পানেয়ে বুজিব পাৰিলে তাই আকৌ যমৰ যান্ত্ৰণাত পৰিলহি। তাই বুজিলে, তাই তাইৰ চেনেহৰ বস্তু জঙ্কিলৈ যোৱা কথাটো মিছা হল। মাক-বাপেকে তাইক আকৌ কমুদলৈ দিব; কিন্তু তাই আকৌ আগৰ দৰে সংকল্প কৰিলে যে হয় তাই জঙ্কিলৈকে যাব, নহয় তাই সদায় ঘৰতে চিৰকুমাৰী হৈয়ে থাকিব, নহয় তাই বিষ খাইয়ে মৰি যাব।
বুঢ়া তামেদ আৰু নিৰমায়ে ভাবিলে যেতিয়া মাজিষ্ট্ৰেটে হুকুম দিছে তেতিয়া সিহঁতে পানেইক আকৌ কেইটামান দিনলৈ খেজালত কৰা উচিত নহয়; সিহঁতৰ দেওয়ানী মামলা-মোকৰ্দ্দমালৈ যাবলৈ ইচ্ছা নাই। ছোৱালীৰ কিজানি মন ফিৰে, কিজানি এতিয়াও কমুদলৈকে যায়, এই কথা ভাবি মনে মনে থাকিল। পানেইক মৰা বা ধৰা বিশেষকৈ গালি গালাজ নকৰিলে।
ইফালে কমুদে কি কৰিছে? কমুদ জাক ডেকাৰ ভিতৰত লজ্জিত, অপমানিত হৈছে। সি পেটে পেটে ভাবিলে সিনো কি কুক্ষণত পানেইলৈ জোঁৱাই চাপিছিল। ঈশ্বৰে তাকনো কেলেই জঙ্কিৰ নিচিনা গুণৱন্ত নকৰিলে। ঈশ্বৰে তাকনো কেলেই লাজ দিলে। সি এইবিলাক কথা ভাবি-চিন্তি অস্থিৰ হল। নমেন গামে প্ৰতিজ্ঞা কৰিলে হয় সি টকা ফিৰাই লব, নহলে পানেইক তাৰ পুতেকলৈ আনিব। গাঁৱৰ গাভৰুবিলাকৰ কেতবোৰ (অধিকাংশই) পানেইৰ ফলীয়া হল, তাইৰ দুখত দুখ কৰিবলৈ ধৰিলে, তাইৰ মাক-বাপেকক নিন্দিলে। কেতবোৰে আকৌ পানেইকে দোষিলে। ৰকমীয়ে কিন্তু কমুদক ঠাট্টা কৰিবলৈ নেৰিলে। তাক দেখিলেই তাই গায়:—
বেইতালৈ নকৰো বয়।