পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একাদশ অধ্যায়


আকৌ শোৱণশিৰী মিৰি গাৱঁত

 মিৰিহঁত হাকিমৰ এই হুকুমমতে দিহাদিহি গল। প্ৰমিক-প্ৰেমিকা হালৰ বিচ্ছেদ হল। জঙ্কি ঘূণাসুঁতিৰে মাহীয়েকৰ ঘৰলৈ গল, পানেয়ে নিজৰ ঘৰ পালেগৈ আৰু আকৌ সৰুৰে পৰা তুলি-তালি ডাঙৰ কৰা মাক-বাপেকৰ আশ্ৰয়তে থাকিল।

 তাই যিদিনা আকৌ ঘৰলৈ গল, তাইৰ ওচৰলৈ আগৰ লগৰ সমনীয়াবিলাক আহিল। ৰকমী ভাদৈয়ে আহি তাইৰ গলত সাবটি ধৰি কবলৈ ধৰিলেগৈ—"পানেই তই কেলেই গুচি গৈছিলি? আমাকো পাহৰিছিলিনে?" ৰকমীয়ে হাঁহি হাঁহি মাত লগালে,—"পানেই তই দেখোন কৈছিলি কালৈকো নেয়াওঁ, এতিয়া জঙ্কিৰ লগতনো কেনেকৈ হাবিয়ে হাবিয়ে আজি এমাহ ফুৰিলি?" ইত্যাদি ভাল-বেয়া এটায়ে তাইক কবলৈ ধৰিলে। গাঁৱৰ বুঢ়া-মেথা মাইকীবিলাকে কলে,—"আই তই কেলেই অমুৰি কৰিছিলি? মাৰ-বাপেৰৰ কথা কিয় অবাধ্য হৈছিলি? আমাৰ মিৰিৰ জীয়ৰীয়ে জানো মাক-বাপেকৰ হাক-বচন নুশুনাকৈ থাকিব লাগে; আই তয়েই এটাইৰে নাক কাটিলি, সকলোলৈকে বেয়া কৰিলি। মাৰ-বাপেৰৰ মনত কষ্ট লাগিব, আই! দেহি! লাহৰি ঐ! এতিয়া মাৰ-বাপেৰৰ কথা শুন।"