ভেনিচৰ সাওদ/দ্বিতীয় অধ্যায়

ৱিকিউৎসৰ পৰা

[  ]

দ্বিতীয় অধ্যায়।

 ভেনিচ বৰ সমৃদ্ধিশালী চহৰ। তাত বেহা-বেপাৰ ভাল আছিল। নানান্ দেশৰ বেপাৰী আহি তাত লগ লাগিছিলহি। খৃষ্টান বেপাৰীসকলে য়িহুদী বেপাৰীসকলৰ সৈতে যদিও ব্যৱসায় বাণিজ্য কৰিছিল, তথাপি তেওঁলোকৰ ভিতৰত সদ্ভাৱ নাছিল। খ্ৰীষ্টানসকলে য়িহুদীসকলক ঘিণাইছিল, আৰু য়িহুদীসকলেও খ্ৰীষ্টানসকলক ঘিণাইছিল।

 শ্বাইলক নামে এজন য়িহুদী ভেনিচৰ বেপাৰী আছিল। তেওঁৰ প্ৰধান ব্যৱসায় আছিল টকা ধাৰে দিয়া,—বাঢ়িলৈ অৱশ্যে; আৰু সেই বাঢ়ি আচল ধনতকৈ প্ৰায়ে কম নহৈছিল। এই শ্বাইলকে খ্ৰীষ্টানক [  ] ঘিণাইছিল। এণ্টোনিও খ্ৰীষ্টান সাওদ, বিখ্যাত সাওদ; বজাৰত ৰিয়াণ্টোত এণ্টোনিৱে শ্বাইলকক সৰহ সুত লোৱাৰ বাবে প্ৰায়ে ইতিকিং কৰিছিল আৰু ঘৃণা প্ৰকাশ কৰিছিল; এতিয়া বাচানিও সেই শ্বাইলকৰ ওচৰলৈকে টকাৰ নিমিত্তে আহিল।—

 বাচানিৱে শ্বাইলকৰপৰা তিনি মাহৰ বাবে তিনি হাজাৰ ডাকাট্ ( ভেনিচ দেশীয় মুদ্ৰা ) ধাৰে খুজিলে আৰু কলে যে, সেই টকাৰ বাবে এণ্টোনিও দায়ী। এণ্টোনিওৰ নাম শুনি শ্বাইলকে দিবলৈ স্বীকাৰ কৰিলে, আৰু ভাবিবলৈ ধৰিলে।

 অলপ পাছত শ্বাইলকে এণ্টোনিওৰে সৈতে দেখা কৰিব খুজিলে। বাচানিৱে কলে, “আজি নিশাৰ ভোজলৈ গলে নিশ্চয় দেখা হব।” শ্বাইলকে উত্তৰ কৰিলে, “এৰা, গাহৰিৰ গোন্ধ সুঙিবলৈ; যাৰ গাত তোমালোকৰ গুৰুৱে চয়তানক সুমুৱাইছিল তাক খাবলৈ? তোমালোকেৰে সৈতে বেচা কিনা কৰিম, কথা পাতিম, ফুৰিম, কিন্তু তোমালোকেৰে সৈতে পান ভোজন নকৰোঁ, ভগৱানৰ নাম নলওঁ।”

 এইবোৰ কথা পাতি থাকোঁতে এণ্টোনিও আহি লগ লাগিলহি। এণ্টোনিওক দেখি শ্বাইলকে ভাবিলে, “ইয়েই নহয়, মই বাঢ়িলৈ টকা ধাৰ দিওঁ দেখি মোক মানুহৰ আগত ইতিকিং কৰে, আমাৰ জাতৰ মানুহক ঘিণায়, আকৌ বেপাৰৰ অনিষ্ট কৰে। এবাৰ যদি ইয়াক ঠেকত পেলাই ধৰিব পাৰোঁ, তেন্তে ইয়াকে দেখুৱাম। ইয়াক যদি মই এৰোঁ, তেনেহলে মই হতশ্ৰী হম!”

 সি এণ্টোনিওৰ পিনে চাই কলে, “আহক ডাঙৰীয়া, আপোনাৰ বিষয়েই আমি কথা-বতৰা পাতিছিলোঁ।”

 এণ্টো—“শ্বাইলক, যদিও মই কেতিয়াও বাঢ়িলৈ টকা ধাৰ নকৰোঁ, কি নিদিওঁ, তথাপি বন্ধুৰ উপকাৰৰ অৰ্থে তোৰপৰা, বাঢ়ি দি টকা লম। [  ] তিনি হাজাৰ ডাকাট্‌ তিনি মাহৰ ভিতৰত ওভোতাই দিম। দি পাৰিবি নে?”

 ইত্যাদি কথা-বতৰাৰ পাচত টকা দিয়াৰ স্থিৰ হল। শ্বাইলকে কলে, যেতিয়া এণ্টোনয়ো ডাঙৰীয়া বাঢ়ি দিয়া লোৱাৰ বিৰোধী, তেতিয়া সিও নলয়, কিন্তু এনেয়ে ধেমালি কৰি ৰঙতে দলিলত লেখি দিব লাগিব যে, যদি কোনো নিৰ্দ্ধাৰিত দিন, ঠাই আৰু সময়ত, নিৰ্দিষ্ট টকাখিনি দিয়া নহয়, শ্বাইলকে এন্টোনিয়োৰ শৰীৰৰ যৰেপৰা ইচ্ছা তাৰেপৰা আদসেৰ মঙহ কাটি লব। এণ্টোনিৱে তাত সম্মতি প্ৰকাশ কৰাত বাচানিৱে কলে যে, তেওঁৰ বাবে এই অঙ্গীকাৰ-পত্ৰ এণ্টোনিৱে কেতিয়াও যেন নেলেখে। এণ্টোনিৱে তেওঁক কোনো চিন্তা কৰিবলৈ মানা কৰিলে; কিয়নো, দুমাহৰ ভিতৰত তেওঁৰ জাহাজ নিশ্চয় উভতি আহিব আৰু তেতিয়াও অঙ্গীকাৰ-পত্ৰত লিখিত ঋণ পৰিশোধ কৰিবলৈ এমাহ সময় থাকিব। সেই দেখি সেইৰূপেই কৰা হল।

⸻:o:⸻