পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৭২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৯
মিৰি-জীয়ৰী
কটাৰপো বেইতা টকাৰ যে গৰাকী
চেনেঙৰ গৰাকী মই॥’’

 ইফালে জঙ্কিয়ে কি কৰিছে? পাঠক! তাকো এবাৰ চাওঁগৈ বলা। সি উলটি ঘূণাসুঁতি গাঁৱলৈ আহি ভাবিবলৈ ধৰিলে তাৰ কপালত বিধাতাই সুখ লেখা নাই। সি আৰু আকৌ পানেইক নেপায়। যদি দেওয়ানী গোচৰ পত্ৰ হয় তেনেহলেনো সি দুই-তিনিশ টকা কৰ পৰা দিব, সিমান টকা কত পাব? ভাবি-চিন্তি সি অস্থিৰ হল। কিন্তু যাহক পানেয়ে যে তাক হৃদয়ৰে সৈতে ভাল পায় আৰু এই ভালপোৱাৰ নিমিত্তে পানেয়ে অতি পুৰুষাৰ্থ কৰিও তালৈকে আহিবলৈ যত্ন কৰিব এই বিবেচনাতে সি নিজকে প্ৰবোধ দি মনে মনে থাকিল।

 ইফালে ডালিমীয়ে সিহঁতৰ এই অৱস্থা দেখি পেটেৰে সৈতে দুখ পালে। জঙ্কিক সুখী নেদেখি তাইৰ মনত অলপ আশাৰ ভাবেও খেলিব ধৰিলে। তাই ভাবিলে কিজানি ঈশ্বৰে তাইৰ সৈতেহে জঙ্কিৰ জোৰা বান্ধিছে। কিজানি ঈশ্বৰে তাইকহে জঙ্কিলৈ স্ৰজন কৰিছে। এনেকুৱবিলাক খুঁহ ধুঁহ চিন্তাতে তাই ৰল। এদিন যেতিয়া জঙ্কিক তাই অকলৈ লগ পালে, তাই তাক ক'লে,—

 "জঙ্কি, যেতিয়া ঘূণাসুঁতিৰ মিৰিহঁতে হাবিলৈ যায় তেতিয়া মই সিহঁতক যোৱা যেন দেখি বোপাইৰ আগত কলো, বোপায়ে সেই কথা শুনা মাত্ৰেই কিনো হৈছে বুলি মানুহ-দুনুহ চপাই লৈ গল।" তাইৰ এই কথাত জঙ্কিয়ে সোজা কথাৰে কলে—

 "ডালিমী। তই নেজান তই মোৰ কিমান উপকাৰ কৰিলি। তই নেজান তোৰ বাপেৰ নোযোৱা হলে সিহঁতে মোক মাৰি পেলালেহেঁতেন।" ডালিমীয়ে জঙ্কিয়ে এইদৰে কোৱাত অন্তৰেৰে সৈতে আনন্দ লাভিলে। এইদৰে এমাহ সময় গ'ল।