পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
মিৰি-জীয়ৰী

আৰু মাক-বাপেকৰ পছন্দই মিলে। য'তে এইটি হয়, ততে মিৰি জাতিৰ ডেকা-গাভৰুৱে স্বৰ্গীয় সুখ পায়।

 এইদৰে অসুখ-অশান্তিয়ে দিন পাত হবলৈ ধৰিলে। শেষত বুঢ়া তামেদ আৰু নিৰমায়ে কমুদ আৰু তাৰ বাপেকৰ পৰামৰ্শ মতে পানেইক জোৰ কৰি হাত-ভৰি বান্ধি কমুদৰ ঘৰলৈ বিয়া বিহু নোহোৱাকৈয়ে দিয়াৰ আলচ কৰিলে। চতুৰী পানেয়ে সেই কথাৰ টেৰ পাই এনিশা আকৌ ৰাতা-ৰাতি পলাল।


⸺⸺