মিৰি-জীয়ৰী/দশম অধ্যায় - লক্ষীমপুৰ নগৰত

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

[ ৬৫ ]
দশম অধ্যায়


লক্ষীমপুৰ নগৰত

 লক্ষীমপুৰ নগৰত ৰাতিপুৱা প্ৰায় বেলি আঠ-ন মান বাজিছে। দুই-এজন আমোলা ৰাতিপুৱাই কাছাৰিলৈ গৈছে। কেইজনমানে ৰাতিপুৱাই দল বান্ধি ডাক-ঘৰলৈ মুখ কৰি ফুৰিবলৈ গৈছে। দুই-এজনে আকৌ এক বাবুৰ ঘৰত বিহ কথা বতৰা পাতি আমোদ কৰিছে। দই-এজনে কাতিমহীয়া শাকতলিত সোমাই শাক খুচৰিছে। এইদৰে ৰাতিপুৱাৰ সময় গল, বেলি আঠ-ন বাজিল। সকলোৱে লৰালৰিকৈ গা-পা ধুই খাই-বই দহোটা বজাত কাছাৰি পালেগৈ। লক্ষীমপুৰৰ কাছাৰি ঘৰটো সৰু; কিন্তু সেয়ে পৰিষ্কাৰ-পৰিচ্ছন্নৰূপে সজোৱা। আমোলাসকলৰ পৰিশ্ৰমতে সকলো চাফ্‌-চিকণ; দেখিলে মন হৰ্ষিত হয়। বেলি দহোটা বাজিল। সকলো আমোলা চাপিলগৈ। সকলোৱে লাহে লাহে গৈ চিত্তৰ তুষ্টিৰে থূপ খাই গল্প আৰম্ভ কৰিবলৈ ধৰিলে। ধীৰ, গহীন প্ৰকৃতিৰ এজন ডাঙ্গৰীয়াই ধীৰে ধীৰে লাহে লাহেকৈ দুই-এটি নিৰ্দ্দোষ আমোদ লগা কথা পাতিছে। লগে লগে এখন-দুখন তামোলো দিছে। ডাঙ্গৰীয়া নিতান্ত সৰল প্ৰকৃতিৰ হোজা বিধৰ মানুহ, বৰ দয়ালু আৰু ধৰ্ম্ম-ভীৰু। বয়সিয়াল হলেও তেওঁৰ কথাত সদায় ৰস, সদায় অমিয়া বচন। মাজে মাজে দুই-একোটি ফুচুৰি গল্প পাতিবলৈকো জানে। তাৰ পাছতে আৰু এজনা ডাঙ্গৰীয়াই [ ৬৬ ] এবাৰ গৈ কামত বহিছে, এবাৰ উঠি আহি মাজতে কথা এটা উলিয়াই হাঁহিছে আৰু মাজে মাজে দুই-এক আষাৰ হাঁহি উঠা কথা পাতিছে। তাৰ পাছত এজনা বিদ্বান বয়সীয়াল উকীল ডাঙ্গৰীয়াই এটি-দুটি কথা-বতৰা পাতিছে। মাজে মাজে দুই-এখনি তামোল দিছে। বুঢ়া আমোলা এজনাই কপালত চিকুণ ফোঁট মাৰি গলত এধাৰ মালাৰে সৈতে চকীত বহি বহি মূৰ পুতি কাম কৰিছে; মাজে মাজে উকীল ডাঙ্গৰীয়াসকলৰ কথাও শুনিছে। মেল প্ৰায় পূৰঠ হবলৈ ধৰিছে। এনেতে সিফালৰ পৰা এজন আমাৰ মুছলমান আমালা ওলালহি। তেওঁ আহি পোৱা মাত্ৰেই ভৰকিয়াল গাৰে এই মেলৰ মূল কৰ্তাগৰাকী আৰু তেওঁৰ পালি-স্বৰূপ আৰু এজনা কোট, ঠেঙ্গা পিন্ধা বাবুৱে মাত লগালে, "আহ ভাই আহ, তই অহা নাই দেখিহে আমাৰ মেল পূৰঠ হোৱা নাই।" তত্ক্ষণাৎ মুছলমান আমোলাজনে মিচিককৈ হাঁহি এটা মাৰি বহিল। সেইবাৰ মেলো পূৰঠ হৈ গল। এইদৰে কাছাৰি বহাৰ অলপ আগলৈকে কেৰাণী আমোলা এটায়ে ইষ্ট-আলাপ কৰিবলৈ ধৰিলে। লক্ষীমপুৰৰ কাছাৰিৰ সকলো আমোলাই সুখী, পৰস্পৰ-পৰস্পৰে এনে সদ্ভাৱ যে, দেখিলে বোধ হয় অসমৰ আন কোনো ঠাইতে এনে প্ৰীতি, এনে মিল ক'তো নাই। কিন্তু সেইবুলি চৰকাৰী কামৰ কিবা ব্যাঘাত হৈছেনে সেইটো নহয়। চৰকাৰী কাম বৰং লক্ষীমপুৰত যেনে সুবন্দৱস্তত চলিছে, বোধকৰোঁ অতি অলপ ঠাইতেহে এনে সুবন্দৱস্ত আছে।

 বেলা চাৰে দহোটা বাজিল। চহৰৰ ঘাইগৰাকী ধৰ্ম্মৰ অৱতাৰ স্বৰূপ, ন্যায়ৰ আধাৰ স্বৰূপ, মাজিষ্ট্ৰেট উপস্থিত হল। এজলাচত বহিল গৈ, তত্ক্ষণাৎ সকলো আমোলাবৰ্গ, উকীল-মুক্তিয়াৰ থিয় [ ৬৭ ] হ'লগৈ আৰু এটায়ে সেই আগৰ দিনৰ হোজা নিয়মে চেলাম দিলে। সহৃদয় মাজিষ্ট্ৰেট জনাইও হাঁহি হাঁহি এটাইৰে চেলাম গ্ৰহণ কৰিলে। পাঠক! এনে এজন হাকিম পোৱা বৰ টান আৰু প্ৰকৃততে হাকিমৰ মৰমত সকলোৱে সন্তুষ্ট। তেওঁৰ হাতত বিচাৰৰ বিভ্ৰাট নাই, তেওঁ কতো দঙ্গা-পৰা নকৰে। দুষ্টৰ যম, শান্তৰ বন্ধু, দুখীয়া প্ৰজাবৰ্গৰ মৰম বুজা, জিলাৰ সকলো কামতে নিজে চকু ৰখা, সকলো কাম নিজ হাতে কৰা এনে এজন হাকিম নাই। এওঁৰ ভয়ত সকলোৱে প্ৰকৃততে কঁপিও থাকে; কিন্তু সেইবুলি যে দুখীয়া আমোলাবৰ্গক জৰিমনা কৰাত চোকা এনে নহয়, সকলোৰে মৰম বুজে। গুণীৰ গুণ স্বীকাৰ কৰে। যি পৰিশ্ৰম কৰে তাৰ কাম নিজ চকুৰে চাই তাক নিজৰ ল'ৰা-ছোৱালী যেন বিবেচনা কৰে, মৰমো কৰে। পৰ্ব্বতৰ দফলা আৰু মিৰি জাকৰ সকলো দা-দস্তুৰ জানে। কিন্তু এই হাকিমজনাৰ যে এনেবিলাক আচৰণ এইবিলাক হাকিমৰ নিজ গুণে কিছু হলেও সৰহ ভাগ লক্ষীমপুৰৰ হোজা, সৰল ভাবৰ মানুহবিলাকৰ গুণেহে হৈছে। আমাৰ দেশৰ হাকিমবিলাক যে বেয়া এনে নহয়। কিন্তু ঠায়ে ঠায়ে আমাৰ মানুহৰ ব্যৱহাৰে, আমাৰ স্বভাবে-চৰিত্ৰেহে বহু ঠাইত ভাল হাকিমকো বেয়া কৰে।

 হাকিম এজ্‌লাচত বহিলেই পোনেই ৰেবিনিউ দেওয়ানী ইত্যাদিৰ কাগজ-পত্ৰবিলাক চাই-মেলি হুকুম দি খতম কৰি ফৌজদাৰী কাগজ চাবলৈ ধৰিছে মাথোন, এনেতে কুৰিজনমান মিৰি, চাৰি-পাঁচজনীমান গাভৰু আৰু বুঢ়ীয়ে সৈতে কাছাৰিত হাজিৰ হল। সেই মিৰি গাভৰুজাকৰ ভিতৰত এজনী গাভৰুৱে চিয়ঁৰি চিয়ঁৰি বুকুত ভুকুৱাই আহিছে। এটা মানুহে তাইক জোৰ কৰি টানি আনিছে। এই [ ৬৮ ] কোমল বয়সীযা ছোৱালী জনীয়েনো কি কাৰণে এনেকৈ নিজৰ দেহটো আঁজুৰিব লাগিছে ইয়াৰ কাৰণ কি, কাছাৰিৰ আমোলাবৰ্গ কৌতুকিত হৈ চাবলৈ ধৰিলে। পোনেই এজন বাবুৱে মাত লগালে—"তহঁতৰ কি হৈছে?" এনেতে আন এজন বাবুৱে কবলৈ ধৰিলে—"অ' এই গাভৰুজনী গ'ল বছৰ আমাৰ জিলালৈ আহি বিহু নাচিছিল নহয়?" এজন বাবুৱে মাত লগালে—"অ এইটো দেখোন সেই পেঁপা বজোৱা মিৰিটো। তহঁতৰ কি হৈছে?" মিৰিহঁতৰ ভিতৰত এটাই কলে,—"তাইক ই ফুচুলিয়াই পলুৱাই নিছিল।" তত্ক্ষণাৎ আন এটাই মাত দিলে,—"তাই নিজে গৈছিল।" পাঠক! ইহঁত কোন চিনি পাইছেনে? ইহঁতেই সেই কমুদ, তামেদ, জঙ্কি, ডালিমীৰ বাপেক, পানেই, ডালিমী ইত্যাদি মিৰি জাক। আপোচত ইহঁতৰ মেল নিছিগিল, কাছাৰিত আহি হাজিৰ হল। কূট বুদ্ধিৰ তৰণীৰ লেখাৰ জোৰত জঙ্কিৰ ওপৰত অপহৰণ মোকৰ্দ্দমা পৰিল। হাকিমে বিচাৰ কৰিবলৈ ধৰিলে। পাঠক! ইহঁতৰ বেবেৰি-বাং জবানবন্দী নিজ নিজ মতলবে সাক্ষী দিয়া-দিয়ি হল। কোনেও নিজৰ কোবটো নেৰে। আমি আগেয়ে কৈছোঁ মিৰি জাতিটো একুৰিয়া। পেটত এটা কথা ৰাখি মুখেৰে চৈধ্য ব্ৰহ্মাণ্ড ঘূৰিব, কেতিয়াও হঠাতে সঁচা কবলৈ আগ নাবাঢ়িব। সকলোৱে নিজৰ মূল উদ্দেশ্য ৰাখিহে কথা কব, সেইদেখি কমুদ-তামেদৰ তৰফৰ পৰা চুৰি, অপহৰণ, ফুচুলিওৱা, পলুৱা ইত্যাদি কথা বৰ্ষণ হবলৈ ধৰিলে। আৰু জঙ্কিৰ তৰফৰ পৰা "তাই নিজে গৈছে" ইত্যাদি প্ৰমাণ হবলৈ ধৰিলে। হাকিম বেবেৰিবাং মেলত পৰিল। সঁচা কোনটো, মিছা কোনটো ঠিক কৰিব নোৱাৰাত পৰিল। অৱশেষত ছোৱালীজনীৰ জবানবন্দী মতে হাকিমে প্ৰায় একৰকম জঙ্কিৰ তৰফেই হুকুম দিলে। হুকুম হল-"মোকৰ্দ্দমা ফৌজদাৰিত চলিব নোৱাৰে। অপহৰণৰ প্ৰমাণ নাই। দেওয়ানী হৱ পাৰে আৰু যি পৰ্য্যন্ত দেওয়ানী নিষ্পত্তি [ ৬৯ ] নহয় সেই পৰ্য্যন্ত পানেই বাপেকৰ লগত থাকিব। জঙ্কি কি, কমুদ কি, মাক-বাপেক কোনেও তাইক বিৰক্ত নকৰিব।" পানেইৰ মাক-বাপেকে "হুজুৰ আমি মেল কৰি নিষ্পত্তি কৰিম" বুলি হাকিমৰ আগত ভালৰি বোলাই গল। বুঢ়া তামেদে পানেইক হাতত ধৰি টানি নিলে। তাই কান্দি কান্দি বুকুত ভুকুৱাই গল, বাপেকে বাটে বাটে গৰ্জ্জি যাবলৈ ধৰিলে। আমোলাবৰ্গৰ দুই-চাৰিজন ডেকা তৰফৰ বাবুৱে মত প্ৰকাশ কৰিলে—"সিহঁত দুই ভাল মিলিছিল, মাক-বাপেকে কেলেই বিঘিনি পাতিছে।" বুঢ়া কেইজনমানে কলে,—"মিৰিয়ে নিজ দস্তুৰমতেহে কাম কৰিব। মাক-বাপেকে যতে দিয়ে তাই তালৈকে যাব লাগিছিল।"


⸺⸺