মিৰি-জীয়ৰী/দ্বাদশ অধ্যায় - ঘূণাসুঁতিৰ গাৱঁত

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

[ ৭৫ ]
দ্বাদশ অধ্যায়


ঘূণাসুঁতিৰ গাৱঁত

Thine am I my faithful fair
Thine my lovely Nancy—
Every purpose along my veins
To the bosom lay my heart
There to throb and languish—
Though despair had wrung its core
that would heal its anguish
                         Robert Burns

 পিছদিনা ৰাতি পুৱালত আকৌ মিৰি গাঁৱত হুলস্থুল লাগি পৰিল, কিয়নো পানেই পলাল। আকৌ দিহাদিহি মানুহ ছুটিল। কিন্তু কতো পানেইৰ খবৰ নোলাল। লৰি এযোৰা মানুহ ঘূণাসুঁতিলৈ গল। গৈ জঙ্কিৰ মাহীয়েকৰ ঘৰত ওলালগৈ, তাতে দেখে যে জঙ্কি ঘৰতে আছে। সিহঁতে অকাই-পকাই জঙ্কিক ধৰিলেগৈ—"তয়েই এইবিলাক অনৰ্থৰ মূল। কচোন আকৌ পানেইক কত পলুৱালি?" এই কথাত জঙ্কিৰ বৰ খং উঠিল। সি কবলৈ ধৰিলে, "তহঁতে আকৌ কেলেই মোক ধৰিছ? সকলো অনিষ্টৰ মূল পানেইৰ মাক-বাপেক। এইবাৰ মই আজি মাহেকটো ঘৰতে আছোঁ, ক'লৈকো যোৱা নাই, জানো পানেই কলৈ গ'ল, মই কেনেকৈ ক'ম। তাই কিজানি মাক-বাপেকৰ দৌৰাত্ম্যত কৰবাত বিহ খায়েই [ ৭৬ ] মৰিল। মাক-বাপেকেই তাইৰ দোষৰ ভাগী হল।" এইবুলি জঙ্কিয়ে কপালত চাপৰ মাৰি "মোৰ এইখন কপাল, মই কি কুখেণত জন্মিছিলোঁ!" এই বুলি কান্দিব ধৰিলে। জঙ্কিৰ এই কথা মিৰিহঁত আচৰিত হল। গাঁৱৰ জঙ্কিৰ মানুহ-দুনুহবিলাকেও জঙ্কি এইবাৰ কলৈকো যোৱা নাই এই কথাষাৰৰ সাক্ষী দিলে। দুঃখিত মনেৰে সোৱণশিৰীৰ মিৰিজাক গুচি গল। পানেই আকৌ পলাইছে—এই বাতৰি ক্ৰমে ডালিমীৰ কাণতো পৰিল। ডালিমীৰ হৃদয়ত আকৌ দুটি ভাবে খেলিব ধৰিলে। তাই জানিলে যে জঙ্কিয়ে আকৌ তাৰ প্ৰণয়িণীক গৈ বিচাৰি উলিয়াব।

 জঙ্কিয়ে মিৰিহঁত গুচি গলত তাৰ হাতত যি টকা-সিকা আছিল সমস্তকে লৈ কিবা এটা মন কৰি ওলাল। যাবৰ পৰত ডালিমীক মাত দি যোৱাটো উচিত বিবেচনা কৰি ডালিমীক লগ ধৰিলেগৈ। সি গৈ পোৱা মাত্ৰকে ডালিমীয়ে সুধিলে—"জঙ্কি! মই শুনিলোঁ পানেই বোলে আকৌ পলাল।" জঙ্কিয়ে কলে—"হয় ডালিমী। তই যি কৈছ ময়ো তাকে শুনিছো।"

 ডালিমী—"এতিয়ানো তই কি কৰিবি জঙ্কি?"

 জঙ্কি—"ডালিমী! মই মনে মনে এটা কথা থিৰ কৰিছোঁ। তাইক বিচাৰি যাওঁ। ঈশ্বৰে যদি মোৰ কপালত লেখিছে মই তাইক বিচাৰি এইবাৰ একেবাৰে আনিমগৈ। আৰু ডালিমী (চকু চলচলীয়া কৰি) যদি তাইক নেপাওঁ তেন্তে মই ইয়ালৈ উলটি নাহোঁ। এই দেশ এৰি যতে পাওঁ ততে থাকিম। নহলে কৰবাত মৰিমগৈয়ে।" জঙ্কিৰ এই কথাত ডালিমীয়ে মৰ্ম্মান্তিক বেদনা পালে, আৰু ক'লে—"জঙ্কি বাৰু বিচাৰিবলৈ যা। ঈশ্বৰে তাইক তোক মিলাই দিব। যদি নাপাওৱ তেনেহলে আকৌ ফিৰি আহিবি। [ ৭৭ ] জঙ্কি! তই গলে আমাৰ গাঁওখন সুদা হৈ পৰিব। জঙ্কি! তই নহাকৈ নাথাকিবি দেই।"

 জঙ্কি—"ডালিমী! তোক মই মোৰ হৃদয়ৰ সকলো কথা ভাঙি কওঁ শুনচোন। ঈশ্বৰে মোৰ কপালত কি লেখিলে কব নোৱাৰোঁ। মোৰ সৰুতে আই-বোপাই মৰিল। সংসাৰত মোৰ কেৱেই নাই। অকল পানেয়েই মোক মৰম কৰিছিল; আৰু ডালিমী। তইও মোক ভনীৰ দৰে মৰম কৰিছিলি। মই গুচি গলে মাজে মাজে তহঁতৰ লগত ৰং-ধেমালি কৰি মোলৈ মনত কৰিবি দেই ডালিমী। আজি এতেদিনে ফুৰিছিলোঁ, কেতিয়াবা তহঁতৰ মনত বেজাৰ দিছিলোঁ, সকলো খেমিবি দেই। উভতি আহি পাওঁ যদি ডালিমী! আকৌ তহঁতৰ লগতে ভাই-ভনীৰ দৰে ফুৰিম।"

 ডালিমী—(চকু চলচলীয়া কৰি) "জঙ্কি! তই আজি এনেবিলাক কথা কেলেই কৈছে? ভালে-ভালে পানেইক লগত লৈ আহিবি যা।"

 এইদৰে দুয়ো সম্ভাষণ কৰিলে; তাৰ পিছত জঙ্কি গুচি গল। জঙ্কিয়ে পাছ দিওঁতেই প্ৰেমৰ পুতলি মোৰ এইজনী মিৰি-জীয়ৰীয়েও অন্তৰে সৈতে কান্দিবলৈ ধৰিলে। আৰু সেইদিনাৰ পৰা তাই আৰু গহীন হল। তাইৰ হৃদয়ৰ আশালতা উচ্ছেদ হল।

 এইবাৰ পানেই পলাওঁতে তাইৰ মাক-বাপেক প্ৰকৃততে দুঃখিত হল। নিৰমায়ে বুঢ়া তামেদক কব ধৰিলে—"তয়ে এইখন কৰিলি, মোৰ বাছাৰ মন নুবুজি ধনলৈহে চালি। মোৰ বাছা পানেই কলৈ গ'লি। বাছা উলটি আহ। তোক এইবাৰ বেজাৰ নিদিওঁ। তোৰ হৃদয়ৰ ধন তোৰ চেনেঙকে দিম। তোৰ চেনেঙকে চপাম। পানেই বাছা—ক'ত আছ আহ।" বুঢ়া তামেদৰ শিল-সম হৃদয়তো এইবাৰ [ ৭৮ ] দুখ লাগিল। সিও অন্তৰে সৈতে প্ৰতিজ্ঞা কৰিলে যে পানেইক পালে জঙ্কিলৈকে দিব।

 দুই তিনি দিনৰ মূৰত জঙ্কিয়ে সকলো লাজ, সকলো অপমান কাতি কৰি থৈও বুঢ়া তামেদ-নিৰমাৰ ঘৰলৈ আহিল। আৰু বুঢ়া-বুঢ়ীক সেৱা কৰি কবলৈ ধৰিলে—"বোপাই মই দোষী নহওঁ। তহঁতৰ জীয়ৰীয়েও মোক সৰুৰে পৰা ভাল পালে, তহঁতে মোক যদি চপাই ললিহেতেঁন তেন্তে এটায়ে সুখে থাকিলোঁহেঁতেন।"

 তামেদ—"জঙ্কি মোৰ এনেয়ে মনত বেজাৰ, তাতে তই দুখ দিবলৈ কেলেই আহিলি? কৰবাত তাইক লুকুৱাই থৈছ যদি লৈ আহ, মই আজি তোৰ আগতে কাৰ্সিং কাৰ্টানক সাখী কৰি শপত কৰিলোঁ তোকে তাইক দিম।"

 নিৰমা—"এৰা বোপাই! কত থৈছ মোৰ বাছাক লৈ আহ। তাইক তোকে দিম।" তামেদ আৰু নিৰমাৰ কথাত জঙ্কিয়ে এইবাৰ আনন্দ লভিলে। সি জানিলে ঈশ্বৰ তালৈ প্ৰসন্ন হল। সি কবলৈ ধৰিলে—"আই-বোপাই! মই এইবাৰ পানেইক পলুওৱা নাই, যদি কৰবাত আছে মই বিচাৰি আনি তহঁতকে দিমহি। দিয় দিবি মোক নিদিয় নাই। আৰু বোপাই । যদিহে তাইক নেপাওঁ, তাই কৰবাত মৰিছে, তেন্তে নিশ্চয় জানিবি জঙ্কিৰো নাম নুমাল; যলৈকে পাওঁ তলৈকে উজানে-ভাটিয়ে গুচি যাম।" এইবুলি মনতে সংকল্প কৰি জঙ্কি পথালিপামৰ ফাললৈ মুখ কৰি ৰাওণা হ'ল।

⸺⸺