতে কথা নেৰে। অনেক ডেকা-গাভৰুৰ এনে দশা ঘটে। যতে শুদ্ধ প্ৰণয়, ততে এই কাণ্ড। য'তে মিৰি গাভৰু অসতী অৰ্থাৎ এটাৰে সৈতে প্ৰথমতে হাত-বাত কৰাতো আপত্তি নাই, আৰু মাক-বাপেকক সুধিলে আন এজনলৈ শেষত দিলেও আপত্তি নকৰে, ততে জানিবা মামলা-মোকৰ্দ্দমা নোহোৱাকৈ সকলো কথাৰ ওৰ পৰে। কাচিৎ কেতিয়াবাহে গাভৰুৰ নিজ মনে